Pages

Thursday, July 30, 2015

লোকচানৰ চুক্তি







মূল: ঘাটে কা সৌদা (উৰ্দু)
আদত হচন মণ্টো



দুজন বন্ধুৱে লগ হৈ দহ-বিশজনীমান ছোৱালীৰ মাজৰ পৰা এজনী বাচি ললে আৰু বিয়াল্লিছ টকাৰে কিনি পেলালে।

নৈশ যাপনৰ পাছত এজন বন্ধুৱে ছোৱালীজনীক সুধিলে, “তোমাৰ নাম কি?”

ছোৱালীজনীয়ে নিজৰ নামটো কোৱাৰ লগে লগে তেওঁ হতভম্ব হৈ কলে, “আমাকতো কোৱা হৈছিল যে তুমি অইন ধৰমৰহে...!”

ছোৱালীজনীয়ে উত্তৰ দিলে, “মিছা কৈছিল।

এই কথা শুনি তেওঁ লৰি-ঢপৰি আনজন বন্ধুৰ ওচৰলৈ গল আৰু কলে, “সেই হাৰামজাদাটোৱে আমাক ঠগিলে... আমাৰ ধৰমৰে ছোৱালী গোটাই দিলে... ব'ল, ঘূৰাই থৈ আহোঁগৈ...।


(সাহিত্য ডট্‌ অৰ্গৰ আগষ্ট, ২০১৫ সংখ্যাত প্ৰকাশিত http://www.xahitya.org/2015/08/15/lokchanor_sukti_mitali/ )

No comments:

Post a Comment