ইণ্টাৰনেটত অসমীয়া ভাষা-ভাষণিকা:
যোৱা বছৰমানৰ কথা৷ বন্ধু দেৱজ্যোতি মহন্তৰ 'ৱাল পোষ্ট'ত তেওঁৰ অনুজ ভাতৃপ্ৰতীম প্ৰণৱজ্যোতি ভূঞাই অসমীয়া লিপিত অভিমত প্ৰেৰণ কৰা দেখিলোঁ৷ দেখিয়েই আপ্লুত হৈ পৰিলোঁ৷ বন্ধুক খাটনি ধৰিলোঁ, প্ৰণৱৰ পৰা অসমীয়া লিপিত লিখাৰ কৌশলটো শিকি আহি মোক শিকাবৰ বাবে৷ দুদিনমানৰ পাচত মোক নিৰাশ কৰি বন্ধুৱে ক'লে যে প্ৰণৱৰ কম্পিউটাৰটোত অসমীয়া 'চফটৱেৰ' লগোৱা আছে৷ সঁচাকৈ কৈছোঁ সিদিনা যে প্ৰণৱৰ প্ৰতি মোৰ খুব ঈৰ্ষা হৈছিল (বেয়া নাপাবাদেই প্ৰণৱ, মুকলিকৈ ক'লোঁ J)৷ সিদিনা হতাশ হৈছিলোঁ যদিও কম্পিউটাৰত অসমীয়া আখৰ লিখাৰ আগ্ৰহৰ প্ৰৱণতাটো কিন্তু মোৰ দিনে দিনে বাঢ়ি গৈ আছিল৷ এনেকৈ দিনবোৰ বাগৰি গ'ল৷ লাহে লাহে ইণ্টাৰনেটত মোৰ বন্ধু-বান্ধৱৰ সংখ্যাও বাঢ়ি গ'ল৷ এনেতে এদিন অৱন্তিকা পৰাশৰে মোক "নলবেইৰা ফেচবুক" নামৰ গোটটোত অন্তৰ্ভুক্ত কৰিলে৷ তাতে লগ পালোঁ হৃষীৰাজ শৰ্মাক৷ হৃষীয়ে মোক 'আমি অসমীয়া' 'অসমীয়াত কথা-বতৰা'কে আদি কৰি বহুতো গোটত অন্তৰ্ভুক্ত কৰিলে৷এই গোটবোৰত সোমাই দেখিলোঁ যে আমাৰ পৃথিৱীখন বহু আগুৱাই গৈছে৷ কেতিয়াবা কিবা এষাৰ ক’বলৈ মন যায়, কিন্তু কোৱাহে নহয়৷ কাৰণ মই অসমীয়া লিপিত লিখিব নাজানোঁ৷ (মানুহবোৰৰ এই গোটবোৰৰ প্ৰতি এই কাৰণটোৰ বাবেও অনীহা হ’ব পাৰে দেই! অংক কৰি টান পোৱা/নেওতা বা এলজেব্ৰাৰ ফৰ্মুলা মুখস্থ কৰিব নোৱাৰা শিক্ষাৰ্থী এজনেও অংক কৰি বেয়া পায়৷) হৃষীয়ে কেতিয়াও অসমীয়া আখৰত লিখিবলৈ মোক একো জোৰ কৰা নাছিল৷ কিন্তু কিবা এটা সুধিলে উত্তৰটোহে অসমীয়া আখৰত দিছিল J এনেয়ো মোৰ আগ্ৰহটোতো আছিলেই, এতিয়া হৃষীৰ উত্তৰ লিখাৰ কায়দাবোৰত মই আৰু বেছি প্ৰলোভিত হৈ পৰিলোঁ৷ এদিন সুধিয়েই পেলালোঁ৷ সোধা মাত্ৰেই তেওঁ মোলৈ দিহা-পৰামৰ্শসহ inbox-ত msg পঠিয়াই দিলে৷ তাৰপাচত, এইবাৰ আহিল অঞ্জলৰ পাল৷ এদিন অঞ্জলে মোলৈ msg এটা পঠিয়ালে "আপুনি অসমীয়াত লিখা নাই কিয়?" এইবুলি অঞ্জলেও মোলৈ ইণ্টাৰনেটত অসমীয়া লিখাৰ link পঠিয়ালে৷ অৱশেষত মই অসমীয়া আখৰত লিখিব পৰা হ'লোঁ৷ মোক উৎসাহিত কৰা বাবে হৃষী আৰু অঞ্জলৰ ওচৰত মই কৃতজ্ঞ৷ পাৰোঁ নে নোৱাৰোঁ বুলি চাবলৈ যিদিনাই কম্পিউটাৰত পৃথিৱীৰ আটাইতকৈ সহজ অথচ গুৰুত্বপূৰ্ণ শব্দ "মা" অসমীয়া আখৰত লিখিছিলোঁ আনন্দই পাৰ নধৰা হৈছিল৷ J
এতিয়া মূল কথাটো হ'ল অসমীয়া আখৰত লিখাৰ প্ৰয়োজনীয়তানো কি? হয়, অসমীয়া আখৰত লিখাৰ প্ৰয়োজনীয় দিশ বহুতো আছে৷ ব্যৱহাৰগত দিশৰ প্ৰয়োজনীয়তাৰ বিষয়ে বিজ্ঞজনে ক'ব৷ মই ক'ব বিচাৰিছোঁ অতি সাধাৰণ যেন লগা দিশ এটাৰ কথাহে৷ ২০০৫-ত জীৱিকাৰ তাড়নাত দিল্লী অভিমুখী হোৱাৰ দিনৰে পৰাই যেতিয়াই অসমলৈ যাওঁ, উভতিবৰ পৰত কিতাপৰ টোপোলা এটা সদায় লগত আহে৷ কোনোবা আহিলেও লৈ আহে অথবা প্ৰয়োজন সাপেক্ষে ডাকত পঠিয়ায়৷ তেতিয়াই এনে এচাম ছাত্ৰ-ছাত্ৰীৰ লগত কথা হৈছিলোঁ, যিবোৰে কেৱল অসমীয়া আখৰকেইটা এপলকৰ বাবে চাবলৈ ইউনিভাৰ্চিটি লাইব্ৰেৰীলৈ ঢাপলি মেলে৷ অনুভৱ কৰিছিলোঁ তেওঁলোকৰ সেই বুভুক্ষা!! তেওঁলোকে কৈছিল, “কেতিয়াবা এনেদিনো পাৰ হৈছিল যিদিনা ঘৰৰ পৰা বাতৰি কাকতেৰে মেৰিয়াই পঠোৱা পাৰ্চেলতকৈও মেৰ খাই অহা বাতৰি কাকতখনহে বেছি দৰকাৰী যেন লাগিছিল৷” তেওঁলোকৰ হেঁপাহ দেখি আমি কিতাপ-আলোচনীৰ আদান-প্ৰদানো কৰিছিলোঁ৷ (কিন্তু লাভৰ মূৰত বহুতো কিতাপ হেৰুৱালোঁ৷ সেয়া এক অন্য কাহিনী.....) এতিয়া ভাবিছোঁ এই কৌশলবোৰ আগতে আয়ত্ব কৰা হ’লে কিমান ভাল আছিল!!
মই কম্পিউটাৰত অসমীয়া আখৰ লিখিবলৈ শিকা বেছি দিন হোৱা নাই৷ অসমীয়া আখৰত লিখিবলৈ অনুপ্ৰেৰণা যোগোৱা এই গোটবোৰত জড়িত হৈ অনুভৱ কৰিব পাৰিছোঁ, ইমানদিন মই কিহৰ অভাৱত ভুগি আছিলোঁ৷ কেইদিনমান আগতে বন্ধু চৈতন্যৰ লগতো তাকেই আলোচনা কৰিছিলোঁ৷ আচলতে কি জানে ৰাইজ, যিকোনো কামতে সংঘাত (সমাজৰ লগত ব্যক্তিৰ সংঘাত/ব্যক্তিৰ লগত ব্যক্তিৰ সংঘাত/নিজৰ মনৰ লগত ব্যক্তিবিশেষৰ সংঘাত) থাকে৷ কিন্তু পৰিস্থিতি বিশেষে এই সংঘাতবোৰে কামটো অধিক ফলদায়ী হোৱাত সহায়হে কৰে৷ ইয়াতো দেখিছোঁ এচাম মানুহে এতিয়াও নিজৰ গোড়ামিৰ সীমা ভাঙি ওলাই আহিব পৰা নাই৷ তেওঁলোকে নিজেও নিশিকে আৰু আনে শিকিলেও “FB ত অসমীয়া লিখাৰ ভুতে লম্ভিলে" বুলি টিতকাৰি দিয়ে৷ কিন্তু মানুহৰ এনে গোড়া মানসিকতাৰ পৰিৱৰ্তন ঘটিবলৈ আৰু বেছি দিন নাই৷ শিকাৰ কোনো সময় নাই, শিক্ষাৰ্থীৰ কোনো বয়স নাই৷ আমি সদায় আশাবাদী৷ আশা কৰোঁ আমি সফল হ'ব পাৰিম৷ এজনক শিকাই বুজাই সৈমান কৰাব পাৰিলে দহজনক নোৱাৰাৰ কাৰণ নাই৷ আৰু সময়ত সেই দহজনে এশজনলৈ বৃদ্ধি পাব, আৰু এশজন হাজাৰজনলৈ..... J আৰু তেতিয়াই তেওঁলোকেও অসমীয়া লিপিত লিখিব পৰা হৈ আমাৰ শান্তনু দা(শান্তনু কৌশিক বৰুৱা)ৰ দৰে লিখিব “চিৰ চেনেহী মোৰ ভাষা জননী” J