Pages

Showing posts with label সৰু সৰু অনুভৱৰ খণ্ডছৱি. Show all posts
Showing posts with label সৰু সৰু অনুভৱৰ খণ্ডছৱি. Show all posts

Monday, March 28, 2016

সানমিহলি অনুভৱ

বিষয়: নাৰী

(১)

দিল্লীৰ হোলি বৰ বেয়া পাওঁ। প্ৰায় দহ দিনমান আগৰ পৰা বেলুনত পানী বা ৰং মিহলি পানী ভৰাই ৰাষ্টাৰে চিনাকি-অচিনাকি যিয়েই যায় সকলো মানুহৰ গালৈ দলি মাৰে। গাত পানী ভৰ্তি বেলুন পৰাজনেহে বুজি পায় সেইটো আহি গাত লাগিলে কিমান চেংচেঙাই যায়। যন্ত্ৰণাখিনি কাটি কৰি থ'লেও বেলুনটো ফাটি যে কাপোৰ তিয়াই সেয়া আৰু বিৰক্তিকৰ। তাতে দিল্লীৰ উতনুৱাখিনিৰ লক্ষ্য আকৌ ছোৱালীবোৰ আৰু ছোৱালীৰ স্পৰ্শকাতৰ ঠাইবোৰ। যেন সেই ঠাইখিনিলৈ বেলুন এটা মাৰি ফুটাব পাৰিলেই জীৱনৰ লক্ষ্য পূৰ্ণ হয়, যেন বহুদিনীয়া হাবিয়াস পূৰ্ণ হয় সিহঁতৰ চকুৱে-মুখে সেই ভাব-ভংগী। মুঠৰ ওপৰত সিহঁতৰ বাবে ই এটা বিকৃত মানসিক প্ৰাপ্তি আৰু প্ৰশান্তি।

(২)

মোৰ বান্ধবী আৰু মই প্ৰায়ে ভেলপুৰী খোৱা দোকানখনৰ মালিকজনৰ বয়স প্ৰায় ষাঠিৰ ওচৰা-ওচৰি। সদায় চাফা বগা কূৰ্তা-পায়জামা পিন্ধে। আজিও আমি তালৈ গৈ তেখেতক ভেলপুৰী দিবলৈ কৈ দুয়োজনীয়ে কথা পাতি আছিলোঁ। কথাৰ মাজত ওলাল আচলতে হোলি কোন দিনা? কালিলৈ নে পৰহিলৈ? ক'লোঁ, "কালিলৈ হোলিকা দহন।" আমাৰ কথা শুনি থকা তেখেতে লগে লগে মাত দিলে, "ৱো ভি বুৰি বাত হেয়।" আমি দুয়ো অবাক হৈ তেখেতৰ মুখলৈ চালোঁ। তেখেতে আকৌ ক'লে, "হোলিকা এক ফিমেল থী। ঔৰতকো জলানা অচ্ছি বাত নহী হেয়। হা, উচনে এক খতা কি থী। তো উচী কাৰণচে ইতনে চাল চে উচকো লোগ জলাতে আ ৰহে হে। তো অব বচ ভী কৰো। অউৰ কিতনা চজা দোগে উচে? ইতনে চাল চে তো জলতী আ ৰহী হে। অব চে বন্ধ হোনা চাহিয়ে।" আমি দুয়ো ভেলপুৰী লৈ ঘূৰি অহাৰ বাটত ক'লোঁ, "আধুনিক মনৰ মানুহ।"

(৩)

সমাজত নাৰীৰ স্থান কি? নাৰীৰ স্থান পুৰুষৰ ভৰিৰ তলুৱাত নে হৃদয়ত? নাৰী পুৰুষৰ ভৰিৰ জোতা নে কান্ধত কান্ধ মিলাই, খোজত খোজ মিলাই আগুৱাই যোৱা সহযাত্ৰী? সমাজত নাৰী সুৰক্ষিত নে? দেখাক দেখি এইবোৰ প্ৰশ্ন মনলৈ আহিলেও আজিৰ সময়ত নাৰীৰ স্থান যথেষ্ট ভাল। সচৰাচৰ অহা এটা অভিযোগ, পুৰুষে নাৰীক শোষণ কৰে। কিন্তু নাৰীয়েও নাৰীক শোষণ কৰে। পুৰুষে যদি পুৰুষ হৈ নাৰীৰ সুবিধা লয়, এনে কিছুমান নাৰীও আছে যিয়ে নিজে নাৰী হোৱাৰ সুবিধা লয়। কিছুমান এনে নাৰী আছে যিয়ে নিজে নাৰী হোৱাৰ বিনিময়ত স্বামী আৰু তেওঁৰ ঘৰখনৰ ওপৰত যৌতুক বিচৰাৰ মিছা অভিযোগ আনি আইনৰ সহায় লয়, টকা-পইচা সৰকায়। কিছুমান নাৰীয়ে নিজে নাৰী হোৱাৰ বিনিময়ত নিজৰ অভীষ্ট সিদ্ধি নহ'লে বা নিজৰ অভীষ্ট পূৰ্ণ কৰিবলৈ পুৰুষ সহকৰ্মী বা যিকোনো পুৰুষৰ ওপৰত যৌন নিৰ্যাতনৰ অভিযোগ দি দিব পাৰে। যি ক্ষেত্ৰত নাৰীয়ে নিজে নাৰী হোৱাৰ সুবিধা লয়, তাত পুৰুষৰ স্থান ক'ত?

সাৰাংশ:


য'ত কিছুমান নাৰীয়ে নিজে নাৰী হোৱাৰ সুবিধা ল'য় তাতেই নাৰীক সন্মান যঁচা সেই ভেলপুৰী বেচা মানুহজনো আছে। য'ত ষাঠিৰ দেওনা গৰকা বা গৰকিবলৈ যোৱা মানুহগৰাকীয়ে হোলিকা নাৰী আছিল বাবেই হোলিকা দহন বন্ধ হোৱা উচিত বুলি কয় তাতেই আকৌ হোলিৰ নামত উদণ্ড যুৱকবোৰে ছোৱালীৰ স্পৰ্শকাতৰ ঠাইলৈ পানীৰে ভৰা বেলুন মাৰি অমানুষিক আনন্দত উত্ৰাৱল হয়।

(২২/০৩/২০১৬)


(http://www.xahitya.org/2016/04/20/%E0%A6%AC%E0%A6%BF%E0%A6%B7%E0%A7%9F-%E0%A6%A8%E0%A6%BE%E0%A7%B0%E0%A7%80-%E0%A6%AE%E0%A6%BF%E0%A6%A4%E0%A6%BE%E0%A6%B2%E0%A7%80-%E0%A6%AC%E0%A7%B0%E0%A7%8D%E0%A6%AE%E0%A6%A8/)

Thursday, November 13, 2014

ডাকত নিদিয়া চিঠিখন...






                 এবুকু মৰম... একাঁজলি শুভকামনা... তোমালৈ...


                                                           ১৪ নবেম্বৰ, ২০১১
                                                               দিল্লী বিশ্ববিদ্যালয় প্রাংগন
মৰমৰ মামণি বাইদেউ,

        কিমানদিন যে হল... তোমাক যে দগমগীয়া ৰঙা ফোঁটটোৰে দেখাৰ... চিকমিকিয়া হাঁহিটোৰ ঢৌ লেখাৰ... সেই কাজলসনা বহল চকুযুৰি চোৱাৰ... মেলি ৰখা চুলিটাৰিৰ মেঘালীৰ গজল লিখাৰ...

        সেই যে মাতৃৰ মৰমেৰে আৱৰি ৰাখিছিলা তুমি... মৰমৰ সঁজাল ধৰা কুহুমীয়া আৱৰণখন ফালি যে ওলাই আহিছিলোঁ মৰমৰ ঠাইখনৰ পৰা বহু নিলগলৈ
, তুমিয়েইতো আঁহতজোপা হৈ মোক আৱৰি ধৰিছিলা । তোমাৰ ভৰষাতে মা-দেউতাই শুইছিল স্বস্তিৰ এঘুমতি...

        সেই যে ২০০৫ চনৰ ১৬ আগষ্ট ! তোমাৰ হয়তো মনতেই নাই... মোৰ হ
লে আছে... প্রতিটো পল, প্রতিটো ক্ষণ... দিল্লী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা আৰু সাহিত্য অধ্যয়ন বিভাগৰ কোঠালি নং F8 … ৰঙা ৰঙৰ মেখেলা-চাদৰ পিন্ধি একেখন চোফাতে মোৰ ওচৰতে বহি তুমি যে কথা পাতিছিলা... তুমি হয়তো গমেই নাপালা, মই নিজকে চিকুটি চাইছিলোঁ তিনিবাৰমান, সঁচাকৈয়ে বাৰু মই জ্ঞানপীঠ বিজয়ীনী গৰাকীৰ লগতে একেলগে বহি কথা পাতি আছোঁনে ! সেয়াই আৰম্ভণি আছিল...

        আপোন ঠিকনাহে যেন হৈ পৰিছিল তোমাৰ আবাস মোৰ বাবে... ছাত্রা মার্গ
, D 19... কিমান যে মধুৰ আছিল সময়... কিমান যে কথা কৈছিলোঁ... হাঁহিছিলোঁ, কান্দিছিলোঁ... বহুজনে কোৱা শুনিছোঁ... অতিকৈ আপোনজনৰ আগতহে হেনো দুচকুৰ নিয়ৰকণাবোৰ বাধা নমনাকৈ সৰি পৰে... তাৰমানে তুমি মোৰ আপোন নেকি ? কথাটো যে সুধিম বুলিও তোমাক সোধা নহল... ৰবা এইবাৰ ঘৰলৈ গলে যাম মই তোমাৰ ওচৰলৈ, সুধিম তোমাক...

        
তোমাৰ আবাসলৈ গৈ থৰ লাগি গৈছিল মোৰ দুচকু... আলহী বহা কোঠাটোৰ বেৰ, ভিতৰৰ কৰিডৰৰ বেৰ শুৱাই আছিল নানা ফটো আৰু তোমাৰ প্রতিভাৰ প্রমাণপত্রবোৰ... আলহী বহা কোঠাটোৰ এফালে এখন যথেষ্ট ডাঙৰ পীৰাত সজাই থোৱা আছিল দেশ-বিদেশৰ পৰা সংগৃহীত তোমাৰ আটাইতকৈ প্রিয় শ্রীৰামৰ মূর্ত্তিৰ লগতে আৰু নানান মূর্ত্তি... আৰু এফালে যে ঠাক ঠাককৈ সজাই থোৱা আছিল নানা আপুৰুগীয়া কিতাপৰ সম্ভাৰ ! আৰু তোমাৰ ফটোৰ এলবামটো ! এখনতকৈ আনখন ধুনীয়া... এটা এলবামৰ সৰহভাগ ফটো কলা-বগা আছিল... কেনে সুন্দৰ আছিল ফটোবোৰ... ফটোবোৰ চাই চাই কৈছিলোঁ এইখনত বৰ ধুনীয়া লাগিছেআৰু তুমি ? মোৰ কাষতে বহি সৰু ছোৱালীজনীৰ দৰে খিলখিলাই বোৱাই দিছিলা হাঁহিৰ নিজৰা... ইমান সৰল, ইমান নিভাঁজ... ভাবি আচৰিত হওঁ, মানুহ ইমান সৰল কেনেকৈ হব পাৰে ! পৃথিৱীখনৰো বৰ কষ্ট হয় কিজানি চাৰিওফালৰ কপটতা দেখি... সেয়ে হয়তো তোমালোক ফুলি উঠা কাঁইটৰ পৃথিৱীত একোপাহ গোলাপহৈ, নিজেই গম নোপোৱাকৈ সুবাসিত কৰি তোলা পৃথিৱী... অৰুণ গোস্বামীয়ে তোমাৰ বিষয়ত কোৱা কথা এষাৰে মোক চুই গৈছিল নুমাই থকা চাকি বা নজ্বলা চাকিয়েই নিজক চাকি বুলি চিঞৰি পৰিচয় দিব লাগে । জ্বলি থকা চাকিৰ পৃথক পৰিচয়ৰ প্রয়োজন নাই । মামণি ৰয়চম গোস্বামী অসমীয়া সাহিত্যৰ মণিকূটৰে নহয় তেওঁ ভাৰতীয় সাহিত্য মণিকূটৰ এগছি অক্ষয় বন্তি হৈ থাকিব ।

        তুমি বকা চাহ পিয়লাৰ সোৱাদ লোৱাৰো বহুদিন হ
ল... আজিও ছাত্রা মার্গলৈ গলে তোমাৰ আবাসৰ পদূলিৰে এনেয়ে অকণমান সময় ঘূৰা-ফুৰা কৰোঁ... D 19...!! তুমি যে দিল্লীৰ অচিন আকাশত এখনি নীলা চিলা হৈ উৰিবলৈ সাজু হোৱা মোক কৈছিলা মাজনী, এই ডিপার্টমেণ্টটোৰ মানুহবোৰ খুব ভাল । তুমি আটাইবোৰতকৈ সৰু । তুমি ইয়ালৈ অহাৰ বাবে সকলোৱে ভাল পাইছে । কামবোৰ বুজিলৈ ভালকৈ কৰিবা ।মনত আছেনে তোমাৰ--- মোক মাজনীবুলি মাতি আদৰ নকৰাৰ কিমান দিন হল... বেয়া পাইছোঁ তোমাক... অভিমান হৈছে... কিমান দিন আৰু হস্পিতালৰ বিচনাখনত শুই থাকিবা ? উঠি আহা না... চোৱাচোন, তুমি ভালপোৱা পুৱাৰ আকাশখনত নতুন সূর্য ওলাইছে, দুবৰিত নিয়ৰে মালিতা ৰচিছে, সৰু সৰু চৰাইবোৰে কিচিৰ-মিচিৰকৈ কথা পাতি তুমি অহালৈ বাট চাইছে... আৰু তোমাৰ কলমটো ? ইস্ ! ইস্ !! ইমান দুঃখত আছে... কিমান যে কথা লিখিবলৈ আছে... কিমান যে নিপীড়িত মানুহৰ ব্যাথা তাৰ নীলা চিঁয়াহীৰে তেজ হৈ ওলাবলৈ আছে, কিমান যে গিৰিবালা, দুর্গা, দময়ন্তী, নাৰায়ণী, সৌদামিনী, নির্মলাৰ চকুপানীবোৰ চিঁয়াহী কৰিবলৈ ৰৈ আছে তোমাৰ মৰমৰ কলমটো !! আৰু তুমি... হস্পিতালত শুই আছা সকলোবোৰ আওকাণ কৰি...!

        আজি তোমাৰ জন্মদিনৰ দিনা তোমালৈ বৰকৈ মনত পৰিছিল । যাব নোৱাৰিলেও ফোনতে কথা হ
লোঁহেঁতেন... কিন্তু তুমি যে কথাই নপতা হলা...

        বহুত হ
ল... আৰু কিমানদিন ?? কিমানদিন আকাশ নোচোৱাকৈ থাকিবা, কিমানদিন চৰাইৰ গীত নুশুনাকৈ থাকিবা, কিমানদিন প্রাণৰ আপোন কলমটোৰে অমৃতৰ নিজৰা বোৱাই নিদিয়াকৈ থাকিবা... কিমানদিন ?? তুমি মহীয়সী... তুমি হলা সাহস, অনুপ্রেৰণাৰ অফুৰন্ত ভাণ্ডাৰ... উঠি আহা আৰু মুকলি কৰি দিয়া সেই ভাণ্ডাৰ... আমাক বাট দেখুৱাই নিয়া সেই অক্ষয় বন্তিৰ পোহৰেৰে... উঠি আহা তুমি... ক্রমান্বয়ে ৰূক্ষ হবলৈ ধৰা মৰুৰ মাজত ফুলাই তোলাহি মৰূদ্যান... আমিবোৰ ৰৈ আছোঁ আঁহতজোপাৰ ছাঁ লবলৈ... স্বার্থপৰ হৈ পৰিছোঁ, নহয়নে ? কিয় জানা ? কাৰণ হস্পিতালৰ বিচনাত শুই থকা তোমাক চাবলৈ অকণো ইচ্ছা নাযায়... ধুনীয়া, চৌখিন মানুহজনী হৈ সাজি-কাচি আহাচোন... কপালত দগমগীয়া সুৰুয পিন্ধি, উদাসী বহল চকুযুৰিত কাজল সানি, ৰঙা কাপোৰসাজ পিন্ধি... কপালত পৰি থাকিব কিছু কুঞ্চিত অলকাৰ মেঘালী, ওঁঠত ফুলিব লমালমে হাঁহিৰ জোনাক...
                                                               
                                                           ইতি
,
                                                              বহুতো মৰমেৰে
                                                                   তোমাৰ মাজনী

Wednesday, March 23, 2011

অংক-জংক-পংক


                                                                                            

কেতিয়াবা নভবাকৈ যে কেনেধৰণৰ খেলিমেলি কিছুমান হয় নহয়, পাছত সেইবোৰ মনত পৰিলে এনেয়ে হাঁহি উঠি থাকে৷ মোৰ এজন বন্ধু আছে৷ নাম ইন্দ্ৰজিত৷ বন্ধুৰ লগত মোটামুটি এটা ভাল সম্পৰ্ক আছে৷ পূজা, বিহু বুলি ফোনৰ জৰিয়তে শুভাচ্ছাৰ আদান-প্ৰদানো চলে৷ ২০১০ চনৰ নবেম্বৰ মাহৰ কথা৷ দিপাৱলীৰ বতৰ৷ ফোনটো অনবৰত বাজিয়েই আছে৷ দীপাৱলীৰ শুভেচ্ছা জনাবলৈ কোনোবাই ফোন কৰিছে, কোনোবাই মেছেজ দিছে ইত্যাদি ইত্যাদি৷ তেনেতে মেছেজ এটা আহিল ইন্দ্ৰজিতৰ পৰা৷ ইংৰাজী ভাষাত লিখা দীপাৱলীৰ শুভেচ্ছা-বাৰ্তা এটা৷ মেছেজটো পঢ়ি উঠি শেষত দেখিলোঁ, "উইথ ৰিগাৰ্ডচ----- বব্বী৷" হাঁহি উঠি ' মোৰ৷ ভাবিলোঁ, এইজনাই মেছেজটো ফৰৱাৰ্ড কৰোঁতে আগৰ চেণ্ডাৰজনৰ নামটো মোহাৰিবলৈ পাহৰি ' কিজানি৷ সেই একেটা ভুলকে আনৰ লগত নকৰক বুলি ভাবি তেওঁলৈ ৰিপ্লাই এটা লিখিলোঁ----- "থেংক ইউ এণ্ড উইচ য়্যু দা চেম৷ কিন্তু কাৰোবালৈ মেছেজ পঠিয়ালে আগৰ প্ৰেৰকজনৰ নামটো ডিলিট কৰি দিব লাগে বুলি পাহৰিলা নেকি!" ' কথা গুছিল, ইন্দ্ৰজিতৰ আৰু একো ৰিপ্লাই নাহিল৷ ময়ো কথাটো পাহৰিলোঁ৷


সেইকেইদিনতে মা-দেউতাহঁত দিল্লীলৈ আহিছিল আৰু আমি জয়পুৰলৈ ফুৰিবলৈ যোৱাৰ কথা আছিল৷ মোৰ এজন চিনাকী টেক্সী ড্ৰাইভাৰ আছে৷ শিখ মানুহ, বিশ্বাসী মানুহ৷ আগে-পিছেও বহুবাৰ মই তাৰ গাড়ীত উঠি বহু ঠাইলৈ গৈছোঁ৷ সেইবাবেই এইবাৰো দ্বিতীয়বাৰ একো নভবাকৈ তাক ফোন কৰিলোঁ৷ ফোন কৰিবলৈহে পালোঁ, তাৰ কি সাহ!!! মনতে ভাবিলোঁ, আজি আকৌ ইয়াৰ কি '!! খুব ফুৰ্তিত সি 'লে "নমস্তে মেডামজী৷ অউৰ মেডাম, উচদিন আপকা মেছেজ মিলা থা৷ বহত খুচী হুয়ী৷" এইবাৰ মোৰ আচৰিত হোৱাৰ পাল৷ মনত পেলাবলৈ চেষ্টা কৰিলোঁ, ইয়াক মই কেতিয়া মেছেজ কৰিছিলোঁ?? নাইতো, মনত পৰা নাই৷ মই অকণমান সময় ৰোৱা বাবেই নেকি সি মোক মনত পেলাই দিবৰ বাবে উঠি-পৰি লাগিল৷ 'লে "মেডামজী ৱহ আপনে দিৱালী কে দিন মেছেজ কিয়া থা না৷" তথাপিও মনত পেলাব নোৱাৰি মই অলপ পৰ টলকা মাৰি 'লোঁ "হা ভাইয়া কিয়া হোগা৷" এইবাৰ সি যিটো কথা 'লে, শুনি মোৰ চকু কপালত উঠিল৷ 'লে "মেডামজী, আপনে আচামিজ মে কুছ লিখ্খা থা৷ মুঝে বহত খুছী হুয়ী৷ অউৰতো অউৰ মেডামজী, মেৰে জিতনে চাৰে আচামিজ ফ্ৰণ্ডচ হে, চবকো মেইনে আপৱালী মেছেজ ফৰৱাৰ্ড ভী কৰ দিয়া৷ চবলোগ বহত খুচ হুৱে৷" এইবাৰ মোৰ টিউব লাইট জ্বলিল৷ হে ভগৱান, কি কৈ আছে !! কথাটো আৰু বেছি দূৰলৈ নাটানি প্ৰসংগ সলালোঁ৷
গোলমালটো ' কেনেকৈ ' বুজিবলৈ আৰু বাকী নাথাকিল৷ আচলতে সেই ড্ৰাইভাৰজনৰ নাম ইন্দৰজিত৷ কিন্তু আমাৰ মাজৰে কোনোবা এটা খাৰ খোৱা অসমীয়াই প্ৰথমে যেতিয়া মোক তাৰ কথা কৈছিল তেতিয়া তাৰ নামটো ইন্দ্ৰজিত বুলি কৈছিল৷ পাছলৈ তাৰ প্ৰকৃত নামটো মই জানিছিলোঁ যদিও যিকোনো কাৰণৰ বাবেই হওক ফোনত শুদ্ধকৈ নামটো চেভ কৰা হোৱা নাছিল৷ লগে লগে ফোনৰ মেছেজ বক্স খুলি মেছেজটো আৰু তাৰ তলত অহা ফোন নম্বৰটো চাই দেখিলোঁ যে, দিপাৱলীত পোৱা সেই মেছেজটো মোৰ বন্ধু ইন্দ্ৰজিতৰ পৰা অহা নাছিল, আহিছিল ইন্দৰজিতৰ পৰাহে৷ মই বন্ধুৰ মেছেজ বুলি ভুল শুধৰাব 'লোঁ আৰু এইজনে জানো কৰ কিমান অসমীয়া মানুহক তাকেই ফৰৱাৰ্ড কৰিলে! ইমানবোৰ খেলিমেলি ' এই "ইন্দ্ৰজিত" নামটোৰ পৰাহে৷ আৰু এইফালে আচল ইন্দ্ৰজিতে গমেই নাপায়৷
পাছত কথাবোৰ মা-দেউতা, বাবা-জোন, দেৱজ্যোতি, ইন্দ্ৰজিতহঁতৰ আগত কওঁতে সিহঁতৰ কি ফূৰ্তি, সোপাই হাঁহিত ফাটি পৰিছিল৷ মোৰহে ' যাওঁ, কি কৰোঁ অৱস্থা হৈছিল৷ ছে: কি যে অংক-জংক-পংকখন হৈ ' নহয়৷

Monday, March 21, 2011

নৈশব্দৰ লহৰত অনুভৱ



                                                                        

যোৱা শুকুৰবাৰে মোৰ ভাইটি আহিছিল মোৰ ডিপাৰ্টমেণ্টলৈ৷ তাৰ স'তে কেণ্টিনত চাহ খাবলৈ গৈছিলোঁ৷ কেণ্টিনত আমাৰ টেবুলখনৰ পৰা কিছু দূৰত আনএখন টেবুলত দুজনী ছোৱালী আৰু চাৰিজন ল'ৰা বহি থকা দেখিলোঁ৷ প্ৰথমে কথাটোত মন দিয়া নাছিলোঁ, আন দহটা গ্ৰুপৰ মাজৰে এটা হ'ব বুলি৷ অলপ পিছত মন কৰিলোঁ সিহঁতে অংগী-ভংগীৰে কথা পাতি আছে৷ ঘটনাটো কি হৈ আছে প্ৰথমে একো ধৰিব পৰা নাছিলোঁ৷ ভালকৈ মন কৰি দেখিলোঁ যে সিহঁতৰ কাণত একোটেকৈ "হিয়াৰিং এইড"৷ এইবাৰ ঠিকেই বুজি পালোঁ৷ এটা টু-শব্দ নাই, অথচ ইমান ধুনীয়াকৈ কথা পাতি আছে সিহঁতে!! নাজানোঁ, মনটো ভাল লাগিল নে বেয়া লাগিল..... যেন এক মিশ্ৰ অনুভূতি!!! চাহ খাই ওলাই আহিলোঁ৷ বিশ্ববিদ্যালয় চৌহদতে ঘূৰি ফুৰোঁতে আকৌ সিহঁতক লগ পালোঁ৷ এইবাৰ সিহঁতে "ভেলপুৰী" খাব৷ অকণমান ৰৈ দিলোঁ, সিহঁতেনো কেনেকৈ "ভেলপুৰী" দিয়া মানুহজনৰ লগত কথা পাতে, তাকেই চাবলৈ৷ বেচ সুন্দৰকৈয়েই সিহঁতে তেওঁক বুজাব পাৰিলে৷ আনকি, ছোৱালী দুজনীয়ে ভেলপুৰীৱালাৰ লগত কথা পাতি থাকোতে অকণমান আতঁৰত ৰৈ থকা সিহঁতৰ লগৰ ল'ৰা এটাই আহি এবাৰ ভূমুকিয়াই গ'ল, ইহঁত দুজনীৰ কিবা অসুবিধা হোৱা বুলি৷ এসময়ত ভেলপুৰী হাতত লৈ সিহঁত গ'লগৈ, নিজৰ মাজতে কথা পাতি পাতি, হাঁহি-তামাচা কৰি৷ সিহঁতকেইটা যিমান ধুনীয়া, সিমানেই ধুনীয়া সিহঁতৰ কথা-বতৰা৷ আঁতৰ হৈ নোযোৱা পৰ্যন্ত সিহঁতলৈ চায়েই থাকিলোঁ৷ সিহঁতৰ ৰং-তামাচাই, শব্দবিহীন কথা-বতৰাই মোকহে যেন ঠাইতে মূক-বধিৰ কৰি থৈ গ'ল.....