Pages

Thursday, April 7, 2016

দেউতাই মিছা কথা নকয়


মূল: पापा झूठ नहीं बोलते
(পাপা ঝুথ নহী বোলতে)
দীনদয়াল শৰ্মা

মাক-বাপেকৰ একমাত্ৰ সন্তান সুৰভি; বয়স প্ৰায় এঘাৰ বছৰ, উচ্চতা চাৰি ফুট, ঘূৰণীয়া মুখৰ, ডাঙৰ ডাঙৰ চকুৰ, উজ্জল বৰণৰ, বব কাট চুলিৰ, স্বভাৱগতভাবে চঞ্চল আৰু কথকী।
সুৰভিৰ দেউতাক এখন চৰকাৰী বিদ্যালয়ৰ অধ্যাপক আৰু তাইৰ মাক এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ অধ্যাপিকা। এটি সৰু পৰিয়াল আৰু এখন সৰু ঘৰ।

সুৰভি পঞ্চমমানত পঢ়ে। পঢ়াৰ লগতে চিত্ৰাংকণ কৰা, নৃত্য কৰা, সাঁথৰ সোধা, টি ভি চোৱা, সাধু শুনা আৰু দেউতাকৰ পৰা নতুন নতুন কথা শিকাতো তাইৰ ৰাপ আছে।

“দেউতা, আজি তুমি স্কুলৰ পৰা সোনকালে কিয় আহিলা?” নিজৰ স্কুল বেগটো বিচনাত থৈ সুৰভিয়ে সুধিলে।
“এনেয়ে, মাজনী।”
“এনেয়েনো কিয়, দেউতা?”
“এনেয়ে আহি গ’লোঁ, মোৰ ছোৱালীজনীক লগ কৰোঁ বুলি!” কৈ কৈ দেউতাকে সুৰভিক কোঁচত তুলি ল’লে।
“দেউতা, তোমাক মই বৰ ভাল পাওঁ।” সুৰভিয়ে দেউতাকৰ ডিঙিটো দুহাতেৰে মেৰিয়াই ধৰি ক’লে।
“তোকোতো মই বৰ ভাল পাওঁ।”
“বাপেক-জীয়েকৰ মাজত দেখোন বৰ চেনেহা-চেনেহী, আদৰ-সাদৰ হৈ আছে!” সুৰভিৰ মাকে ঘৰলৈ সোমাই আহি ক’লে।
“চাচোন চা সুৰভি, তোৰ মাৰে একেবাৰে ফেপেৰি পাতি আহিছে।” তাইৰ দেউতাকে হাঁহি হাঁহি কথাখিনি কোৱাত তায়ো হাঁহি পেলালে।
“চেনেহীজনীক ইমান মূৰৰ ওপৰত নুতুলিবা।” কৈ কৈ সুৰভিৰ মাকে নিজৰ বেগটো বেৰৰ গজালত আঁৰি থ’লে আৰু আইনাৰ সমুখত থিয় হৈ এখন ডাঙৰ কাকৈৰে নিজৰ চুলিখিনি ঠিক-ঠাক কৰিবলৈ ধৰিলে।
“চাচোন, আহিয়ে মহাৰাণীয়ে সাজোন-কাঁচোনত লাগিল... ভাগৰে-জোগেৰে আহিছোঁ... এটুপিমান চাহ বাকি আনা।”
“মই নো কি এনে জিৰণিখন লৈ আহিছোঁ!”
“মই চাহ বাকোঁগৈ নেকি, দেউতা?” সুৰভিয়ে সুধিলে।
“নালাগে মাজনী, তোৰ মাৰই বাকা কাপেই খাম।”
“মই বাকা কাপ খাবা বাৰু; কিন্তু কেতিয়াবা ছোৱালীজনীকো বাকিবলৈ দিবা। নহ’লে আগলৈ গৈ কি ঘৰত পৰেগৈ কি ঠিকনা আছে!”
“হেৰা, এতিয়াৰ পৰানো কিয় চিন্তা কৰিছা? এতিয়া তাইৰ বয়সেইনো কিমান?”
“উপযুক্ত সময় আৰু বয়স আহিবলৈ কিমান পৰনো বাকী! কিন্তু তুমিতো...!” মাকৰ কথাৰ মাজতে সুৰভিয়ে তপৰাই মাত লগালে, “মোৰ মৰমৰ মা, চাহ মই বাকোঁগৈ।”
“নালাগে মাজনী, তই বহ... চাহতো তোৰ মাৰই বাকা কাপেই খাম।” দেউতাকে মুখৰ হাঁহিটো কোনোৰকম চেপি ৰাখি কথাষাৰ কোৱাত সুৰভিয়েও এমুখ দুষ্টালিৰ হাঁহি লৈ পুনৰ বহি পৰিল।

সুৰভিৰ মাক চাহ বাকিবলৈ আখললৈ যোৱাত তাইৰ বাপেকে অলপ ডাঙৰকৈ ক’লে, “হমম মাজনী, এতিয়া ক’চোন, তোৰ নতুন স্কুলৰ পঢ়া-পাতি ঠিকে চলি আছে নহয়?”
“হয় দেউতা, এইখন স্কুল বৰ ভাল। আটাইকেইগৰাকী শিক্ষক সময়মতে আহে আৰু বৰ ভালকৈ পাঠদান কৰে। হিন্দী পঢ়ুৱাই যে জনক ছাৰ, তেখেতেতো খুব সুন্দৰকৈ কাহিনীও কৈ শুনায়। আজি বিদ্যালয়ত বৰ আমোদজনক ঘটনা এটা হ’ল; বৰ ফূৰ্তি পালোঁ।” চকু টিপিয়াই সুৰভিয়ে ক’লে।
“কেনেকুৱা, মাজনী?”
“আজি নহয় দেউতা, সপ্তম পিৰিয়ডত নহয়... টং-টং-টং-টং ঘণ্টা বজাত আমি সকলোবোৰ ল’ৰা-ছোৱালীয়ে নিজৰ নিজৰ বেগ লৈ বাহিৰলৈ আহি গ’লোঁ। আমি ভাবিছিলোঁ যে আজিৰ বাবে স্কুল ছুটি হৈ গ’ল; কিন্তু বাহিৰলৈ গৈ দেখোঁ ঘটনা আন কিবাহে।”
“বাহিৰতনো কি আছিল?”
“বাহিৰত নহয়... বাহিৰত মোৰ লগৰ কাঞ্চনৰ পেহীয়েকে কাঁহী বজাই আছিল।” হাত জোকাৰি জোকাৰি সুৰভিয়ে ক’লে।
“তাৰপাছত?”
“ইতিমধ্যে ছাৰও আহিছিল আৰু ডাঙৰ ছাৰগৰাকীও আহি গৈছিল। তাৰপাছত আমি সকলোবোৰ ল’ৰা-ছোৱালীয়ে নিজৰ নিজৰ শ্ৰেণীলৈ উভতি গ’লোঁ। দেউতা, তুমি জানানে কাঞ্চনৰ পেহীয়েকে কিয় কাঁহী বজাই আছিল?”
“নাজানো নহয়!”
“কি... ইমানকণো নাজানা... কাঞ্চনৰ নহয়... কাঞ্চনৰ ঘৰলৈ ভায়েক আহিছে... কণমানি ভায়েক।”
“বাৰু।”
“দেউতা, যেতিয়া মই কণমানি আছিলোঁ তেতিয়া মোৰ পেহীয়েও কাঁহী বজাইছিল নহয়নে? দেউতা, কোৱানা... যেতিয়া মই কণমাণি আছিলোঁ তেতিয়া মোৰো পেহীয়ে কাঁহী বজাইছিলনে?”
“অ...আ...হ...হয় হয় মাজনী।”
“দেউতা, ডাঙৰকৈ কোৱাচোন! দেউতা, মোৰ পেহীয়েও কাঁহী বজাইছিলনে?”
“হয় তো... হয়, তোৰ পেহীয়েৰয়ো কাঁহী বজাইছিল, মাজনী।”
“কিন্তু দেউতা, কাঞ্চনে কয় যে যেতিয়া ঘৰলৈ ছোৱালী আহে নহয়, তেতিয়া হেনো কাঁহী নবজায়। দেউতা, এই কথাটো বাৰু শুদ্ধনে?”
“হেৰ মাজনী, কাঞ্চনেনো কি জানে!” সুৰভিক চুমা খাই দেউতাকে মৰমেৰে ক’লে।
“সৰু ছোৱালীজনীৰ আগতনো কিয় মিছা মাতিছা?” চাহৰ পিয়লাটো থৈ সুৰভিৰ মাকে ক’লে। তাকে শুনি সুৰভিয়ে ক’লে, “নহয় মা, দেউতাই মিছা কথা নকয়... মোৰ লগৰ কাঞ্চন যে... তাই একো নাজানে... তাইহে মিছলীয়া। হয়নে দেউতা?”

সুৰভিয়ে এইখিনি সোধা মাত্ৰকে তাইৰ দেউতাকৰ ডিঙিত যেন কিবা এসোপামানে সোপা মাৰি ধৰিলে। তেওঁ জীয়েকক কোঁচত তুলি লৈ ৰুদ্ধ কণ্ঠেৰে ক’লে, “কাঞ্চনেই সত্য মাজনী... কাঞ্চনেই সত্য। মই মাথোঁ তোক সুখী কৰিবলৈহে মিছা মাতিছিলোঁ। মোক ক্ষমা কৰি দে, মাজনী... ক্ষমা কৰি দে!”
                                ******************

(http://www.xahitya.org/2016/04/25/%E0%A6%A6%E0%A7%87%E0%A6%89%E0%A6%A4%E0%A6%BE%E0%A6%87-%E0%A6%AE%E0%A6%BF%E0%A6%9B%E0%A6%BE-%E0%A6%95%E0%A6%A5%E0%A6%BE-%E0%A6%A8%E0%A6%95%E0%A7%9F-%E0%A6%AE%E0%A6%BF%E0%A6%A4%E0%A6%BE%E0%A6%B2/)

No comments:

Post a Comment