Friday, February 10, 2012
Thursday, February 2, 2012
অপেক্ষা

বাৰান্দাত
হেলনীয়া চকীখনত বহি বহি ডুব যাবলৈ ধৰা বেলিটো দেখি আনমনা হৈ পৰিল তাই । বেলিটোৰ
শেষ পোহৰকণৰ বিচ্যুৰণ হৈ তাইৰ বগা মুখখনো সেন্দুৰ বৰণীয়া হৈ পৰিছে । অতি উজ্জ্বল
পোহৰ, ৰঙা
পোহৰ, সন্ধিয়াৰ
পোহৰ । লাহে লাহে সেন্দুৰীয়া আভা কমি গৈ আন্ধাৰ হৈ আহিল তাইৰ চকুৰ সমুখতে । কিমান
সময়ৰ পৰা যে তাত তেনেকৈ বহি আছিল তাইৰ মনত নাই । হঠাৎ মাকৰ মাতত তাইৰ সম্বিত ঘূৰি
আহিল ।
বাৰান্দাৰ পৰা উঠি
আহি সন্ধিয়াৰ চাকিগছ জ্বলাই চেতাঁৰখনত আঙুলি ফুৰাই নিলে গীতিমালিকাই । গীতিমালিকা
দত্ত বুলি ক’লে চিনি নোপোৱা মানুহ খুব কমেই
ওলাব । সাহিত্যৰ ছাত্রী গীতিমালিকাই ওচৰৰ মহাবিদ্যালয়খনত সোমোৱা এবছৰো হোৱা নাই ।
ছাত্র-ছাত্রী আৰু সহকর্মীবোৰৰ মাজত জনপ্রিয় হ’বলৈ
তাইৰ বেছি দিন নালাগিল, যিদৰে
লগা নাছিল তাই পঢ়া বিশ্ববিদ্যালয়ত । অসমীয়া সাহিত্যত প্রথম শ্রেণী লাভ কৰি
বিশ্ববিদ্যালয়ত নাম লগাইছিল যদিও পাচলৈ তাইক সকলোৱে চেতাঁৰ বজাই গান গোৱা
ছোৱালীজনী বুলিহে চিনি পাইছিল । সেই বিশ্ববিদ্যালয়ৰ দিনবোৰৰ পৰাই চেতাঁৰখন তাইৰ
সুখ-দুখ সকলো মুহূর্তৰে সংগী । কিন্তু আজি হঠাৎ কি হৈছে তাইৰ ! এটাও ৰাগ ভালকৈ
তুলিব পৰা নাই কিয় ! ইমান অস্থিৰ হৈ পৰিছেনে তাই ! বাৰে বাৰে কিয় জানোঁ ডুব যোৱা
বেলিটোৰ আকাশখন মনলৈ আহি আছে ! চেতাঁৰখন থৈ আকৌ বাৰান্দাৰ হেলনীয়া চকীখনত বহি তাই
গুণগুণাবলৈ ধৰিলে,
“মোৰ বুকুত এজোপা গোলাপ
কোনে ৰুলে কোনে ৰুলে
এন্ধাৰে এন্ধাৰে
এটি জোনাকী উৰি আহি
মোৰ বুকুত শুলে
তোমাৰ কথা ভাবিলে আকাশত নিৰলে
এটি তৰা ফুল ফুলে...”
কোনে ৰুলে কোনে ৰুলে
এন্ধাৰে এন্ধাৰে
এটি জোনাকী উৰি আহি
মোৰ বুকুত শুলে
তোমাৰ কথা ভাবিলে আকাশত নিৰলে
এটি তৰা ফুল ফুলে...”
ঠিকেইতো, আজিতো অনুৰাগ আহি
পোৱাৰ কথা ! গীতিমালিকাৰ মৰমৰ অনুৰাগ ! অনুৰাগেইতো তাইৰ বুকুত ৰুই দিছিল এজোপা
গোলাপ ! এন্ধাৰ নিশাৰ জোনাকী হৈয়েইতো পোহৰ দেখুৱাইছিল তেওঁ ! বিশ্ববিদ্যালয়ৰ
সোণাৰুবুলীয়া দিনবোৰতে এই অচিনাকী ল’ৰাজনে
চিনাকী হৈ আগবঢ়াইছিল বন্ধুত্বৰ হাত । তেওঁ ৰোৱা বন্ধুত্বৰ শিপাডালেই প্রগাঢ় হৈ
এজোপা গোলাপৰ ৰূপ ল’লে তাইৰ বুকুৰ মাজত ।
গোলাপজোপাৰ পৰশত তাই পাহৰি পেলায় পোৱা-নোপোৱাৰ আলেখ্য... সৰুৰে পৰা যোগ অংক
শুদ্ধকৈ কৰিলেও বিয়োগৰ হিচাপত খেলিমেলি কৰা গীতিমালিকাই খেলিমেলি কৰি যায় জীৱনৰ
পাটীগণিতৰ হিচাপ নিকাচ ! সেয়ে তাই নিচিন্তে এৰি দিছে তাইৰ জীৱনৰ সৰল-জটিল সকলোবোৰ
অংক অনুৰাগৰ ওপৰত । এতিয়া তাই মাথোঁ সাহিত্য পঢ়িব, কবিতা লিখিব, গান গাব আৰু তাইৰ
বুকুত ফুলি উঠা গোলাপজোপাৰ আপডাল কৰিব । উদং দুভৰিৰে লুইতৰ পানীত খেলি অনামিকা
আঙুলিৰ সোণৰ আঙুঠিটো ঘূৰাই ঘূৰাই তাই এই সকলোবোৰ কৈছিল অনুৰাগক, শুক্লেশ্বৰ ঘাটৰ
সন্ধিয়াত । সেই সন্ধিয়াতে অনুৰাগৰ তপত ওঁঠৰ পৰশ তাইৰ কপালত লাগিছিল । মিচিকিয়া
হাঁহিৰে তাইৰ দুগালৰ টোলদুটা গভীৰ কৰি কুচি-মুচি অনুৰাগৰ চেক দিয়া চোলাত মুখ
লুকুৱাই গীতিমালিকাই বিচাৰি ফুৰিছিল তাইৰ বুকুৰ গোলাপজোপাৰ শিপা... সেইদিনাও উভতি
আহি নিশা বাৰান্দাৰ হেলনীয়া চকীখনত বহি তাই গুণগুণাইছিল----
“তোমাৰ কথা ভাবিলে অকলে অকলে
তৰাই তৰাই কথা পাতে গোলাপৰ পাহে পাহে
জোনাকীৰ জাক জ্বলে মোৰ তেজৰ কোঁহে কোঁহে
এন্ধাৰে এন্ধাৰে
এটি জোনাকী উৰি আহি
মোৰ বুকুত শুলে...”
তৰাই তৰাই কথা পাতে গোলাপৰ পাহে পাহে
জোনাকীৰ জাক জ্বলে মোৰ তেজৰ কোঁহে কোঁহে
এন্ধাৰে এন্ধাৰে
এটি জোনাকী উৰি আহি
মোৰ বুকুত শুলে...”
তথাপি কিয় আজি এই
অস্থিৰতা ! বিয়ালৈ আৰু মাথোঁ কেইটামান মাহ বাকী । ব’হাগতে
মাহ-হালধিৰ গোন্ধে উপচাই পেলাবহি তাইৰ বুকুৰ গোলাপজোপা । হোমৰ জুইৰ ৰঙা শিখাই
বান্ধি পেলাব তাইক কিছুমান নতুন শব্দৰে...! ৰঙা জুইকুৰাৰ পোহৰত গীতিমালিকাৰ কপালত
দগমগাই উজলি থাকিব ৰঙা বেলি আৰু কাজলসনা দুচকুত উমলি থাকিব সপোনবোৰ... পুৰোহিতৰ
মন্ত্রৰ মাজতে অনুৰাগে সানি দিব এজেবা ৰঙা সেন্দুৰ তাইৰ শিৰত... গোলাপজোপাৰ শিপা
আৰু মজবুত হ’ব ! তৰাবচা আকাশৰ তলত অনুৰাগৰ
আব্দাৰত তাই জোকাৰি দিব গোলাপজোপা । সুৱাসত মতলীয়া হ’ব
তৰাবচা নিশা । বাহিৰৰ পৃথিৱীখন শুই পৰিলেও সেই নিশাবোৰত তাইৰ ভয় নালাগিব । তাইৰ
পৃথিৱী যে তাইৰ লগত... আকৌ তাই গুণগুণাই গাব অনুৰাগৰ প্রিয় গীতৰ কলি----
“মোৰ বুকুত এজোপা গোলাপ
কোনে ৰুলে কোনে ৰুলে
তেজত এটোপাল আতৰ ঢালি
হৃদয় কোনে চুলে...”
হঠাৎ দেৱাল
ঘড়ীটোৱে তাইৰ চিন্তাত খেলিমেলি লগাই যেন চিৎকাৰ কৰি উঠিল । টং টং কৈ সাতটা কোব
মাৰিলে । অসহ্য লাগিল তাইৰ । প্রতিটো কোবেই হাতুৰীৰ কোব যেন লাগিল গীতিমালিকাৰ ।
উঠি আহি তাই আয়নাৰ সমুখত বহি নিজকে চালে এবাৰ । ইমান উকা উকা, উদাস উদাস লাগিছে
তাইক নিজক ! অলপ পাচতে অনুৰাগ আহি পোৱাৰ কথা । কাজল অলপ সানি উজ্জ্বল কৰি ল’লে
তাইৰ দুচকু । দীঘল চুলিখিনি আঁচুৰি ঠিক-ঠাক কৰি ল’লে
। মাকে প্রায়েই তাইক কয়, ফোঁট
অবিহনে নাৰীৰ শৃংগাৰ সম্পূর্ণ নহয় । সেয়ে আজিও মাকে কিবা কোৱাৰ আগতেই তাই কপালত
পিন্ধি ল’লে এটি সৰু ৰঙা ৰঙৰ টিপ ফোঁট ।
এতিয়া তাই সাজু অনুৰাগক আদৰিবলৈ । “ট্রেইনত
উঠিয়েই ফোন কৰিছিল অনুৰাগে । ইমান পৰে হয়তো ষ্টেচন আহি পালেহি তেওঁ” মনতে ভাবিলে
গীতিমালিকাই । আয়নাৰ মুখৰ আগৰ পৰা উঠি আহি আকৌ বাৰান্দা পালেহি গীতিমালিকাই । “ক’ত
আছা” বুলি
সুধিবলৈ এতিয়া দেখোন অনুৰাগৰ ফোনত নেটৱর্কো নাই । সঁচাকৈয়ে নেটৱর্ক নাই নে নিজেই
কিবা বদমাচি কৰি নেটৱর্ক নাইকিয়া কৰি থৈছে কি ঠিক ! যোৱাবাৰো যে কাকোৱেই একো
আগজাননী নিদিয়াকৈ আহি তাইক বিচাৰি চিধাই উপস্থিত হৈছিল তাইৰ কলেজৰ শ্রেণীকোঠাৰ
বাৰান্দাত, গোটেই
কলেজখনৰ আগত তাই কম লাজ পাইছিলনে ! সিদিনা আৰু গীতিমালিকাৰ ক্লাচ লোৱা নহ’ল
। তাৰ পাচৰ কেইবাদিনো তাইৰ এনে লাগিছিল যেন তাই ওচৰেৰে পাৰ হৈ গ’লেই
সকলোৱে তাইৰ আদ্-বলীয়া প্রেমিকজনৰ কথা কৈ মুখ টিপি হাঁহি আছে । সহকর্মী ৰুণুমী
বাইদেৱে তাইক জোকাইছিল “গীতিমালিকা, সোনকালে বিয়াখন
পাতা ।” লাজত
তাইৰ গাল ৰঙা পৰি উঠিছিল আৰু বুকুৰ গোলাপজোপায়ো যেন ব্যস্তভাৱে লৰচৰ কৰি উঠিছিল ।
অভিমান কৰি গীতিমালিকাই কথাবোৰ অনুৰাগক কৈছিল । টোল পৰি যোৱা তাইৰ গালখনলৈ চাই চাই
অনুৰাগে কৈছিল “এয়াইতো
চাৰপ্রাইজ ।” কথাটো
মনত পৰি হাঁহি উঠি গ’ল তাইৰ । “আজি
বা আকৌ কি চাৰপ্রাইজ দিয়াৰ মন !” গালৰ টোল দুটা গভীৰ
হৈ পৰিল... ঘড়ীটোৱেও এখোজ আগুৱাই গৈ আঠৰ ডেওনা চুলে... ৰৈ ৰৈ আমনি লাগি আহিল
গীতিমালিকাৰ ! বাটেৰে পাৰ হৈ যোৱা কোনো বাটৰুৱাৰ মোবাইল এফ.এম.ত বাজি গ’ল
এটি গীতৰ কলি----
“অপেক্ষাবোৰ কিমান মধুৰ বুজি কিয় নোপাৱা
প্রতিটো প্রহৰ ভাৱেৰে গধুৰ অবুজ কিয় হোৱা
সৌ নীড়মুখী পখীৰ সুৰ নিৰৱ হৈ গ’ল
সন্ধ্যাৰ আকাশ আন্ধাৰে চুমি বেদনা গধুৰ কৰি গ’ল...”
ভাল নালাগিল তাইৰ ।
বাৰান্দাৰ পৰা আহি টি.ভি.টো অন কৰি দিলে গীতিমালিকাই । চেনেলবোৰ ঘূৰাই থাকোঁতে
এঠাইত লাগি ধৰিলে তাইৰ হাতত থকা ৰিমোটকণ্ট্র’লৰ
বুতাম । নিউজ চেনেল এটাত সাংবাদিক এজনে খুব উৎকণ্ঠাৰে কিবা এটা বাতৰি কৈ আছে । “এহ্
ইহঁতসোপাই কিনো চিঞৰ-বাখৰ কৰি বাতৰিবোৰ কয়, মিছাতে ভাল মানুহকো
হার্ট এটেক দিব কেতিয়াবা । টি.ভি.টোতো আজিকালি চাবলগীয়া একো নোহোৱা হ’ল।” বুলি পাচফালৰ পৰা
মাকে মাত দিলে । কিছুপৰ পাচত এক অষ্ফুট গেঙনি ওলাই আহিল গীতিমালিকাৰ । হাতৰ পৰা
সৰি পৰিল টি.ভি.ৰ ৰিমোটকণ্ট্র’ল
! বিকল হৈ গৈছে যেন তাইৰ চকু আৰু কাণ, বন্ধ হৈ গৈছে যেন
হৃদস্পন্দন... তাইৰ সকলো সপোন ধুলিস্যাৎ কৰি সাংবাদিকজনে নির্মমভাৱে কৈ আছে সেই
সর্বনাশীয়া সংবাদটো “আঠগাঁৱৰ
ৰেল দুর্ঘটনাত যুৱকৰ মৃত্যু । মৃত যুৱকজনক অনুৰাগ কাকতি বুলি চিনাক্ত কৰা হৈছে ।
উল্লেখযোগ্য যে ভোগালি বিহু উপভোগ কৰিবলৈ আহি চলন্ত ৰেলৰ পৰা পিচলি এই কৰুণ
মূত্যুক সাৱতি ল’লে অনুৰাগ কাকতিয়ে...” উস্ উস্ আৰু শুনা
নাযায়... তাইৰ বুকুৰ গোলাপজোপা... এন্ধাৰ নিশাৰ জোনাকী পৰুৱা... শুক্লেশ্বৰ ঘাটৰ
সন্ধিয়া... হোমৰ শিখাৰে বন্ধা শব্দবোৰ... তাইৰ তৰা বচা আকাশ... তাইৰ পৃথিৱী...
তাচপাতৰ ঘৰৰ দৰে জৰজৰকৈ জহি খহি গ’ল
সপোনবোৰ... গোলাপজোপাই বিদ্রোহ কৰিছে, হাহাকাৰ কৰিছে শিপা
ক’ত, শিপা ক’ত
! কি কৰিব তাই, কেনে
লাগিছে তাইৰ ! খং উঠিছে ? অভিমান হৈছে ? ক্ষোভ উজাৰিবলৈ মন
গৈছে ?... টান মাৰি চিঙি
পেলাবলৈ মন গৈছে দুৱাৰমুখৰ পর্দা ?... ঠাঁচ ঠাঁচকৈ দুটা
পূর্ণহতীয়া দিবলৈ মন গৈছে সাংবাদিকজনক ?... কি হৈছে তাইৰ !!
ঠাইতে ঢলি পৰিল গীতিমালিকা ।
তেনেতে দূৰৈত আকৌ ক’ৰবাত
বাজি উঠিছে----
“মাথোঁ তুমি নাপালাহি প্রতিশ্রুতি ক’ত ৰ’ল
সন্ধ্যাৰ আকাশ আন্ধাৰে চুমি বেদনা গধুৰ কৰি গ’ল...”
(গল্পটোত ব্যৱহৃত গীতাংশৰ বাবে গীতিকাৰদ্বয়লৈ কৃতজ্ঞতাৰ শৰাই অর্পণ কৰিলোঁ)
© Mitali Barman
Subscribe to:
Posts (Atom)