Pages

Tuesday, November 1, 2011

দুটি সংজ্ঞা

সুখ

ইকুল-সিকুল সামৰি
উজাই ভটিয়াই যোৱা এসুঁতি বন্যা মই
জোঁৱাৰ ভেটিবলৈয়ো অক্ষম
তুমি দিয়া কেঁচা মাটিৰ জেওৰা

এটি এটি বান্ধোন হৈ
গঢ়ি তোলোঁ বিনোদিনী হৃদয়
বতাহত ভাহে--- মল্লাৰ সুগন্ধি
ইটোৰ পাচত সিটোকৈ
ফুলাই তোলোঁ--- প্রজাপতি সপোন


ওঁঠত মোৰ মৰূদ্যানৰ সজীৱতা.....




দুঃখ

ইকুল-সিকুল সামৰি
উজাই ভটিয়াই যোৱা এসুঁতি বন্যা মই
জোঁৱাৰ ভেটিবলৈয়ো অক্ষম
তুমি দিয়া কেঁচা মাটিৰ জেওৰা

এপাট এপাট শেল হৈ
বিষময় কৰোঁ কুন্তী হৃদয়
বাগৰ সলাব নজনা এটি--- মাৰৱা ৰাতি
এটি দুটিকৈ জহাই খহাই
ধ্বংস কৰোঁ---- পপীয়া তৰাৰ সপোন


ওঁঠত মোৰ মৰুৰ ৰুক্ষতা.....