Pages

Monday, January 18, 2016

ৰাষ্ট্ৰৰ সেৱক



মূল: ৰাষ্ট্ৰ কা সেৱক” (হিন্দী)
প্ৰেমচন্দ


নেতাগৰাকীয়ে ক'লে-" দেশৰ মুক্তিৰ মাথোঁ এটা উপায় আছে আৰু সেয়া হ'ল নীচজাতিৰ লোকসকলৰ লগত ভাতৃত্বসুলভ ব্যৱহাৰ কৰা, নিৰ্যাতিতসকলৰ প্ৰতি সমভাব প্ৰদৰ্শন কৰা৷ এই পৃথিৱীত সকলোৱে ভাই ভাই, কোনো উচ্চ-নীচ নাই৷"
মানুহবোৰে জয়ধ্বনি দিলে-"ইমান বিশাল দৃষ্টি, ইমান অনুভূতিশীল হৃদয়!"

তেওঁৰ সুন্দৰী কন্যা ইন্দিৰাই এইবোৰ শুনি ভাবনাৰ সাগৰত বুৰ গ'ল৷

নেতাগৰাকীয়ে নীচ জাতিৰ যুৱকক আলিঙ্গন কৰিলে৷
মানুহবোৰে গুণাগঠা কৰিলে-"এওঁ নিশ্চয়কৈ কোনো দেৱদূত, পায়গম্বৰ, ৰাষ্ট্ৰৰ গুৰি-বথা ধৰোঁতা৷"

এয়া দেখি ইন্দিৰাৰ মুখখন উজলি উঠিল৷

নেতাগৰাকীয়ে নীচ জাতিৰ যুৱকক মন্দিৰলৈ লৈ গৈ বিগ্ৰহৰ দৰ্শন কৰালে আৰু ক'লে-"অভাবতো আমাৰ ঈশ্বৰ আছে, দুৰ্দশাতো আছে, অৱসাদানুভবতো আছে৷"
মানুহবোৰে গুণগুণালে-"ইমান পবিত্ৰ মনৰ মানুহ! ইমান জ্ঞানী!"

এইবোৰ দেখি ইন্দিৰাই মিচিকিয়াই হাঁহিলে৷

ইন্দিৰাই নেতাগৰাকীৰ ওচৰলৈ গৈ ক'লে-"শ্ৰদ্ধাৰ পিতাদেউ, মই মোহনৰ সৈতে বিয়া হ'বলৈ বিচাৰোঁ৷"
নেতাগৰাকীয়ে জীয়েকলৈ মৰমসনা চাৱনিৰে চাই সুধিলে-"কোন মোহন?"

ইন্দিৰাই বৰ উছাহেৰে ক'লে-"মোহন সেই যুৱকজনেই যাক আপুনি আলিঙ্গন কৰিছিল, যাক আপুনি মন্দিৰলৈ লৈ গৈছিল; যি সত্যবাদী, সৎ আৰু সাহসী৷"

(সাহিত্য ডট্‌ অৰ্গৰ জানুৱাৰী, ২০১৬ সংখ্যাত প্ৰকাশিত http://www.xahitya.org/2016/01/15/prem/ )



No comments:

Post a Comment