ভাষাৰ যাদু: 'লৈ' আৰু '-লৈ'ৰ প্ৰয়োগ
ভাষা এটাত আমি দৈনিক নানা ধৰণৰ শব্দ আৰু যতি
চিহ্নৰ ব্যৱহাৰ কৰোঁ। এইবাৰ আমি নিতৌ ব্যৱহাৰ কৰি থকা "লৈ" শব্দটোৰ যাদু
চাওঁ আহক----
বাক্য এটা লিখোঁতে আমি কিছুমান কথা মন নকৰোঁ।
সেয়েহে অজ্ঞাতে কিছুমান শব্দৰ মাজত খালী ঠাই ৰাখি দিওঁ। কিন্তু শব্দ এটাৰ লগত একেলগে
যুতি দি লিখা শব্দটো আৰু মাজত খালী ঠাই ৰাখি লিখা সেই একেটা শব্দই বেলেগ বেলেগ ক্ষেত্ৰত
প্ৰয়োগ হ'ব পাৰে আৰু তাৰ অৰ্থও বেলেগ হ'ব পাৰে। যেনে:
১/ (ক) তেওঁ কিতাপখন লৈ গ'ল।
(খ) তেওঁৰ কিতাপখনলৈ চকু গ'ল।
২/ (ক) কেঁচুৱাটোক
মাকে কোঁচত লৈ আছে।
(খ) কেঁচুৱাটো মাকৰ কোঁচলৈ গ'ল।
৩/ (ক) তেওঁ জিৰণি
লৈ গ'ল।
(খ) তেওঁ জিৰণিলৈ গ'ল।
এই
উদাহৰণৰ প্ৰথম দুটাৰ দুয়োটা প্ৰথম বাক্যত 'লৈ' শব্দটোৱে “বহন
কৰা” অৰ্থ প্ৰকাশ কৰিছে। আকৌ, তৃতীয় উদাহৰণৰ
প্ৰথম বাক্যত ব্যক্তিজনে অলপ জিৰণি লৈ/ বিৰাম
লৈ/ বিশ্ৰাম লৈ ক'ৰবালৈ যোৱা অৰ্থ বুজাইছে। আনহাতে, এই উদাহৰণবোৰত দ্বিতীয়
বাক্যবোৰত '-লৈ' এটা বিভক্তি। '-লৈ' ৪ৰ্থী বিভক্তিৰ চিন হিচাপে ইয়াত ব্যৱহাৰ হৈছে।
গতিকে ৰাইজ, লিখোঁতে সদায় লিখিব "মই
গুৱাহাটীলৈ/বিশ্ববিদ্যালয়লৈ/ ঘৰলৈ যাওঁ" বুলি। "মই গুৱাহাটী লৈ/ বিশ্ববিদ্যালয়
লৈ/ ঘৰ লৈ যাওঁ" বুলি নিলিখিব। ইমান প্ৰকাণ্ড চহৰ এখন বা বিশ্ববিদ্যালয় এখন বা
ঘৰ এটা আপুনি বা মই নিশ্চয় দাঙি নিব নোৱাৰোঁ।
No comments:
Post a Comment