Pages

Showing posts with label অনুবাদ. Show all posts
Showing posts with label অনুবাদ. Show all posts

Friday, September 27, 2019

ভূগোল

চন্দ্ৰধৰ শৰ্মা গুলেৰীৰ “ভূগোল”
অনুবাদ: মিতালী নাৰায়ণি

বিদ্যালয় পৰিদৰ্শন কৰিবলৈ পৰিদৰ্শক আহিব বুলি এগৰাকী শিক্ষকে বৰ ভয় খালে আৰু তেওঁ শ্ৰেণীটোৰ আটাইবোৰ বিদ্যাৰ্থীক ভূগোল মুখস্থ কৰাবলৈ ধৰিলে। ক’বলৈ ধৰিলে যে পৃথিৱী গোলাকাৰ। যদি পৰিদৰ্শকে আহি সোধে যে পৃথিৱীৰ আকাৰ কেনেকুৱা আৰু তোমালোকৰ যদি মনত নপৰে তেন্তে মই লাহেকৈ চাধাৰ টেমাটো উলিয়াই দেখুৱাম, সেইটো চাই তোমালোকে উত্তৰ দিবা। শিক্ষকগৰাকীৰ চাধাৰ টেমাটো গোলাকাৰ আছিল।

পৰিদৰ্শকে আহি এজন ছাত্ৰক সেইটো প্ৰশ্নকে সুধিলে আৰু ছাত্ৰজনে খুব উৎকণ্ঠাৰে শিক্ষকৰ মুখলৈ চালে। শিক্ষকগৰাকীয়ে জেপৰ পৰা চাৰিকোণীয়া টেমা এটা উলিয়ালে। সিদিনা ভুলতে আনটো টেমা আহি গৈছিল। ল’ৰাজনে ক’লে, “বুধবাৰে পৃথিৱীৰ আকাৰ চাৰিকোণীয়া হয় আৰু বাকী দিনবোৰত গোল।
********************

গালি


চন্দ্ৰধৰ শৰ্মা গুলেৰীৰ "গালি"
অনুবাদ: মিতালী নাৰায়ণি

এখন গাঁৱত বৰযাত্ৰীসকল ভোজন কৰিবলৈ বহিল। সেইসময়ত সাধাৰণতে কইনা পক্ষৰ মহিলাসকলে বৰযাত্ৰীক গালি পাৰি গীত গায়। কিন্তু গালিৰ গীত গোৱা নুশুনি বৰযাত্ৰী সুধাকৰে বৰ সন্তোষ পালে। তেওঁ গাঁৱৰ এগৰাকী বয়োজ্যেষ্ঠ মানুহক ক’লে, “ইয়াত ইমান উন্নতি হোৱা দেখি বৰ সুখ পালোঁ।”

বুঢ়া মানুহজনে ক’লে, “হয় চাহাব, উন্নতি হৈয়ে আছে। আগতে অমুকক তমুকৰ লগত সাঙুৰি, তমুকক ভুচুকৰ লগত সাঙুৰি গালিৰ গীত গোৱা হৈছিল। তাকে মতা-তিৰোতাই শুনিছিল আৰু হাঁহিছিল। এতিয়া ঘৰে ঘৰে সেইবোৰ কথায়ে সঁচা হৈ পৰিছে। এতিয়া গালিৰ গীত গোৱা মানে ওপৰলৈ থুৱাই নিজৰ মুখত পেলোৱাৰ দৰে হয়। সেইবাবেইতো মানুহবোৰে আন্দোলন কৰে যে গালিবোৰ বন্ধ হওক; কাৰণ সেইবোৰে ঘূৰি আহি নিজকে বিন্ধে।”
**********************

Monday, September 25, 2017

কৃষকৰ শত্ৰু বনাম গুৰুদেৱ



किसान के शत्रु बनाम गुरुजी
দীনদয়াল শৰ্মাৰ ব্যঙ্গ ৰচনা


সাধাৰণতে ল'ৰা-ছোৱালীবোৰ বৰ জিজ্ঞাসু প্ৰবৃতিৰ হয়। ইহঁতৰ মনৰ ভিতৰত প্ৰতিটো বস্তু জানিবলৈ উৎসুকতা থাকে। ইহঁতৰ ভিতৰত ভাল-বেয়া সকলোবোৰ কামৰে অনুকৰণ কৰাৰ প্ৰবৃতিও থাকে, সেইবাবেইতো ইহঁতক বান্দৰৰ দৰে একে বুলি কোৱা হয়। ইহঁতে যিদৰে দেখে আৰু শুনে সেইদৰেই প্ৰকাশ কৰে। শিশুৰ মনত কোনোধৰণৰ ছল-কপটতা নাথাকে। ইহঁত পৰিষ্কাৰ স্লেটৰ দৰে, যিদৰে আপুনি লিখি দিয়ে সিহঁত তেনেকুৱাই হ'বলৈ প্ৰয়াস কৰে।

এবাৰ হিন্দী শিকোৱা গুৰুদেৱে ব্যাকৰণ বিষয়ত ঘটনা আৰু দুৰ্ঘটনাৰ মাজত পাৰ্থক্য বুজাই আছিল। তেখেতে অনেক উদাহৰণ দিলে। তাৰপাছত শিক্ষাৰ্থীসকলক ক'লে যে এইদৰে তোমালোকেও ঘটনা আৰু দুৰ্ঘটনাৰ যিকোনো নতুন উদাহৰণ দিব পাৰিবা। তাৰপিছত গুৰুদেৱে শিক্ষাৰ্থীহঁতক সুধিলে, "তোমালোক সকলোৱে বুজি পাইছানে?"
"হয় মহাশয়, বুজি পাইছোঁ।"- আটাইবোৰ শিক্ষাৰ্থীয়ে সমস্বৰত ক'লে।
"বাৰু ৰাজেশ, এতিয়া তুমি কোৱাচোন, ঘটনা আৰু দুৰ্ঘটনাৰ মাজত পাৰ্থক্য কি?"
ৰাজেশে থিয় হৈ ক'লে, "মহাশয়, বিদ্যালয়ত হঠাৎ জুই লাগিলে সেয়া ঘটনা আৰু যদি সেই জুইত কোনোগৰাকী
শিক্ষক জ্বলি যায় তেন্তে তাক দুৰ্ঘটনা বুলি ক'ব লাগিব।"
উত্তৰটো শুনি শ্ৰেণীটোৰ আটাইবোৰ শিক্ষাৰ্থীয়ে গিৰ্জনি মাৰি হাঁহিলে। উত্তৰটো ঠিকেই আছিল; কিন্তু গুৰুদেৱৰ পচন্দ নহ'ল। তেখেতে ৰাজেশকে ধৰি সকলোকে ভালকৈ এশিকনি দিলে।

আকৌ আন এখন বিদ্যালয়ৰ শিক্ষাৰ্থীহঁতে শিক্ষকসকলৰ খুব সেৱা-সৎকাৰ কৰিছিল। কোনোৱে যদি গাখীৰ আনি দিছিল, কোনোৱে আকৌ সেউজীয়া শাক-পাচলি, কোনোবাই যদি গাজৰ আন কোনোবাই মূলা লৈ আহিছিল। গুৰুসবেও শিক্ষাৰ্থীহঁতৰ হতুৱাই বতৰ অনুযায়ী শাক-পাচলি অনোৱাইছিল।
বিদ্যালয়ত এনেধৰণৰ শিক্ষকো আছিল যিয়ে প্ৰতিদিনে শিক্ষাৰ্থীহঁতৰ দ্বাৰা দহ-বাৰ কিলো শাক-পাচলি আদি অনোৱাইছিল আৰু নিজৰ চাইকেলত বোজাই কৰি ঘৰলৈ লৈ গৈছিল। ঈশ্বৰেহে জানে নিজেই খাইছিল নে পাৰ্ট টাইম বজাৰ লগাই বহিছিল।
সেই বিদ্যালয়খনতে এবাৰ সমাজবিজ্ঞান বিষয়ৰ প্ৰশ্ন কাকতত এটা প্ৰশ্ন আহিল যে খেতিয়কৰ খেতি বিনষ্ট কৰা যিকোনো তিনিটা শত্ৰুৰ নাম লিখা।সকলোবোৰ বিদ্যাৰ্থীয়ে নিজৰ নিজৰ মতে উত্তৰ লিখিলে। এজন ছাত্ৰই বাকী ছাত্ৰবোৰতকৈ অকণমান অন্যধৰণে উত্তৰটো লিখিলে। সি লিখিলে, "ভাটৌ, নিগনি আৰু আমুক গুৰুদেৱ।" উত্তৰ বহীখন পৰীক্ষণ কালত গুৰুদেৱৰ নামটো উজলি উঠিল।ল’ৰাটোক সামূহিক পিতন দিয়া হ'ল। কিন্তু ইয়াৰ পাছতো ল’ৰা-ছোৱালীহঁতৰ দ্বাৰা পাচলি অনোৱা কাৰবাটো নকমিল। যিটো ল’ৰাই পিতন খাইছিল সি ফেল কৰিব বুলি ভয়তে আগতকৈয়ো অলপ বেছিকৈহে পাচলি অনা হ’ল।লাহে লাহে গাঁৱৰ সজাগ জনতাই “ল’ৰা-ছোৱালীয়ে পঢ়া-পাতি কমকৈ কৰে আৰু সৰহভাগ সময় গুৰুসকলৰ বাবে খেতিৰ পাচলি তোলাত কটায়” বুলি প্ৰধান শিক্ষকৰ ওচৰলৈ অভিযোগ আনিবলৈ ধৰিলে।
কথাটোতো সঁচাই আছিল; কিন্তু বিদ্যাৰ্থীহঁতক পাচলি আনিবলৈ মানা কৰে কোনে! প্ৰধান শিক্ষক মহোদয়ো এই ৰোগত জৰ্জৰিত হৈ আছিল।গুৰুসকলে বিদ্যাৰ্থীহঁতৰ দ্বাৰা পাচলি অনোৱা কথাটো লাহে লাহে গোটেই গাঁওখনতে জুইৰ দৰে বিয়পি পৰিল। ঘৰে ঘৰে পঞ্চায়তৰ মেল বহিল যে সকলো ছাৰ-বাইদেৱে ল’ৰা-ছোৱালীহঁতৰ দ্বাৰা পাচলি আদি খুজি পঠিয়ায়। এই কাৰবাৰটো ৰোধ কৰিব লাগে।
অৱশেষত প্ৰধান শিক্ষক মহোদয়ে নিজৰ ইচ্ছাৰ বিৰুদ্ধে গৈ সকলো শিক্ষকক মৌখিকভাবে আদেশ দিলে যে স্কুলৰ সময়ত যেন কোনো ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা পাচলি অনোৱা নহয়।
পাঁচ-সাতদিনমান আদেশটো পালন কৰা হ’ল। কিন্তু ল’ৰা-ছোৱালীহঁতেও যে গুৰুসকলৰ সেৱা-সৎকাৰ নকৰাকৈ থাকিব নোৱাৰা হ’ল। সিহঁতে এতিয়া প্ৰধান শিক্ষক মহোদয়ক অন্য গুৰুসকলতকৈ বেছিকৈ পাচলি আনি দিবলৈ ধৰিলে।
প্ৰধান শিক্ষক মহোদয়ে পাচলিবোৰ লোৱাৰ সময়ত সিহঁতক সোধে, “ল’ৰা-ছোৱালীহঁত, তহঁতে এই পাচলিবোৰ স্কুলৰ সময়তটো লৈ অনা নাই। নহয়নে?”
“নাই মহোদয়, স্কুল ছুটি হোৱাৰ পাছতহে তুলি আনিছিলোঁ।”
পাচলি অনা কামটো এতিয়াও চলি আছে। আনকি বহুকেইজন গুৰুৱে ল’ৰা-ছোৱালীৰ পৰা পাচলি লোৱাৰ সময়ত কৈ দিয়ে যে “যিয়ে কৰিব সেৱা-সৎকাৰ, তাৰেই ভাগ্য জাতিষ্কাৰ।”

Friday, May 15, 2015

সুখী ৰাজকোঁৱৰজন


মূল: The Happy Prince অস্কাৰ ৱাইল্ড 


চহৰখনৰ আটাইতকৈ ওখ ঠাইডোখৰতে ৰাজকোঁৱৰজনৰ মূৰ্তিটো ঠিয় হৈ আছিল। ৰাজকোঁৱৰজনৰ গোটেই মূৰ্তিটো সোণেৰে সজা আৰু তেওঁৰ চকুদুটা নীলা আৰু কঁকালখন ৰঙা ৰত্নৰে খচিত হৈ আছিল। সকলোৱে ইমান মূল্যবান মণি-মুকুতাই আৱৰি থকা ৰাজকোঁৱৰৰ মূৰ্তিটো দেখি তেওঁক সুন্দৰ আৰু সুখী বুলিয়ে ধাৰণা কৰি লৈছিল।

তোমালোক কিয় সেই সুখী ৰাজকোঁৱৰজনৰ দৰে নোহোৱা?”—যেতিয়া লৰাবোৰে কান্দে তেতিয়া সিহঁতৰ মাকহঁতে এইদৰে কয়।
দুখীজনে আকৌ মূৰ্তিটোলৈ চাই কয়, “কোনোবা যে অন্ততঃ এই পৃথিৱীত সুখী, তাকে দেখি মই সন্তোষ লাভ কৰোঁ।

কোনোবা এনিশা এটি সৰু চৰাই অকলে চহৰখনৰ মাজেৰে উৰি গৈ আছিল। তাৰ লগৰ আনবোৰ চৰাই তেতিয়া ইজিপ্তলৈ গুচি গৈছে। আজি নিশাটো মই কত কটাব পাৰিম?” বুলি চৰাইটোৱে ভাবি থাকোঁতেই সি সুখী ৰাজকোঁৱৰৰ মূৰ্তিটো দেখা পালে। মনতে ভাবিলে, “আজিৰ নিশাটো মই ইয়াতে কটাব পাৰিম। এইটো যথেষ্ট ওখ, সেয়েহে ইয়াত বহুল পৰিমাণে মুকলি বতাহ পোৱা যাব।

চৰাইটো ৰাজকোঁৱৰৰ মূৰ্তিটোৰ ভৰি দুখনৰ মাজতে উৰি আহি পৰিলহি। সি ৰং পাই ভাবিলে, “বাঃ আজি মোৰ এটা সোণৰ শোৱা খোটালি আছে। এইবুলি সি মূৰটো পাখি দুখনৰ মাজত গুজি দিবলৈ লওঁতে ডাঙৰ পানীৰ টোপাল এটা তাৰ গাত পৰিল।

ওপৰলৈ চাই সি আচৰিত হৈ ভাবিলে, “কি আচৰিত! আকাশত অকণো ডাৱৰ নাই, অথচ বৰষুণ সৰিবলৈ আৰম্ভ কৰিছে। আকৌ এটোপাল পানী পৰাৰ পাছত সি ভাবিলে, “যিটো মূৰ্তিৰ তলত আশ্ৰয় লোৱাৰ পাছতো মূৰ্তিটোৱে মোক বৰষুণৰ পৰা সুৰক্ষা দিব নোৱাৰে সেইটো মূৰ্তিৰ তলত মই নথকাই শ্রেয়। মই অন্য কোনো ঠাইহে বিচাৰি লোৱা যুগুত হব। এইবুলি সি উৰি যাবলৈ সিদ্ধান্ত ললে। উৰি যাবলৈ তাৰ দুপাখি মেলাৰ মুহূৰ্ততে তৃতীয় টোপাল পানী তাৰ গাত পৰিল। ওপৰলৈ মূৰ তুলি চাই সি আচৰিত হৈ গল।

অহ্, এয়া সি কি দেখিছে? সুখী ৰাজকোঁৱৰজনৰ চকুযুৰি লোতকেৰে উপচি পৰিছে। অশ্ৰুকণাবোৰ তেওঁৰ সোণালী দুগালেৰে বৈ আহিছে। ৰাজকোঁৱৰজনৰ মুখখন মাজনিশাৰ জোনৰ পোহৰত চিকমিকাই খুব শুৱনি দেখা হৈছিল। দুগালেৰে লোতক বৈ অহা ৰাজকোঁৱৰৰজনলৈ চৰাইটোৰ অন্তৰে হাঁহাকাৰ কৰি উঠিল।

তুমি কোন?” চৰাইটোৱে সুধিলে।
ময়েই সুখী ৰাজকোঁৱৰজন।
তেন্তে তুমি কিয় কান্দিছা? তোমাৰ চকুলোৰে মই তিতি গৈছোঁ।
মই যেতিয়া জীয়াই আছিলোঁ, মোৰো আন মানুহৰ দৰে এখন হৃদয় আছিল। ৰাজকোঁৱৰে কবলৈ আৰম্ভ কৰিলে, “কিন্তু মই জনা নাছিলোঁ, চকুপানী মানে কি! মই এনে এক প্ৰাসাদত জীৱন নিৰ্বাহ কৰিছিলোঁ যত দুখৰ কোনো লেশ নাছিল। দিনৰ ভাগত মই বাগিচাত মোৰ বন্ধু-বান্ধৱৰ সতে খেলিছিলোঁ আৰু সন্ধিয়াৰ সময়ছোৱা মই নাচি-বাগি কটাইছিলোঁ। এখন প্ৰকাণ্ড প্ৰাচীৰে বাগিচাখনৰ চাৰিওফাল আগুৰি আছিল। কিন্তু মই জনা নাছিলোঁ প্ৰাচীৰখনৰ সিটো পাৰে কি আছিল! সেইবাবে সকলোৱে মোক সুখী ৰাজকোঁৱৰ বুলি সম্বোধন কৰিছিল। মই মোৰ সৰু পৃথিৱীখনতে সুখী আছিলোঁ। এতিয়া মই মৃত আৰু তেওঁলোকে মোক মৃত্যুৰ পাছত এই ওখ ঠাইডোখৰতে স্থান দিলে। ইয়াৰ পৰা মই মোৰ চহৰৰ সকলোবোৰ দুখ দেখা পাওঁ। এতিয়া মোৰ হৃদয়খন মাথোঁ এডোখৰ সস্তীয়া ধাতুৰে গঢ়া। তথাপিও কিন্তু দুখবোৰ ধাতুৰে গঢ়া এই সন্তাপিত হৃদয়ে অনুভৱ কৰিব পাৰে আৰু সেইবাবে মই কান্দোঁ।
অহ চৰাইটোৱে নিজকে কবলৈ ধৰিলে, “তেওঁ গোটেইটো সোণৰ নহয় মাথোঁ বাহিৰৰখিনিহে সোণেৰে সজা।
ইয়াৰ পৰা কিছু নিলগৰ এটা বাটৰ দাঁতিত এটা সৰু জুপুৰি ঘৰ আছে। ৰাজকোঁৱৰে পুনৰ কবলৈ আৰম্ভ কৰিলে। জুপুৰিটোৰ খোলা খিড়িকীৰে এখন মেজত এগৰাকী মহিলাক মই দেখা পাইছোঁ। তাইৰ মুখখন খুব ক্ষীণ আৰু হাতদুখন ৰঙা আৰু খহটা। তাই ৰজাৰ প্ৰাসাদত হবলগীয়া এটি নৃত্যানুষ্ঠানৰ ৰাণীৰ সহযোগীসকলৰ বাবে কাপোৰ বৈ আছে। তাইৰ কণমানি পোনাটো কোঠাটোৰ এচুকৰ বিচনাখনত পৰি কান্দি আছে। তাৰ বৰ অসুখ! তাৰ মাকে তাক নদীৰ পানীৰ বাহিৰে খাবলৈ আন একো দিব নোৱাৰে। হেৰা সৰু চৰাইটি, তুমি মোৰ ৰঙা মাণিকটো তাইৰ ওচৰলৈ লৈ যাবা নে? মই যে ইয়াৰ পৰা এখোজো লৰচৰ কৰিব নোৱাৰোঁ!
মোৰ লগৰীয়াবোৰে মোৰ বাবে ইজিপ্তত অপেক্ষা কৰি আছে। সৰু চৰাইটিয়ে কৈ উঠিল।
সৰু চৰাইটি,  সৰু চৰাইটি ৰাজকোঁৱৰে কবলৈ ধৰিলে, “অনুগ্ৰহ কৰি মাথোঁ এটা নিশা মোৰ লগত কটোৱা আৰু মোৰ বাবে এই কামটো কৰি দিয়া। কণমানি পোনাটোৱে কান্দি আছে আৰু তাৰ মাকে তাৰ কান্দোন দেখি বৰ কষ্ট পাইছে।

সুখী ৰাজকোঁৱৰজনৰ মুখখন দুখত মোলান পৰি যোৱা দেখি চৰাইটিও ৰাজকোঁৱৰৰ দুখত পমি গল। আজি ইয়াত অতিপাত জাৰ পৰিছে চৰাইটিয়ে কবলৈ ধৰিলে, “তথাপিও মই তোমাৰ লগত এনিশাৰ বাবে থাকিম। কালিলৈ মই ৰঙা মাণিকটো লৈ তাইৰ ওচৰলৈ যাম।
ধন্যবাদ, সৰু চৰাইটি। ৰাজকোঁৱৰজনে শলাগিলে।

*

চৰাইটিয়ে ৰাজকোঁৱৰৰ কঁকালৰ পৰা সেই প্ৰসিদ্ধ ৰঙা মাণিকটো লৈ চহৰখনৰ ওপৰেৰে উৰি যাবলৈ ধৰিলে। সি ৰজাৰ প্ৰাসাদৰ ওপৰেৰে উৰি যাওঁতে নৃত্য-গীতৰ ধ্বনি শুনা পালে। প্ৰাসাদৰ খিড়িকী এখনৰ মুখত প্ৰেমিকৰ সতে এজনী সুন্দৰী যুৱতীক সি দেখা পালে। যুৱতীগৰাকীয়ে কৈ আছিল, “আশা কৰোঁ, অহা সপ্তাহত হবলগীয়া নৃত্যানুষ্ঠানৰ বাবে মোৰ পোচাকযোৰ সাজু হৈ উঠিব। সেই শিপিনীকেইগৰাকী বৰ লেহেম।

চৰাইটি উৰি উৰি নদীখন পাৰ হৈ গল আৰু উৰি গৈ থাকিল। অৱশেষত সি সেই জুপুৰি ঘৰটো পালে আৰু ভিতৰলৈ জুমি চালে। কণমানি পোনাটি বিচনাখনতে পৰি আছিল। তাৰ মাকজনীৰ ইমান ভাগৰ লাগিছিল যে টোপনিত লালকাল হৈ আছিল। চৰাইটি ভিতৰলৈ সোমাই গল আৰু সেই প্ৰসিদ্ধ ৰঙা মাণিকটো মেজখনতে থৈ দিলে। তাৰ পাছত সি বিচনাখনৰ ওচৰলৈ গৈ উৰি উৰি পোনাটিৰ মুখখনত তাৰ ডেউকা কোবাই কোবাই বতাহৰ বা দিবলৈ ধৰিলে।

আস্! মোৰ মুখখন এতিয়া আৰু ইমান গৰম যেন লগা নাই। মই লাহে লাহে সুস্থ হবলৈ লৈছোঁ। এইবুলি কৈ পোনাটি শুই পৰিল।

তাৰপাছত চৰাইটি সুখী ৰাজকোঁৱৰৰ ওচৰলৈ উৰি উৰি উভতি আহিল।
কি আচৰিত!”— চৰাইটিয়ে কলে, “ইয়াত এতিয়া ইমান জাৰ, কিন্তু মই যথেষ্ট উত্তাপহে অনুভৱ কৰিছোঁ।
কাৰণ, তুমি এটা ভাল কাম কৰি আহিছা।”, সুখী ৰাজকোঁৱৰে কলে।
কিছুপৰৰ পাছতে সৰু চৰাইটি টোপনিত ধলি পৰিল।

*

সূৰ্য উদয়ৰ পাছত চৰাইটি নদীখনলৈ উৰি গল। এজন বুদ্ধিমান মানুহে তাক দেখা পাই মনতে ভাবিলে, “এয়া খুব অগতানুগতিক। এনেকুৱা চৰাই! ইয়াত! ইমান জাৰত!! এই কথাষাৰ মই নিশ্চয় টোকাবহীত টুকি ৰাখিব লাগিব।

মই আজি নিশা ইজিপ্তলৈ যাম। চৰাইটিয়ে ভাবিলে।

যেতিয়া আকাশত জোনে মিচিকিয়ালে তেতিয়া চৰাইটি উৰি গৈ ৰাজকোঁৱৰৰ ওচৰ পালেগৈ। ইজিপ্তত মই তোমাৰ বাবে কিবা কৰি দিব লাগিব নেকি?” সি ৰাজকোঁৱৰক সুধিলে।
সৰু চৰাই অ সৰু চৰাই”, ৰাজকোঁৱৰজনে কবলৈ ধৰিলে, “অনুগ্ৰহ কৰি তুমি মোৰ সতে আৰু এটি নিশা কটাবা নে?”
মোৰ লগৰীয়াবোৰে মোৰ বাবে অপেক্ষা কৰি আছে। চৰাইটিয়ে উত্তৰ দিলে।
চহৰখনৰ পৰা কিছু নিলগত এটা ঘৰৰ ওপৰৰ সৰু কোঠালি এটাত মই এজন উঠি অহা ডেকা লিখক দেখা পাইছোঁ।”, ৰাজকোঁৱৰে কবলৈ ধৰিলে, “কাগজেৰে পৰিপূৰ্ণ হৈ থকা এখন মেজৰ সন্মুখত তেওঁ বহি আছে। তেওঁৰ ওচৰতে আছে কেইপাহমান মৰহি যোৱা ফুল। তেওঁ তেওঁৰ কাহিনীটো লিখি শেষ কৰিবলৈ চেষ্টা কৰি আছে। কিন্তু তেওঁক জাৰে হেঁচা মাৰি ধৰা বাবে তেওঁ কলম তুলি লবলৈ ব্যৰ্থ হৈছে। তেওঁৰ কোঠালিত জাৰ নিবাৰণ কৰিব পৰাকৈ জুই একুৰাও জ্বলাই থোৱা নাই। তেওঁ ভোকাতুৰ আৰু দুৰ্বল।
মই তোমাৰ সতে আৰু এটা নিশা পাৰ কৰিম।”, চৰাইটিয়ে কলে, “তেওঁৰ বাবে মই কি লৈ যাব লাগিব?”
তেওঁৰ বাবে মোৰ এটা চকু লৈ যোৱা।”, ৰাজকোঁৱৰে কলে, “সেই দুটা ভাৰতবৰ্ষৰ পৰা অনা ধুনীয়া নীলা ৰত্নেৰে সজোৱা হৈছে। ডেকা মানুহজনে সেইটো বিক্ৰী কৰিব পাৰিব আৰু নিজৰবাবে প্ৰয়োজনীয় খাদ্য আৰু কাঠ কিনিব পাৰিব। লগতে তেওঁৰ কাহিনীটোও শেষ কৰিব পাৰিব।
তোমাৰ চকু উলিয়াই নিম?”, চৰাইটিয়ে চিঞৰি উঠিল। মৰমৰ ৰাজকোঁৱৰ, মই সেই কাম কৰিব নোৱাৰিম। বুলি হুকহুকাই সি কান্দিবলৈ ধৰিলে।
তাকেই কৰা।”, ৰাজকোঁৱৰে কলে।

ৰাজকোঁৱৰে কোৱাৰ দৰে চৰাইটিয়ে তেওঁৰ এটা চকু উলিয়াই লৈ উৰি উৰি গৈ সেই মানুহজনৰ কোঠালিটো পালেগৈ। মানুহজনৰ কোঠালিটোলৈ সোমাই যোৱাটো চৰাইটিৰ বাবে বৰ সহজ আছিল, কাৰণ তেওঁৰ ঘৰৰ চালখনত এটা ফুটা আছিল। মানুহজনে মূৰে-কপালে হাত দি বহি ভাবনাত মগ্ন হৈ আছিল বাবে চৰাইটিৰ ডেউকাৰ ঢপঢপনি শুনা নাপালে। যেতিয়া তেওঁ মূৰ তুলি চালে তেওঁৰ কোঠালিৰ মৰহি যোৱা ফুলকেইপাহৰ ওপৰতে সেই ধুনীয়া নীলা ৰত্নটো দেখা পালে।

কোনোবাই নিশ্চয় মোৰ কাহিনীটো ভাল পাইছে।”, তেওঁ আনন্দত কান্দি উঠিল, “যিয়ে মোৰ কাহিনীটো পঢ়িছে এয়া নিশ্চয় তেওঁৰ পৰা পোৱা এক উপহাৰ। এতিয়া মই মোৰ কাহিনীটো শেষ কৰিব পাৰিম।

*

পিছদিনাখন চৰাটিয়ে উৰি নদীখনলৈ নামি আহিল। সি নাবিকসকলক জাহাজত কাম কৰি থকা দেখা পালে। মই ইজিপ্তলৈ গৈ আছোঁ। বুলি সি কান্দিবলৈ ধৰিলে যদিও কোনেও তাৰফালে কাণ নিদিলে।

যেতিয়া জোন ওলাল তেতিয়া সি সুখী ৰাজকোঁৱৰৰ ওচৰলৈ উভতি গৈ কলে, “মই তোমাক বিদায় জনাবলৈ আহিলোঁ।
সৰু চৰাই,  সৰু চৰাই”, ৰাজকোঁৱৰে কলে, “অনুগ্ৰহ কৰি আৰুএটা নিশা তুমি মোৰ লগত কটাবা নে?”
এয়া শীতকাল আৰু সোনকালে ইয়াত তুষাৰপাতো হব।”, চৰাইটিয়ে কলে, “ইজিপ্তত এতিয়া ৰদজাক ভাল আৰু তাত গছবোৰো সেউজীয়া হৈ আছে। মৰমৰ ৰাজকোঁৱৰ, মই এতিয়া তোমাক এৰি যাবই লাগিব। কিন্তু মই কাহানিও তোমাক নাপাহৰোঁ।
ইয়াৰ পৰা অকণমান আঁতৰত এজনী ছোৱালী থিয় হৈ আছে। তাই কণী বিক্ৰী কৰি আছে। তাই বিক্ৰী কৰিবলৈ অনা কণীবোৰৰ আটাইকেইটা মাটিত পৰি ভাগি গল। সেয়ে ঘৰলৈ নিবলৈ তাইৰ হাতত টকা-শিকি একো নাই। ঘৰলৈ সুদা হাতে উভতি গলে তাইৰ বাপেকে তাইক এচাৰিৰে কোবাব। অ সৰু চৰাই, মোৰ আনটো চকুও উলিয়াই লৈ গৈ সেইটো তাইক দি আহাগৈ।
মই তোমাৰ সতে আৰু এটা নিশা কটাম বাৰু!”, সৰু চৰাইটিয়ে কলে, “কিন্তু মই তোমাৰ আনটো চকু উলিয়াই নিব নোৱাৰোঁ। যদি সেয়া কৰোঁ তুমি দেখোন নেদেখা হৈ যাবা!
তাকেই কৰা।”, ৰাজকোঁৱৰে কলে।

চৰাইটিয়ে ৰাজকোঁৱৰৰ আনটো চকু উলিয়াই সেইটো লৈ ছোৱালীজনীৰ ওচৰলৈ উৰি গল আৰু তাইৰ হাতত সেই নীলা ৰত্নটি গুজি দিলে।
আস্, এয়া এডোখৰ ধুনীয়া কাঁচ! ছোৱালীজনী আনন্দত কান্দি উঠিল আৰু তাই হাঁহিমুখে ঘৰলৈ লৰ মাৰিলে।

তাৰপাছত চৰাইটি ৰাজকোঁৱৰৰ ওচৰলৈ উভতি আহিল।
তুমি এতিয়া নেদেখা হৈ গলা। গতিকে মই তোমাৰ লগতে থাকিম।”, চৰাইটিয়ে ৰাজকোঁৱৰক কলে।
নাই নাই অস্থিৰ কণ্ঠেৰে ৰাজকোঁৱৰে কলে, “তুমি ইজিপ্তলৈ যোৱা উচিত।
মই তোমাৰ লগতেই থাকিম। পুনৰ এইদৰে কৈ চৰাইটি ৰাজকোঁৱৰৰ ভৰিৰ ওচৰতে শুই থাকিল।

পিছদিনা চৰাইটি ৰাজকোঁৱৰৰ লগত থাকিল আৰু সি ভ্ৰমি ফুৰা বিভিন্ন ঠাইৰ নানা তৰহৰ বিস্ময়জনক আৰু সুন্দৰ কাহিনী কিছুমান তেওঁক কৈ শুনালে।

মৰমৰ সৰু চৰাইটি, তুমি মোক কিছুমান বিস্ময়জনক আৰু সুন্দৰ কথা কৈ শুনালা।”, ৰাজকোঁৱৰে কলে, “কিন্তু পুৰুষ আৰু মহিলাৰ যাতনা, পীড়া আন যিকোনো কথাতকৈ বেছি আশ্চাৰ্যজনক। মোৰ চহৰখনৰ ওপৰেৰে উৰি উৰি এপাক ঘূৰি আহা, সৰু চৰাই। তুমি কত কি কি দেখিলা মোক আহি কবাহি।

অকণমানি জীৱটোৱে গোটেই চহৰখন উৰি ফুৰিবলৈ ধৰিলে। সি দেখিলে যে চহকী মানুহবোৰে সিহঁতৰ ধুনীয়া ঘৰবোৰত খোৱা-বোৱা কৰি আছে আৰু দুখীয়াবোৰে জপনামুখতে বহি আছে। সি এটা আন্ধাৰ পথলৈ উৰি গল। তাত সি ভোকত শেঁতা পৰি যোৱা মুখেৰে বিমৰ্ষ নয়নেৰে থকা দুটি শিশু দেখা পালে। এখন দলঙৰ তলত শিশু দুটিয়ে জাৰৰ পৰা ৰক্ষা পাবৰ বাবে ইটোৱে সিটোক সাৱতি ধৰি পৰি আছিল।
আমাৰ খুব ভোক লাগিছে। শিশু দুটিয়ে কৈছিল।
তহঁত ইয়াত পৰি থাকিব নোৱাৰ। পহৰাদাৰজনে চিঞৰি উঠিছিল।

তাৰপাছত চৰাইটি উৰি গৈ ৰাজকোঁৱৰজনক সকলো বিৱৰি কলে।
মোৰ গোটেই দেহটো নিভাঁজ সোণে আৱৰি আছে। ৰাজকোঁৱৰে কলে, “ইয়াৰ পৰাই ডোখৰ ডোখৰকৈ সোণ লৈ যোৱা আৰু মোৰ চহৰৰ দুখীয়া মানুহবোৰক বিলাই দিয়াগৈ।

চৰাইটোৱে যেতিয়ালৈকে সুখী ৰাজকোঁৱৰজন দেখিবলৈ ধূষৰ আৰু আপচু নহল তেতিয়ালৈকে টানি টানি সোণবোৰ তেওঁৰ গাৰ পৰা এৰুৱাই পেলালে আৰু সোণবোৰ লৈ গৈ দুখীয়া মানুহবোৰক দিলে। ভোকাতুৰ শিশুকেইটাৰো মুখকেইখন উজলি উঠিল। সিহঁতে কান্দি পেলালে, “এতিয়া আমি খাবলৈ খাদ্য পাম।

*

লাহে লাহে তুষাৰপাত হবলৈ আৰম্ভ কৰিলে। তুষাৰপাতৰ পাছতে বৰফো পৰিবলৈ ধৰিলে আৰু শীতৰ প্ৰকোপত বৰফবোৰ ঘৰৰ চালৰ পৰা ডাঠকৈ ওলমি থাকিবলৈ ধৰিলে। সকলোৱে ডাঠ ডাঠ কোটচোলা পিন্ধিবলৈ ললে।

সৰু চৰাইটিৰ বেছিকৈ জাৰ লাগি আহিবলৈ ধৰিলে। সি ৰাজকোঁৱৰজনক এৰি থৈ নগ, কাৰণ সি তেওঁক খুব ভাল পায়। কিন্তু ঠেঁটুৱৈ লগা জাৰৰ প্ৰকোপত সি এতিয়া মৃত্যমুখী যাত্ৰী।

বিদায়, মৰমৰ ৰাজকোঁৱৰ! তোমাক মই এটা চুমা খাব পাৰোঁ নে?”, চৰাইটিয়ে কলে।
মই আনন্দিত হৈছোঁ যে তুমি ইজিপ্তলৈ যাবলৈ ওলাইছা।”, ৰাজকোঁৱৰে কলে, “তুমি মোৰ লগত বেছ কিছুদিন থাকিলা। তুমি মোক চুমা খোৱা, কাৰণ মই তোমাক ভাল পাওঁ।
মই ইজিপ্তলৈ নহয়, নিয়তিৰ ঘৰলৈহে যাবলৈ ওলাইছোঁ। বুলি চৰাইটিয়ে ৰাজকোঁৱৰক চুমা খালে আৰু তেওঁৰ ভৰিৰ ওচৰতে পৰি মৰি থাকিল। ঠিক সেই মুহূৰ্ততে মূৰ্তিটোৰ ভিতৰৰ পৰা এটা অদ্ভুত শব্দ ওলাল কেৰেক…”— ধাতুৰে গঢ়া হৃদয়খন ভাগি দুটুকুৰা হৈ গল।

পিছদিনা খুব ৰাতিপুৱাই চহৰখনৰ এজন বিশিষ্ট ব্যক্তি তেওঁৰ দুজন বন্ধুৰ সতে খোজ কাঢ়ি গৈ আছিল। তেওঁ মূৰ্তিটোলৈ মূৰ তুলি চালে। সুখী ৰাজকোঁৱৰজনক বৰ উজ্জ্বল যেন দেখা হোৱা নাই!”, মানুহজনে কলে, “তেওঁৰ ৰঙা মাণিকটো অন্তৰ্দ্ধান হৈছে, চকু দুটাও নাই আৰু তেওঁ সোণৰো নহয়! তেওঁক ভিক্ষাৰী যেন দেখা হৈছে।
হয় হয়, তেনেকুৱাই লাগিছে। মানুহজনৰ বন্ধু এজনে কলে।
তেওঁৰ ভৰিৰ ওচৰতে এটা চৰাই পৰি মৰি আছে! আমি এটা নিৰ্দেশ জাৰি কৰিব লাগিব যে ইয়াত চৰাই মৰিব নোৱাৰে।”, বিশিষ্ট ব্যক্তিগৰাকীয়ে কলে।

সিহঁতে সুখী ৰাজকোঁৱৰজনৰ মূৰ্তিটো নমাই অনালে আৰু জুইত জাপি দিলে। উজ্জ্বল ধাতুৰ টুকুৰা কিছুমান মূৰ্তিটোৰ পৰা কিছু আঁতৰলৈ নিজৰি ওলাই গল।
আচৰিত! মূৰ্তিটো জুইত জাপি দিয়া বনুৱাকেইজনে কলে, “মূৰ্তিটোৰ মাজভাগতে থকা এই ভগা টুকুৰাকেইটা ইমান কঠিন হৈ আছে! আমি এইখিনি নিলগত পেলাই দিয়াহে শ্ৰেয় হব। এইবুলি সিহঁতে ধাতুৰ টুকুৰাকেইটা মৃত বিহংগটোৰ সৈতে দূৰৈত পেলাই দিলে।

*

পৰমব্ৰহ্মই তেওঁৰ অনুচৰসকলক কলে, “মোক চহৰখনৰ আপুৰুগীয়া সম্পদ দুটা আনি দিয়া। অনুচৰসকলে তেওঁক টুকুৰা-টুকুৰ হৈ যোৱা ভগ্ন হৃদয়খন আৰু মৃত বিহংগটো আনি দিলে।
ঠিক, তোমালোকে মোলৈ আকাংক্ষিত সম্পদ দুটা আনিছা।”, পৰমব্ৰহ্মই কলে, “এই সৰু চৰাইটিয়ে চিৰদিন মোৰ বাগিচাত গীত গাব আৰু এই সুখী ৰাজকোঁৱৰজনে সদায় মোৰ সোণৰ চহৰখন শুৱনি কৰি থাকিব।

*****************
(মূল: “The Young King and Other Stories” Essex, Penguin Books, 2000)

সাহিত্য ডট্‌ অৰ্গৰ মে', ২০১৫ সংখ্যাত প্ৰকাশিত http://www.xahitya.org/2015/05/14/the-happy-prince-mitali_barman/ )