Pages

Monday, March 28, 2016

দৈনন্দিন: ৯

ভাষাৰ যাদু: 'লৈ' আৰু '-লৈ'ৰ প্ৰয়োগ


ভাষা এটাত আমি দৈনিক নানা ধৰণৰ শব্দ আৰু যতি চিহ্নৰ ব্যৱহাৰ কৰোঁ। এইবাৰ আমি নিতৌ ব্যৱহাৰ কৰি থকা "লৈ" শব্দটোৰ যাদু চাওঁ আহক----

বাক্য এটা লিখোঁতে আমি কিছুমান কথা মন নকৰোঁ। সেয়েহে অজ্ঞাতে কিছুমান শব্দৰ মাজত খালী ঠাই ৰাখি দিওঁ। কিন্তু শব্দ এটাৰ লগত একেলগে যুতি দি লিখা শব্দটো আৰু মাজত খালী ঠাই ৰাখি লিখা সেই একেটা শব্দই বেলেগ বেলেগ ক্ষেত্ৰত প্ৰয়োগ হ'ব পাৰে আৰু তাৰ অৰ্থও বেলেগ হ'ব পাৰে। যেনে:

১/  (ক) তেওঁ কিতাপখন লৈ গ'ল।
     (খ) তেওঁৰ কিতাপখনলৈ চকু গ'ল।

২/ (ক) কেঁচুৱাটোক মাকে কোঁচত লৈ আছে।
    (খ) কেঁচুৱাটো মাকৰ কোঁচলৈ গ'ল।

৩/ (ক) তেওঁ জিৰণি লৈ গ'ল।
    (খ) তেওঁ জিৰণিলৈ গ'ল।

এই উদাহৰণৰ প্ৰথম দুটাৰ দুয়োটা প্ৰথম বাক্যত 'লৈ' শব্দটোৱে বহন কৰা অৰ্থ প্ৰকাশ কৰিছে। আকৌ, তৃতীয় উদাহৰণৰ প্ৰথম বাক্যত ব্যক্তিজনে অলপ জিৰণি লৈ/ বিৰাম লৈ/ বিশ্ৰাম লৈ ক'ৰবালৈ যোৱা অৰ্থ বুজাইছে। আনহাতে, এই উদাহৰণবোৰত দ্বিতীয় বাক্যবোৰত '-লৈ' এটা বিভক্তি। '-লৈ' ৪ৰ্থী বিভক্তিৰ চিন হিচাপে ইয়াত ব্যৱহাৰ হৈছে।


গতিকে ৰাইজ, লিখোঁতে সদায় লিখিব "মই গুৱাহাটীলৈ/বিশ্ববিদ্যালয়লৈ/ ঘৰলৈ যাওঁ" বুলি। "মই গুৱাহাটী লৈ/ বিশ্ববিদ্যালয় লৈ/ ঘৰ লৈ যাওঁ" বুলি নিলিখিব। ইমান প্ৰকাণ্ড চহৰ এখন বা বিশ্ববিদ্যালয় এখন বা ঘৰ এটা আপুনি বা মই নিশ্চয় দাঙি নিব নোৱাৰোঁ। 

সানমিহলি অনুভৱ

বিষয়: নাৰী

(১)

দিল্লীৰ হোলি বৰ বেয়া পাওঁ। প্ৰায় দহ দিনমান আগৰ পৰা বেলুনত পানী বা ৰং মিহলি পানী ভৰাই ৰাষ্টাৰে চিনাকি-অচিনাকি যিয়েই যায় সকলো মানুহৰ গালৈ দলি মাৰে। গাত পানী ভৰ্তি বেলুন পৰাজনেহে বুজি পায় সেইটো আহি গাত লাগিলে কিমান চেংচেঙাই যায়। যন্ত্ৰণাখিনি কাটি কৰি থ'লেও বেলুনটো ফাটি যে কাপোৰ তিয়াই সেয়া আৰু বিৰক্তিকৰ। তাতে দিল্লীৰ উতনুৱাখিনিৰ লক্ষ্য আকৌ ছোৱালীবোৰ আৰু ছোৱালীৰ স্পৰ্শকাতৰ ঠাইবোৰ। যেন সেই ঠাইখিনিলৈ বেলুন এটা মাৰি ফুটাব পাৰিলেই জীৱনৰ লক্ষ্য পূৰ্ণ হয়, যেন বহুদিনীয়া হাবিয়াস পূৰ্ণ হয় সিহঁতৰ চকুৱে-মুখে সেই ভাব-ভংগী। মুঠৰ ওপৰত সিহঁতৰ বাবে ই এটা বিকৃত মানসিক প্ৰাপ্তি আৰু প্ৰশান্তি।

(২)

মোৰ বান্ধবী আৰু মই প্ৰায়ে ভেলপুৰী খোৱা দোকানখনৰ মালিকজনৰ বয়স প্ৰায় ষাঠিৰ ওচৰা-ওচৰি। সদায় চাফা বগা কূৰ্তা-পায়জামা পিন্ধে। আজিও আমি তালৈ গৈ তেখেতক ভেলপুৰী দিবলৈ কৈ দুয়োজনীয়ে কথা পাতি আছিলোঁ। কথাৰ মাজত ওলাল আচলতে হোলি কোন দিনা? কালিলৈ নে পৰহিলৈ? ক'লোঁ, "কালিলৈ হোলিকা দহন।" আমাৰ কথা শুনি থকা তেখেতে লগে লগে মাত দিলে, "ৱো ভি বুৰি বাত হেয়।" আমি দুয়ো অবাক হৈ তেখেতৰ মুখলৈ চালোঁ। তেখেতে আকৌ ক'লে, "হোলিকা এক ফিমেল থী। ঔৰতকো জলানা অচ্ছি বাত নহী হেয়। হা, উচনে এক খতা কি থী। তো উচী কাৰণচে ইতনে চাল চে উচকো লোগ জলাতে আ ৰহে হে। তো অব বচ ভী কৰো। অউৰ কিতনা চজা দোগে উচে? ইতনে চাল চে তো জলতী আ ৰহী হে। অব চে বন্ধ হোনা চাহিয়ে।" আমি দুয়ো ভেলপুৰী লৈ ঘূৰি অহাৰ বাটত ক'লোঁ, "আধুনিক মনৰ মানুহ।"

(৩)

সমাজত নাৰীৰ স্থান কি? নাৰীৰ স্থান পুৰুষৰ ভৰিৰ তলুৱাত নে হৃদয়ত? নাৰী পুৰুষৰ ভৰিৰ জোতা নে কান্ধত কান্ধ মিলাই, খোজত খোজ মিলাই আগুৱাই যোৱা সহযাত্ৰী? সমাজত নাৰী সুৰক্ষিত নে? দেখাক দেখি এইবোৰ প্ৰশ্ন মনলৈ আহিলেও আজিৰ সময়ত নাৰীৰ স্থান যথেষ্ট ভাল। সচৰাচৰ অহা এটা অভিযোগ, পুৰুষে নাৰীক শোষণ কৰে। কিন্তু নাৰীয়েও নাৰীক শোষণ কৰে। পুৰুষে যদি পুৰুষ হৈ নাৰীৰ সুবিধা লয়, এনে কিছুমান নাৰীও আছে যিয়ে নিজে নাৰী হোৱাৰ সুবিধা লয়। কিছুমান এনে নাৰী আছে যিয়ে নিজে নাৰী হোৱাৰ বিনিময়ত স্বামী আৰু তেওঁৰ ঘৰখনৰ ওপৰত যৌতুক বিচৰাৰ মিছা অভিযোগ আনি আইনৰ সহায় লয়, টকা-পইচা সৰকায়। কিছুমান নাৰীয়ে নিজে নাৰী হোৱাৰ বিনিময়ত নিজৰ অভীষ্ট সিদ্ধি নহ'লে বা নিজৰ অভীষ্ট পূৰ্ণ কৰিবলৈ পুৰুষ সহকৰ্মী বা যিকোনো পুৰুষৰ ওপৰত যৌন নিৰ্যাতনৰ অভিযোগ দি দিব পাৰে। যি ক্ষেত্ৰত নাৰীয়ে নিজে নাৰী হোৱাৰ সুবিধা লয়, তাত পুৰুষৰ স্থান ক'ত?

সাৰাংশ:


য'ত কিছুমান নাৰীয়ে নিজে নাৰী হোৱাৰ সুবিধা ল'য় তাতেই নাৰীক সন্মান যঁচা সেই ভেলপুৰী বেচা মানুহজনো আছে। য'ত ষাঠিৰ দেওনা গৰকা বা গৰকিবলৈ যোৱা মানুহগৰাকীয়ে হোলিকা নাৰী আছিল বাবেই হোলিকা দহন বন্ধ হোৱা উচিত বুলি কয় তাতেই আকৌ হোলিৰ নামত উদণ্ড যুৱকবোৰে ছোৱালীৰ স্পৰ্শকাতৰ ঠাইলৈ পানীৰে ভৰা বেলুন মাৰি অমানুষিক আনন্দত উত্ৰাৱল হয়।

(২২/০৩/২০১৬)


(http://www.xahitya.org/2016/04/20/%E0%A6%AC%E0%A6%BF%E0%A6%B7%E0%A7%9F-%E0%A6%A8%E0%A6%BE%E0%A7%B0%E0%A7%80-%E0%A6%AE%E0%A6%BF%E0%A6%A4%E0%A6%BE%E0%A6%B2%E0%A7%80-%E0%A6%AC%E0%A7%B0%E0%A7%8D%E0%A6%AE%E0%A6%A8/)

Monday, March 21, 2016

মৃগতৃষ্ণা আৰু অৱচেতনৰ সাধু

মৃগতৃষ্ণা আৰু অৱচেতনৰ সাধু

বহুতো কথা
তেওঁৰ ডিঙিৰ কাষত লকলকাই থাকে
বহুদিনৰ মৌনতা ভাঙি
ওলাই আহিব খোজে কথাবোৰ

কথা চহকী দিনবোৰত
তেওঁৰ মনৰ মানুহ তেওঁৰ কাষত নাছিল
মানুহ থাকিলেও সময় নাছিল

তেওঁ বিদ্ৰোহ কৰিছিল
মানুহ আৰু সময়ৰ প্ৰতি
হাতত নিচান লৈ তেওঁৰ মৌন সমদল
সিদিনা মনৰ মানুহো আছিল
আৰু সময়ো আছিল
নাছিল কথা চহকী দিনবোৰ


মৌনতাৰ অন্তত

কথাৰ নৈ
চিনাকি-অচিনাকি মুখবোৰৰ মাজত সদাব্যস্ত তেওঁ
শংকাৰ ডাৱৰ কেতিয়াবা বৰষুণ হৈ নামে
মুহূৰ্তৰ বিৰতিত বৰষুণবোৰো ভাপ হৈ উৰে


কথাবোৰ লকলকাই থাকে

লকলকাই থকা কথাৰে বাৰিষাৰ বান নামে
চিনাকি-অচিনাকি মুখবোৰৰ মাজত
তেওঁ নিজকে হেৰুৱাই পেলায়
আৰু আমি বিচাৰি ফুৰোঁ তেওঁক
তেওঁ ঘূৰি ফুৰা তেওঁৰ আপোন আমাৰ অচিন পৃথিৱীত
আমাৰ খোজবোৰ কঁপি উঠে
খোজে প্ৰতি পিচলি পৰাৰ ভয়


কথা চহকী দিনবোৰ ঘূৰি আহে

এইবাৰ মনৰ মানুহো আছিল
সময়ো আছিল
কিন্তু আমাৰ বাবে নাছিল তেওঁ...


(http://www.xahitya.org/2016/04/25/%E0%A6%AE%E0%A7%83%E0%A6%97%E0%A6%A4%E0%A7%83%E0%A6%B7%E0%A7%8D%E0%A6%A3%E0%A6%BE-%E0%A6%86%E0%A7%B0%E0%A7%81-%E0%A6%85%E0%A7%B1%E0%A6%9A%E0%A7%87%E0%A6%A4%E0%A6%A8%E0%A7%B0-%E0%A6%B8%E0%A6%BE/)