Pages

Sunday, February 28, 2016

অলৌকিক


মূল: কৰামাত (উৰ্দু)
ছআদত হাছান মাণ্টো


লুট-পাত কৰি নিয়া বস্তুবোৰ উদ্ধাৰ কৰিবলৈ পুলিচে তালাচী অভিযান আৰম্ভ কৰিলে৷

মানুহবোৰে ভয়ৰ কোবত লুট-পাত কৰি অনা সামগ্ৰীবোৰ ৰাতিৰ আন্ধাৰত বাহিৰলৈ দলিয়াবলৈ ধৰিলে৷ আইনৰ মেৰ-পেচত সোমাবলৈ ভয় কৰা এনেকুৱা মানুহো আছিল যিয়ে সুবিধা বুজি নিজৰো কিছুমান সামগ্ৰী বাহিৰলৈ দলিয়াই সেইবোৰৰ লগত কুশ ছিঙিছিল৷

ইয়াৰ মাজতে এজন মানুহ ভীষণ সমস্যাত পৰিল৷ তেওঁৰ ওচৰত গেলামালৰ দোকানৰ পৰা লুটি অনা দুটা চেনিৰ বস্তা আছিল৷ এটা বস্তা তেওঁ যেনে-তেনে ৰাতিৰ আন্ধাৰত ওচৰতে থকা কুঁৱাটোত পেলাই আহিল৷ কিন্তু দ্বিতীয়টো বস্তা পেলাবলৈ লৈ বস্তাটোৰ সৈতে তেৱোঁ গৈ কুঁৱাত পৰিল৷

হৈ-হাল্লা শুনি তাত মানুহ জমা হ'ল৷ কুঁৱাটোৰ ভিতৰলৈ জৰী পেলাই দিয়া হ'ল৷

ডেকা ল'ৰাহঁত কুঁৱাটোলৈ নামি গ'ল আৰু মানুহজনক বাহিৰলৈ উলিয়াই আনিলে৷ কিন্তু কেইঘণ্টামান পাছত তেওঁ শ্বাস ত্যাগ কৰিলে৷ পিছদিনা যেতিয়া মানুহবোৰে ব্যৱহাৰ কৰিবৰ বাবে সেই কুঁৱাটোৰ পানী তুলিলে সেই পানীৰ সোৱাদ আছিল মিঠা৷

সেই নিশা সেই মানুহজনৰ কবৰত চাকিবোৰ জ্বলি আছিল৷



No comments:

Post a Comment