Pages

Tuesday, March 1, 2016

"খুলি দিয়া"


মূল: खोल दो (উৰ্দু)
ছআদত হচন মণ্টো


অমৃতসৰৰ পৰা বিশেষ ৰেল গাড়ী দুপৰীয়া দুই বজাত চলিল আৰু আঠ ঘণ্টা পাছত মুগলপুৰাত উপস্থিত হ'ল৷ বাটতে বহুতো মানুহ হত্যা কৰা হ'ল৷ অনেকজন জখমী হ'ল আৰু কিছুমানে বাট হেৰুৱাই অবাটে গ’ল

পুৱা দহ বজাত যেতিয়া কেম্পৰ শীতল মজিয়াত ছিৰাজুদ্দিনে চকু মেলি চাৰিওফালে পুৰুষ, মহিলা আৰু শিশুৰে ভৰা জনসমুদ্ৰ দেখিলে তেতিয়া তেওঁৰ বোধ শক্তি যেন আৰু হ্ৰাস পালে৷ বহু পৰলৈ তেওঁ একেথৰে গোমা আকাশখনলৈ চাই থাকিল৷ যদিও তেতিয়া কেম্পত হৈ-হাল্লা হৈ আছিল তথাপিও বৃদ্ধ ছিৰাজুদ্দিনৰ কাণ দুখন যেন বন্ধ হৈ সোপা মাৰি ধৰিছিল৷ তেওঁ একো শুনা পোৱা নাছিল৷ তেওঁক দেখিলে গভীৰ চিন্তাত মগন হৈ থকাৰ দৰে লাগে যদিও প্ৰকৃততে সেয়া নহয়৷ তেওঁৰ চুৰ্তি-বুদ্ধি, তৎ-ভৎ হেৰাই গৈছিল৷ তেওঁৰ সমগ্ৰ অস্তিত্ব যেন শূন্যত ওপঙি আছিল৷

উদ্দেশ্যবিহীনভাবে গোমা আকাশখনলৈ চাই চাই ছিৰাজুদ্দিনৰ দৃষ্টি বেলিটোৰ ওপৰত নিবদ্ধ হ'ল৷ বেলিৰ প্ৰখৰ ৰশ্মি তেওঁৰ অস্তিত্বৰ সিৰাই সিৰাই সোমাই গ'ল আৰু তেওঁ উঠি বহিল৷ তেওঁৰ মগজুৰ ভিতৰত তড়িৎ গতিত ওপৰা-ওপৰিকৈ কেইবাখনো ছবি পাৰ হৈ গ'ল--- লুট-পাত, জুই, দৌৰা-ঢপৰা, ষ্টেশ্যন, গুলিয়া-গুলি, নিশা আৰু চকিনা... ছিৰাজুদ্দিন একে কোবে উঠি থিয় হ'ল আৰু পগলাৰ দৰে তেওঁ চাৰিওফালে বিয়পি পৰা জনসমুদ্ৰ ফালি চিৰাচিৰ কৰিবলৈ ধৰিলে৷

সম্পূৰ্ণ তিনি ঘণ্টা তেওঁ "চকিনা-চকিনা" কৈ মাতি মাতি কেম্পৰ চুকে-কোণে বিচাৰি ঘূৰ্মুটিয়াই ফুৰিলে; কিন্তু তেওঁৰ একমাত্ৰ সন্তান, গাভৰু জীয়েক চকিনাৰ কোনো শুং-সূত্ৰ নোলাল৷ চাৰিওফালে এক হাহাকাৰময় পৰিবেশ বিৰাজ কৰিছিল৷ কোনোৱে নিজৰ সন্তানক বিচাৰি ফুৰিছে, কোনোৱে মাকক, কোনোৱে ঘৈণীয়েকক আৰু কোনোৱে জীয়েকক৷ ছিৰাজুদ্দিন দুখে-ভাগৰে জুৰুলি-জুপুৰি হৈ এফালে বহি পৰিল আৰু তেওঁৰ কাষৰ পৰা কেতিয়া আৰু ক'ত চকিনা এৰাএৰি হৈছিল মনত পেলাবলৈ চেষ্টা কৰিলে৷ কিন্তু মনত পেলাবলৈ গৈ মগজুটো চকিনাৰ মাকৰ নাড়ী-ভুৰু ওলোৱা নিথৰ শৰীৰটোৰ ওপৰত থৰ লাগি ৰ'ল৷ তাৰ আগলৈ তেওঁ আৰু একো ভাবিব নোৱাৰিলে৷

চকিনাৰ মাকৰ মৃত্যু হৈছিল৷ তেওঁ ছিৰাজুদ্দিনৰ চকুৰ সমুখতে মৃত্যুৰ ওচৰত আত্মসমৰ্পণ কৰিছিল৷ কিন্তু তেতিয়া চকিনা ক'ত আছিল যেতিয়া মৃত্যু পথযাত্ৰী মাকে তাইৰ বিষয়ে কৈছিল, "মোক এৰি যোৱা৷ চকিনাক লৈ অনতিপলমে ইয়াৰ পৰা পলাই যোৱা৷"

চকিনা তেওঁৰ লগতে আছিল৷ দুয়ো সুদা ভৰিৰে দৌৰি আছিল৷ চকিনাৰ দোপট্টাখন খহি পৰিছিল৷ সেইখন বুটলি ল'বলৈ তেওঁ ৰ'ব বিচাৰিছিল৷ চকিনাই চিঞৰি কৈছিল, "আব্বা, বাদ দিয়া!" কিন্তু তেওঁ দোপট্টাখন বুটলি লৈছিল৷... এইবোৰ ভাবি ভাবি তেওঁ নিজৰ কোট চোলাটোৰ ওফন্দি থকা জেপখনলৈ চালে আৰু তাত হাত সুমুৱাই দি এখন কাপোৰ উলিয়ালে৷ সেইখন চকিনাৰ দোপট্টাখনেই আছিল; কিন্তু চকিনা ক’ত আছিল?

ছিৰাজুদ্দিনে তেওঁৰ ভাগৰত অশ হৈ পৰা মগজুটোত খুব জোৰ দিলে, কিন্তু তেওঁ কোনোধৰণৰ সিদ্ধান্তত উপনীত হ'ব নোৱাৰিলে৷ তেওঁ চকিনাক নিজৰ সৈতে ষ্টেশ্যনলৈ লৈ আহিছিল নে? তাই তেওঁৰ সৈতে একেখন ৰেলতে আহিছিল নে? বাটত যেতিয়া ৰেল ৰখোৱা হৈছিল আৰু বিদ্ৰোহীবোৰ ভিতৰলৈ সোমাই আহিছিল তেতিয়া তাই মূৰ্ছা গৈছিল নেকি, যে সিহঁতে চকিনাক দাঙি লৈ গ'ল?

ছিৰাজুদ্দিনৰ মগজুত বহুতো প্ৰশ্ন আছিল, কিন্তু উত্তৰ হ'লে এটাও নাছিল৷ তেওঁক অনুকম্পাৰ দৰকাৰ হৈছিল, কিন্তু চাৰিওফালে আঁত হেৰাই জোঁট-পোত খাই থকা যিমানবোৰ মানুহ আছে, সকলোকে অনুকম্পাৰ প্ৰয়োজন হৈছিল৷ ছিৰাজুদ্দিনে কান্দিব বিচাৰিছিল, কিন্তু চকু দুটিয়ে তেওঁক সহযোগ নকৰিলে৷ অশ্ৰু ক'ত যে হেৰাই গৈছিল!

ছয় দিন পাছত যেতিয়া চেতনাই কোনোৰকম মূৰ দাঙি উঠিল তেতিয়া ছিৰাজুদ্দিনে তেওঁক সহায় কৰিবলৈ মান্তি হোৱা মানুহবোৰক লগ ধৰিলে৷ আঠজন যুৱক; সিহঁতৰ লগত ল'ৰী আছিল, বন্দুক আছিল৷ ছিৰাজুদ্দিনে সিহঁতক অজস্ৰ আশীৰ্বাদ দিলে আৰু চকিনাৰ চেহেৰাটো বৰ্ণনা কৰিবলৈ ধৰিলে--- উজ্জল বৰণৰ আৰু বৰ ধুনীয়া... মোৰ দৰে নহয়, গঢ়-গতি সাইলাখ মাকৰ দৰে... বয়স সোতৰৰ ওচৰে-পাজৰে৷... চকু দুটি ডাঙৰ ডাঙৰ... চুলিকোচা ক'লা, সোঁফালৰ গালখনত এটা ডাঙৰ তিল আছে... মোৰ একমাত্ৰ কন্যা৷ বিচাৰি আনা, খোদাই তোমালোকৰ মঙ্গল কৰিব৷

স্বেচ্ছাসেৱী যুৱককেইজনে যদিহে তেওঁৰ জীয়েক জীয়াই আছে তেন্তে কিছুদিনৰ ভিতৰতে তেওঁৰ কাষ পাবহি বুলি সহানুভূতি সহকাৰে বৃদ্ধ ছিৰাজুদ্দিনক আশ্বাস দিলে৷ আঠোজন যুৱকে যৎপৰোনাস্তি প্ৰয়াস কৰিলে৷ হাতৰ মুঠিত জীউটো লৈ সিহঁত অমৃতসৰলৈ গ'ল৷ বহুতো পুৰুষ, মহিলা আৰু শিশুক উদ্ধাৰ কৰি তেওঁলোকক সুৰক্ষিত স্থানলৈ লৈ গ'ল৷ দহ দিন পাৰ হ'ল, কিন্তু তেওঁলোকে চকিনাক বিচাৰি নাপালে৷

এদিন এইদৰে সাহাৰ্য কৰিবলৈ ল'ৰীত উঠি অমৃতসৰলৈ গৈ থাকোঁতে ছহৰৰাৰ ওচৰৰ ৰাস্তাত সিহঁতে এজনী ছোৱালী দেখা পালে৷ ল'ৰীৰ শব্দ শুনি তাই সন্ত্ৰস্ত হৈ দৌৰিবলৈ ধৰিলে৷ স্বেচ্ছাসেৱীহঁতে গাড়ীখন ৰখালে আৰু সকলোৱে তাইৰ পিছে পিছে দৌৰিবলৈ ধৰিলে৷ এখন খেতি পথাৰত সিহঁতে তাইক ধৰি পেলালে; দেখিলে যে বৰ ধুনীয়া ছোৱালী৷ সোঁফালৰ গালখনত এটা ডাঙৰ তিল আছিল৷ এজন যুৱকে তাইক ক'লে, "ভয় নাখাবা, তোমাৰ নাম চকিনা নেকি?" ছোৱালীজনীৰ মুখৰ বৰণ ভয়তে আৰু শেঁতা পৰি গ'ল৷ তাই এটা টু-শব্দও উচ্চাৰণ নকৰিলে৷ কিন্তু যেতিয়া আটাইকেইজন যুবকে তাইক প্ৰচুৰ পৰিমাণে সাহস-উৎসাহ দিলে তেতিয়া তাইৰ মনৰ শংকা দূৰ হ'ল আৰু তাই মানি ল'লে যে তায়েই ছিৰাজুদ্দিনৰ জীয়েক চকিনা৷ আঠোজন স্বেচ্ছাসেৱী যুবকে সকলোধৰণে চকিনাক সন্তুষ্ট কৰিলে৷ তাইক আহাৰ খাবলৈ দিলে, গাখীৰ খাবলৈ দিলে আৰু ল'ৰীত বহুৱাই ল'লে৷ এজনে নিজৰ কোট চোলাটো সোলোকাই তাইক দিলে; কাৰণ দোপট্টা নথকা বাবে তাই বৰ অস্বস্তিত পৰিছিল আৰু বাৰে বাৰে দুবাহুৰে তাইৰ বুকুখন ঢাকিবলৈ ব্যৰ্থ চেষ্টা কৰি আছিল৷

কেইবাদিনো পাৰ হ'ল- ছিৰাজুদ্দিনে চকিনাৰ একো খবৰ নাপালে৷ তেওঁ প্ৰতিদিনে বিভিন্ন কেম্প আৰু কাৰ্যালয়লৈ তাঁত-বাতি কাঢ়ি থাকিল, কিন্তু ক'তো তেওঁৰ জীয়েকৰ খবৰ নাপালে৷ যিসকল স্বেচ্ছাসেৱী যুৱকে চকিনা জীয়াই থাকিলে কিছুদিনৰ ভিতৰত তাইক বিচাৰি উলিয়াব বুলি তেওঁক আশ্বাস দিছিল সিহঁতৰ সফলতা কামনা কৰি তেওঁ ৰাতি দুপৰলৈ প্ৰাৰ্থনা কৰি থাকিল৷

এদিন ছিৰাজুদ্দিনে কেম্পত সেই স্বেচ্ছাসেৱী যুৱককেইজনক দেখিলে৷ সিহঁত ল'ৰীত বহি আছিল৷ ছিৰাজুদ্দিন দৌৰি-ঢাপৰি সিহঁতৰ ওচৰলৈ গ'ল৷ ল'ৰীখন ঠিক চলিবলৈ লোৱাৰ মুহূৰ্ততে তেওঁ সুধিলে, "বাচাহঁত, মোৰ চকিনাৰ কিবা খবৰ পালানে?" সকলোৱে সমস্বৰে কৈ উঠিল, "পাই যাম, পাই যাম৷"--- আৰু ল'ৰী চলি গুচি গ'ল৷ ছিৰাজুদ্দিনে আকৌ এবাৰ সেই যুৱককেইজনৰ সফলতাৰ বাবে প্ৰাৰ্থনা কৰিলে আৰু তেওঁৰ মনটো এনেয়ে অলপ পাতল হোৱা যেন লাগিল৷

সাজবেলা ছিৰাজুদ্দিন কেম্পৰ য'তে বহি আছিল প্ৰায় তাৰ ওচৰতে কিবা এটা গণ্ডগোল লগাৰ দৰে হ'ল৷ চাৰিজন মানুহে কিবা এটা তুলি লৈ আহি আছিল৷ তেওঁ খা-খবৰ লৈ উমান পালে যে ছোৱালী এজনী ৰেল লাইনৰ ওচৰত অচেতন হৈ পৰি আছিল৷ মানুহবোৰে তাইক তুলি আনিছে৷ ছিৰাজুদ্দিনে সিহঁতৰ পাছ ল'লে৷ মানুহবোৰে ছোৱালীজনী হাস্পাতালক সপি দি গুচি গ'ল৷

কিছু সময় তেওঁ হাস্পাতালৰ বাহিৰত পুতি থোৱা কাঠৰ খুঁটাত আউজি থিয় হৈ থাকিল৷ তাৰপাছত লাহে লাহে ভিতৰলৈ সোমাই গ'ল৷ কোঠালিটোত কোনো নাছিল; মাথোঁ এখন ষ্ট্ৰেচাৰ, য'ত এটা শ পৰি আছিল৷ ছিৰাজুদ্দিন এখোজ-দুখোজকৈ সেইটোৰ ফালে আগবাঢ়িল৷ কোঠালিটো হঠাৎ আলোকিত হৈ উঠিল৷ ছিৰাজুদ্দিনে শটোৰ শেঁতা পৰা মুখখনত জিলিকি থকা তিলটো দেখিলে আৰু চিঞৰি উঠিল, "চকিনা!"

যিজন ডাক্তৰে কোঠালিটো পোহৰাই তুলিছিল তেওঁ ছিৰাজুদ্দিনক সুধিলে, "কি হ'ল?"

ছিৰাজুদ্দিনৰ সেপ ঢোকা কণ্ঠৰ পৰা মাথোঁ ইমানেই ওলাল, "অ, মই... মই... এইৰ বাপেক৷"

ডাক্তৰজনে ষ্ট্ৰেচাৰত পৰি থকা শটোৰ নাড়ী পৰীক্ষা কৰিলে আৰু ছিৰাজুদ্দিনক ক'লে, "খিড়িকীখন খুলি দিয়া৷"

চকিনাৰ নিৰ্জীৱ শৰীৰটোলৈ গতি আহিল৷ স্পন্দনহীন হাতেৰে তাই কঁকালত বন্ধা জৰীডালৰ গাঁঠি খুলিলে আৰু চেলোৱাৰটো তললৈ খহাই দিলে৷ বৃদ্ধ ছিৰাজুদ্দিন আনন্দত আত্মহাৰা হৈ চিঞৰি উঠিল, "জীয়াই আছে- মোৰ ছোৱালীজনী জীয়াই আছে?"


ডাক্তৰজন জ্বৰ ঘমা দি ঘামিবলৈ ধৰিলে৷

No comments:

Post a Comment