Pages

Friday, July 28, 2017

নাৰীপ্ৰধান সমাজত লুপ্তপ্ৰায় ফোঁট

(नारी प्रधान समाज में लुप्त होती बिंदिया)
দীনদয়াল শৰ্মাৰ ব্যঙ্গ ৰচনা


বিদেশত পুৰুষ আৰু মহিলাৰ পিন্ধন-উৰণৰ পৰা তেওঁ পুৰুষ নে মহিলা তৎক্ষণাত বুজা নাযায়; কিন্তু আমাৰ দেশত এনে নহয়। আমাৰ সংস্কৃতিত এনেধৰণৰ পিন্ধন-উৰণৰ ব্যৱস্থা আছে যাৰ দ্বাৰা তেওঁ পুৰুষ নে মহিলা নিলগৰ পৰাই চিনিব পাৰি। অকল ইমানেই নহয়, আমাৰ সুদৃঢ় সংস্কৃতিৰ কাৰণে নাৰীৰ পৰিচয়ত আৰু গূঢ়াৰ্থ সোমাই আছে। নাৰীগৰাকী বিবাহিত নে অবিবাহিত, সাধবা নে বিধবা – এই সকলোবোৰৰ ইংগিত তেওঁৰ পিন্ধন-উৰণৰ পৰা বুজা যায়। বিবাহিত নাৰীৰ ক্ষেত্ৰত পিন্ধনত তেওঁৰ কপালত ফোঁট, শিৰত সেন্দুৰ, ডিঙিত ‘মঙ্গলসূত্ৰ’, হাতত ৰং-বিৰঙৰ খাৰু আৰু উজ্জল, চকমকীয়া ৰঙৰ চেলোৱাৰ-কামিজ নাইবা শাৰী দেখা যায়; কিন্তু অবিবাহিতা নাৰীৰ বাবে প্ৰধানতঃ ডিঙিৰ ‘মঙ্গলসূত্ৰ’ আৰু শিৰৰ সেন্দুৰ বৰ্জনীয় বুলি জনা যায়।

পুৰুষৰ এগৰাকী বিবাহিত নে অবিবাহিত তাক জানিবলৈ এনেধৰণৰ কোনো বিশেষ পোচাক নিৰ্দ্ধাৰণ কৰা হোৱা নাই। হয়তো পুৰুষপ্ৰধান সমাজেই ইয়াৰ মুখ্য কাৰণ। যিহওক! কিন্তু বৰ্তমান আমাৰ সমাজখন নাৰীপ্ৰধান সমাজলৈ পৰিণত হৈ গৈ আছে। এতিয়া নাৰীয়ে কি পিন্ধিব আৰু কি নিপিন্ধিব তাৰ সিদ্ধান্ত নিজে লয়। আজিৰ দিনত সেন্দুৰ, মঙ্গলসূত্ৰ আৰু খাৰুৰ ফেশ্বন প্ৰায় নাইকিয়া হৈ গৈছে। এতিয়াৰ বিবাহিত মহিলাই কেৱল কপালত ফোঁটটো লৈয়ে বিবাহিতৰ পৰিচয় সীমিত ৰাখে। আকৌ কিছু মহিলাই ফোঁট লগোৱাটোও দৰকাৰী বুলি নাভাবে।
এদিন মোৰ খুলশালীজনী আমাৰ ঘৰলৈ আহিল। ঘৰত সোমায়ে ক’লে, “কি হ’ল বাইদেউ, ভিনদেউ ঘৰত নাই নেকি?”
শ্ৰীমতীয়ে ক’লে, “ঘৰতে আছে। সিফালে চা, তাতে বহি আছে। বিচনাতে বহি বাদাম চোবাই চোবাই টিভি চাই আছে।”
মই খুলশালীৰ পিনে চাই দুটামান গল-হেকাৰি মাৰিলোঁ।
শ্ৰীমতীয়ে খুলশালীজনীক সুধিলে, “কিন্তু তইনো কিয় সুধিলি ভিনিহিয়েৰ ঘৰত আছে নে নাই বুলি?”
“তোৰ কপালখন উকা দেখি, কপালত ফোঁট নেদেখি!” খুলশালীজনীয়ে হাঁহি মাৰি ক’লে।
“আহ-আ!” বুলি উচ্‌পিচ্‌ কৰি শ্ৰীমতীয়ে তেওঁৰ উকা কপালত হাত বোলালে আৰু ড্ৰেচিং টেবুলত পৰা এটা সস্তীয়া ফোঁট এৰুৱাই নিজৰ কপালত আঠা লগাই দিলে।
মই খুলশালীজনীক ক’লোঁ, “তোমাৰ বায়েৰাই আজিকালি মোৰ একেবাৰে আদৰ নকৰে। মোক বাথৰুমৰ কোনোবা দেৱালত, কেতিয়াবা দুৱাৰত আৰু কেতিয়াবা ড্ৰেচিং টেবুলত আঠা লগাই থয়। ফোঁট কিনিবলৈ মোৰ পৰা প্ৰতি সপ্তাহে বহুত পইচা নিয়ে, কিন্তু ফোঁটৰ সস্তীয়া পেকেট কিনি আনি তাৰেই প্ৰতিদান সামৰে মাথোঁ!”
এদিন মই দেখিলোঁ যে মই ঘৰৰ বাহিৰৰ লেতেৰা নলাটোত পৰি আছিলোঁ। মই শ্ৰীমতীক চিঞৰি মাতিলোঁ, “হেৰা, শুনিছানে?”
“কিয় চিঞৰি আছা? কিনো হ’ল?”, তেওঁ চিঞৰি চিঞৰি মোৰ কাষ পালেহি।
মই নলাত পৰি থকা ফোঁটটোলৈ আঙুলিয়াই ক’লোঁ, “সেয়া চোৱা, আজিকালি মোৰ মাথোঁ এয়াহে আদৰ, এয়াহে মূল্য! লেতেৰা নলাটোত মোক কেনেকৈ দলিয়াই পেলাইছা!”

ঠিক তেতিয়াই আমাৰ অকণমান আঁতৰত থকা প্ৰতিবেশীৰ সুন্দৰী পত্নীগৰাকীয়ে মুখত মিচিকিয়া হাঁহি লৈ আমাৰ শ্ৰীমতীৰ কাষলৈ আহি ক’লে, “অ’ বাইদেউ, আজি – মাত্ৰ আজিৰ বাবে মোক আপোনাৰ ফোঁটটো দিয়কচোন! কালিলৈ মই উভতাই দিম।”

প্ৰতিবেশীৰ অনুৰোধটো শুনি মই মনে মনে ফূৰ্তি আৰু গৌৰৱত ফুলিবলৈ ধৰিলোঁ। শ্ৰীমতীয়ে মোক উৎফুল্লিত হোৱা দেখি ভিতৰি ভিতৰি জ্বলিবলৈ ধৰিলে। তথাপি প্ৰতিবেশীৰ ধৰ্ম পালন কৰিবলৈ গৈ মোক নিজৰ কপালৰ পৰা নমাই তেওঁৰ কপালত আঠা লগাই দিলে। প্ৰতিবেশীগৰাকীয়ে সন্তুষ্ট হৈ ঘৰলৈ গুচি গ’ল।

মই শ্ৰীমতীৰ ফালে চাই মিচিককৈ হাঁহি এটা মাৰি ক’লোঁ, “একাপ চাহকে দিয়াচোন, মোৰ মইনা!”
“তাইৰ পৰাই খুজি খোৱাগৈ।” খঙত ভোৰভোৰাই শ্ৰীমতী পাগঘৰলৈ সোমাই গ’ল।
মই ক’লোঁ, “আৰে খং নো কিয় কৰা মোৰ, মইনাজান! নিজৰ সন্তান আৰু আনৰ ঘৈণী সকলোৰে ভাল লাগে। এয়াইতো মানৱ প্ৰবৃত্তি!” মাত্ৰ এইখিনি কৈয়ে মই চাহৰ বাবে অপেক্ষা কৰিলোঁ। দুঘণ্টা হৈ গ’ল। চাহ এতিয়ালৈ নাহিল।

No comments:

Post a Comment