Pages

Tuesday, January 19, 2016

লাজৱন্তী

মূল: লাজৱন্তী (উৰ্দু)
ৰাজিন্দৰ সিং বেদী

(অ’ সখী, এইটো লাজুকীলতাৰ পুলি, চুই দিলেই মৰহি যাব)

বিভাজন হ’ল। আঘাতপ্ৰাপ্ত অগণন মানুহে উঠি বহি নিজৰ শৰীৰত লগা তেজৰ চেঁকুৰাবোৰ মচি পেলালে আৰু সুস্থ শৰীৰৰ ভিতৰত ভাগি পৰা মনবোৰ লৈ জীয়াই থকা সকললৈ মন দিলে

অলিয়ে-গলিয়ে, চুবুৰীয়ে-গাঁৱে “আকৌ স্থাপন কৰোঁ, আহক” সমিতিবোৰ গঢ়ি উঠিল আৰু প্ৰথমে বৰ পৰিশ্ৰমেৰে “ব্যৱসায় স্থাপন কৰোঁ, আহক”, “পৃথিৱীত প্ৰতিস্থিত হওঁ, আহক” আৰু “ঘৰবোৰত ঠাই দিওঁ, আহক” আদি অনুষ্ঠান আৰম্ভ হৈ গৈছিল। কিন্তু এইবোৰৰ মাজতে এনে এটা অনুষ্ঠানো আছিল, যিটোলৈ কোনেও মন দিয়া নাছিল সেই অনুষ্ঠানটো ভাৰতৰ পৰা খেদি লৈ যোৱা তিৰোতাবোৰক লৈ আছিল, যাৰ শ্লোগান আছিল, “হৃদয়ত স্থান দিওঁ, আহক” নাৰায়ণ মন্দিৰ আৰু তাৰ দাঁতি-কাষৰীয়া অঞ্চলত বাস কৰা পুৰাণপন্থী দলবোৰে এই অনুষ্ঠানৰ তীব্ৰ প্ৰতিবাদ কৰিছিল

এই অনুষ্ঠানটোক কাৰ্যকৰী ৰূপ দিয়াৰ বাবে মন্দিৰৰ ওচৰৰ মোল্লা শকুৰ নামৰ চুবুৰীটোত এখন সমিতি গঠন কৰা হ’ল আৰু এঘাৰটা ভোটৰ ব্যৱধানত সুন্দৰলাল বাবুক তাৰ সম্পাদকৰূপে নিৰ্বাচন কৰা হ’ল উকিল চাহাব সভাপতি হ’ল কালা পাৰগেটৰ বুঢ়া মহৰীজন আৰু অঞ্চলটোৰ অন্যান্য প্ৰতিষ্ঠিত ব্যক্তিসকলেও বিচাৰ-বিবেচনা কৰি বুজিলে যে সুন্দৰলালতকৈ অধিক আগ্ৰহেৰে এই কামটো আন কোনেও কৰিব নোৱাৰিব সুন্দৰলালৰ ওপৰত এই দায়িত্ব হয়তো এইবাবেও দিয়া হৈছিল কাৰণ তেওঁৰ পত্নীও এই অঘটনটোৰ ফান্দত সোমাই পৰিছে তাইৰ নাম আছিল লাজো মানে লাজৱন্তী!

সূৰ্যোদয় হোৱাৰ পাছতে সুন্দৰলাল বাবুহঁতৰ দলটোৱে প্ৰভাত-ফেৰী উলিয়ায় তাত তেওঁৰ সহযোগী ৰসালু, নেকীৰাম আদিয়ে গাই যায়-“চুই দিলে মৰহি যায় লাজুকীলতাৰ পুলি…” তেতিয়া সুন্দৰলালৰ মাতটো থোকাথুকি হৈ পৰে আৰু নিৰৱে গৈ গৈ লাজোৰ কথা ভাবে-“ক’ত বা আছে তাই!”, “তাই কেতিয়াবা উভতি আহিব নে বাৰু?” এইবোৰ ভাবি ভাবি শিলাময় পথটোৰে খোজ কাঢ়ি গৈ থাকোঁতে তেওঁৰ খোজবোৰো থৰক-বৰক হৈ পৰে

এতিয়া আনকি সুন্দৰলালে লাজৱন্তীক ঘূৰাই পাবলৈ আশা এৰাৰ দৰে হৈছে তেওঁৰ দুখ সমস্ত সংসাৰৰ দুখৰ লগত একত্ৰিত হৈ গৈছে এই দুখৰ পৰা পৰিত্ৰাণ পাবলৈ তেওঁ সমাজসেৱাত নিমগ্ন হ’ল কিন্তু ইয়াৰ পাছতো সহযোগীসকলৰ কণ্ঠত কণ্ঠ মিলাই গাই থাকোঁতেও তেওঁৰ মনলৈ ভাব আহে- মানুহৰ হৃদয় কিমান যে কোমল! সৰু-সৰু কথাতেই ই আঘাত পায়; ঠিক লাজুকীলতাৰ পাতৰ দৰে- হাতখন অকণমান আগবঢ়াই দিলে মৰহি যায় কিন্তু তেওঁ লাজৱন্তীৰ লগত কৰা নিৰ্মম আৰু কঠোৰ আচৰণৰ কোনো সীমা নাছিল তেওঁ তাইক যেতিয়াই-তেতিয়াই, উঠোঁতে-বহোঁতে, খাওঁতে-শোওঁতে অমনোযোগিতা, দায়িত্বহীনতাৰ কথা সোঁৱৰাই মাৰ-ধৰ কৰিছিল

লাজো এজনী ক্ষীণ-মীন সৰলমনা গাঁৱলীয়া ছোৱালী আছিল ৰ’দৰ তাপত তাইৰ শৰীৰটো মিঠা বৰণীয়া হৈ পৰিছিল তাইৰ আচাৰ-আচৰণত আছিল এক অদ্ভুত ব্যাকুলতা তাইৰ এই ব্যাকুলতা আছিল গছৰ ডাঙৰ ডাঙৰ পাতত ওলমি থকা নিয়ৰৰ টোপালৰ দৰে চঞ্চল তাইৰ ক্ষীণ-মীন শৰীৰটো তাইৰ পুষ্টিহীনতাৰ দলিল নহৈ বৰং তাইৰ সুস্বাস্থ্যৰহে ইংগিতবাহক আছিল তাইৰ ক্ষীণ চেহেৰাটো দেখি থুলন্তৰ চেহেৰাৰ সুন্দৰলালে প্ৰথমে ভয় খাইছিল যদিও পাছত যেতিয়া দেখিলে যে লাজোৱে সকলোধৰণ বোজা, সকলোধৰণৰ দুখ আনকি মাৰ-পিতো সহ্য কৰিব পাৰে তেতিয়া তেওঁ নিজৰ অত্যাচাৰৰ প্ৰকোপ বঢ়াই যাবলৈ ধৰিলে আনকি তেওঁ এবাৰো ভাবি নাচালে যে সীমা চেৰাই যোৱা অত্যাচাৰৰ প্ৰকোপে কাৰোবাৰ ধৈৰ্যৰ বান্ধ খুলিও পেলাব পাৰে! কিন্তু লাজোৱে সেই সীমাহীন অত্যাচাৰো সহ্য কৰিব পৰা হৈ গৈছিল তাই একেলেথাৰিয়ে বহু সময়লৈ মনত দুখ-শোক কঢ়িয়াই লৈ ফুৰিব নোৱাৰিছিল সেইবাবে কেতিয়াবা ভীষণ কাজিয়াৰ পাছতো সুন্দৰলালৰ ওঁঠত ফুটি উঠা মাথোঁ এটা হাঁহিতে তাইৰো ওঁঠলৈ বাগৰি অহা হাঁহি ৰখাব নোৱাৰিছিল তাই মাথোঁ কৈছিল-“আগলৈ যদি আকৌ মাৰ-ধৰ কৰা, মই তোমাৰ লগত কেতিয়াও কথা নাপাতিম” তাইৰ কথাৰ পৰা বুজিব পাৰি যে তাই সেই সকলোবোৰ মাৰ-ধৰ একেবাৰে পাহৰি গৈছে গাঁৱৰ বাকী ছোৱালীবোৰৰ দৰে তায়ো জানে যে গিৰিয়েকে ঘৈণীয়েকৰ সৈতে এনেকুৱা ব্যৱহাৰে কৰে যদি কাৰোবাৰ ঘৈণীয়েকজনী অকণমানো মুখচোকা হয় তেন্তে তিৰোতাবোৰে নিজৰ নাক ঢাকি কয়-“কি মতা মানুহ ওলাবলৈ আহিছেহে, নিজৰ ঘৈণীয়েকজনীকে হাতৰ মুঠিত ৰাখিব নোৱাৰে!” আৰু এই মাৰ-পিতবোৰ সিহঁতৰ গীতবোৰৰ মাজতো সোমাই গৈছিল লাজোৱে নিজেও গাইছিল-
“চহৰীয়া ডেকাৰ লগত বিয়াত নবহোঁ মই
বুট জোতা পিন্ধে
আৰু মোৰ খামুচীয়া কঁকালটোলৈহে ভয়।”…

কিন্তু প্ৰথমবাৰতে লাজোৱে প্ৰেমৰ ফিৰিঙতি জ্বলাই দিয়া চহৰীয়া ডেকাজনেই আছিল সুন্দৰলাল তেওঁ দৰাঘৰীয়া হৈ লাজৱন্তীহঁতৰ গাঁৱলৈ গৈছিল আৰু দৰাৰ কাণে কাণে কৈছিল-“বন্ধু, তোৰ এইজনী খুলশালীয়েৰ দেখোন খুদ জলকীয়া, ঘৈণীয়েৰজনীও জৰা টেঙা যেন হ’ব” লাজৱন্তীয়ে সুন্দৰলালৰ এইষাৰ কথা শুনি বোধহয় পাহৰি গৈছিল যে সুন্দৰলালে কিমান ডাঙৰ আৰু গেধেপা বুটজোতা পিন্ধিছে আৰু তাইৰ কঁকালখন কিমান ক্ষীণ!

প্ৰভাত-ফেৰীৰ সময়ত এইবোৰ কথা সুন্দৰলালৰ মনলৈ আহি থাকে আৰু তেওঁ ভাবে, “এবাৰ, মাথোঁ এবাৰ যদি লাজোক মই লগ পাওঁ, মই আন্তৰিকতাৰে তাইক মোৰ হৃদয়ত স্থান দিম আৰু সকলোকে ক’ম যে যাবলগীয়া হোৱাত সেই আজলী তিৰোতাবোৰৰ একো ভুল নাছিল অশান্ত উত্তেজনাময় পৰিৱেশৰ দুৰ্ঘটনাৰ চিকাৰ হৈ পৰাত সিহঁতৰ একো দোষ নাই আৰু এইখন সমাজ, যিখনে এই নিৰপৰাধী-নিৰ্দোষী তিৰোতাবোৰক নিজৰ বুলি আঁকোৱালি নলয় সেই গেলি-পঁচি যোৱা সমাজখনক নিঃশেষ কৰি পেলোৱাই ভাল…” খেদি লৈ যোৱা তিৰোতাবোৰৰ ঘৰবোৰ আকৌ পাতি দিয়াৰ চিন্তাত, একোখন ঘৰত সিহঁতৰ মাতৃ, জীয়ৰী বা পত্নী হিচাপে পাবলগীয়া হেৰোৱা সন্মান ঘূৰাই দিয়াৰ চিন্তাত তেওঁ নিমগ্ন হৈ পৰে

মোল্লা শকুৰ চুবুৰীৰ “হৃদয়ত স্থান দিওঁ, আহক” অনুষ্ঠানটোক কাৰ্যকৰী কৰিবলৈ সমিতিয়ে কেইবাটাও প্ৰভাত-ফেৰী উলিয়ালে পুৱা চাৰি-পাঁচ বজাৰ সময়খিনি ইয়াৰ বাবে আটাইতকৈ উপযুক্ত সময় আছিল কোনো হৈ-হাল্লা নাই, যান-বাহনৰ শব্দ নাই আনকি গোটেই ৰাতি পহৰা দিয়া কুকুৰকেইটায়ো ৰুটি সেকা চৌকাৰ কাষতে মূৰ পেলাই পৰি থাকে সমদলটোৰ গীত শুনি নিজৰ নিজৰ বিচনাত টোপনিৰ আলি-জালিত মানুহবোৰে কেৱল কয়, “ও, সেই মণ্ডলীটো!” মানুহবোৰে সুন্দৰলালৰ প্ৰচাৰমূলক ভাষণ কেতিয়াবা শান্তিৰে আৰু কেতিয়াবা বিৰক্তিৰে শুনে যিবোৰ তিৰোতা সুৰক্ষিতভাবে এই পাৰলৈ আহিবলৈ সক্ষম হ’ল সিহঁতে বিচনাত ফুলকবিৰ ফুলবোৰৰ দৰে হাত-ভৰি প্ৰসাৰিত কৰি পৰি থাকে আৰু সিহঁতৰ গিৰিয়েক বা সম্বন্ধীয় মানুহবোৰে নিৰ্লিপ্তভাবে প্ৰভাত-ফেৰীৰ গান-বাজানৰ শব্দত ভোৰভোৰাই উঠে নাইবা সিহঁতৰ সন্তানবোৰৰ কিছুসময়ৰ বাবে চকু মেল খালেও “হৃদয়ত স্থান দিওঁ, আহক”ৰ কৰুণ বক্তব্য আৰু প্ৰচাৰক মাথোঁ এটা গীত বুলি ভাবি পুনৰ শুই পৰে

কিন্তু পুৱাৰ সময়ত শুনা যিকোনো কথা নিষ্ফল হৈ নাযায়, সি গোটেই দিনটো এটা নিনাদৰ দৰে মগজুত ঘূৰি থাকে কেতিয়াবা মানুহে তাৰ অৰ্থ বুজি নোপোৱাকৈয়ো গুণগুণাই থাকে এই গীতবোৰে এইদৰে মানুহৰ মন-মগজুৰ গভীৰলৈ শিপাই যোৱাৰ ফলশ্ৰুতিতে শ্ৰীযুতা মৃদুলা চাৰাভায়ে পাকিস্তানৰ পৰা ভাৰতলৈ খেদি লৈ অনা তিৰোতাবোৰৰ সলনি পাকিস্তানলৈ খেদি নিয়া তিৰোতাবোৰক ভাৰতবৰ্ষলৈ উভতাই আনিলে মোল্লা শকুৰ চুবুৰীৰ কিছুমান মানুহে সিহঁতক পুনৰ হৃদয়ত আৰু পৰিয়ালত স্থান দি আঁকোৱালি ল’বলৈ সন্মত হয় বহুতো ভাই-বন্ধুৱে চহৰৰ সীমাত থকা কালা পাৰগেটত সিহঁতক লগ ধৰিবলৈ যায় সেই অবলা তিৰোতাবোৰ আৰু সিহঁতৰ ভাই-বন্ধুহঁতে কিছুপৰলৈ নিমিষ নেপেলোৱাকৈ নিৰৱে ইজনে সিজনলৈ চাই থাকিল আৰু অৱনত শিৰেৰে নিজৰ ধ্বংসমুখী ঘৰখনক থানথিত লগাই পুনৰ গঢ়ি তুলিবলৈ গুচি যায় ৰসালু, নেকীৰাম আৰু সুন্দৰলাল বাবুয়ে কেতিয়াবা “মহেন্দ্ৰ সিং জিন্দাবাদ” আৰু কেতিয়াবা “সোহনলাল জিন্দাবাদ” বুলি তেওঁলোকৰ ডিঙি শুকাই নোযোৱালৈকে শ্লোগান দি থাকে

কিন্তু খেদি নিয়া তিৰোতাজাকৰ মাজত কিছুমান তিৰোতাক আনকি সিহঁতৰ বাপেক, মাক, ভনীয়েক-ভায়েকহঁতে চিনি পায়ো নিচিনা হ’ল “তাতকৈ তাই মৰি নগ’ল কিয়?”, “নিজৰ মৰ্য্যদা আৰু মান-সন্মান ৰক্ষা কৰিবলৈ তাই বিষ পান নকৰিলে কিয়?”, “কুঁৱাত জাপ নিদিলে কিয়?”, “হাজাৰ-বিজাৰ তিৰোতাই নিজৰ মৰ্য্যদা হানি হোৱাৰ আগতে মৰি গ’ল; তাই ভয়াতুৰ, সেইবাবে নমৰি জীৱনৰ লগত লিপিত খাই আছে”… কিন্তু মানুহে কি বুজিব যে যিখন সমাজত নিজৰ নিজৰ গিৰিয়েকেও সিহঁতক উপেক্ষা কৰিছে তাত থৰ হৈ যোৱা চকুৰে পদে পদে মৃত্যুক প্ৰত্যাহ্বান জনাই জীয়াই থাকি সিহঁতে কিমান সাহসৰ পৰিচয় দিছে তাৰ মাজতে কোনোজনীয়ে মনৰ মাজতে নিজৰ নামটো আওৰায়-“সুহাগৱন্তী… সুহাগৱন্তী…” আৰু হঠাৎ ভীৰৰ মাজত নিজৰ ভায়েকক দেখি শেষবাৰৰ বাবে মাথোঁ কয় “তয়ো মোক চিনি নাপাৱ, বিহাৰী? মই তোক কোচত লৈ খুৱাইছিলোঁ, অ’…”। তাইৰ কথাত বিহাৰীয়ে চিঞৰি উঠিব খোজে, তাৰপাছত মাক-বাপেকলৈ চায়, মাক-বাপেকে বুকুত হাত থৈ নাৰায়ণ বাবালৈ চায় আৰু খুব অসহায়ভাৱে নাৰায়ণ বাবাই আকাশলৈ চায়; যাৰ বাস্তৱত কোনো অৰ্থ নাই, যি কেৱল আমাৰ দৃষ্টিৰ ভ্ৰম, যি কেৱল এক সীমা যাৰ পাছত আমাৰ দৃষ্টিয়ে আৰু একো নমনে

সুন্দৰলালে শেষৰজনী ছোৱালী ট্ৰাকৰ পৰা নমালৈ বৰ আশাৰে বাট চাই আছিল কিন্তু ফৌজীৰ ট্ৰাকত শ্ৰীযুতা চাৰাভায়ে যিবোৰ তিৰোতা সলাই আনিছিল, তাৰ মাজত লাজো নাছিল তথাপিও তেওঁ মৌনভাবে অথচ দৃঢ়তাৰে নিজৰ সমিতিৰ কাম-কাজবোৰ আগবঢ়াই লৈ গৈ থাকিল এতিয়া তেওঁ কেৱল পুৱাৰ ভাগতে প্ৰভাত-ফেৰী নুলিয়ায়; বৰং সন্ধিয়াও সমদল উলিয়াবলৈ ল’লে আৰু কেতিয়াবা সৰু-সুৰা সভাও পাতিবলৈ ল’লে সমিতিৰ বুঢ়া সভাপতি কালিকাপ্ৰসাদ “চুফী”য়ে হাপানি বেমাৰীৰ দৰে ঘোৰঘোৰাই থকা বাৰে বাৰে বাজি যোৱা মাতেৰে ভাষণ দিয়ে আৰু ৰসালুৱে পীকদানি লৈ সদায় তেওঁৰ কাষত উপস্থিত থাকে মাইকত বৰ অদ্ভূতধৰণৰ শব্দ কিছুমান ভাঁহি উঠে-“খখ হহ খখ…” আৰু ইয়াৰ পাছতে নেকীৰামেও কিবা এষাৰমান ক’বলৈ উঠে কিন্তু তেওঁ যিখিনি কথা কয় তাত ইমানেই শাস্ত্ৰ আৰু পুৰাণৰ উদাহৰণ দিয়ে যে ক’ব নোৱাৰাকৈ নিজে নিজৰ সিদ্ধান্ত আৰু মতৰ বিৰুদ্ধে গুচি যায় এইদৰে বাজী নিজৰ হাতৰ পৰা ওলাই যোৱাৰ উপক্ৰম দেখি বাবু সুন্দৰলাল উঠি আহে কিন্তু তেওঁ দুশাৰী বাক্যতকৈ বেছি একো ক’ব নোৱাৰে তেওঁৰ কণ্ঠ ৰুদ্ধ হয়, দুচকুৰে তপত লো বাগৰিবলৈ ধৰে তেওঁ ক্ৰন্দনসিক্ত হৃদয়েৰে ভাষণ শেষ কৰিব নোৱাৰি নিজৰ আসনলৈ গৈ বহি পৰে শ্ৰোতাসকলৰ মাজত এক নিৰৱতা বিয়পি পৰে আৰু তেওঁলোকৰ ওপৰত সুন্দৰলালৰ হৃদয়ৰ পৰা নিগৰিত সেই দুশাৰী বাক্যৰ প্ৰভাব কালিকা প্ৰসাদ “চুফী”ৰ সাৰগৰ্ভ উপদেশতকৈয়ো বেছিকৈ পৰে শ্ৰোতাগণে তাতে চকুলো টুকি হৃদয়ৰ বোজা পাতলায় আৰু তাৰপাছত উৰুঙা হৃদয় লৈ ঘৰলৈ উভতি যায়

এদিন সমিতিৰ সদস্যসকলে সন্ধিয়া বেলিকা প্ৰচাৰৰ বাবে গৈ গৈ পুৰাণপন্থীসকলৰ দুৰ্গ পালেগৈ মন্দিৰৰ বাহিৰত আঁহতজোপাৰ ওচৰৰ চিমেণ্টেৰে সজা ভেটিটোত ভক্তিত নিমজ্জিত ভক্তগণে বহি ৰামায়ণৰ কাহিনী শুনি আছিল নাৰায়ণ বাবাই ৰামায়ণৰ লৱ-কুশ কাণ্ডৰ সেই অংশটো শুনাই আছিল য’ত এজন ধোবাই তাৰ ধুবুনী ঘৈণীয়েকক ঘৰৰ পৰা খেদি দি কৈছিল, “মই ৰামচন্দ্ৰ নহওঁ যিয়ে ইমান বছৰ ৰাৱণৰ লগত থাকি অহাৰ পিছতো সীতাক স্থান দিয়ে!” এই কথা শুনাৰ পাছত ৰজা ৰামচন্দ্ৰই সীতাক নিজৰ ৰাজপ্ৰসাদৰ পৰা উলিয়াই দিলে; তাকো তেতিয়া, যেতিয়া সীতা গৰ্ভৱতী আছিল “ইয়াতকৈয়ো উত্তম ৰামৰাজ্যৰ উদাহৰণ পোৱা যাব নে?” -নাৰায়ণ বাবাই ক’লে-“এয়াই আছিল ৰামৰাজ্য, য’ত এজন ধোবাৰ কথাও সমানে গুৰুত্বসহকাৰে লোৱা হৈছিল…”

সমিতিৰ সমদলটো মন্দিৰৰ ওচৰত ৰৈ গৈছিল আৰু তেওঁলোকে ৰামায়ণৰ শ্লোকৰ অৰ্থ শুনিবলৈ কাণ থিয় কৰি আছিল শেষৰ বাক্যশাৰী শুনি সুন্দৰলালে ক’লে,“আমাক এনে ৰামায়ণৰ প্ৰয়োজন নাই, বাবা
“মনে মনে থাকা, তুমি কোনহে? চুপ!” ভীৰৰ মাজৰ পৰা মাত এষাৰ উফৰি আহিল
সুন্দৰলালে উচ্চস্বৰত ক’লে, “মোক কথা কোৱাত কোনেও বাধা দিব নোৱাৰে
সন্মিলিত স্বৰত সকলোৱে চিঞৰি উঠিল, “মনে মনে থাকা আমি ক’বলৈ নিদিওঁ
এটা কোণৰ পৰা কোনোবাই চিঞৰিলে, “মাৰি পেলাম
নাৰায়ণ বাবাই বৰ কোমল-মিঠা মাতেৰে ক’লে, “তুমি শাস্ত্ৰৰ মান-মৰ্য্যদা বুজি নোপোৱা সুন্দৰলাল
সুন্দৰলালে ক’লে, “মই এটা কথা ঠিকেই বুজি পাওঁ যে ৰামায়ণত ধোবাৰো কথা শুনা হয় কিন্তু ৰামৰাজ্যৰ আকাংক্ষা কৰাসকলে সুন্দৰলালৰ কথাও নুশুনে
যিসকল মানুহে এইমাত্ৰ মাৰ-ধৰৰ কথা কৈ আছিল সেইসকলে নিজৰ নখে মাটি লেখি পুনৰ বহি কৈ উঠিল, “শুনা, শুনা, সকলোৱে শুনা

ৰসালু আৰু নেকীৰামে সুন্দৰলালক উৎসাহ দিলে সুন্দৰলালে ক’বলৈ আৰম্ভ কৰিলে, “শ্ৰী ৰামচন্দ্ৰ আমাৰ নেতা আছিল কিন্তু এয়া কি কথা হ’ল বাবা যে তেওঁ ধোবাৰ কথাটোকে সঁচা বুলি ভাবি ল’লে অথচ সতী সীতাৰ সতীত্বক বিশ্বাস কৰিব নোৱাৰিলে?”
নাৰায়ণ বাবাই নিজৰ দাড়িৰ জঁট ভাঙি ভাঙি ক’লে, “সীতা তেওঁৰ নিজৰ ঘৈণীয়েক আছিল, সুন্দৰলাল তুমি এই কথাৰ গূঢ়াৰ্থ নুবুজিবা
“হয়, বাবা!” সুন্দৰলালে ক’বলৈ আৰম্ভ কৰিলে, “এই সংসাৰত এনেকুৱা বহুতো কথা আছে যিবোৰ মই বুজি নাপাওঁ কিন্তু মই সেইখনকহে প্ৰকৃত ৰামৰাজ্য বুলি কল্পনা কৰোঁ য’ত মানুহে নিজেও নিজৰ ওপৰত অত্যাচাৰ কৰিব নোৱাৰে আনৰ অন্যায় কৰাটো যিদৰে দোষণীয় নিজে নিজৰ অন্যায় কৰাটোও সমানে দোষণীয় আৰু আজিও ভগবান ৰামে সীতাক ঘৰৰ পৰা বাহিৰ কৰি দিলে…কাৰণ তেওঁ ৰাৱণৰ ওচৰত বন্দী আছিল, পিছে ইয়াত সীতাৰ কি দোষ? তেৱোঁ আমাৰ বহুতো আই-বাই-ভনীৰ দৰে ছল-কপটতাৰ চিকাৰ হোৱা নাছিলনে? ইয়াত সীতাৰ শুদ্ধতা-অশুদ্ধতা, সততা-অসততাৰ প্ৰশ্ন উত্থাপন হ’ব লাগে নে ৰাক্ষস ৰাৱণৰ অত্যাচাৰৰ প্ৰশ্ন! যি ৰাৱণৰ মানুহৰ মূৰৰ দৰে দহটা মূৰেই আছিল কিন্তু সকলোতকৈ ডাঙৰটো কিজানি গাধৰ মূৰৰ দৰেহে আছিল আজি আমাৰ সীতাকো ঘৰৰ পৰা নিৰ্বাসিত কৰা হৈছে… সীতা… লাজৱন্তী…” কৈ কৈ সুন্দৰলাল শোকত ভাগি পৰিল বিদ্যালয়ৰ ছাত্ৰবোৰে শ্লোগান লিখি আঠা লগাই যোৱা পোষ্টাৰবোৰ ৰসালু আৰু নেকীৰামে গুচাই পেলালে আৰু তাৰপাছত সকলোৱে “সুন্দৰলাল বাবু জিন্দাবাদ” ধ্বনি দিবলৈ ধৰিলে সমদলৰ মাজৰ পৰা কোনোবা এজনে চিঞৰিলে, “মহাৰাণী সীতা জিন্দাবাদ
আৰু এটা ধ্বনি আহিল,
“শ্ৰী ৰামচন্দ্ৰ…”
তাৰপাছত একেমুখে বহুকেইজনে কৈ উঠিল, “চুপ! চুপ!”

নাৰায়ণ বাবাৰ কথাবোৰ অসাৰ হৈ পৰিল বহুতো মানুহে সমদলত অংশগ্ৰহণ কৰিলে সমদলটোৰ সন্মুখত উকিল কালিকাপ্ৰসাদ আৰু মহৰী হুকুম সিঙে নিজৰ নিজৰ লাখুটিৰে মাটিত টুকুৰিয়াই খট্-খট্ কৈ সৰুকৈ একোটা শব্দ কৰি গৈ আছিল সুন্দৰলালো সমদলটোৰ লগত গৈ আছিল তেওঁৰ দুগালৰ অশ্ৰু তেতিয়াও শুকোৱা নাছিল তেওঁ হৃদয়ত নিদাৰুণ আঘাত পাইছিল সমদলত ভাগ লোৱা ৰাইজে বৰ উৎসাহেৰে ইজনে আনজনৰ কণ্ঠত কণ্ঠ মিলাই সুৰত সুৰ মিলাই গাই গৈছিল, “চুই দিলেই মৰহি যায় লাজুকীলতাৰ পুলি”

মোল্লা শকুৰ চুবুৰীৰ বাসিন্দাসকলৰ কাণত যেতিয়া সমদলৰ গীতৰ গুঞ্জন অনুৰণিত হৈছিল তেতিয়া পূৱৰ আকাশ ভালকৈ ৰাঙলী হোৱাই নাছিল মোল্লা শকুৰ চুবুৰীৰ আবাস নং ৪১৪ৰ বিধবাজনীয়ে বিচনাত বিৰহভৰা এঙামূৰি ভাঙিছিল! সুন্দৰলালৰ বন্ধু লালচন্দ, যাক নিজৰ প্ৰভাব আৰু ক্ষমতাৰে সুন্দৰলাল আৰু কালিকাপ্ৰসাদে ৰেচনৰ দোকান খুলি দিছিল, দৌৰি দৌৰি আহি গাত লৈ থকা ঊণী চাদৰখনৰ পৰা হাত এখন বাহিৰলৈ উলিয়াই ক’লে-
“অভিনন্দন, সুন্দৰলাল বাবু!”
সুন্দৰলালে চিলিম টানিবলৈ ধপাতত গুৰ মিহলাই মিহলাই ক’লে, “কি কথাৰ বাবে অভিনন্দন, লালচন্দ?”
“মই লাজো নবৌক দেখা পাইছোঁ
সুন্দৰলালৰ হাতৰ পৰা চিলিমটো সৰি পৰিল আৰু গুৰ মিহলি ধপাতখিনি মজিয়াত সিঁচৰতি হৈ পৰিল “ক’ত দেখিছা?”-সুন্দৰলালে লালচন্দৰ দুবাহুত ধৰি জোকাৰি দিলে
“বাঘা সীমান্তত
সুন্দৰলালে লালচন্দক এৰি দি ক’লে, “অইন কোনোবা হ’ব চাগৈ!”
লালচন্দে তেওঁক পতিয়ন নিয়াবলৈ ক’লে, “নহয় ককাইদেউ, সেয়া লাজোৱে আছিল, লাজো!”
“তুমি তাইক চিনি পোৱা জানো?” -সুন্দৰলালে মজিয়াৰ পৰা গুৰ মিহলোৱা ধপাতখিনি বুটলি হাতৰ তলুৱাত মলি মলি সুধিলে ধপাত মলি মলিয়ে তেওঁ ৰসালুৰ চিলিমটো হোকাৰ পৰা উলিয়াই লৈ আকৌ সুধিলে- “তাইক চিনি উলিয়াবলৈ তাইৰ কি বিশেষত্ব আছে?”
“থুতুৰিত এটা শ্যামকলা আছে, আনটো গালত…”
“ও হয় হয়!” -সুন্দৰলালে নিজে কৈ পেলালে, “তৃতীয়াটো কপালত” যিকোনো সন্দেহ ৰৈ যোৱাটো তেওঁ বিচৰা নাছিল হঠাৎ যেন লাজৱন্তীয়ে শৈশৱতে কৰোৱা শৰীৰৰ সকলোবোৰ চিনাকি-অচিনাকি কলান্যাস তেওঁৰ দুচকুত ভাহি উঠিল লাজুকীলতাৰ পাতত থকা পাতল সেউজীয়া ফোঁটবোৰৰ দৰে লাজৱন্তীৰ সেই কলান্যাস বা শ্যামকলাবোৰলৈ চাই কোনোবাই ইংগিত কৰিলেই তাই আটাইবোৰ গোপনীয়তা ভেদি সাঁচতীয়া সম্পদবোৰ কাঢ়ি নিয়াত সৰ্বশ্ৰান্তৰ হোৱাৰ দৰে হৈ পৰে আৰু লাজুকীলতাৰ দৰে লাজত মুঁছকছ যায় সুন্দৰলালৰ শৰীৰটো এক অজান প্ৰেম আৰু সেই অনুভূতিৰ পবিত্ৰতাত শিঁহৰিত হ’ল তেওঁ পুনৰ লালচন্দক হাতত খামোচ মাৰি ধৰি সুধিলে, “লাজো বাঘা কেনেকৈ পালেগৈ?”
লালচন্দে ক’লে, “ভাৰত আৰু পাকিস্তানৰ তিৰোতাবোৰ সাল-সলনি কৰি থকা হৈছিল নহয়…”
“তাৰপাছত, তাৰপাছত কি হ’ল?” হঠাৎ থিয় হৈ সুন্দৰলালে সুধিলে
ৰসালুও নিজৰ খাটখনতে উঠি বহিল আৰু তাংখু-ধঁপাত খোৱা মানুহবোৰৰ দৰে কাঁহি কাঁহিয়ে সুধিলে, “সঁচাকৈয়ে লাজো নবৌ আহিছে নেকি?”
লালচন্দে নিজৰ কথাখিনি বিৰামহীনভাবে কৈ গ’ল, “বাঘাৰ সীমান্তত ষোল্লজনী তিৰোতা পাকিস্তানলৈ ওভতাই দিয়াৰ বিনিময়ত ষোল্লজনী ভাৰতলৈয়ো ওভতাই লোৱা হৈছিল কিন্তু তাৰমাজতে এখন কাজিয়া লাগিল আমাৰ ভলেণ্টিয়াৰহঁতে প্ৰতিবাদ কৰি ক’লে যে তোমালোকে যিবোৰ তিৰোতা ঘূৰাই দিছা তাত আদ্বয়সীয়া আৰু বুঢ়ীৰ সংখ্যা বেছি কাজিয়া লগাত বহুতো মানুহ তাত জমা হ’ল সেই সময়তে সিটো পাৰৰ ভলেণ্টিয়াৰহঁতে লাজো নবৌক দেখুৱাই ক’লে- “তোমালোকে এইক বুঢ়ী বুলি ক’বা নেকি?… চোৱা, ভালকৈ চোৱা, তোমালোকে যিকেইজনী ছোৱালী-তিৰোতা ঘূৰাই দিছা সিহঁতৰ এজনীও এইৰ সমান হ’ব নেকি?” আৰু তাত লাজো নবৌৱে সকলোৰে চকুৰ আগত নিজৰ শ্যামকলাবোৰ লুকুৱাবলৈ চেষ্টা কৰিছিল তাৰপাছত কাজিয়া বাঢ়ি গ’ল দুয়ো পক্ষই নিজৰ নিজৰ “মালবোৰ” ঘূৰাই লৈ যোৱাৰ সিদ্ধান্ত ল’লে মই চিঞৰি চিঞৰি মাতিলোঁ, “লাজো নবৌ, আহা!” কিন্তু চিঞৰ-বাখৰ কৰা বাবে আমাৰ ফৌজৰ চিপাহীবোৰে আমাক মাৰি-পিতি তাৰ পৰা খেদি দিলে -লালচন্দে পুলিচৰ লাঠিৰ কোব খোৱা তাৰ কিলাকুটিটো দেখুৱাবলৈ ধৰিলে

ৰসালু আৰু নেকীৰাম মৌন হৈ বহি থাকিল সুন্দৰলালে বহু নিলগৰ ক’ৰবালৈ চাই থাকিল; হয়তো কিবা চিন্তা কৰি আছিল- “লাজো আহিল, কিন্তু আহিও নাহিল…” সুন্দৰলালৰ শুকাই যোৱা মুখখন দেখি এনে অনুভৱ হৈছে যেন তেওঁ বিকানেৰৰ বহু হাজাৰ মাইল বিস্তৃত মৰুভূমি জপিয়াই জপিয়াই পাৰ হৈ আহি এতিয়া ক’ৰবাত গছৰ ছাঁয়াত জিভাখন বাহিৰলৈ উলিয়াই হেফাই-ফোপাই বহি আছে অথচ ‘পানী অলপ দে’ বুলি ক’বলৈয়ো মুখৰ পৰা মাত ওলোৱা নাই তেওঁ অনুভৱ কৰিলে যেন বিভাজনৰ আগৰ আৰু পাছৰ হিংসাবোৰ এতিয়াও একে হৈয়ে আছে, বৰং আৰু বেছিহে হৈছে কাৰোবাক কথা-প্ৰসংগত যদি সোধা হয়, “সম্ভৰৱালত লাহনা সিঙৰ ঘৰ আছিল নহয় আৰু তেওঁৰ নবৌৱেক বন্তো…” তেন্তে তেওঁ তপৰাই ক’ব, “মৰিল” আৰু তাৰপাছত মৃত্যু আৰু তাৰ অৰ্থৰ প্ৰতি উদাসীন ভাব প্ৰদৰ্শন কৰি সম্পূৰ্ণ অন্যমনস্ক হৈ আগবাঢ়িব ইয়াতকৈয়ো এখোজ আগবাঢ়ি শীতল মগজু আৰু অনুভূতিহীন হৃদয়েৰে মানৱতাৰ জননীৰ সদাগৰসকলে মানৱতাৰ তেজ আৰু মঙহৰ বেহা আৰু লেন-দেন কৰিবলৈ আৰম্ভ কৰিলে সিহঁতে হাটত গৰু-ছাগলী কিনা গ্ৰাহকবোৰে গৰু-ম’হৰ দাঁতৰ পাৰি উলিয়াই দাঁতৰ সংখ্যা গন্তি কৰি বয়সৰ অনুমান কৰাৰ দৰে গাভৰু তিৰোতাহঁতৰ ৰূপ, সিহঁতৰ প্ৰেমেৰে পূৰ্ণ ভৰা যৌৱনৰ প্ৰাচুৰ্য, সিহঁতৰ গোপনীয়তা আৰু কলান্যাসবোৰ খোলা-খুলিকৈ প্ৰদৰ্শন কৰিবলৈ ধৰিলে আৰু এই ৰীতি সিহঁতৰ সিৰাই সিৰাই বিয়পি গ’ল আগতেও বজাৰত “মাল-চাল” বিক্ৰী হৈছিল আৰু দাম-দৰ কৰা হাতবোৰ ঊৰ্মাল এখনেৰে ঢাকি তাৰ তলত আঙুলিৰে ইংগিত দি লেন-দেনৰ মান ঠিৰাং কৰিছিল এতিয়া যেন সেই ঊৰ্মালখনো আঁতৰি গ’ল মানুহবোৰে যেন বনিজৰ পৰম্পৰাও পাহৰি গ’ল সেই আটাইবোৰ লেন-দেন, আটাইবোৰ কাম-কাজ যেন শ্ৰেণীবিভাজনৰ কাহিনীহে; য’ত নাৰী কিনা-বেচাৰ কাহিনী মুকলিকৈ কোৱা হয়; য’ত মন্দবুদ্ধিৰ মানুহবোৰে মুখ মেলি সিহঁতৰ সন্মুখতে থকা অসংখ্য নগ্ন তিৰোতাৰ শৰীৰবোৰ খুঁটি খুঁটি চায় যেতিয়াই সিহঁতে কোনোবা তিৰোতাৰ গাত আঙুলিৰে চুই হেঁচি দিয়ে তেতিয়া তাত এটা ৰঙা-গুলপীয়া দাগৰ সৃষ্টি হয় আৰু তাৰ পৰিবৃত্তত এটা শেঁতা পৰিধি দেখা যায়; আৰু এটা মুহূৰ্তৰ পাছতে ৰঙচুৱা দাগটো আৰু শেঁতা পৰিধিটোৱে ইটোৱে-সিটোৰ স্থান দখল কৰিবলৈ লৰা-ঢপৰা কৰে অনুভূতিহীন মানুহবোৰ আগবাঢ়ে আৰু উলিয়াই থোৱা তিৰোতাবোৰে হৃদয়ত পৰাজয়ৰ বোজা কঢ়িয়াই এখন হাতেৰে পায়জামাৰ জৰীডাল ধৰি আৰু আনখন হাতেৰে লোকচক্ষুৰ পৰা নিজৰ মুখখন লুকুৱাই হুমুনিয়াহ কাঢ়ি গুচি যায় কিছুদূৰ আগুৱাই যোৱাৰ পাছত সেই পৰাজয়ৰ ভাৱনাটোও সিহঁতৰ মনৰ পৰা হেৰাই যায় সিহঁতে সমানে নগ্ন চিকন্দৰীহঁতৰ বজাৰৰ মাজেৰে পাৰ হৈ যায় আৰু তাৰপিছত ৰঘূমলাৰূপী সখীয়েকক কয়, “সৈসো, এয়া কোন নিষ্ঠুৰ বিদূষক ওলাল যিয়ে সন্মুখৰ বেৰত লিখিছে-
“ৱাকিচ”
থেৰচাইটিচৰ বাবে
মাত্ৰ দুঅনাত
তাৰ পাছত তাই কয়, “দুঅনাত?”

তেতিয়া সৈসোয়ে কয়, “মতামানুহবোৰৰ এইদৰে আমাক ঠাট্টা কৰাৰ, উপহাস কৰাৰ অনুমতি থাকিব নালাগে যদি ৱাকিচৰ ঠাইত মই থাকিলোঁহেঁতেন তেন্তে নিশ্চয় প্ৰশ্ন কৰিলোঁহেঁতেন…!!” ইয়াৰ ঠিক দুখোজমান যোৱাৰ পাছতে বেৰত লিখি থোৱা কথাখিনি সৈসোৰ চকুত পৰিল-
সৈসোৰ সংগমস্থান
টায়মনৰ বাবে
মাত্ৰ এটকাত…”
মুহূৰ্ততে সৈসোৰ বৰণ শেঁতা পৰি গ’ল আৰু তাই গৈ বেৰত লিখি থোৱা কথাখিনিৰ ঠিক তলতে থিয় হ’ল আৰু অপেক্ষা কৰি থাকিল তাইলৈ ঈৰ্ষা আৰু ঘৃণাৰ দৃষ্টি নিক্ষেপ কৰি তাইৰ লগৰবোৰ আগবাঢ়ি গ’ল…

সুন্দৰলালে অমৃতসৰলৈ যাবলৈ যো-জা কৰি থাকোঁতে লাজো অহাৰ খবৰ পালে খবৰটো শুনি সুন্দৰলালৰ বুকুখন ঢৰফৰাই উঠিল, তেওঁ দুৱাৰৰফালে এখোজ আগবাঢ়িল কিন্তু পিছমুহূৰ্ততে উভতি আহিল তেওঁৰ এনে লাগিছিল যেন তেওঁ অপেক্ষা কৰিব আৰু সমিতিৰ প্লেকাৰ্ড আৰু পোষ্টাৰবোৰ পাতি লৈ তাতে বহি হেঁপাহ পলুৱাই কান্দিব কিন্তু তাত এইদৰে আবেগৰ প্ৰদৰ্শন কৰা সম্ভৱ নাছিল স্বভাৱসুলভভাবে তেওঁ তেওঁৰ পুৰুষত্বৰ লগত দ্বন্দ্ব কৰিলে, প্ৰতিৰোধ কৰিলে আৰু শেষত খোজ লেখি লেখি কালা পাৰগেটলৈ যাবলৈ ধৰিলে এইখিনিয়ে সেই ঠাই, য’ত খেদি নিয়া তিৰোতাবোৰৰ বিতৰণ কৰা হৈছিল

লাজো সুন্দৰলালৰ সন্মুখত কিবা অজান আশংকাত কঁপি কঁপি থিয় হৈ আছিল তাই সুন্দৰলালক বুজি পায়, তাইত বাদে অইনে তেওঁক বুজি নাপায় তাই ভাবি আছিল, আগতেই তেওঁ ইমান ৰুক্ষ ব্যৱহাৰ কৰে; এতিয়া আকৌ তাই পৰপুৰুষৰ সৈতে জীৱনৰ কিমান দিন যে অতিবাহিত কৰি আহিছে; এতিয়া সুন্দৰলালে কি কৰে ঠিক নাই! সুন্দৰলালে লাজোৰ ফালে চালে তাই সম্পূৰ্ণ ইছলামী ধৰণে ক’লা দোপাট্টা উৰি আছিল আৰু ওৰণিখন বাওঁফালে লৈ আছিল… অভ্যাস, মাত্ৰ অভ্যাস… এই অভ্যাসৰ বাবে তাইৰ অইন তিৰোতাবোৰৰ লগত মিলি যাবলৈ আৰু নিজৰ পিঞ্জৰাৰ পৰা পলাই যাবলৈ সুবিধা হৈছিল কিন্তু তাই সুন্দৰলালৰ কথা ইমান বেছিকৈ ভাবি আছিল যে কাপোৰ সলাবলৈ আৰু দোপট্টাখন ঠিক কৰিবলৈয়ো মনত পৰা নাছিল তাই হিন্দু আৰু মুছলমান তিৰোতাৰ বস্ত্ৰ পৰিধানৰ মূল পাৰ্থক্য “বাৱেঁ আঁচল, সোঁৱে আঁচল”ৰ গুণ-দোষ নিৰীক্ষণ কৰিবলৈয়ো অসমৰ্থ আছিল এতিয়া তাই সুন্দৰলালৰ সন্মুখত আশা-নিৰাশাৰ দোমোজাত ভয়ত কঁপি কঁপি থিয় হৈ আছে

সুন্দৰলাল সচকিত হৈ উঠিল তেওঁ দেখিলে যে লাজৱন্তীৰ গাৰ ৰংটো আগতকৈ উজ্জ্বল হৈছে আৰু আগৰ তুলনাত স্বাস্থ্যটোও সুগঢ়ী হৈ উঠিছে নহয় নহয়, তাই শকতেই হৈছে তেওঁ ভাবিছিল যে শোকে-তাপে জৰ্জৰিত লাজোৰ চেহেৰাটো চাগৈ একেবাৰে মৰহি গৈছে আৰু সেইবাবে তাই মুখেৰে টু-শব্দ এটাও উলিয়াব নোৱাৰা হৈ পৰিছে সুন্দৰলালে লাজোৰ বিষয়ে যিবোৰ কথা ভাবি আছিল সেই সকলোবোৰ ভুল বুলি প্ৰমাণিত হ’ল তাই পাকিস্তানত বৰ সুখেৰে আছিল বুলি কৰা ধাৰণাটোৱে তেওঁক ক্ষুণ্ণ কৰিছিল যদি ইমানেই সুখী আছিল তেন্তে ঘূৰি কিয় আহিল- এই কথাৰ উত্তৰ নাপালেও কিন্তু তেওঁ মৌন হৈ ৰ’ল, কাৰণ তেওঁ নিৰবে থাকিব বুলি শপত খাই আহিছে তেওঁ ভাবিলে, ভাৰত চৰকাৰৰ হেঁচাত পৰি নিজৰ ইচ্ছাৰ বিৰুদ্ধে তাই আহিবলগীয়া হ’ল কিজানি! কিন্তু তেওঁ এটা কথা বুজি পোৱা নাছিল যে লাজৱন্তীৰ শ্যামবৰণীয়া চেহেৰা শেঁতা পৰি আছিল; আৰু যাতনা মাথোঁ যাতনাৰ বাবেহে এসময়ত তাইৰ শৰীৰত মঙহ ধৰা নাছিল এতিয়া তাই কেৱল সন্তাপৰ প্ৰকোপতহে শকত আৰু স্বাস্থ্যৱতী যেন দেখা হৈছে কিন্তু এই মেদবহুলতা এনেকুৱা আছিল য’ত দুখোজ গ’লেই মানুহে ঘন ঘনকৈ উশাহ ল’বলগীয়া হয় লাজোৰ মুখলৈ চাই হোৱা প্ৰথম প্ৰতিক্ৰিয়াটো অলপ অদ্ভূত আছিল যদিও সুন্দৰলালে নিজৰ সকলো ধ্যান-ধাৰণা তৎক্ষণাত সামৰি থ’লে তাত আৰু মানুহ উপস্থিত আছিল তেওঁলোকে ক’বলৈ ধৰিলে-
“মুছলমানে চুৱা কৰা তিৰোতা আমি গ্ৰহণ নকৰোঁ!”
“মুছলমানে এৰা তিৰোতা আমি গ্ৰহণ নকৰোঁ!”
এই কথাবোৰ ৰসালু, নেকীৰাম আৰু কালা পাৰগেটৰ বুঢ়া মহৰীৰ শ্লোগানত তল পৰিল এই আটাইবোৰ মাততকৈ পৃথক কালিকাপ্ৰসাদৰ চিঞৰি থকা ফঁটা, চেৰচেৰীয়া মাতটো সকলোতকৈ বেছিকৈ শুনা গৈছিল তেওঁ কাঁহি কাঁহি কথা কৈ গৈছিল এই নতুন যুক্তিৰ নতুন সিদ্ধান্তৰ তেওঁ অনুগামী হৈ পৰিছে তেওঁৰ কথা-বাৰ্তাৰ পৰা এনে ধাৰণা হৈছিল যেন তেওঁ আজি কিবা নতুন বেদ, নতুন পুৰাণ আৰু শাস্ত্ৰ পঢ়িছে আৰু নিজৰ ভাগটোতে আনকো সাঙুৰি সমভাগী কৰি লৈছে

এই আটাইবোৰ মানুহ আৰু চিঞৰ-বাখৰৰ প্ৰতি উদাসীন লাজো আৰু সুন্দৰলালে নিজৰ ঘৰলৈ খোজ ল’লে; এনে লাগিল যেন হাজাৰ বছৰৰ পাছত শ্ৰীৰামচন্দ্ৰ আৰু সীতা কোনো প্ৰতিজ্ঞাবদ্ধ বনবাসৰ অন্তত অযোধ্যাত প্ৰবেশ কৰিছে; তাত মানুহবোৰে চাকি-বন্তি আৰু ফুলেৰে চহৰখন সজাইছে আৰু তেওঁক ইমান কঠোৰ তপস্যাৰ ফল লাভ কৰাৰ শুভ ক্ষণত অভিনন্দন জনাইছে

লাজৱন্তী ঘূৰি অহাৰ পাছতো সুন্দৰলালে একেই উদ্যমেৰে “হৃদয়ত স্থান দিওঁ, আহক” আন্দোলন চলাই থাকিল যিবোৰ কৰিবলগীয়া-ক’বলগীয়া আছিল সেই সকলোবোৰ সমাপন কৰিলে আৰু সুন্দৰলালৰ কথাত কেৱল মাথোঁ ভাবুকতা দেখা মানুহবোৰো সুন্দৰলালৰ কথা-কামত সৈমান হ’বলৈ ধৰিলে

কিন্তু কাৰোবাৰ আদৰ-অনাদৰ, গুৰুত্ব-আওকাণলৈ সুন্দৰলালৰ অকণো চিন্তা নাছিল তেওঁৰ হৃদয়ৰ প্ৰতিমা উভতি আহিছে তেওঁৰ হৃদয় পৰিপূৰ্ণ হৈ উঠিছে সুন্দৰলালে লাজোৰ স্বৰ্ণ-মূৰ্তি তেওঁৰ মন-মন্দিৰত স্থাপন কৰি লৈছিল আৰু নিজে তাৰ দুৱাৰমুখত বহি পূজা কৰিবলৈ লৈছিল সুন্দৰলালৰ ভয়ত সংকোচিত হৈ থকা লাজোৱে সুন্দৰলালৰ উদাৰতা দেখি লাহে লাহে সহজ হ’বলৈ ধৰিলে

সুন্দৰলালে এতিয়া লাজৱন্তীক “লাজো” নামটোৰে নামাতে, তেওঁ তাইক “দেৱী” বুলি মাতে আৰু লাজো এক অজান সুখত বলিয়া হৈ উঠে সুন্দৰলালক তাইৰ সমস্ত কাহিনী কৈ শুনাবলৈ তাইৰ খুব মন আছিল শুনাই শুনাই হিয়া ধাকুৰি কান্দি তাই যেন তাইৰ সমস্ত অপৰাধ ধুই পেলাব!

কিন্তু সুন্দৰলাল লাজোৰ সেই কথাবোৰ শুনিবলৈ আগ্ৰহী নাছিল সেইবাবে লাজো সহজ অৱস্থাতো সংকুচিত হৈ পৰে আৰু সংকুচিত হৈ সুন্দৰলালৰ ওচৰত ধৰা পৰি যায় যেতিয়া সুন্দৰলালে ইয়াৰ কাৰণ সোধে তেতিয়া তাই “কোনো কাৰণ নাই”, “এনেয়ে”, “ওহো”-ৰ বাদে আৰু আন একো নকয়; আৰু গোটেই দিনটোৰ ভাগৰত সুন্দৰলাল টোপনিত লালকাল দিয়ে

ও, আৰম্ভণিতে সুন্দৰলালে লাজৱন্তীৰ সেই “বিবৰ্ণ দিনবোৰ”ৰ বিষয়ে মাথোঁ সুধিছিল- “সি কোন আছিল?”
লাজৱন্তীয়ে অৱনত শিৰেৰে কৈছিল, “জুম্মা!” তাৰপাছত তাই সুন্দৰলালৰ মুখলৈ চাই কিবা এষাৰ ক’বলৈ বিচাৰিছিল, কিন্তু সুন্দৰলালে তাইৰ চুলিবোৰ সামৰি এক অদ্ভূত দৃষ্টিৰে লাজৱন্তীৰ মুখলৈ চাই আছিল লাজৱন্তীয়ে পুনৰ তলমূৰ কৰিলে সুন্দৰলালে সুধিলে, “সি ভাল ব্যৱহাৰ কৰিছিল নে?”
“ও।”
“মাৰ-ধৰ কৰা নাছিল নহয়?”
লাজৱন্তীয়ে তাইৰ মূৰটো সুন্দৰলালৰ বুকুত থৈ ক’লে, “নাই…” তাৰপাছত আকৌ ক’লে, “সি মোক একো কোৱা নাছিল, যদিও সি মাৰ-পিত কৰা নাছিল তথাপিও তালৈ মোৰ ভয় লাগিছিল তুমি মোক মাৰ-পিত কৰিছিলা, কিন্তু মই তোমাক ভয় কৰা নাছিলোঁ… এতিয়া আৰু নামাৰা নহয়?”
সুন্দৰলালৰ দুচকু পানীৰে চপচপীয়া হৈ পৰিল আৰু তেওঁ অত্যন্ত লজ্জা আৰু অনুতাপসিক্ত কণ্ঠেৰে ক’লে,
“নামাৰোঁ দেৱী, এতিয়া আৰু নামাৰোঁ, নামাৰোঁ!”
“দেৱী!” লাজৱন্তীয়ে মনতে শব্দটো আওৰালে আৰু তাৰপাছত উচুপিবলৈ আৰম্ভ কৰিলে
তাৰপাছত লাজৱন্তীয়ে সকলোবোৰ কৈ পেলাব বিচাৰিছিল কিন্তু সুন্দৰলালে ক’লে, “যোৱা কথাবোৰ যাবলৈ দিয়া তাত তোমাৰ কি দোষ? তাত আমাৰ সমাজখনৰহে দোষ যিয়ে তোমাৰ দৰে দেৱীসকলক তেওঁলোকৰ প্ৰাপ্য মৰ্য্যদা প্ৰদান নকৰে ইয়াৰদ্বাৰা সমাজখনে কেৱল তোমালোকৰে নহয় নিজৰো অন্যায় কৰে!”

লাজৱন্তীৰ মনৰ কথা মনৰ মাজতে ৰৈ গ’ল, কথাবোৰ কাহানিও কৈ পেলাব নোৱাৰিলে নিৰলে-নিৰৱে লাজৱন্তীয়ে নিজৰ শৰীৰটোলৈ চাই পৰি থাকে সেই শৰীৰটো লাজৱন্তীৰ শৰীৰ নাছিল; দেশ বিভাজনৰ পাছত সি দেৱীৰ শৰীৰলৈ ৰূপান্তৰ হৈছে তাই বহুত সুখী আছিল, বহুত সুখী, বহুত সুখী… কিন্তু এই সুখী ভাবটোও এক অদ্ভূতধৰণৰ আছিল, যাক অনবৰতে আশংকা আৰু ভয়ে আৱৰি ৰাখিছিল অত্যাধিক আনন্দৰ ক্ষণত কিহবাৰ সংকেত পাই সুখৰ পাছত দুখ, এটাৰ পাছত আনটোলৈ আকৰ্ষিত হোৱাৰ ভয়ত বহুবাৰ তাই হঠাৎ শোৱাৰ পৰা চকামকাকৈ সাৰ পাই উঠি বহে

বহুদিন পাৰ হৈ যোৱাৰ পাছত সুখৰ ঠাই দুখে অধিকাৰ কৰি ল’লে ইয়াৰ কাৰণ সুন্দৰলাল বাবুৱে যে আকৌ আগৰদৰে পশুসম নিৰ্মম ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছিল এনে নহয়; বৰং এই কাৰণেহে যে লাজোক তেওঁ খুব ভাল ব্যৱহাৰ কৰিবলৈ লৈছিল, যাৰ লগত লাজো অনভ্যস্ত আছিল তাই সুন্দৰলালৰ পুৰণি লাজোজনী হ’বলৈ বিচাৰিছিল; যিয়ে সৰু সৰু কথাত কাজিয়া কৰিছিল; যিয়ে এটা গাজৰৰ বাবেও কাজিয়া কৰে আৰু এটা মূলাৰেও সৈমান হয় কিন্তু এতিয়া কাজিয়া কৰাৰ প্ৰশ্নই নুঠে সুন্দৰলালে তাইক এনে অনুভৱ কৰালে যেন লাজৱন্তী কাঁচৰহে কিবা সামগ্ৰী, যাক চুই দিলেই ভাগি যাব লাজোৱে দাপোণত মূৰৰ পৰা ভৰিলৈ নিজকে নিৰীক্ষণ কৰে আৰু শেষত তাই এই সিদ্ধান্তত উপনীত হয় যে তাই আন সকলো হ’ব পাৰিব, কিন্তু লাজো হ’ব নোৱাৰিব…সংসাৰখন তাইৰ হ’ল, কিন্তু তাই সংসাৰখনৰ হ’ব নোৱাৰিলে

সুন্দৰলালৰ দুচকুৱে না তাইৰ চকুপানী দেখিছিল না তেওঁৰ দুয়ো কাণে তাইৰ হুমুনিয়াহ শুনিছিল মোল্লা শকুৰ চুবুৰীৰ সকলোতকৈ মহান, প্ৰখ্যাত সমাজ সংস্কাৰকে নিজেও নাজানিলে মানুহৰ হৃদয় কিমান কোমল!… প্ৰভাত-ফেৰী ওলাই থাকিল আৰু ৰসালু, নেকীৰামৰ সৈতে কণ্ঠত কণ্ঠ মিলাই যান্ত্ৰিক স্বৰত সুন্দৰলালে গাই থাকিল-
“চুই দিলেই মৰহি যায় লাজুকীলতাৰ পুলি
***********************************
টোকা:
থেৰচাইটিচ: গ্ৰীক পুৰাণ মতে ট্ৰজানৰ যুদ্ধত ভাগ লোৱা এগৰাকী গ্ৰীক সৈনিক
টায়মন: এটা পৌৰাণিক চৰিত্ৰ কাহিনী মতে টাইমন আছিল পৃথিৱীৰ একমাত্ৰ ল’ৰা যাক সকলো নাৰীয়ে প্ৰেম নিবেদন কৰিছিল


(সাহিত্য ডট অৰ্গৰ ছেপ্টেম্বৰ, ২০১৫ সংখ্যাত প্ৰকাশিত
http://www.xahitya.org/2015/09/15/%E0%A6%B2%E0%A6%BE%E0%A6%9C%E0%A7%B1%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%80-%E0%A6%85%E0%A6%A8%E0%A7%81%E0%A6%AC%E0%A6%BE%E0%A6%A6-%E0%A6%AE%E0%A6%BF%E0%A6%A4%E0%A6%BE%E0%A6%B2%E0%A7%80-%E0%A6%AC/ )

No comments:

Post a Comment