Pages

Monday, March 21, 2016

মৃগতৃষ্ণা আৰু অৱচেতনৰ সাধু

মৃগতৃষ্ণা আৰু অৱচেতনৰ সাধু

বহুতো কথা
তেওঁৰ ডিঙিৰ কাষত লকলকাই থাকে
বহুদিনৰ মৌনতা ভাঙি
ওলাই আহিব খোজে কথাবোৰ

কথা চহকী দিনবোৰত
তেওঁৰ মনৰ মানুহ তেওঁৰ কাষত নাছিল
মানুহ থাকিলেও সময় নাছিল

তেওঁ বিদ্ৰোহ কৰিছিল
মানুহ আৰু সময়ৰ প্ৰতি
হাতত নিচান লৈ তেওঁৰ মৌন সমদল
সিদিনা মনৰ মানুহো আছিল
আৰু সময়ো আছিল
নাছিল কথা চহকী দিনবোৰ


মৌনতাৰ অন্তত

কথাৰ নৈ
চিনাকি-অচিনাকি মুখবোৰৰ মাজত সদাব্যস্ত তেওঁ
শংকাৰ ডাৱৰ কেতিয়াবা বৰষুণ হৈ নামে
মুহূৰ্তৰ বিৰতিত বৰষুণবোৰো ভাপ হৈ উৰে


কথাবোৰ লকলকাই থাকে

লকলকাই থকা কথাৰে বাৰিষাৰ বান নামে
চিনাকি-অচিনাকি মুখবোৰৰ মাজত
তেওঁ নিজকে হেৰুৱাই পেলায়
আৰু আমি বিচাৰি ফুৰোঁ তেওঁক
তেওঁ ঘূৰি ফুৰা তেওঁৰ আপোন আমাৰ অচিন পৃথিৱীত
আমাৰ খোজবোৰ কঁপি উঠে
খোজে প্ৰতি পিচলি পৰাৰ ভয়


কথা চহকী দিনবোৰ ঘূৰি আহে

এইবাৰ মনৰ মানুহো আছিল
সময়ো আছিল
কিন্তু আমাৰ বাবে নাছিল তেওঁ...


(http://www.xahitya.org/2016/04/25/%E0%A6%AE%E0%A7%83%E0%A6%97%E0%A6%A4%E0%A7%83%E0%A6%B7%E0%A7%8D%E0%A6%A3%E0%A6%BE-%E0%A6%86%E0%A7%B0%E0%A7%81-%E0%A6%85%E0%A7%B1%E0%A6%9A%E0%A7%87%E0%A6%A4%E0%A6%A8%E0%A7%B0-%E0%A6%B8%E0%A6%BE/)

No comments:

Post a Comment