Pages

Saturday, April 9, 2016

দ্বিতীয় বিবাহ




মূল: “दूसरी शादी” (হিন্দী)
প্ৰেমচন্দ


মোৰ চাৰি বছৰীয়া ল’ৰা ৰামস্বৰূপৰ মুখলৈ যেতিয়াই ভালকৈ চাওঁ তেতিয়াই এনেকুৱা লাগে যেন দুবছৰ আগতে থকা তাৰ মুখৰ সেই সৰলতা আৰু কমনীয়তা এতিয়া আৰু নাই। সি ৰঙা পৰা বিমৰ্ষ চকুহালেৰে অনবৰতে মোলৈ ট-ট-কৈ চাই থকা দেখা যায়। তাৰ এই অৱস্থা দেখি মোৰ কলিজাটো মোচৰ খাই উঠে আৰু সেইসময়তে দুবছৰ আগতে মৃত্যুশয্যাত পৰি থকা তাৰ মাকক মই দিয়া প্ৰতিশ্ৰুতিলৈ মনত পৰে। মানুহ ইমানেই স্বাৰ্থপৰ আৰু ইন্দ্ৰীয়ৰ অধীন যে মাথোঁ কেতিয়াবাহে নিজৰ কৰ্তব্যৰ কথা অনুভৱ কৰে। সেইদিনা, যিদিনা ডাক্তৰে সকলো আশা এৰি দিছিল, তাই কান্দি কান্দি মোক সুধিছিল --- তুমি দ্বিতীয় বিবাহ কৰাবানে? নিশ্চয় কৰাবা। তাৰপাছত স্তম্ভিত হৈ ক’লে, মোৰ ৰামৰ কি হ’ব!! যদি সম্ভৱ হয় তাৰ যত্ন ল’বা।

মই ক’লোঁ --- অ অ, মই কথা দিছোঁ যে মই কেতিয়াও দ্বিতীয় বিবাহ নকৰাওঁ। আৰু ৰামস্বৰূপ--- তুমি তাৰ কথা চিন্তা নকৰিবা; আৰু তুমি কি ভাল নহ’বা নেকি? --- তাই মোৰফালে হাতখন পেলাই দিলে, যেন ক’লে --- বিদায়। দুই মিনিট পিছতে মোৰ চকুৰ সমুখত মোৰ পৃথিৱীখন অন্ধকাৰে ছানি ধৰিলে। ৰামস্বৰূপ মাউৰা হ’ল। দুই-তিনিদিনমান তাক বুকুৰ মাজতে সাবতি ধৰি ৰাখিলোঁ। অৱশেষত ছুটি শেষ হোৱাত তাক মই পিতাইৰ হাতত তুলি দি নিজৰ কামলৈ উভতি গ’লোঁ।

দুই-তিনিমাহমান মনটো বৰ উদাস হৈ থাকিল। চাকৰিটো কৰি আছোঁ, কাৰণ তাৰ বাদে অন্য কোনো উপায় নাই। মনৰ মাজতে বহুতো পৰিকল্পনা কৰিলোঁ। দুই-তিনিবছৰ চাকৰি কৰি টকা-পইচা গোটাই দেশ ভ্ৰমণৰ বাবে ওলাম, এইটো কৰিম, সেইটো কৰিম... এতিয়া ক’তোৱেই যে মনটো নবহে।

ঘৰৰ পৰা নিয়মমাফিক চিঠি আহি থাকিল... আমুক আমুক ঠাইৰ পৰা খা-খবৰ আহিছে, মানুহঘৰ ভাল, ছোৱালীজনীৰ বুদ্ধি প্ৰখৰ আৰু ধুনীয়াও, পুনৰাই এনে ঘৰ-পৰিয়াল নাপাবা। এনেয়োতো কৰাবয়ে লাগিব, কৰায়ে লোৱা। প্ৰতিটো কথাতে মোৰ মতামত সোধা হৈছিল।

কিন্তু ময়ো সমানে সমানে নাকচ কৰি গৈ আছিলোঁ। মই হতভম্ব হৈছিলোঁ --- মানুহে তেওঁৰ বাবে এক সৰগীয় উপহাৰস্বৰূপ তেওঁৰ সুন্দৰী আৰু পতিব্ৰতা পত্নীক ঈশ্বৰে তেওঁৰ পৰা কাঢ়ি লৈ যোৱাৰ পাছত কেনেকৈ দ্বিতীয় বিবাহৰ বাবে সন্মত হ’ব পাৰে!

সময়বোৰ গৈ থাকিল। লাহে লাহে বন্ধু-বান্ধৱবোৰৰ জোৰ-জুলুমবোৰ বাঢ়িবলৈ ধৰিলে। সিহঁতে ক’বলৈ ধৰিলে --- তিৰোতাবোৰ গিৰিহঁতৰ ভৰিৰ জোতাহে, যেতিয়া এযোৰ ফাটি যায় সলাই লৈ আন এযোৰ পিন্ধিব লাগে। --- ই নাৰীৰ প্ৰতি কেনে এক ভয়ানক অপমানজনক কথা! --- এইবুলি কৈ মই সিহঁতৰ মুখত থিলা লগাই দিছিলোঁ। আমাৰ সমাজখন যিখনৰ ইমানেই সুনাম আছে --- যিখন সমাজে হিন্দু বিধবাসকলক দ্বিতীয় বিবাহ কৰাবলৈ অনুমতি নিদিয়ে, তেনেক্ষেত্ৰত কোনো কুমাৰী ছোৱালীক বিয়া কৰোৱাটো মোৰ বাবেও শোভনীয় নহয়। যেতিয়ালৈকে এই কুপ্ৰথাটো আমাৰ সমাজখনৰ পৰা নাযায় তেতিয়ালৈকে কুমাৰীতো বাদেই কোনো বিধবাকো মই কোনোপধ্যে বিয়া নকৰাওঁ।

মনতে ভাব হ’ল, চাকৰিটো এৰি দিওঁ আৰু এই কথাটোৰে প্ৰচাৰত লাগোঁ। কিন্তু জনগণৰ আগত নিজৰ মনৰ অনুভৱবোৰ কিদৰে ব্যক্ত কৰিম! চিন্তা-ভাৱনাক ব্যৱহাৰিক ৰূপ দিবলৈ, চৰিত্ৰ মজবুত কৰিবলৈ, যি কোৱা যায় তাক কৰি দেখুৱাবলৈ আমি কিমান অসমৰ্থ সেই কথাটো মই তেতিয়াহে বুজি পালোঁ যেতিয়া ছমাহ পাছত মই এজনী কুমাৰী ছোৱালীৰ পাণিগ্ৰহণ কৰিলোঁ।

ঘৰৰ মানুহবোৰে ‘যিহওক কিবাকৈ যে মান্তি হ’ল’ বুলি ভাবি সুখী হৈছিল। আনহাতে সেইদিনাই আমাৰ একে সম্প্ৰদায়ৰ দুই-তিনিগৰাকী পঢ়া-শুনা কৰা আত্মীয়ই হুমকি দিবলৈ ধৰিলে --- তুমি যে কৈছিলা, মই বিধবাকে বিয়া কৰাম, দীঘল দীঘল ব্যাখ্যাবোৰ যে দিছিলা এতিয়া সেই সকলোবোৰ কথা ক’লৈ গ’ল? তোমাৰ আদৰ্শেৰে বাট বুলিবলৈ তুমিতো এটা নিদৰ্শনো নাৰাখিলা। --- মোক যেন কোনোবাই কলহে কলহে পানী ঢালি দিলে। চকু খোল খালে। যৌৱনৰ উছাহতে কি যে কৰি পেলালোঁ! পুৰণি ভাব-চিন্তাবোৰ পুনৰ উথলি উঠিল আৰু আজিও মই সেই চিন্তাধাৰাতে ডুব গৈ আছোঁ।

ভাবিছিলোঁ যে চাকৰ-নাকৰে ল’ৰাটো চম্ভালিব নোৱাৰিব, মহিলাহে এই কামটোৰ বাবে উপযুক্ত হ’ব। বিয়া কৰালে যেতিয়া ঘৈণী ঘৰলৈ আহিব তেতিয়া ৰামস্বৰূপক নিজৰ লগতে ৰাখিব পাৰিম আৰু তাৰ ভালকৈ চোৱা-চিতাও কৰিব পাৰিম; কিন্তু এই সকলোবোৰ কথা ভুলকৈ লিখা আখৰৰ দৰে মচ্ খাই গ’ল। ৰামস্বৰূপক আজি আকৌ গাঁৱলৈ পিতাইৰ ওচৰলৈ পঠিয়াবলৈ বাধ্য হৈছোঁ। কিয়, এই কথাটো আৰু কাৰো পৰা লুকাই থকা নাই। নাৰীয়ে নিজৰ সতীয়া পুতেকক মৰম-চেনেহ কৰাটো একপ্ৰকাৰৰ অসম্ভৱ কথা। বিয়াৰ সময়ত শুনিছিলোঁ যে ছোৱালীজনী বৰ সৎ, আত্মীয়-স্বজনৰ যতন ল’ব আৰু ৰামস্বৰূপক নিজৰ সন্তানৰ দৰে আঁকোৱালি ল’ব; কিন্তু সকলো মিছা কথা। লাগিলে নাৰী যিমানেই মহান অন্তৰৰ নহওক কিয় তেওঁ কেতিয়াও নিজৰ সতীয়া সন্তানক মৰম কৰিব নোৱাৰে।

আৰু মোৰ এই অন্তৰ ভেদি যোৱা দুখ এগৰাকী পবিত্ৰ অন্তৰৰ পত্নীক তেওঁৰ শেষ সময়ত কৰা মোৰ সেই প্ৰতিশ্ৰুতি নৰখাৰ শাস্তি।



(http://www.xahitya.org/2016/04/25/%E0%A6%A6%E0%A7%8D%E0%A6%AC%E0%A6%BF%E0%A6%A4%E0%A7%80%E0%A7%9F-%E0%A6%AC%E0%A6%BF%E0%A6%AC%E0%A6%BE%E0%A6%B9-%E0%A6%AE%E0%A6%BF%E0%A6%A4%E0%A6%BE%E0%A6%B2%E0%A7%80-%E0%A6%AC%E0%A7%B0%E0%A7%8D/ )

Thursday, April 7, 2016

দেউতাই মিছা কথা নকয়


মূল: पापा झूठ नहीं बोलते
(পাপা ঝুথ নহী বোলতে)
দীনদয়াল শৰ্মা

মাক-বাপেকৰ একমাত্ৰ সন্তান সুৰভি; বয়স প্ৰায় এঘাৰ বছৰ, উচ্চতা চাৰি ফুট, ঘূৰণীয়া মুখৰ, ডাঙৰ ডাঙৰ চকুৰ, উজ্জল বৰণৰ, বব কাট চুলিৰ, স্বভাৱগতভাবে চঞ্চল আৰু কথকী।
সুৰভিৰ দেউতাক এখন চৰকাৰী বিদ্যালয়ৰ অধ্যাপক আৰু তাইৰ মাক এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ অধ্যাপিকা। এটি সৰু পৰিয়াল আৰু এখন সৰু ঘৰ।

সুৰভি পঞ্চমমানত পঢ়ে। পঢ়াৰ লগতে চিত্ৰাংকণ কৰা, নৃত্য কৰা, সাঁথৰ সোধা, টি ভি চোৱা, সাধু শুনা আৰু দেউতাকৰ পৰা নতুন নতুন কথা শিকাতো তাইৰ ৰাপ আছে।

“দেউতা, আজি তুমি স্কুলৰ পৰা সোনকালে কিয় আহিলা?” নিজৰ স্কুল বেগটো বিচনাত থৈ সুৰভিয়ে সুধিলে।
“এনেয়ে, মাজনী।”
“এনেয়েনো কিয়, দেউতা?”
“এনেয়ে আহি গ’লোঁ, মোৰ ছোৱালীজনীক লগ কৰোঁ বুলি!” কৈ কৈ দেউতাকে সুৰভিক কোঁচত তুলি ল’লে।
“দেউতা, তোমাক মই বৰ ভাল পাওঁ।” সুৰভিয়ে দেউতাকৰ ডিঙিটো দুহাতেৰে মেৰিয়াই ধৰি ক’লে।
“তোকোতো মই বৰ ভাল পাওঁ।”
“বাপেক-জীয়েকৰ মাজত দেখোন বৰ চেনেহা-চেনেহী, আদৰ-সাদৰ হৈ আছে!” সুৰভিৰ মাকে ঘৰলৈ সোমাই আহি ক’লে।
“চাচোন চা সুৰভি, তোৰ মাৰে একেবাৰে ফেপেৰি পাতি আহিছে।” তাইৰ দেউতাকে হাঁহি হাঁহি কথাখিনি কোৱাত তায়ো হাঁহি পেলালে।
“চেনেহীজনীক ইমান মূৰৰ ওপৰত নুতুলিবা।” কৈ কৈ সুৰভিৰ মাকে নিজৰ বেগটো বেৰৰ গজালত আঁৰি থ’লে আৰু আইনাৰ সমুখত থিয় হৈ এখন ডাঙৰ কাকৈৰে নিজৰ চুলিখিনি ঠিক-ঠাক কৰিবলৈ ধৰিলে।
“চাচোন, আহিয়ে মহাৰাণীয়ে সাজোন-কাঁচোনত লাগিল... ভাগৰে-জোগেৰে আহিছোঁ... এটুপিমান চাহ বাকি আনা।”
“মই নো কি এনে জিৰণিখন লৈ আহিছোঁ!”
“মই চাহ বাকোঁগৈ নেকি, দেউতা?” সুৰভিয়ে সুধিলে।
“নালাগে মাজনী, তোৰ মাৰই বাকা কাপেই খাম।”
“মই বাকা কাপ খাবা বাৰু; কিন্তু কেতিয়াবা ছোৱালীজনীকো বাকিবলৈ দিবা। নহ’লে আগলৈ গৈ কি ঘৰত পৰেগৈ কি ঠিকনা আছে!”
“হেৰা, এতিয়াৰ পৰানো কিয় চিন্তা কৰিছা? এতিয়া তাইৰ বয়সেইনো কিমান?”
“উপযুক্ত সময় আৰু বয়স আহিবলৈ কিমান পৰনো বাকী! কিন্তু তুমিতো...!” মাকৰ কথাৰ মাজতে সুৰভিয়ে তপৰাই মাত লগালে, “মোৰ মৰমৰ মা, চাহ মই বাকোঁগৈ।”
“নালাগে মাজনী, তই বহ... চাহতো তোৰ মাৰই বাকা কাপেই খাম।” দেউতাকে মুখৰ হাঁহিটো কোনোৰকম চেপি ৰাখি কথাষাৰ কোৱাত সুৰভিয়েও এমুখ দুষ্টালিৰ হাঁহি লৈ পুনৰ বহি পৰিল।

সুৰভিৰ মাক চাহ বাকিবলৈ আখললৈ যোৱাত তাইৰ বাপেকে অলপ ডাঙৰকৈ ক’লে, “হমম মাজনী, এতিয়া ক’চোন, তোৰ নতুন স্কুলৰ পঢ়া-পাতি ঠিকে চলি আছে নহয়?”
“হয় দেউতা, এইখন স্কুল বৰ ভাল। আটাইকেইগৰাকী শিক্ষক সময়মতে আহে আৰু বৰ ভালকৈ পাঠদান কৰে। হিন্দী পঢ়ুৱাই যে জনক ছাৰ, তেখেতেতো খুব সুন্দৰকৈ কাহিনীও কৈ শুনায়। আজি বিদ্যালয়ত বৰ আমোদজনক ঘটনা এটা হ’ল; বৰ ফূৰ্তি পালোঁ।” চকু টিপিয়াই সুৰভিয়ে ক’লে।
“কেনেকুৱা, মাজনী?”
“আজি নহয় দেউতা, সপ্তম পিৰিয়ডত নহয়... টং-টং-টং-টং ঘণ্টা বজাত আমি সকলোবোৰ ল’ৰা-ছোৱালীয়ে নিজৰ নিজৰ বেগ লৈ বাহিৰলৈ আহি গ’লোঁ। আমি ভাবিছিলোঁ যে আজিৰ বাবে স্কুল ছুটি হৈ গ’ল; কিন্তু বাহিৰলৈ গৈ দেখোঁ ঘটনা আন কিবাহে।”
“বাহিৰতনো কি আছিল?”
“বাহিৰত নহয়... বাহিৰত মোৰ লগৰ কাঞ্চনৰ পেহীয়েকে কাঁহী বজাই আছিল।” হাত জোকাৰি জোকাৰি সুৰভিয়ে ক’লে।
“তাৰপাছত?”
“ইতিমধ্যে ছাৰও আহিছিল আৰু ডাঙৰ ছাৰগৰাকীও আহি গৈছিল। তাৰপাছত আমি সকলোবোৰ ল’ৰা-ছোৱালীয়ে নিজৰ নিজৰ শ্ৰেণীলৈ উভতি গ’লোঁ। দেউতা, তুমি জানানে কাঞ্চনৰ পেহীয়েকে কিয় কাঁহী বজাই আছিল?”
“নাজানো নহয়!”
“কি... ইমানকণো নাজানা... কাঞ্চনৰ নহয়... কাঞ্চনৰ ঘৰলৈ ভায়েক আহিছে... কণমানি ভায়েক।”
“বাৰু।”
“দেউতা, যেতিয়া মই কণমানি আছিলোঁ তেতিয়া মোৰ পেহীয়েও কাঁহী বজাইছিল নহয়নে? দেউতা, কোৱানা... যেতিয়া মই কণমাণি আছিলোঁ তেতিয়া মোৰো পেহীয়ে কাঁহী বজাইছিলনে?”
“অ...আ...হ...হয় হয় মাজনী।”
“দেউতা, ডাঙৰকৈ কোৱাচোন! দেউতা, মোৰ পেহীয়েও কাঁহী বজাইছিলনে?”
“হয় তো... হয়, তোৰ পেহীয়েৰয়ো কাঁহী বজাইছিল, মাজনী।”
“কিন্তু দেউতা, কাঞ্চনে কয় যে যেতিয়া ঘৰলৈ ছোৱালী আহে নহয়, তেতিয়া হেনো কাঁহী নবজায়। দেউতা, এই কথাটো বাৰু শুদ্ধনে?”
“হেৰ মাজনী, কাঞ্চনেনো কি জানে!” সুৰভিক চুমা খাই দেউতাকে মৰমেৰে ক’লে।
“সৰু ছোৱালীজনীৰ আগতনো কিয় মিছা মাতিছা?” চাহৰ পিয়লাটো থৈ সুৰভিৰ মাকে ক’লে। তাকে শুনি সুৰভিয়ে ক’লে, “নহয় মা, দেউতাই মিছা কথা নকয়... মোৰ লগৰ কাঞ্চন যে... তাই একো নাজানে... তাইহে মিছলীয়া। হয়নে দেউতা?”

সুৰভিয়ে এইখিনি সোধা মাত্ৰকে তাইৰ দেউতাকৰ ডিঙিত যেন কিবা এসোপামানে সোপা মাৰি ধৰিলে। তেওঁ জীয়েকক কোঁচত তুলি লৈ ৰুদ্ধ কণ্ঠেৰে ক’লে, “কাঞ্চনেই সত্য মাজনী... কাঞ্চনেই সত্য। মই মাথোঁ তোক সুখী কৰিবলৈহে মিছা মাতিছিলোঁ। মোক ক্ষমা কৰি দে, মাজনী... ক্ষমা কৰি দে!”
                                ******************

(http://www.xahitya.org/2016/04/25/%E0%A6%A6%E0%A7%87%E0%A6%89%E0%A6%A4%E0%A6%BE%E0%A6%87-%E0%A6%AE%E0%A6%BF%E0%A6%9B%E0%A6%BE-%E0%A6%95%E0%A6%A5%E0%A6%BE-%E0%A6%A8%E0%A6%95%E0%A7%9F-%E0%A6%AE%E0%A6%BF%E0%A6%A4%E0%A6%BE%E0%A6%B2/)