Pages

Thursday, February 17, 2011

দিল্লী

কুঁৱলিয়ে ধূসৰ কৰা ৰাতি-দিন
আৰু এটুপি দুটুপিকৈ সৰি পৰা বৰষুণ....
দিল্লী----
তুমি সিঁচি দিলা আমালৈ
অভিমণ্যু সময়....
আৰু তুমি?
তুমি---- আমাৰ অতন্দ্ৰ প্ৰহৰী!!
----------------

Wednesday, February 16, 2011

বিজ্ঞাপন


তুমি হেনো আজি কালি
লেন-দেনৰ ব্যৱসায় কৰা!
মইতো জনা নাছিলোঁ
তুমি হৃদয়ৰ বিজ্ঞাপন দিছিলা বুলি
জনা হ'লে ময়ে আবেদন কৰিলোঁহেঁতেন!

বিচাৰিলোঁহেঁতেন তোমাৰ পৰা
এমুঠি বিশ্বাসৰ প্ৰতিশ্ৰুতি
বিনিময়ত মই দিলোঁহেঁতেন----
কলিজাৰ ৰঙা তেজেৰে
দস্তখত কৰা এখন চুক্তিবিহিন চুক্তিনামা

তোমাৰ বিজ্ঞাপনৰ জোখেৰে আছে
মোৰো আবেদন কৰিব পৰা অৰ্হতা

তোমাৰ পৰা মৰমবোৰ ধাৰে ল'লেও
চিন্তা নকৰিবা
সময়ত সকলো ঘূৰাই পাবা

তুমি হেনো সুতলৈ দিছা----মৰমবোৰ
কথা নাই
কিস্তি কিস্তিকৈ পৰিশোধ কৰিম
তোমাৰ মৰমৰ ঋণ
তুমি বিচাৰিলে মূলৰ লগত
বহুগুণ সুত দিয়ো পৰিশোধ কৰিম
তোমাৰ মৰমৰ ঋণ

তুমি বাৰু অংকত কেঁচা নে পকা?
লেন-দেনৰ ব্যৱসায় কৰিলে
হিচাবতো নিৰ্ভুল হ'বই লাগিব

তোমাৰ পৰা লোৱা ঋণ
সুতেৰে ঘূৰাই দি
তোমাকহে লাভৱান কৰিম মই
তুমি দিয়াতকৈ বহু গুণে
বেছিকৈ দিব পাৰিম মই

এতিয়া সকলো তোমাৰ ওপৰত....
------------------------

ৰজনীগন্ধা



এমুঠি সুবাস হৈ
মোৰ কাষতে ৰ'বা....
জোনাকে সানি দিব
স্নিগ্ধতা
লতা বগুৱা দি বগাই
মেৰিয়াই ধৰিবা মোক
ঐনিতম গোৱা নিশাত....