Pages

Sunday, May 1, 2016

অদম্য...


(প্ৰতিমা ঠাকুৰীয়া বাইদেউৰ সোঁৱৰণত...)

জীৱন - তোৰ চোতালত
কৃষ্ণচূড়া ফুলাৰ কথা আছিল
ৰঙা ৰঙা কৃষ্ণচূড়াৰ ফুলে
তোৰ আকাশত
ৰং সিঁচাৰ কথা আছিল
জীৱন – তোৰেই বুকুলৈ
ব’হাগ অহাৰ কথা আছিল
কথা আছিল
হেঁপাহৰ ৰামধেনুত
ৰঙা আবিৰ সনাৰ

জীৱন - তোৰ কথা মতেই
তোৰ চোতালত কৃষ্ণচূড়া ফুলিল
গালে-মুখে হেঁপাহৰ ৰং সানি
ব’হাগো আহিল

জীৱন – তই ক’ত?
ক’ত??

জীৱন – তই নথকাৰ বেজাৰত
চোতালত এপাহ-দুপাহ
কৃষ্ণচূড়া সৰিল
বুকুৰ এচুকত ব’হাগে উচুপি উঠিল
খেপিয়াই চালে তোক
বুকুৰ বাহিৰে-ভিতৰে
জানোচা আকৌ আহি
হেঁপাহৰ গীত এটি জুৰে!

জীৱন – তোক আদৰিবলৈ
কৃষ্ণচূড়াই নিৰবে
ৰঙা দলিচা পাতে।
কৃষ্ণচূড়াৰ দলিচাত জাপ ভঙা সাজ পিন্ধি
জীৱন - আজি তই দগমগ দগমগ
এটি ৰঙা বেলি

জীৱন – মোৰ বুকুত তই
সুৰৰ লহৰ তোল,
“এই জীৱনটোৰে হাঁহিখিনি বিলাই বিলাই দিলোঁ
শ্ৰোতা বন্ধু তুমিও অকণ লোৱা
জীৱনটোৰে কান্দোনখিনি নিজেই সাঁচি ল’লোঁ”

জীৱন – তই হেঙুলী ৰথত যোৱাৰ বেলা
দাউদাউকৈ সকলো ৰঙা হৈ পৰিল।
আৰু...
সকলো ৰিঙা হৈ পৰিল!
**********



(ফটো উৎস: ইণ্টাৰনেট)