Pages

Showing posts with label কবিতা. Show all posts
Showing posts with label কবিতা. Show all posts

Tuesday, July 2, 2019

জোনৰ নামত নাখাবা শপত





একলা একলাকৈ বাঢ়ি অহা জোন!

ৰাতিৰ বুকুত জোনৰ মৰম
অবোধ কিশোৰীৰ দৰে ৰাতি
অযুত তৰালিৰ বুজনি নামানি
বাৰে বাৰে জোনৰ প্ৰেমত পৰে
প্ৰথম প্ৰেমত পৰা কিশোৰীৰ দৰে
....

ছলনাময়ী জোন!!

আশাবোৰ বাঢ়ি যায়
চন্দ্ৰকলাৰ দৰে
ৰাতিৰ বুকুত পূৰ্ণিমাৰ জোন
....

বিশ্বাসঘাতক জোন!!!

আশাবোৰত পোহৰ সিঁচা দিনবোৰতে
আঁতৰি যায়
ৰাতিৰ বুকুত অমানিশাৰ উচুপনি
....
----------------------------------
(জানুৱাৰী, ২০১১)

সাগৰখন ইয়ালৈ আনিব পৰা হ'লে!


সঁচাকৈ সাগৰখন ইয়ালৈ আনিব পৰা হ'লে!
তোমাৰ বুকুৰ হালধীয়া চোলাটো খুলি
পিন্ধাই দিলোঁহেঁতেন
মুঠি ভৰাই সাগৰীয় নীলা....

অবোধ কিশোৰ-কিশোৰীৰ দৰে
দেও দি ফুৰিম সাগৰৰ পাৰে পাৰে
বহুদূৰলৈ আগুৱাই যাম আমি
শামুকৰ পেটত মুকুতা বিচাৰি

সাগৰৰ বালি আৰু এটি জোনাকী ৰাতি
ঢৌবোৰে কৈ যাব মনৰ খবৰ
মোৰ দুচকুৰ লুণীয়াবোৰ মোহাৰি

সাগৰখনকে ওভতাই দিবাহি তুমি
ওঁঠত ফুলাই তুলিবাহি----
ৰামধেনুৰ বোল

তোমাৰ দুচকুৰ সুৰুযমূখী শিপাই যাব----
মোৰ হৃদয়লৈ
সাগৰখন ইয়ালৈ অহা হ'লে খুব ভাল হ'ব....
***************
(ছেপ্টেম্বৰ, ২০১১)


বৰষুণৰ এমুঠি কবিতা :



কবিতা (১)

এজাক বৰষুণ ৰৈ আছে মোলৈ মোৰ ঘৰৰ জপনামুখত....
মন্দাক্রান্তা, ওপচাই দিবাহি হৃদয়ত মোৰ----
মোৰ প্রিয় সেউজীয়া....

কবিতা (২)

মুঠি ভৰাই চপাই অনা ভাগৰত
সিঁচিব পাৰি নেকি দুচকুত
ৰূপকোঁৱৰৰ সাধু....

কবিতা (৩)

মাথো এটি নিশাৰ স্বপ্নহৈ নাহিবা তুমি
মোৰ কাজল-কলা দুচকুৰ কাজল ধুই নিবলৈ
বৰষুণ....

 কবিতা (৪)

মধুমালতী নিশাতো যে
দুচকুত মোৰ
তন্দ্রাৰ আৱেশ....

কবিতা (৫)

বৰষুণ, মোৰ দুচকুৰ কাজলবোৰ গলাই নি
আঁকিবা নেকি তুমি
ৰং হেৰুওৱা হৃদয়ৰ গাঁথা....

 কবিতা (৬)

মোৰ কাজল-কলা দুচকুত জুমি জুমি চাই
জুখিব খুজিছিলা নেকি মোৰ---- ভালপোৱা
বৰষুণ....

 কবিতা (৭)

ৰূপকোঁৱৰ মোৰ
তোমাৰ দেশতেই মোৰ আইতাৰ সাধ
দীঘলঠেঙীয়াৰো তাতেই বাস....

 কবিতা (৮)

বৰনৈখন বৰষুণত তিতি জুৰুলি-জুপুৰি হোৱা পৰত
এইবাৰ আমি নাওখেলৰ গীত গাম
চপচপীয়া হব আমাৰ সোণালী পথাৰ....
-------------------------------------------
(১০জুন, ২০১১)

জোনাকৰ এমুঠি কবিতা

(১)

লাইটবোৰ নুমুৱাই
খিড়িকীবোৰ খুলি দিছোঁ
এছাটি শান্ত স্নিগ্ধ জোনাক
সোমাই আহিছে মোৰ ঘৰলৈ
আজি মোৰ ঘৰলৈ আলহী হৈ আহিছে
ৰূপালী জোনাক

(২)

তোমাৰ অপেক্ষাত
গাভৰু হৈছে মোৰ চহৰ
কাতিৰ কুঁৱলীৰ চাদৰৰে
মেৰিয়াই ধৰিছে
মোৰ ভৰুণ চহৰৰ সেউজ হিয়া

(৩)

নিজৰি নিজৰি বয়
গলি যোৱা জোনাকবোৰ
হৃদয়ত নিগৰে ভগীৰথী গংগা

তৰাফুলা সাঁকোৰ বাট
জোনৰ দেশলৈ

(৪)

তৰাবোৰে সাধু ক
জোনাকত লহৰ তুলি
নিয়ৰৰ সতে লুকা-ভাকু খেলিব

(৫)

জোনাকবোৰ গলি গলে
আকাশত সপ্তর্ষিয়ে সভা পাতে
ৰজনীগন্ধাই তিয়াই যায়
সপ্তর্ষিৰ কাপ-মৈলাম

টোপে টোপে সৰি পৰে জোনাক

(৬)

ধুমুহা আহিলেও আহক
তুমি মাথোঁ সপোনবোৰ ভাঙি যাবলৈ নিদিবা
এতিয়াও যে লিখা হোৱা নাই
এমুঠি জোনাকৰ কবিতা

(৭)

শাৰদী হৃদয়ৰ
অভিমানৰ বাট কাটি
জোনাকৰ এপিয়লাত ডুব যাব
মোৰ উন্মনা চহৰৰ নিসংগতাবোৰ!

আৰু সপ্তর্ষিয়ে পহৰা দিয়া আকাশত
অনুৰাগৰ ওৰণি খহি
লমালমে ফুলি উঠিব
সুৰুযমুখী হাঁহি
**************
(২০১৩)

Monday, July 24, 2017

অন্তৰ্মুখ


চিট নে পট?
জীৱন নে মৃত্যু?
জীৱন সাঁথৰ
মৃত্যু সাঁথৰ

সাঁথৰৰ জঁট ভাঙি
ভাগৰি ভাগৰি আমি
তথাপি খামুচি থাকোঁ
এখন তেনেই ঠুনুকা সাঁকো

এটি পূৰ্ণিমাৰ ৰাতি
অচ্যুতৰো কক্ষচ্যুতি হয়
কক্ষচ্যুতিৰ সন্মোহনীত
এটা এটাকৈ নক্ষত্ৰ সৰি পৰে
অযুত নাঙঠ চকুত
দুখৰ দাগ কাটি
সেই বাটতেই তন্ময় হৈ
জাহ যায় অৰ্ণৱত
আৰু জাহ যায় বহুতো
চিনাকি-অচিনাকি মুখ!
মানুহৰ ভীৰত
বিদিশাও দিশহাৰা হয়!

সেইবাট বাট নহয়
সেইবাট বাট নাছিল
কক্ষচ্যুতৰ কোনো বাট নাই
কোনো আকৰ্ষণ নাই
মাথোঁ প্ৰলয় নমায়
কক্ষ হেৰুৱাই

সকলোৰে কাহিনী থাকে
সকলোৰে কাহিনী আছে
বাজিব পাৰে তাত
সুখৰ চানাই
অথবা দুখৰ বাঁহী

মানুহৰ সমাজত সিঁচি ৰংমিলিৰ হাঁহি
আৰু বুকুৰ গহীনত
উমি উমি জ্বলে কিবা
জীয়া কাহিনী
পৃথিৱীক নজনালে
পৃথিৱীয়ে নাজানিলে
কোন কাৰ কিমান আপোন
কোন কাৰ কিমান পৰ!
কথা নহয় যেন এক জীয়া সপোন!
দাপোণ দাপোণ
'ত ভাগি শেষ কৰিলি সপোন!!

বুকুত উজান-ভাটি কৰে
হৃদয় কঁপোৱা গানে
বাৰে বাৰে বাজে কিয়
বিষাদৰ তানপুৰা

জীৱন নে মৃত্যু?
যুগান্তৰৰ এক অবান্তৰ প্ৰশ্নৰ উত্তৰ
বিচাৰি পোৱা ইমান সহজ আছিল নেকি?

জীৱন সাঁথৰ হ'লেও
মৃত্যু তাৰ সহজ উত্তৰ নহয় কেতিয়াও
মৃত্যু তাৰ সহজ উত্তৰ নাছিল কেতিয়াও
সেউজীয়া দলিচাক
উৰুঙা কৰা
সেইবাট বাট নাছিল
সেই পথ কক্ষপথ নাছিল
সেই পথে ৰচিব জানে মাথোঁ মৰীচিকা
'ত চৌদিশে মাথোঁ
শূন্যতাৰ বালি আৰু ধুমুহা...

*********

পঞ্চভূত


*********
'ব্যোম'

জ্বৰীয়া গা লৈ আকাশখনে
মোৰ মুখলৈ চায়
মোৰো যে নৰীয়া!

মোৰ নৰীয়াপাটিৰ দুখত

কজলা মেঘকে সাৰথি কৰি
আকাশে এসোঁতা কান্দে৷

কান্দিলে হেনো মন পাতল হয়!

কমোৱা তুলাৰ বোকোচাত
আকাশে লুকাভাকু খেলে৷

আকাশ উদাৰ
, আকাশ বিশাল
ধেৎ! মোৰ নৰীয়াতো কান্দে!

***************************

'
ক্ষিতি'

খোজে প্ৰতি কোন যায়-

সৌৱা মোৰ আই
বুকু জুৰি ভৰি আছে
কেৱল ভালপোৱাৰ উত্তাপ
আৰু একো নাই
একো নাই

মই ঘূৰি নাচালেও

কেঁকুৰীৰ মূৰলৈ আয়ে
বেঙা মেলি চায়
দুচকুত তিৰবিৰায় ডাৱৰকণাই!

নোখোজাকৈ তেওঁ দিয়ে আৰু মই লওঁ

তেওঁ যে আই সকলো বুজে
সকলো বুজে৷
মই কেতিয়াও দিয়া নাই,
দিছোঁ যদি কেৱল মাথোঁ
জীৱনজোৰা ভৰ!

****************************
'মৰুৎ'

বুকুত দলিচা পাৰি বহি আছে তেওঁ

বুকুৰ পৰা সেওতালৈ এহাত মাথোন
দুপৰৰ দগমগ ৰঙা বেলি!

আপোনাৰ বাবে তেওঁ

বুজা-নুবুজাৰ অলেখ সাঁথৰ
আৰু মোৰ বাবে ফলিত পাতি থোৱা
এটি সৰল অংকৰ উত্তৰ
অথবা নিউটনৰ এটি গতি সূত্ৰ

চাকনৈয়াতো পাহৰিব নোৱাৰি যাক

স্পন্দিত স্পন্দন আৰু উশাহ
জীৱনৰ সোণোৱালী বাট
হাতে হাত ধৰি
খোজত মিলাই খোজ
আমাৰ এই অবিৰত যাত্ৰা শেষ প্ৰান্তলৈ!

***************************

'
অপ্'

মই কোন
?
আই, পিতা আৰু তেওঁৰ দৰৰ
পিতায়ে দিয়ে জলপটি
আয়ে পাতে কোলা
তেওঁ দিয়ে জীৱনৰ উদ্দেশ্য

মই নাথাকিলে তেওঁলোকৰ দুখ

থাকিলে সুখ
পাৰ ভাঙি বৈ গ'লে অসুখ

সকলোকে সুখী কৰাৰ দুখত

মই অসুখী
নৰীয়াপাটিত পিতায়ে দিয়ে জলপটি
আয়ে পাতে কোলা
তেওঁ দিয়ে জীৱনৰ উদ্দেশ্য!

**********************

'
তেজঃ'

কালিলৈ অৰুণোদই হ
'
নতুন পোহৰ বিলাব
নতুনৰ তপ্ত শিখাত
শতিকাৰ এলান্ধু পুৰি
প্ৰৌজ্জ্বল হ'ম আমি
উদ্দীপ্ত উত্তাপত জাহ যাব
পুৰণি দুখবোৰ

সদায় অনাৰ দৰে নতুনে

বিপ্লৱ আনিব
জাগৰণ হ'
অদূৰত বাজিব বাঁহী
আৰু আমাৰ প্ৰশান্তিৰ হাঁহি৷


*****************************

Sunday, May 1, 2016

অদম্য...


(প্ৰতিমা ঠাকুৰীয়া বাইদেউৰ সোঁৱৰণত...)

জীৱন - তোৰ চোতালত
কৃষ্ণচূড়া ফুলাৰ কথা আছিল
ৰঙা ৰঙা কৃষ্ণচূড়াৰ ফুলে
তোৰ আকাশত
ৰং সিঁচাৰ কথা আছিল
জীৱন তোৰেই বুকুলৈ
হাগ অহাৰ কথা আছিল
কথা আছিল
হেঁপাহৰ ৰামধেনুত
ৰঙা আবিৰ সনাৰ

জীৱন - তোৰ কথা মতেই
তোৰ চোতালত কৃষ্ণচূড়া ফুলিল
গালে-মুখে হেঁপাহৰ ৰং সানি
হাগো আহিল

জীৱন তই ক?
??

জীৱন তই নথকাৰ বেজাৰত
চোতালত এপাহ-দুপাহ
কৃষ্ণচূড়া সৰিল
বুকুৰ এচুকত বহাগে উচুপি উঠিল
খেপিয়াই চালে তোক
বুকুৰ বাহিৰে-ভিতৰে
জানোচা আকৌ আহি
হেঁপাহৰ গীত এটি জুৰে!

জীৱন তোক আদৰিবলৈ
কৃষ্ণচূড়াই নিৰবে
ৰঙা দলিচা পাতে।
কৃষ্ণচূড়াৰ দলিচাত জাপ ভঙা সাজ পিন্ধি
জীৱন - আজি তই দগমগ দগমগ
এটি ৰঙা বেলি

জীৱন মোৰ বুকুত তই
সুৰৰ লহৰ তোল,
এই জীৱনটোৰে হাঁহিখিনি বিলাই বিলাই দিলোঁ
শ্ৰোতা বন্ধু তুমিও অকণ লোৱা
জীৱনটোৰে কান্দোনখিনি নিজেই সাঁচি ললোঁ

জীৱন তই হেঙুলী ৰথত যোৱাৰ বেলা
দাউদাউকৈ সকলো ৰঙা হৈ পৰিল।
আৰু...
সকলো ৰিঙা হৈ পৰিল!
**********



(ফটো উৎস: ইণ্টাৰনেট)

Monday, March 21, 2016

মৃগতৃষ্ণা আৰু অৱচেতনৰ সাধু

মৃগতৃষ্ণা আৰু অৱচেতনৰ সাধু

বহুতো কথা
তেওঁৰ ডিঙিৰ কাষত লকলকাই থাকে
বহুদিনৰ মৌনতা ভাঙি
ওলাই আহিব খোজে কথাবোৰ

কথা চহকী দিনবোৰত
তেওঁৰ মনৰ মানুহ তেওঁৰ কাষত নাছিল
মানুহ থাকিলেও সময় নাছিল

তেওঁ বিদ্ৰোহ কৰিছিল
মানুহ আৰু সময়ৰ প্ৰতি
হাতত নিচান লৈ তেওঁৰ মৌন সমদল
সিদিনা মনৰ মানুহো আছিল
আৰু সময়ো আছিল
নাছিল কথা চহকী দিনবোৰ


মৌনতাৰ অন্তত

কথাৰ নৈ
চিনাকি-অচিনাকি মুখবোৰৰ মাজত সদাব্যস্ত তেওঁ
শংকাৰ ডাৱৰ কেতিয়াবা বৰষুণ হৈ নামে
মুহূৰ্তৰ বিৰতিত বৰষুণবোৰো ভাপ হৈ উৰে


কথাবোৰ লকলকাই থাকে

লকলকাই থকা কথাৰে বাৰিষাৰ বান নামে
চিনাকি-অচিনাকি মুখবোৰৰ মাজত
তেওঁ নিজকে হেৰুৱাই পেলায়
আৰু আমি বিচাৰি ফুৰোঁ তেওঁক
তেওঁ ঘূৰি ফুৰা তেওঁৰ আপোন আমাৰ অচিন পৃথিৱীত
আমাৰ খোজবোৰ কঁপি উঠে
খোজে প্ৰতি পিচলি পৰাৰ ভয়


কথা চহকী দিনবোৰ ঘূৰি আহে

এইবাৰ মনৰ মানুহো আছিল
সময়ো আছিল
কিন্তু আমাৰ বাবে নাছিল তেওঁ...


(http://www.xahitya.org/2016/04/25/%E0%A6%AE%E0%A7%83%E0%A6%97%E0%A6%A4%E0%A7%83%E0%A6%B7%E0%A7%8D%E0%A6%A3%E0%A6%BE-%E0%A6%86%E0%A7%B0%E0%A7%81-%E0%A6%85%E0%A7%B1%E0%A6%9A%E0%A7%87%E0%A6%A4%E0%A6%A8%E0%A7%B0-%E0%A6%B8%E0%A6%BE/)