Pages

Friday, September 27, 2019

ভূগোল

চন্দ্ৰধৰ শৰ্মা গুলেৰীৰ “ভূগোল”
অনুবাদ: মিতালী নাৰায়ণি

বিদ্যালয় পৰিদৰ্শন কৰিবলৈ পৰিদৰ্শক আহিব বুলি এগৰাকী শিক্ষকে বৰ ভয় খালে আৰু তেওঁ শ্ৰেণীটোৰ আটাইবোৰ বিদ্যাৰ্থীক ভূগোল মুখস্থ কৰাবলৈ ধৰিলে। ক’বলৈ ধৰিলে যে পৃথিৱী গোলাকাৰ। যদি পৰিদৰ্শকে আহি সোধে যে পৃথিৱীৰ আকাৰ কেনেকুৱা আৰু তোমালোকৰ যদি মনত নপৰে তেন্তে মই লাহেকৈ চাধাৰ টেমাটো উলিয়াই দেখুৱাম, সেইটো চাই তোমালোকে উত্তৰ দিবা। শিক্ষকগৰাকীৰ চাধাৰ টেমাটো গোলাকাৰ আছিল।

পৰিদৰ্শকে আহি এজন ছাত্ৰক সেইটো প্ৰশ্নকে সুধিলে আৰু ছাত্ৰজনে খুব উৎকণ্ঠাৰে শিক্ষকৰ মুখলৈ চালে। শিক্ষকগৰাকীয়ে জেপৰ পৰা চাৰিকোণীয়া টেমা এটা উলিয়ালে। সিদিনা ভুলতে আনটো টেমা আহি গৈছিল। ল’ৰাজনে ক’লে, “বুধবাৰে পৃথিৱীৰ আকাৰ চাৰিকোণীয়া হয় আৰু বাকী দিনবোৰত গোল।
********************

গালি


চন্দ্ৰধৰ শৰ্মা গুলেৰীৰ "গালি"
অনুবাদ: মিতালী নাৰায়ণি

এখন গাঁৱত বৰযাত্ৰীসকল ভোজন কৰিবলৈ বহিল। সেইসময়ত সাধাৰণতে কইনা পক্ষৰ মহিলাসকলে বৰযাত্ৰীক গালি পাৰি গীত গায়। কিন্তু গালিৰ গীত গোৱা নুশুনি বৰযাত্ৰী সুধাকৰে বৰ সন্তোষ পালে। তেওঁ গাঁৱৰ এগৰাকী বয়োজ্যেষ্ঠ মানুহক ক’লে, “ইয়াত ইমান উন্নতি হোৱা দেখি বৰ সুখ পালোঁ।”

বুঢ়া মানুহজনে ক’লে, “হয় চাহাব, উন্নতি হৈয়ে আছে। আগতে অমুকক তমুকৰ লগত সাঙুৰি, তমুকক ভুচুকৰ লগত সাঙুৰি গালিৰ গীত গোৱা হৈছিল। তাকে মতা-তিৰোতাই শুনিছিল আৰু হাঁহিছিল। এতিয়া ঘৰে ঘৰে সেইবোৰ কথায়ে সঁচা হৈ পৰিছে। এতিয়া গালিৰ গীত গোৱা মানে ওপৰলৈ থুৱাই নিজৰ মুখত পেলোৱাৰ দৰে হয়। সেইবাবেইতো মানুহবোৰে আন্দোলন কৰে যে গালিবোৰ বন্ধ হওক; কাৰণ সেইবোৰে ঘূৰি আহি নিজকে বিন্ধে।”
**********************

Tuesday, July 2, 2019

জোনৰ নামত নাখাবা শপত





একলা একলাকৈ বাঢ়ি অহা জোন!

ৰাতিৰ বুকুত জোনৰ মৰম
অবোধ কিশোৰীৰ দৰে ৰাতি
অযুত তৰালিৰ বুজনি নামানি
বাৰে বাৰে জোনৰ প্ৰেমত পৰে
প্ৰথম প্ৰেমত পৰা কিশোৰীৰ দৰে
....

ছলনাময়ী জোন!!

আশাবোৰ বাঢ়ি যায়
চন্দ্ৰকলাৰ দৰে
ৰাতিৰ বুকুত পূৰ্ণিমাৰ জোন
....

বিশ্বাসঘাতক জোন!!!

আশাবোৰত পোহৰ সিঁচা দিনবোৰতে
আঁতৰি যায়
ৰাতিৰ বুকুত অমানিশাৰ উচুপনি
....
----------------------------------
(জানুৱাৰী, ২০১১)

সাগৰখন ইয়ালৈ আনিব পৰা হ'লে!


সঁচাকৈ সাগৰখন ইয়ালৈ আনিব পৰা হ'লে!
তোমাৰ বুকুৰ হালধীয়া চোলাটো খুলি
পিন্ধাই দিলোঁহেঁতেন
মুঠি ভৰাই সাগৰীয় নীলা....

অবোধ কিশোৰ-কিশোৰীৰ দৰে
দেও দি ফুৰিম সাগৰৰ পাৰে পাৰে
বহুদূৰলৈ আগুৱাই যাম আমি
শামুকৰ পেটত মুকুতা বিচাৰি

সাগৰৰ বালি আৰু এটি জোনাকী ৰাতি
ঢৌবোৰে কৈ যাব মনৰ খবৰ
মোৰ দুচকুৰ লুণীয়াবোৰ মোহাৰি

সাগৰখনকে ওভতাই দিবাহি তুমি
ওঁঠত ফুলাই তুলিবাহি----
ৰামধেনুৰ বোল

তোমাৰ দুচকুৰ সুৰুযমূখী শিপাই যাব----
মোৰ হৃদয়লৈ
সাগৰখন ইয়ালৈ অহা হ'লে খুব ভাল হ'ব....
***************
(ছেপ্টেম্বৰ, ২০১১)


বৰষুণৰ এমুঠি কবিতা :



কবিতা (১)

এজাক বৰষুণ ৰৈ আছে মোলৈ মোৰ ঘৰৰ জপনামুখত....
মন্দাক্রান্তা, ওপচাই দিবাহি হৃদয়ত মোৰ----
মোৰ প্রিয় সেউজীয়া....

কবিতা (২)

মুঠি ভৰাই চপাই অনা ভাগৰত
সিঁচিব পাৰি নেকি দুচকুত
ৰূপকোঁৱৰৰ সাধু....

কবিতা (৩)

মাথো এটি নিশাৰ স্বপ্নহৈ নাহিবা তুমি
মোৰ কাজল-কলা দুচকুৰ কাজল ধুই নিবলৈ
বৰষুণ....

 কবিতা (৪)

মধুমালতী নিশাতো যে
দুচকুত মোৰ
তন্দ্রাৰ আৱেশ....

কবিতা (৫)

বৰষুণ, মোৰ দুচকুৰ কাজলবোৰ গলাই নি
আঁকিবা নেকি তুমি
ৰং হেৰুওৱা হৃদয়ৰ গাঁথা....

 কবিতা (৬)

মোৰ কাজল-কলা দুচকুত জুমি জুমি চাই
জুখিব খুজিছিলা নেকি মোৰ---- ভালপোৱা
বৰষুণ....

 কবিতা (৭)

ৰূপকোঁৱৰ মোৰ
তোমাৰ দেশতেই মোৰ আইতাৰ সাধ
দীঘলঠেঙীয়াৰো তাতেই বাস....

 কবিতা (৮)

বৰনৈখন বৰষুণত তিতি জুৰুলি-জুপুৰি হোৱা পৰত
এইবাৰ আমি নাওখেলৰ গীত গাম
চপচপীয়া হব আমাৰ সোণালী পথাৰ....
-------------------------------------------
(১০জুন, ২০১১)

জোনাকৰ এমুঠি কবিতা

(১)

লাইটবোৰ নুমুৱাই
খিড়িকীবোৰ খুলি দিছোঁ
এছাটি শান্ত স্নিগ্ধ জোনাক
সোমাই আহিছে মোৰ ঘৰলৈ
আজি মোৰ ঘৰলৈ আলহী হৈ আহিছে
ৰূপালী জোনাক

(২)

তোমাৰ অপেক্ষাত
গাভৰু হৈছে মোৰ চহৰ
কাতিৰ কুঁৱলীৰ চাদৰৰে
মেৰিয়াই ধৰিছে
মোৰ ভৰুণ চহৰৰ সেউজ হিয়া

(৩)

নিজৰি নিজৰি বয়
গলি যোৱা জোনাকবোৰ
হৃদয়ত নিগৰে ভগীৰথী গংগা

তৰাফুলা সাঁকোৰ বাট
জোনৰ দেশলৈ

(৪)

তৰাবোৰে সাধু ক
জোনাকত লহৰ তুলি
নিয়ৰৰ সতে লুকা-ভাকু খেলিব

(৫)

জোনাকবোৰ গলি গলে
আকাশত সপ্তর্ষিয়ে সভা পাতে
ৰজনীগন্ধাই তিয়াই যায়
সপ্তর্ষিৰ কাপ-মৈলাম

টোপে টোপে সৰি পৰে জোনাক

(৬)

ধুমুহা আহিলেও আহক
তুমি মাথোঁ সপোনবোৰ ভাঙি যাবলৈ নিদিবা
এতিয়াও যে লিখা হোৱা নাই
এমুঠি জোনাকৰ কবিতা

(৭)

শাৰদী হৃদয়ৰ
অভিমানৰ বাট কাটি
জোনাকৰ এপিয়লাত ডুব যাব
মোৰ উন্মনা চহৰৰ নিসংগতাবোৰ!

আৰু সপ্তর্ষিয়ে পহৰা দিয়া আকাশত
অনুৰাগৰ ওৰণি খহি
লমালমে ফুলি উঠিব
সুৰুযমুখী হাঁহি
**************
(২০১৩)