মূল: मर्द (হিন্দী)
চিত্ৰা মুদ্গল
চিত্ৰা মুদ্গল
“মাজনিশাখন উঠি ক’লৈ গৈছিলি?”-মদৰ ৰাগীত মাতাল হৈ থকা মানুহজনে ওচৰতে আহি বাগৰ
দিয়া তাৰ ঘৈণীয়েকৰ ওপৰত গৰজি উঠিল।
শুই শুই চকু দুটি কিলাকুটিৰে ঢাকি মানুহজনীয়ে উত্তৰ
দিলে, “পেচাব কৰিবলৈ”।
“কিয় ইমান সময় লাগিল?”
“পানী খাই পেট ভৰালে পানী ওলাবলৈ
সময় নালাগিব নেকি?”
“বদজাত মাইকী, মিছাকথা ক’বলৈ আহিছ? ভালে ভালে বতিয়াই দে, কাৰ ওচৰলৈ গৈছিলি?”
মানুহজনীয়ে আত্মপক্ষ সমৰ্থনত ক’বলৈ ধৰিলে, “কাৰ ওচৰলৈনো ফূৰ্তি-ফাৰ্তা কৰিবলৈ যাম! বোকা
মাটিৰ দৰে ঘোলা বৰণ লোৱা এই শৰীৰত কোনেনো প্ৰেম নিবেদন কৰিব?”
“কুকুৰনী...”
“উদণ্ড-উন্মাদ মদাহী, ইমানেই যদি
জান যে মই কাৰোবাৰ ওচৰলৈ যাওঁ, তেন্তে গৈ তাক ধৰি নান কিয়?”
“নিৰ্লজ, অসভ্য... মুখে মুখে কথা
ক’বলৈ আহিছ! শেষবাৰৰ বাবে সুধিছোঁ-
ক’ কাৰ ওচৰলৈ গৈছিলি?”
মানুহজনীয়ে কেংকেঙাই উঠি বহিল, “শুন তেন্তে, অ’ মই গৈছিলোঁ কাৰোবাৰ ওচৰলৈ। প্ৰায়ে যাওঁ। মদ খাই আহিতো তই
একো কামৰে যোগ্য হৈ নাথাক...”
“চুপ থাক, বনৰী! মুখেৰে যি-তি
বলকি থাকিলে মুখ ভাঙি দিম। মদ খাই মৰদ মৰদ হৈ নাথাকে নেকি?”
“নাথাকে...”
“তেন্তে হো, চাই ল’, মদ খাই মৰদ মৰদ হৈ থাকে নে নাথাকে?”
মৰদে ওচৰতে পৰি থকা লোটাটো উঠাই ল’লে আৰু মানুহজনীৰ মূৰত মাৰি দিলে।...
**************
No comments:
Post a Comment