Pages

Friday, March 28, 2014

নাটকৰ জীৱন!!

            সৰুৰে পৰা নাটক চাই খুব ভাল পাওঁ। প্রথম নে দ্বিতীয় শ্রেণীত থাকোঁতেই জীৱনৰ প্রথমখন নাটক চোৱাৰ সৌভাগ্য ঘটিছিল। কি উপলক্ষ্য আছিল পাহৰিলোঁ, মামাহঁতৰ গাঁৱলৈ কিবা এখন থিয়েটাৰ আহিছিল। এজনী অন্ধ ছোৱালীক লৈ নাটকৰ কাহিনীভাগ আগবঢ়া বুলি ৰিণিকি ৰিণিকি মনত পৰে। সেই বয়সত মঞ্চত কি হৈ আছে একো বুজি পোৱা নাছিলোঁ। গীত-মাতৰ প্রতি ৰাপ আছিল বাবে সেই সময়ৰ নাটকবোৰত গোৱা গীতবোৰ আৰু নাট প্রদর্শনৰ আগৰ নৃত্য-নাটিকাবোৰেই মোক নাটকবোৰৰ প্রতি আকর্ষিত কৰিছিল।

           
বুজন বয়স পোৱাৰ পাচত নাটকৰ প্রতি মোহ বাঢ়িল। মঞ্চত অভিনয় কৰা শিল্পীসকল, পর্দাৰ সিপাৰে থকা কলা-কুশলীসকল, নাট্যকাৰ-গীতিকাৰ-সুৰকাৰ--- নাটকৰ সকলো দিশৰে প্রতি আকর্ষণ জাগিল। মোৰ আইতা এজনী (সম্পর্কত মাৰ মাহীয়েক যদিও মাতকৈ বয়সত সৰু) ভ্রাম্যমান থিয়েটাৰৰ গায়িকা আছিল। নলবাৰীলৈ আইতাহঁতৰ থিয়েটাৰখন গলে আইতা আমাৰ ঘৰলৈ যায়। সেইসময়তে আইতাৰ মুখত শুনিছিলোঁ কিদৰে টালি-টোপোলা বান্ধি গোটেই নাট্যদলটো চাৰি দিনৰ মূৰে মূৰে অসমখনৰ ইমূৰৰ পৰা সিমূৰলৈ নাট প্রদর্শনৰ বাবে ঘূৰি ফুৰে। ভ্রাম্যমানৰ লগত জড়িত মানুহবোৰৰো জীৱনটো বৰ বেলেগ ধৰণৰ! টালি-টোপোলা বান্ধি গোটেই বছৰটো অসমখন ঘূৰি ফুৰে ঠিকেই, কিন্তু সেই জোখাৰে মনতো নানা অভিজ্ঞতাৰ টোপোলা গোটাই লৈ আহে। নানা মানুহ, নানা ঠাই, নানা আচাৰ-ৰীতিৰ মেটমৰা অভিজ্ঞতা! আইতাৰ জহতে কেইবাখনো নাটক সংগীত শিল্পী তথা বাদ্য-যন্ত্রীসকলৰ লগত চোৱাৰ সৌভাগ্য হৈছিল। তেতিয়াই দেখিছিলোঁ নৃত্য-নাটিকাৰ সংলাপবোৰ নৃত্যশিল্পীসকলে প্রক্ষেপ নকৰে, সংগীত শিল্পী আৰু আন আন সহযোগীসকলেহে প্রক্ষেপ কৰে। এতিয়াৰ নাটকবোৰত শিল্পীবোৰে আগৰ দৰে নাট্যদলবোৰৰ সতে গৈ গৈ গীত নাগালেও হয়। আধুনিক প্রযুক্তিয়ে সকলো সৰলীকৃত কৰি সহজলভ্য পেলাইছে। এতিয়াৰ ভ্রাম্যমানত গীতবোৰ আগতীয়াকৈ ৰেকর্ডিং কৰি লোৱা দেখা যায়। ব্যক্তিগতভাবে কওঁ যে এই পদ্ধতি মোৰ বৰ এটা পচন্দৰ নহয়। শিল্পীসকলে নাটক চলি থাকোঁতে গোৱা আৰু আগতীয়াকৈ ৰেকর্ডিং কৰি গোৱা গীতৰ মাজত বহুত প্রভেদ। বিশেষকৈ আগৰ পদ্ধতিটোত আছিল অসমৰ সুখ্যাত বা অখ্যাত ঠাইৰ পৰা শিল্পীৰ সন্ধান কৰি প্রতিভাৰ সঠিক মূল্যায়ন কৰা। এই ব্যৱস্থা প্রতিভাশালী বহুতো নিবনুৱা যুৱক-যুৱতীৰ পথ-নির্দেশক স্বৰূপ হৈ পৰিছিল। কিন্তু এতিয়াৰ পদ্ধতি হয়তো জনপ্রিয় গায়ক/গায়িকাৰ মাজতে সীমাবদ্ধ!

           
ভ্রাম্যমানত আগতে বেনাৰবোৰ চিত্রশিল্পীয়ে আঁকি নির্মাণ কৰিছিল। বেনাৰবোৰ দেখিলেই ভাল লাগি যায়। অভিনয় শিল্পীবোৰৰ হুবহু ছবি আঁকি চিত্রকৰসকলে বেনাৰসমূহ সাজি উলিয়ায়। নলবাৰীৰ প্রসিদ্ধ চিত্রশিল্পী শ্রীযুত আদ্য শর্মাই অঁকা কেইবাখনো বেনাৰ দেখাৰ আমাৰ সৌভাগ্য হৈছে। বর্তমানৰ ভ্রাম্যমানত এই ব্যৱস্থা ৰখা হৈছে নে নাই নাজানো। যদি নাই তেন্তে আকৌ হুমুনিয়াহ---আধুনিক প্রযুক্তিয়ে সকলো সৰলীকৃত কৰি সহজলভ্য পেলাইছে।

           
মুকালমুৱা(নলবাৰী)ত প্রতি বছৰে খুব ডাঙৰকৈ দুর্গা পূজা অনুষ্ঠিত হয়। প্রতি বছৰে পূজাৰ সময়ত থিয়েটাৰ আহে। ভাগ্যদেৱী”, “বৰদৈচিলা”, “ৰাজশ্রীইত্যাদি। পূজাৰ বন্ধত প্রায়েই গাঁৱৰ ঘৰলৈ যোৱা হয়। থিয়েটাৰৰ পেণ্ডেল সজাৰ পৰাই আমাৰ খুৰাহঁতৰ লৰাকেইটাৰ কি যে উখল-মাখল! থিয়েটাৰ শেষ হোৱাৰ পাচত, পেণ্ডেল ভাঙি নিয়াৰ পাচত উকা হৈ পৰি ৰয় পূজা মণ্ডপৰ বলুকা! আমাৰ জীৱনটোও এখন নাটকৰ ৰংগমঞ্চ, আমি তাত নানা অভিনয় কৰোঁ। কিন্তু নাটক শেষ হোৱাৰ পাচত সকলো শূন্য হৈ পৰে!

           
নলবাৰীত প্রতি বছৰে অনুষ্ঠিত হোৱা ৰাস মহোৎসৱতো আমন্ত্রিত কেইবাখনো থিয়েটাৰৰ বহুকেইখন নাটক উপভোগ কৰাৰ সৌভাগ্য আমাৰ হৈছে। প্রায়েই প্রথম দর্শনীৰ নাটকবোৰ চাবলৈ যাওঁ। প্রতিটো দর্শনীতে সমান মানুহৰ ভীৰ! দর্শকৰ অপূর্ব সঁহাৰি পাই শিল্পীসকলে এনিশাতে তিনিটা প্রদর্শনীও কৰিবলগীয়া হয়।

           
জনপ্রিয় অভিনেতাৰ শক্তিশালী সংলাপত জাউৰিয়ে জাউৰিয়ে হাত তালি, কৌতুক অভিনেতাৰ কৌতুকত হাঁহিৰ ৰোল... দর্শকৰ সন্তুষ্টিত শিল্পীয়ে বিচাৰি পায় সার্থকতা, শ্রমৰ মূল্য! মুখত ৰঙৰ প্রলেপ সানি শিল্পীয়ে দর্শকৰ মনৰ খোৰাক জগায়। সেই সময়খিনিত শিল্পী হৈ পৰে আমাৰ মাজৰ একোজন। একেই সুখ, একেই দুখ! নাট্যকাৰে আমাৰ মাজৰ পৰা বুটলি আনি দিয়া চৰিত্রৰ মাজত সোমাই পৰে শিল্পী। শিল্পীয়ে আমাৰ বাবে হাঁহে, দুখত হিয়া ঢাকুৰি কান্দে, প্রতিহিংসাৰ দাবানলত তিলতিলকৈ পুৰি মৰে, প্রেমৰ বৰষুণত তিতে... কিন্তু শিল্পীৰ নিজস্ব সুখ-দুখ ক? দর্শকৰ পৰা পোৱা সেই হাত চাপৰিবোৰতেই নে শিল্পীৰ সুখ?

           
অন্ততঃ মঞ্চত দেখা যায় বাবে অভিনয়ৰ লগত জড়িত শিল্পীসকলক ৰাইজে কিছুদিনলৈ মনত ৰাখে। বলিষ্ঠ সংলাপ প্রক্ষেপন কৰা অভিনয় শিল্পীগৰাকীৰ আঁৰত থকা নাট্যকাৰকো মনত ৰাখিব পাৰে। কিন্তু সুখ, দুখ, কৌতুক, হিংসা, প্রেম অথবা ৰাতিপুৱা, গধূলি, নিশাৰ পৰিবেশ সৃষ্টি কৰা সংগীত শিল্পীসকলক মনত ৰাখেনে? নাইবা, থিয়েটাৰ বা নাটকৰ লগত জড়িত আন আন শিল্পীসকল পোহৰ ব্যৱস্থাপনৰেই হওক অথবা মঞ্চ নির্মাণৰেই হওক--- এইবোৰৰ লগত জড়িত শিল্পীসকলক মনত ৰাখেনে? দৰাচলতে, সকলো শিল্পী নিজৰ নিজৰ কামত ইমানেই দক্ষ যে নাট্যপটে বিচৰা ধৰণেই সকলোখিনি নির্মাণ কৰি পেলায় আৰু দর্শকবৃন্দও অভিভূত হৈ নাট উপভোগ কৰিবলৈ লয়। (নাটকৰ মূল উপাদানবোৰৰ ভিতৰত এটা হপৰিবেশ। সেয়ে নাট্যপটে দাবী কৰা মতে পৰিবেশ সৃষ্টি কৰিবলৈ শিল্পীসকল দায়বদ্ধ। এটা সহজ উদাহৰণ: জ্যোতিপ্রসাদৰ কাৰেঙৰ লিগিৰীনাটকখন যদি মঞ্চত প্রদর্শন কৰা হয় তেন্তে তাত নিশ্চয় কম্পিউটাৰ, চি.ডি., ডানলপ বা পিয়ানএখন ৰখা নহয়। নাইবা চৰিত্রবোৰেও পেণ্ট-চার্ট, জিনচ্, চুৰিদাৰ বা শাৰী পিন্ধি অথবা এডিদাচৰ জোতা বা হাই হিল পিন্ধি নোলায়।)

           
নাটক এখন চলি থাকোঁতে শিল্পীসকলৰ প্রতি সন্মান জনাই আমাৰো কিছু কৰণীয় থাকে। দিল্লীলৈ অহাৰ পাচৰে পৰা বহু প্রেক্ষাগৃহত নাট উপভোগ কৰিছোঁ। প্রৱেশ দুৱাৰতে ছোৱালী বা ৰা স্বেচ্ছাসেৱক এগৰাকী ৰৈ থাকে। ভিতৰলৈ যোৱা সকলোকে কয়, “Sir/Madam, kindly switch off your mobile phone” আনকি নাট আৰম্ভ হোৱাৰ আগৰ ঘোষণাতো এই কথাৰ পুনৰাবৃত্তি কৰে। হয়, ঠিকেই প্রক্ষেগৃহৰ ভিতৰত মোবাইলৰ শব্দই শব্দ-ব্যৱস্থাপনাত আঘাত কৰিব পাৰে নাইবা তাৰ বাবে অভিনয় শিল্পীসকলৰ মনোযোগ ব্যাহত হব পাৰে। আমাৰ ভ্রাম্যমান থিয়েটাৰত দর্শকে শিল্পীসকলক সঁহাৰি জনালেও বহু ক্ষেত্রত শিল্পীসকল অসুবিধাৰো সন্মুখীন হয়। হাজাৰ হাজাৰ মানুহেৰে পৰিপূর্ণ থিয়েটাৰৰ পেণ্ডেলত কাৰোবাক মোবাইল ফোন অফ কৰিবলৈ কোনেও কবলৈ নাযায়। কিন্তু পেণ্ডেল ভর্তি মানুহৰ মাজতো বহুতো উতনুৱাই লেজৰ লাইটৰ ৰঙা পোহৰ মাৰি শিল্পীসকলক অসুবিধাত পেলায়। আনকি, বহু সময়ত নিজৰ নিকৃষ্ট মানসিকতাৰ পৰিচয় দি লেজৰ লাইটৰ ৰঙা তীক্ষ্ণ পোহৰটো নায়িকাৰ শৰীৰত ঘূৰি ফুৰা দেখা যায়, যিটো অতিকৈ অপ্রীতিকৰ। পাচফালৰ পৰা উকি মাৰি নাটকৰ সংলাপৰ মাজত সংলাপ দিয়া মানুহো আছে। ধৰা হ, নায়িকাই নায়কক কৈছে, তুমি মোক কাইলৈ ফুৰাবলৈ নিবা নে নাই? নায়িকাৰ দুচকুত মুগ্ধ নায়কৰ কথাটোৰ উত্তৰ দিবলৈ যদি অকণমান সময়ৰ প্রয়োজন হৈছে তেন্তে পাচফালৰ পৰা উকি মাৰি কোনোবাই ক, “সেইজনে নিনিয়ে, ময়েই নিম। ওলাবা, আমি ধাবাত খাম। এনেধৰণৰ পৰিস্থিতি হলে শিল্পীৰ মনোযোগ ব্যাহত হোৱাটো অতি স্বাভাবিক কথা। কিন্তু ইয়াৰ পাচতো তেওঁলোক মুখত ৰং সনা শিল্পীয়ে হৈ থাকে। সংলাপবোৰ ভুল নলগাকৈ প্রক্ষেপ কৰিয়েই থাকে, আমাৰ মাজৰে একোজন হৈ!

           
মঞ্চত থকা সময়ত পৰিস্থিতি যিয়েই নহওক, তাক নিয়ন্ত্রণাধীন কৰাত অভিনয় শিল্পীসকল সিদ্ধহস্ত। এবাৰ নাটক এখন চাই আছোঁ। নদীৰ পাৰৰ দৃশ্য। মঞ্চৰ পাচফালৰ পর্দাখনত নদী, দূৰলৈ নীলা আকাশ, গছ-গছনিৰে চিত্রশিল্পীয়ে ৰূপ দিয়া ধুনীয়া দৃশ্য। এডাল গছৰ তলত অকণমান দূৰত্বত নায়ক আৰু নায়িকা। হঠাৎ নায়িকাই চকু মোহাৰিবলৈ ধৰিলে। চকু মোহাৰি মোহাৰি অলপ আগতে কৈ থকা সংলাপখিনিৰ লগত কোনো সংগতি নথকা সংলাপ এটা নায়িকাই মাতিলে মোৰ চকুত কি হল চোৱাচোন! খুব জ্বলা-পোৰা কৰিছে!ব্যস্ত হৈ নায়কে নায়িকাৰ সংলাপৰ লগত সংগতি ৰাখি কলে, “তোমাৰ চকুত এটা পোক সোমাইছে। নৈৰ পাৰ, তাতে সন্ধিয়া লাগিবৰ হৈছে। সেয়ে হবলা সৰু সৰু পোকবোৰ উৰি ফুৰিছে।ইমান সাৱলীলভাবে কথাখিনি কৈ গল মন নকৰিলে দর্শকেও বুজি নাপাব যে সেয়া নাটকৰ সংলাপ নহয়।

           
এচাম গৈছে, আন এচাম আহিছে। পাচলৈ ঘূৰি চাবলৈ কাৰো অৱকাশ নাই! নতুন চামৰ সমুখত ভবিষ্যতৰ সোণালী দলিচা আৰু আগৰ চামৰ হৃদয়ৰ কুঁকিত শব্দই আঁকোৱালি লব নোৱাৰা নষ্টালজিৰ ৰং-বিৰঙৰ পৃষ্ঠা! জীৱনৰ সোণোৱালী দিনবোৰ মঞ্চত উঠি আমাক প্রতিনিধিত্ব কৰা শিল্পীয়ে যেতিয়া জীৱনৰ বিয়লি বেলাত কোনোবা এখন বাতৰি কাকতৰ মাথোঁ এটা শিৰোনাম হৈ ৰয় কাৰ বুকুত হাহাকাৰৰ প্রতিধ্বনি উঠে? নাটকৰ জীৱনত জীৱনৰ নাটক কৰি এটা মাথোঁ শিৰোনাম হৈ ৰয় নাম জনা বা নজনা অলেখ শিল্পী।

পৰিশিষ্ট: নাটকৰ জীৱনলেখাটোৰ বাবে কথাবোৰ যুকিয়াই থাকোঁতে অকণমান ভাবে মনটোত খেলি আছিল। সেই উকমুকনিৰেই নাম অভিনেতা

অভিনেতা
*****************

জাউৰিয়ে জাউৰিয়ে হাত চাপৰি
আৰু বহুতো বিনিদ্র ৰজনী
মোৰ নিচা আৰু পেচা

হাত চাপৰিয়ে পূৰাব মোৰ
আইৰ আকালৰ ভঁৰাল
বিনিদ্র ৰজনীয়ে টোপনি নিয়াব
মোৰ প্রিয়াক!

সোণালী দিনৰ অভিনয়
আৰু অভিনয়ৰ সোণালী দিন!

মোৰ আইৰ আকালৰ ভঁৰাল ভৰিল
মোৰ প্রিয়াৰ টোপনি আহিল।

পাতত বহি ৰঙচুৱা শেষ বেলি...

অভাবী সময়বোৰে গাব পাৰিব জানো
ফাগুন অথবা বসন্তৰ গান!

দুদিনৰ বাবেই মাথোঁ---
অভিনয়ৰ সোণালী দিন
আৰু সোণালী দিনৰ অভিনয়!



(
বি.দ্র. লেখাটো সাহিত্য ডট অর্গনামৰ অনলাইন আলোচনীখনৰ আগষ্ট, ২০১২ সংখ্যাত প্রকাশিত। www.xahitya.org এই ৱেব ঠিকনাত পঢ়িবলৈ পাব সাহিত্য ডট অর্গ
”)

No comments:

Post a Comment