Pages

Monday, July 24, 2017

“হেপ্পী ইন্দিপেন্দেন্স ডে”

হেপ্পী ইন্দিপেন্দেন্স ডে
মূল: ৰোহিত কুমাৰ হেপ্পী


মহানগৰীৰ এটা উচ্চ-মধ্যমবৰ্গীয় পৰিয়াল৷
হেৰা সহায়িকা, কালিলৈ তুমি গোটেই দিনটো আমাৰ ইয়াতে কাম কৰিবা৷ মই কালিলৈ ইন্দিপেন্দেন্স ডেৰ কাৰ্যসূচীলৈ যাব লাগিব৷
কিন্তুমেমচাহাব!
কি কিন্তু?”
মেমচাহাব, ময়ো কালিলৈ স্বাধীনতা দিৱসৰ অনুষ্ঠান চাবলৈ লৰা-ছোৱালীহঁতৰ স্কুললৈ যাব লাগিব৷ মই কালিলৈ ছুটি খুজিম বুলিহে ভাবি আছিলোঁ৷
হাৰে, এইদৰে হলে কেনেকৈ হব! কালিলৈ তুমি অহাটোতো বৰ জৰুৰী৷ মই কেইবাঠাইতো ভাষণ দিবলৈ যাব লাগিব৷ কালিলৈতো তুমি আহিবই লাগিব; নহলে আৰু কোনো দিন আহিবয়ে নালাগে৷ মই অন্য কোনো সহায়িকাৰ ব্যৱস্থা কৰি লম৷
সহায়িকাগৰাকীয়ে হুমুনিয়াহ কাঢ়ি তাৰ পৰা আঁতৰি গ, “মেমচাহাবৰ ইন্দিপেন্দেন্স ডেহে দৰকাৰী; আমাৰ স্বাধীনতা দিৱসনো কি!তাইৰ মনত এনে ভাব হল যেন চাকৰিটো এৰি দি আজি তায়ো নিজকে স্বাধীন কৰি পেলাব! কিন্তু বাপেক নোহোৱা সন্তানকেইটা, বুঢ়া শহুৰেক-শাহুৱেক আৰু ঘৰখন কেনেকৈ চলিব! পৰিস্থিতিয়ে পুনৰ তাইৰ ডিঙিত গোলামিৰ জৰীডাল আঁটি আঁটি বান্ধি পেলালে৷
পিছদিনা, ১৫আগষ্টৰ দিনা তাই সময়তকৈয়ো আগতে গৈ মেমচাহাবৰ ঘৰ পালে৷ লৰা-ছোৱালীকেইটিক বুজাই-বঢ়াই কৈ পঠিয়ালে যে অহা বছৰ স্বাধীনতা দিৱস নিশ্চয় চাব৷
মেমচাহাবে ভাষণ দি আছিল, “আজিৰ শিশু আমাৰ দেশৰ ভৱিষ্যত৷ আজি আমাৰ দেশৰ স্বাধীনতাৰ বৰ্ষপূৰ্তি৷ এই সুযোগতে মই আপোনালোক সকলোকে শুভকামনা জনাইছোঁ৷ স্বাধীনতা আমাৰ জন্মসিদ্ধ অধিকাৰ৷
সহায়িকাগৰাকীয়ে বাচন ধুই ধুই কেৱল টিভি-ত তাইৰ মেমচাহাবৰ ভাষণ শুনি থাকিল৷

http://www.xahitya.org/2016/08/19/happy/

No comments:

Post a Comment