"পানী খোৱা"
"গা ধোৱা"বাক্যাংশটোৰ ওপৰত সৰুকৈ লিখা টোকাটো
ৰাইজৰ নিশ্চয় মনত আছে৷ "গা ধোৱা"বাক্যাংশৰ বাক্য বিশেষে যিদৰে বিভিন্ন
অৰ্থ প্ৰকাশ হয় একেদৰে "পানী খোৱা" বাক্যাংশৰো বাক্য বিশেষে অৰ্থৰ
ভিন্নতা লক্ষ্য কৰা যায়৷ মনৰ মাজত পাগুলি থকা কথাবোৰৰ মাজৰ পৰা আজি আমি "পানী
খোৱা"ৰ বিষয়ে দুটামান কথা উনুকিয়াবলৈ বিচাৰিছোঁ৷
১/ "পানী খোৱা" বাক্যাংশৰ মূল অৰ্থটো হ'ল
পানী পি খোৱা কাৰ্যটো৷ পানীয়ে প্ৰাণীৰ প্ৰাণ৷ গতিকে জীৱ মাত্ৰে সকলোৱে পানী খায়৷
পানী জীৱৰ জীৱনৰ প্ৰাথমিক আধাৰ৷ সেয়ে মানুহে পানী খায়, অন্য
জীৱ-জন্তুৱেও পানী খায়৷
২/ "পুখুৰীত পিছলি পৰি তাই বাৰুকৈয়ে পানী
খালে৷"----- এই বাক্যটো পঢ়ি আপুনি ভুল নুবুজিব যে পানী খাবলৈ ছোৱালীজনী
পুখুৰীত কিয় পৰিল! দৰাচলে পানী খোৱাৰ উদ্দেশ্যেৰে তাই পুখুৰীত পৰা নাছিল৷
অসাৱধানবশতঃ তাই পুখুৰীত পিছলি পৰিছিল আৰু সাতুৰিব নজনা বাবে তাইৰ নাকে-মুখে পানী
সোমাই পেটলৈ গৈছিল; সেই অৰ্থতহে ইয়াত "পানী
খোৱা"বাক্যাংশৰ প্ৰয়োগ হৈছে৷
৩/ "পানী খাই আহি সি সদায় ঘৰত চিঞৰ-বাখৰ
কৰে৷"-----ঔ আই! ওপৰত কোৱা হৈছে যে পানীয়ে প্ৰাণীৰ প্ৰাণ৷ জীৱ মাত্ৰে সকলোৱে
পানী খায়৷ তেনেক্ষেত্ৰত পানী খাই চিঞৰ-বাখৰ কৰাটো আচহুৱা যেন লগা নাইনে! আচলতে এই
বাক্যটোত প্ৰাণীৰ প্ৰাণ পানীৰ কথা কোৱা হোৱা নাই৷ প্ৰাণীৰ প্ৰাণ হানি কৰা পানী
অৰ্থাৎ মাদক দ্ৰব্যৰ কথাহে কোৱা হৈছে৷ বাক্যটোত মাদক দ্ৰব্য সেৱন কৰি আহি তাৰ
নিচাতহে চিঞৰ-বাখৰ কৰা অৰ্থ বুজাইছে৷
৪/ "ইস্ এইটো দেখোন ভাতৰ লগত পানী খোৱা
কাম৷"----- ভাত খাই থাকোঁতে কেতিয়াবা ডিঙিত সোপা মাৰি লাগি ধৰে, কেতিয়াবা হিকটি আহে ইত্যাদি ইত্যাদি৷ তেতিয়া ততালিকে পানী এঢোক খাই
খাদ্যনলী পৰিষ্কাৰ কৰি লোৱা হয়৷ পানী খোৱা কামটো অতি সহজ কাম৷ এই বাক্যটোত বক্তাই
কৰিবলৈ লোৱা কামটো পানী খোৱাৰ দৰে সহজ, এই অৰ্থহে বুজাইছে৷
৫/ "চাদ ধালাই কৰাৰ পাছত কিছুদিন পানী খুৱাব
লাগিব৷"পকীঘৰ নিৰ্মাণ কাৰ্যত পানী এক অপৰিহাৰ্য আহিলা৷ বিল্ডিংঘৰৰ চাদ ধালাই
কৰা নাইবা বেৰবোৰ বা মজিয়াখন প্লাষ্টাৰ কৰাৰ পাছত সেইবোৰৰ গাঁঠনি মজবুত কৰিবলৈ
কিছুদিন পানী ঢালি ৰখা হয়৷ এইদৰে গৃহ নিৰ্মাণ কাৰ্যত পানী ঢলা কাৰ্যটো বুজাবলৈয়ো
"পানী খোৱা" বাক্যাংশৰ ব্যৱহাৰ দেখা যায়৷
৬/ হাৰাশাস্তি কৰা, যন্ত্ৰণা দিয়া, কষ্ট দিয়া আদি অৰ্থ বুজাবলৈয়ো "পানী খোৱা" বাক্যাংশৰ ব্যৱহাৰ
কৰা হয়। যেনে:
(ক) "ফেচবুকে বহুতকে ঘটে-ঘটে পানী খুৱাইছে।"
(খ) "এইবাৰৰ বানে ভালকৈ পানী খুৱালে।"
৭/ "বাইজনীয়ে পানী খোৱা হাত-ভৰিৰে আৰু কিমান কাম
কৰিব!" অনবৰতে পানী চুই থাকিলে নাইবা পানীতে হাত-ভৰি ভিজাই কাম কৰি থাকিলে
হাত-ভৰিৰ ছাল শেতা পৰে আৰু তাৰপাছত সেই অংশবোৰ ডাকি গৈ তাত অসহনীয় যন্ত্ৰণা হয়৷
ইয়াত "পানী খোৱা" বাক্যাংশই আমাক এটা ৰোগৰহে সংকেত দিছে৷
("গা ধোৱা" বাক্যাংশৰ বিষয়ে যিসকলে পঢ়া নাই
তেখেতসকলৰ বাবে http://www.mbarman.blogspot.in/2014/04/blog-post.html?m=1)
(টোকা: ৬/নং দফাৰ (ক) উদাহৰণটো অনিল বৰা ডাঙৰীয়াৰ
সংযোজন।)
No comments:
Post a Comment