Pages

Friday, March 28, 2014

হেম বৰুৱাৰ “পোহৰতকৈ এন্ধাৰ ভাল”--- এটি আলোচনা

                                             
            যুদ্ধোত্তৰ যুগৰ অসমীয়া কাব্য জগতলৈ পশ্চিমীয়া জীৱনবোধ আৰু কাব্যবোধৰ সোঁত বোৱাই আনি পশ্চিমীয়া ভাবাৱেগ আৰু ভংগীৰ সৃজনীশীল সাল-সলনি ঘটাই অসমীয়া কাব্য-জগতক সজীৱ অর্থপূর্ণ নতুন ৰেহ-ৰূপ দিয়াৰ ক্ষেত্রত হেম বৰুৱা (১৯১৫-১৯৭৭)ৰ সিদ্ধি অতুলনীয়। নতুন কবিতাৰ সমদলত তেওঁ যেন হাতত নিচান লোৱা অগ্রৱর্তী সেনাধক্ষ্যৰ ভূমিকাহে পালন কৰিলে।

           
হেম বৰুৱাই কবিৰূপে আত্মপ্রকাশ কৰে আৱাহনৰ পাতত বান্দৰশীর্ষক কবিতাৰে, ১৯৪০ চনৰ মার্চ মাহত। এই কবিতাটোৱে কাব্য আন্দোলনৰ এক নতুন ধাৰাৰ শুভাৰম্ভ কৰিলে। বৰুৱাৰ কাব্য সংকলন দুখন হবালিচন্দাআৰু মন ময়ূৰী। সিঁচৰতি হৈ থকা অন্যান্য কবিতাৰ সতে দুয়োখন একেলগে ১৯৮৬ চনত হেম বৰুৱাৰ কবিতানামে পুনঃপ্রকাশ হয়। কবি হিচাপে তেওঁ জয়ন্তী’, ‘পছোৱাআৰু ৰামধেনুএই তিনিওখন পত্রিকাত বিশেষ ভূমিকা গ্রহণ কৰিছে। কাব্যিক আলোচনাৰ ক্ষেত্রত কব পাৰি যে প্রথমৰে পৰা হেম বৰুৱাই বস্তুবাদী সমাজ চেতনা আৰু ৰমন্যাসধর্মী আত্মিক চেতনাৰ এক সন্মিলিত পথেৰে খোজ দিছিল। অমূল্য বৰুৱাৰ কলমেৰে নিগৰা কবিতাৰ আধুনিক শৈলী হেম বৰুৱাৰ কাপৰ পৰশত বহুদূৰলৈ আগুৱাই গৈছিল।

বুৰঞ্জীৰ ৰঙা-নীলা পাত
আমাৰ কাৰণে হায় বুৰঞ্জী নিমাত
.................................
আমাৰ কাৰণে আজি পৃথিৱীৰ ৰন্ধ্রে ৰন্ধ্রে
দুৱাৰত তলা। দুৱাৰ মুকলি ক?”
(“নিমাতী চাপৰি”, বালিচন্দা)
---------- এনে কাব্য-কথনত জীৱন স্পন্দনৰ আভাষ পোৱা যায়।

           
আধুনিক ইউৰোপীয় চিন্তা-চেতনা হেম বৰুৱাৰ কবি মানসত বেছ গভীৰ। বিশেষকৈ পাউণ্ড, লৰেন্স, ইলিয়েটৰ কবিতাই বৰুৱাক আকৃষ্ট কৰিছিল। তাৰ ফলতেই সৃষ্টি হৈছিল ৰামধেনু’, ‘আইত’, ‘মমতাৰ চিঠিআদি কবিতাৰ। তেওঁৰ কাব্যিক দৃষ্টিত নাৰী প্রায়ে প্রেৰণাৰ উৎস আৰু মমতাময়ী। সমালোচক কবিন ফুকনদেৱৰ ভাষাত, “নাৰী কল্পনাৰ সৌন্দর্যত ৰমন্যাসিক মাহ-হালধি সানিয়েজি হেম বৰুৱাই এৰা নাই, নাৰীৰ মাজেদিয়ে তেওঁ ফুটাই তুলিছে জীৱিকাৰ শ্রম আৰু শান্তি।সুন্দৰী নাৰীৰ অপৰূপ মুখখনি কবিৰ প্রতীকী কল্পনাত ধৰা দিছে এইদৰে----
মুখখন তাইৰ
আলি আকবৰ খাঁৰ সৰোদৰ এটা
নিজম মূর্চ্ছনাহে যেন।
(“এখন ইস্তাহাৰ”, মন ময়ূৰী)

           
হেম বৰুৱাৰ পোহৰতকৈ এন্ধাৰ ভালযুদ্ধোত্তৰ যুগৰ বা ৰোমাণ্টিক পৰৱর্তী নতুন কবিতাবোৰৰ ভিতৰত এটা সার্থক কবিতা। কবিতাটি ১৯৫২ চনৰ ৰামধেনুত প্রকাশ পায়। সাম্রাজ্যবাদী শোষণৰ অন্ত পেলাই নিষ্পেষিত জনতাৰ বাবে নতুন স্বপ্ন আৰু প্রতিজ্ঞা স্থাপনেই কবিতাটোৰ মূল বক্তব্য। কবিতাটোত কবি নিজে হল নিষ্পেষিত জনতাৰ প্রতিনিধি। ইয়াত ফুটি উঠিছে কবিৰ সমকালীন পৃথিৱীখনক চিনি পোৱাৰ বাসনা। পোহৰতকৈ এন্ধাৰ ভালকবিতাটোৰ শিৰোনামতে আছে এক কাব্যিক ব্যঞ্জনা। আমাৰ সভ্যতা বর্তমান শোষণ, লাঞ্ছণাৰে জর্জৰিত। ধনীক শ্রেণী অধিক ধনী হৈ গৈছে আৰু দুখীয়াসকল খাবলৈ নোপোৱা হৈছে। সাম্রাজ্যবাদী শোষণৰ হাতোৰাই মানুহক নির্মমভাৱে গ্রাস কৰিবলৈ লৈছে। যি সভ্যতাই মানুহক তিলতিলকৈ মৃত্যুমুখী কৰি তুলিছে তাক যদি কোনোৱে পোহৰ বুলি কয়, আকৌ যত উচ্চ-নীচ, ভেদ-ভাৱ নাই, আছে মৰম-প্রীতি, জীৱনৰ সুখ-শান্তি তাক যদি কোনোৱে এন্ধাৰ বুলি কয়, তেন্তে জীৱন নাশকাৰী সেই পোহৰতকৈ জীৱন ৰক্ষাকাৰী এই এন্ধাৰেই ভাল।

           
কবিয়ে ইতিহাসৰ বুকুত নিজৰ নাম যুগমীয়া কৰিবলৈ বিচৰা নাই। সাম্রাজ্যবাদী শোষণত কবিৰ লগতে সর্বসাধাৰণ হৈ পৰিছে জীৱাষ্ম স্বৰূপ, যাৰ কোনো অস্তিত্ব নাই।

সময়ৰ বলুকাৰাশিত পদচিহ্ন ৰখাৰ
উন্মাদ বাসনা আমাৰ নাই। আমি
বুৰঞ্জীৰ শিলাখণ্ডৰ জীৱন্ত ফছিল।
(“পোহৰতকৈ এন্ধাৰ ভাল”, বালিচন্দা)

           
কবিতাটোৰ মাজেৰে কবিয়ে সাম্রাজ্যবাদী শোষণ দেখুৱাবলৈ নানা পুৰাণ-উপপুৰাণৰ কাহিনী, জনশ্রুতি আদি কাব্যৰ মাজলৈ টানি আনিছে। সমাজৰ নিষ্পেষিত জনতাক বুজাবলৈ শকুন্তলাশব্দটোৰ প্রয়োগ কৰা হৈছে। শকুন্তলা হল সৰলতা, কোমলতা, পবিত্রতাৰ প্রতীক। আনহাতে, ‘দুষ্যন্তল প্রতাৰক, শোষক, ক্ষমতালোভীৰ প্রতীক। যুগ যুগ ধৰি নাৰীক ক্ষমতাবান, অর্থবান মানুহে ভোগৰ আহিলা হিচাপে ব্যৱহাৰ কৰি আহিছে। ক্ষমতালোভী দুষ্যন্তই শকুন্তলাৰ সৰলতাৰ সুযোগ লৈ প্রেমৰ নামত জাপি দিলে কলংকৰ কলুষ কালিমা। সেই কথাখিনি কবিৰ কলমেৰে প্রতিফলিত হৈছে এইদৰে-----
                                    “হেৰা শকুন্তলা, তোমাৰ চকুৰ শেৱালিপাহিত দুষ্যন্তৰ চুমাৰ চেকা।

           
আকৌ কোৰিয়াত জৰাসন্ধৰ কংকালবাক্যাশংতো কাব্যিক ব্যঞ্জনা প্রকাশ পাইছে। এই বাক্যাংশৰ জৰিয়তে কবিয়ে কোৰিয়াৰ ৰাজনৈতিক জীৱনৰ স্বৰূপ উদঙাই দেখুৱাইছে আৰু ইয়াৰ সুস্পষ্ট প্রকাশৰ বাবে টানি আনিছে মহাভাৰতৰ জৰাসন্ধক। ভীমে জৰাসন্ধক দুফাল কৰি বধ কৰাৰ দৰে ভীমৰূপী মার্কিন সাম্রাজ্যবাদে জৰাসন্ধৰূপী কোৰিয়াক দুভাগত বিভক্ত কৰি পেলালে।

           
আমি এতিয়া শোষণৰ কালসন্ধিত জীয়াই আছোঁ। চাৰিওফালে দেখা গৈছে কেৱল মৃত্যুৰ বিভীষিকা। এই বিভীষিকা দেখুৱাবলৈ গৈ কবিয়ে ব্যঞ্জনা টানি আনিছে এছিয়াৰ আকাশ আগুৰি শগুণৰজাকবাক্যাংশৰ। এই সন্ধিকালত আমাৰ কোনো অস্তিত্ব নাই। সাগৰলৈ পাল তৰি যোৱা কোনো নাবিকৰ ধুমুহাত বিধ্বস্ত হৈ যোৱা কংকাল পাৰত লাগিলেও যিদৰে তেওঁৰ কোনো অস্তিত্ব নাইকিয়া হৈ যায়, সেইদৰে আমাৰো অর্থাৎ সর্বসাধাৰণো সদায় উপেক্ষিত হৈ আহিছে। ডাৱৰ দেখি বলিয়া হৈ প্রেয়সীলৈ সংবাদ পঠোৱা মহাকবি কালিদাসৰ ৰচনাতো জনসাধাৰণৰ বতৰা নাই। সর্বকালৰ শ্রেষ্ঠ কবিৰ কাব্যবেদীতো সর্বসাধাৰণ সৰি পৰা মদাৰৰ ফুলৰ লেখীয়া যি গুৰুতো নালাগে, গোঁসাইতো নালাগে

           
ক্ষমতালিপ্সু সাম্রাজ্যবাদীসকলৰ মাজত হোৱা তুমুল প্রতিদ্বন্দ্বিতা, ৰণ-বিগ্রহত সকলোতকৈ বেছিকৈ ক্ষতিগ্রস্ত হৈছে জনসাধাৰণ। ফিৰিঙতিৰ পৰা খাণ্ডৱবন দাহ হৈ যোৱাত যিদৰে ধৃতৰাষ্ট্র, গান্ধাৰী আৰু কুন্তীয়ে কৰুণ মৃত্যুক সাৱতি লৈছিল, সেইদৰে জনসাধাৰণো সাম্রাজ্যবাদী শোষকৰ তীখাৰ স্ফুলিংগ ছিটিকি তাৰ অগ্নিশিখাৰে পুৰি ছাৰখাৰ হোৱা খাণ্ডৱবনৰ যেন বিৰিণাৰ ফুলহে। সহজ-সৰল মানুহৰ কৰুণ মৃত্যুৱে যেন পিৰামিড সাজিছে আৰু তাৰেই সাক্ষী বহন কৰিছে হিৰোশ্বিমা আৰু নাগাচাকিয়ে।

           
হেম বৰুৱা এগৰাকী সমাজবাদী কবি আছিল। তেওঁ আছিল আশাবাদী। জনতাৰ ওপৰত কবিৰ অগাধ বিশ্বাস। তেওঁলোকৰ শৌর্য-বীর্যৰ ওপৰতো কবিৰ গভীৰ আস্থা। সেয়ে কবিয়ে বিচাৰিছে, টোপনিৰ পৰা সাৰ পাই উঠা সিংহৰ দৰে সর্বসাধাৰণে তেওঁলোকৰ সুপ্ত শক্তিক জাগ্রত কৰি শোষণৰ অন্ত পেলাওক। যুগে যুগে ইতিহাসৰ ৰথৰ চকৰি ঘূৰাইছে সর্বসাধাৰণে। প্রখ্যাত ইংৰাজ কবি শ্যেলীৰ ভাষাত, “They are few but we are many.” সেয়ে কবিয়ে বিচাৰিছে শকুন্তলাৰূপী সর্বসাধাৰণে আঙুলিৰে নুমুৱাই দিয়ক দুষ্যন্তৰূপী শোষকৰ ৰাজকাৰেঙং জলমলাই থকা আলোকৰাশি। তেতিয়াহে শোষকৰ স্বপ্ন ভাঙি থানবান হব। সাম্রাজ্যবাদী শোষণ ধ্বংস কৰিবলৈ আমাক লাগিব একতা। যিদৰে ক্ষুদ্র বানৰ সেনাই ঐক্যবদ্ধ হৈ দুষ্কৃতিৰ প্রতীক ৰাৱণক ধ্বংস কৰি সংস্কৃতিৰূপী সীতাক উদ্ধাৰ কৰিবলৈ সাগৰত ৰামেশ্বৰ সেঁতু নির্মাণ কৰিলে তেনেকৈ আমিও ঐক্যবদ্ধভাৱে আগ বাঢ়ি গলে ভয়, সংশয়, শংকা আদি পলাই ফাট মাৰিব।

জীৱনৰ অগ্রগতিত ৰামেশ্বৰৰ সেঁতুৰ বান্ধ
শংকা কিহৰ?
নতুন পুৱাৰ কেঁচা পোহৰত আশাৰ জুই।
আমাৰ চকুত তীখাৰ শাণ।

           
কবিয়ে এটি নতুন পুৱাৰ কামনা কৰিছে, ত থাকিব আশাৰ পোহৰ। সেই পোহৰে সাম্রাজ্যবাদী শোষণৰ অন্ত পেলাই সমাজবাদ স্থাপন কৰিব। কবিয়ে আশা কৰিছে নতুন ঊষাৰ প্রভাতী কিৰণে প্রতিজনৰ চকুলৈ কঢ়িয়াই আনক ৰঙীণ আকাংক্ষা। পোহৰতকৈ এন্ধাৰ ভালকবিতাটোক ধ্বংসস্তুপৰ মাজত আশাৰ জয়গানবুলি কব পাৰি। কবিতাটোত টি. এছ. ইলিয়টৰ Waste Land”- প্রভাৱৰ উপৰি ইংৰাজী কবিতাৰ আর্হিত প্রাচীন আখ্যান, কাহিনী আদিৰ প্রতীকী প্রয়োগে ইয়াক আবেদনময় কৰি তুলিছে।

           
হেম বৰুৱাৰ মানস চিত্রবোৰৰ কোনো প্রত্যক্ষ বা তাৎক্ষণিক সংযোগ নাই। সেয়ে সমালোচকে সেইবোৰক বেলেগ বেলেগ ঠাইত উঠা এখন ট্রেইনৰ দবাৰ ভিতৰৰ যাত্রীৰ লগত তুলনা কৰিছে। বৰুৱাৰ কবিতা সম্পর্কে জ্ঞানানন্দ শর্মা পাঠকদেৱে কৈছে, “যেতিয়া তেওঁ তেওঁৰ চৌপাশে মৃত্যু, অৱক্ষয় আৰু ধ্বংসৰ বিভীষিকা দেখে হেমকান্ত তেতিয়া উপনীত হয় নিৰাশা দিগন্তত। কিন্তু তেওঁৰ সেই ক্ষণিকৰ মোহভংগ বা দুর্বলতা যি তেওঁক অৱশ কৰি তোলে বেছি সময় নাথাকে। তাৰ পাছতেই প্রমেথিয়াচৰ দুর্দম শক্তি আৰু প্রাণ-প্রাচুর্যই তেওঁক মহীয়ান কৰি তোলে---- যাৰ দ্বাৰা অনুপ্রাণিত হৈ তেওঁ নতুন পৃথিৱীৰ নৱজন্মৰ সপোন দেখে।

           
কবি বৰুৱাৰ ভাষাৰে,
মইতো নহওঁ কবি,
নিশাৰ আন্ধাৰ-প্রয়াসী মৃত্যুমুখী ধ্বনি।
মইতো নহওঁ এটি স্পন্দন,
মৃত্যুৰ বিভীষিকা, পোহৰক ম্লান কৰা
জীর্ণ অভিযান।

মৃত্যু আৰু জীৱনৰ দোমোজাত বহি
স্বপ্ন দেখিছোঁ আমি
দিনান্তৰ গর্ভকোষত সঞ্জীৱিত হোৱা
এক আদিম পুৱাৰ।
(“আদিম পুৱা”, মন ময়ূৰী)
__________________


No comments:

Post a Comment