Pages

Monday, March 31, 2014

মামণি ৰয়চম গোস্বামী : ব্যক্তিত্বৰ আঁৰৰ ব্যক্তিগৰাকী


                                                            (১)

            “মোৰ মনত সেইখনেই আদর্শ সমাজ, ত মানুহে মানুহক মানুহ বুলি ভাবিব পাৰে”--- এয়াই আছিল তেওঁৰ মনত এখন আদর্শ সমাজৰ সংজ্ঞা অসমীয়া মানুহক, অসমীয়া জাতিক বিশ্বদৰবাৰত প্রতিষ্ঠা কৰি থৈ যোৱা দুয়োগৰাকী মানৱ-দৰদীয়ে তাৰমানে কথাবোৰ একেদৰেই ভাবিছিল ! ভূপেন হাজৰিকাই তেওঁৰ বহুতো গীতৰ মাজত প্রকাশ কৰি থৈ গৈছে মানৱ-জাতিৰ প্রতি তেওঁৰ দুর্বাৰ ভালপোৱা :
                                    “মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে
                                    অকণো সহানুভূতিৰে ভাবিব কোনেনো কোৱা সমনীয়া
হয়তো সেই একেখন সমাজৰে সপোন দেখিছিল মামণি ৰয়চমে ! মানুহৰ দুখ-আর্তনাদ দেখি কান্দি উঠিছিল তেওঁৰ হৃদয় ! তেওঁৰ লিখনিৰ আঁহে আঁহে সেই কথা অনুভৱ কৰিব পাৰি।  


            কোনে জানিছিল কাটি ব্রহ্মপুত্রত উটুৱাই দিবলৈ কোৱা ছোৱালীজনীয়েই এদিন প্রজ্জ্বলিত কৰিব সাহিত্য জগতৰ অক্ষয় বন্তিগছ ! হয়তো, যিগৰাকী জ্যোতিষীয়ে তেওঁৰ সোঁৱৰণি চাই উচ্চাৰণ কৰিছিল সেই নির্মম বাণী, তেওঁ কেতিয়াও পঢ়ি নাচালে মামণি গোস্বামীৰ সাহিত্যজগতৰ লগত জড়িত দিশটি নাইবা হয়তো তেওঁৰ আগন্তুক জীৱনৰ দুখ-বেদনাৰ আগজাননী পাই সেই জ্যোতিষীগৰাকী কঁপি উঠিছিল হয়তো ভাবিছিল, পাৰিবনে ছোৱালী এজনীয়ে ইমান দুখৰ বোজা সহিব ! হয়তো...! হয়তো...!! কিন্তু পাচলৈ সেই জ্যোতিষীগৰাকীয়েই মামণিৰ ভাগি পৰা মনটোক সজীৱ কৰিবলৈ কৈছিল তুমি ইচ্ছা কৰিলে পাহাৰ বগাব পাৰিবা তোমাৰ মাজত মই অধ্যাৱসায়ৰ জ্যোতি দেখা পাইছোঁ(আধা লেখা দস্তাবেজ) হয়, ছোৱালীজনীয়ে ৰচি থৈ গল ইতিহাস ! সিঁচি দিলে আশাৰ কঠিয়া তেওঁৰ গৰিমাৰে মহীয়ান হলোঁ আমি

            মামণি ৰয়চমক সাহিত্য সৃষ্টিত অনুপ্রেৰণা যোগাইছিল ধর্মীয়, সামাজিক, ৰাজনৈতিক আৰু লগতে মহাকাব্যৰ অধ্যয়ন আৰু ভ্রমণ অভিজ্ঞতাই আমৰঙা সত্রৰ পৰা আৰম্ভ কৰি দেশৰ আৰু দেশৰ বাহিৰৰ বিভিন্ন প্রান্তৰ মানুহৰ দুখ-দুর্দশা নিগৰিছে তেওঁৰ কলমৰ চিঞাহী হৈ দেশৰ সীমাৰ ভিতৰত গিৰিবালা, দুর্গা, সৰু গোঁসানী, সৌদামিনী, মৃণালিনী, বিধিবালা, দময়ন্তী, সোণী, ৰাঘামা, নাৰায়ণী, নির্মলাৰ কথা যিদৰে লিখিছে, একেদৰে লিখিছে চীনৰ কহ-বিহং, জাপানৰ মিচ কেইকি, ইংলেণ্ডৰ ৰজ মেৰী, এলিজাবেথ, ডৰথী ব্রাউনৰ কথা উচ্চ বংশজাত গিৰিবালা, দুর্গা, সৰু গোঁসানী, দময়ন্তী, সৌদামিনীৰ অথবা নিম্নবংশজাত হৰিজন সম্প্রদায়ৰ নাৰায়ণী, বসুমতী--- সকলোৰে দুখ-যন্ত্রণাৰ ছৱি নির্মোহভাবে অংকণ কৰিছে মামণি ৰয়চমে বিদ্রোহী আছিল তেওঁ কথা-প্রসংগত তেওঁ কোৱা মনত আছে, তেওঁৰ স্বামীৰ অকাল মৃত্যুৰ পাচত চুবুৰীয়াৰ ঘৰত সকাম খাবলৈ যাওঁতে তেওঁক আঁচুতীয়াকৈ খাবলৈ দিয়াৰ বাবে মনত দুখ পাই সেই ঠাই পৰিত্যাগ কৰিছিল তাৰ প্রতিফলন দেখোঁ তেওঁৰ লিখনিত... স্বামীৰ বিয়োগৰ পাচত পিতৃগৃহলৈ প্রত্যাৱর্তন কৰা গিৰিবালাক চাবলৈ অহা তিৰোতাজাকক উদ্দেশ্যি কোৱা হল :
নুচুবি ! নুচুবি ! এইমাত্র বাৰী হোৱা তিৰী ঐ কপালত সেন্দুৰ পিন্ধা তিৰীহঁত (দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা)

ঘৰত হোৱা কাজ-কর্মৰ সময়তো গিৰিবালাক বান্ধি দিয়া হল নিয়মৰ কঠোৰ শিকলিৰে :
মাছুৱা চৰু আছে, সহাই যাবা নৰাহ (দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা)

            কিন্তু সেই কঠোৰ নিয়ম ভংগ কৰি গিৰিবালাই আতাকৰ শ্রাদ্ধৰ মাংস খাই পৰাচিত হ
বলগীয়া হ সমাজৰ এই প্রায়চিত্ত কৰাবিধানটো যে এক প্রকাৰৰ মানসিক অশান্তি হব পাৰে তাক কোনেও ভাবি নাচায় সেয়ে মার্ক চাহাবৰ কোঠালিত উপস্থিত হোৱা গিৰিবালাক প্রায়চিত্তৰ বাবে যেতিয়া বাধ্য কৰোৱা হল বিদ্রোহ কৰি তাই ওলাই নাহিল জ্বলন্ত অগ্নিকুণ্ডৰ মাজৰ পৰা

            তেওঁৰ হৃদয়ে কান্দি উঠিছিল আর্তজনৰ বাবে ! কেৱল যে নাৰীয়েই তেওঁৰ লিখনিত আগস্থান পাইছে তেনে নহয় তেওঁৰ আছে পুৰুষৰ প্রতিও সমবেদনা সংস্কাৰগল্পত আছে আমাৰ সমাজ ব্যৱস্থাই সৃষ্টি কৰা প্রাচীৰ অতিক্রম কৰিবলৈ বিচৰা এজন হতভগাৰ পিতৃত্বৰ কৰুণ আর্তনাদ বংশ ৰক্ষা কৰিবলৈ পীতাম্বৰ মহাজনে দময়ন্তীৰ দৰে সমাজৰ ক্ষুধাৰ বলি হোৱা এগৰাকী বিধবাক বিয়া কৰাবলৈ আগবাঢ়ি আহিছে কিন্তু মহাজনৰ সকলো আশা তচ-নচ কৰি ভাঙি পেলাইছে দময়ন্তীৰ সংস্কাৰবোধে শূদিৰীয়াৰ বীজ তাই নকঢ়িয়ায় তাই শাণ্ডিল্য গোত্রীয় বামুণ। জীৱনৰ পৰিস্থিতি যে কেতিয়াবা ইমান নির্মম হব পাৰে তাক অংকণ কৰাত মামণি ৰয়চম সিদ্ধহস্ত

            কেৱল মানুহেইনে ? জীৱ-জন্তুৰ প্রতিও আছিল তেওঁৰ প্রৱল মৰম যদিও তেওঁৰ মংগলৰ বাবেই কামাখ্যাৰ ওচৰৰ বগলাদেৱী মন্দিৰত ছাগলীটো বলি দিয়া হৈছিল, সেই মুহূর্ততো তেওঁৰ চকুৰে বৈ আহিছিল তপত চকুলোৰ ধাৰ
খুটিটোৰ আশে-পাশে থকা কোমল ঘাঁহবোৰ সি বৰ নিশ্চিন্ত মনে খাই আছে তাৰ কলা নোমবোৰত ৰদৰ পোহৰ পৰি চিকমিকাই আছে।... পূজা আৰম্ভ হ... মোৰ মন দেৱী আৰু পূজাত নেথাকিল দূৰৈত নিশ্চিন্ত মনে ঘাঁহ খাই থকা পশুটোৰ বাবে হৃদয় ছটফটাবলৈ ধৰিলে...যেতিয়াই বলিকটা দাখন লৈ পূজাৰী এটাই বাহিৰলৈ ওলাই গল তেতিয়াই মোৰ দুয়ো নয়নেৰে ধাৰাসাৰে লোতক বাগৰি পৰিবলৈ ধৰিলে (আধা লেখা দস্তাবেজ)

            একেধৰণৰ কথাকেই যেন তেওঁ কবলৈ বিচাৰছে ছিন্নমস্তাৰ মানুহটোউপন্যাসত:
নাৱৰ পৰা এটা জবৰজং মানুহ নামিল সি কোলাত লৈ আহিছে তিনিবছৰমান বয়সীয়া এটা লৰা বাওঁ কোলাত তুলি আনিছে বলিৰ পাঠা ছাগলী শিশুটোৱে ছাগলীটোৰ সৈতে খেলি আহিছে পখৰা নোদোকা ছাগলীটোৱে এই জবৰজং পুৰুষটোৰ কোলাত উঠি কাণ-মূৰ জোঁকাৰি যেন শিশুটিৰ সৈতে খেলিবলৈহে আৰম্ভ কৰিছে এৰা বেচেৰাই কেনেকৈ জানিব যে আৰু কিছু ক্ষণৰ পিছতেই তাৰ তেজেৰে এই শিশুটিৰ কপাল তিতি যাব !

           
কেনে এক মর্মান্তুদ বিৱৰণ ! দেৱীক তেজেৰে নহয়, ফুলেৰে পূজা কৰাতহে তেওঁ বিশ্বাসী সেয়ে ছিন্নমস্তাৰ মানুহটোৰ চৰিত্র বিশেষৰ মুখেৰে ব্যক্ত কৰাইছে কিছুমান বিশেষ সংলাপ :
যি শাস্ত্রৰ দ্বাৰা দেৱী পূজা হয় সেই শাস্ত্রই ফুলৰ মাহাত্ম্য প্রচাৰ কৰি গৈছে তেজতকৈ ফুলৰ স্থান ওপৰত থৈছে এটা মহৰ তেজেৰে দেৱীয়ে এশ বছৰ তৃপ্তি লাভৰ কথা শাস্ত্রই লেখিছিল কিন্তু মাত্র এটি কৰবী ফুলৰ দানেৰে অশ্বমেধ যজ্ঞৰ সমান ফল লাভ কৰাৰ কথা দেৱী শাস্ত্রই কৈ গৈছে...” 

                                                              (২)

            তেওঁৰ বিশাল সাহিত্যৰাজিৰ সাহিত্যিক দিশৰ বিশ্লেষণ কৰাৰ ধৃষ্টতা আমাৰ নাই ! ব্যক্তি হিচাপে মামণি ৰয়চমক প্রথম লগ পাইছিলোঁ ২০০৫ চনৰ ১৬ আগষ্ট তাৰিখে সেয়াই আছিল আৰম্ভণি ! ইমান মৰমীয়াল, ইমান সৰলমনা মানুহজনী... চাক্ষুক অভিজ্ঞতাক ভিত্তি কৰি লিখিলেহে লেখাবোৰে প্রাণ পায় বুলি আছিল তেওঁৰ দৃঢ় বিশ্বাস সেয়ে গৈছিল বহু ঠাইলৈ অভিজ্ঞতাৰ লেচেৰি বুটলিবলৈ ঘ্রাণৰ অনুভূতি কেনেধৰণৰ তাক সহজতে ব্যাখ্যা কৰিব নোৱাৰি... কিন্তু মামণি ৰয়চমে কেতিয়াবা ফুলৰ সুবাসেৰে, কেতিয়াবা জবা-কুসুম তেলৰ সুবাসেৰে, কেতিয়াবা শুকাই পঁচি যোৱা নির্মালিৰ গোন্ধেৰে নাইবা আন বহুতো ব্যাখ্যাৰে সেইবোৰ আমাৰ অনুধাৱনযোগ্য কৰি তুলিছে

            যেতিয়াই তেওঁৰ ঘৰলৈ গৈছোঁ সদায় তেওঁ আদৰণি জনায় এমুখ হাঁহিৰে নিজ হাতে বাকি খুৱায় চাহ যিকোনো ক্ষেত্রতে মেলি দিয়ে মমতাৰ বহল আঁচল বাইদেউ, চেমিনাৰ পেপাৰ এখন এখন লিখিব লাগে তথ্য পোৱা নাই কি কৰোঁ ?” “মাজনী, মোৰ ওচৰত কিবা কিবি আছে আহিবা আবেলিলৈআবেলি গৈ দেখোঁ তেওঁৰ ওচৰত থকা সকলো তথ্য ফটো কপি কৰাই থৈ দিছে বাইদেউ, আজি গাটো ভাল লগা নাই” “মাজনী, ডা° চন্দন বৰতামুলীক ফোন কৰি মোৰ কথা কবা তেওঁ তোমাক চাই দিব”--- এয়াই হল আমাৰ বাইদেউৰ ৰূপত মা কিমান যে মানুহক তেওঁ সহায় কৰিলে তাৰ লেখ দিব নোৱাৰি কিমান যে ছাত্র-ছাত্রীক আর্থিকভাবেও সহায় কৰিলে হিচাপ নাই ! এদিন বাইদেউৰ ঘৰত কোনো এটা চেনেলৰ সাক্ষাৎকাৰ হৈ আছে, মাজতে তেওঁ কিছু সময়ৰ বাবে নাইকিয়া হ পাচত গম পোৱা গ, ছাত্রী এগৰাকী বৰ বিপদত পৰিছে, তাইৰ যাৱতীয় কাগজ-পত্রত স্থানীয় অভিভাবকৰ চহী কৰিবলৈ বাইদেৱে সাক্ষাৎকাৰ পর্যন্ত এৰি গ

            মানুহৰ প্রশংসা কৰিবলৈ পালে যেন বাইদেউক আন একো নালাগে সৰু সৰু কথা একোটাক বিচাৰি উলিয়াই তাকেই তেওঁ ইমানকৈ প্রশংসা কৰে যে ভাবিলেও আচৰিত লাগে পাচত বুজি পাইছিলোঁ যে মানুহবোৰক উৎসাহ যোগাবলৈয়ে বাকি দিয়ে তেওঁ প্রশংসাৰ বন্যা “the student is extremely brilliant, you should admit him/her in your college” সময়ে সময়ে এয়া আছিল তেওঁৰ দিল্লী বিশ্ববিদ্যালয়ৰ বিভিন্ন মহাবিদ্যালয়ৰ অধ্যক্ষলৈ আবেদন... ইফালে লাগিলে ছাত্র বা ছাত্রীগৰাকীক তেওঁ ভালকৈ নাজানকেই ! তেওঁ আছিল আত্মাৰ সৌন্দর্যৰে মহীয়ান এগৰাকী সুন্দৰী নাৰী কাজল সনা সুন্দৰ বিশাল দুচকুৰ গৰাকী তেওঁৰ সুন্দৰ চকুযুৰিয়ে যেন অহৰহ কৰিছিল সত্য-শিৱ আৰু সুন্দৰৰ সন্ধান এই সুন্দৰ নয়ন তোমাৰ শৰীৰৰ প্রদীপ তোমাৰ নয়ন সৰল হলে শৰীৰ দীপ্তিমান হব---কিন্তু তোমাৰ নয়ন মলিন হলে তোমাৰ শৰীৰ অন্ধকাৰময় হৈ পৰিব তোমাৰ হৃদয়ৰ দীপ্তিক যদি অন্ধকাৰে ঢাকি ধৰে তেনেহলে তুমি কোন পথেৰে গমন কৰিবা” (আধা লেখা দস্তাবেজ) ধর্ম-শাস্ত্রৰ শ্রেণীত পঢ়া এই কথাবোৰে যেন তেওঁৰ মগজুৰ গভীৰলৈ শিপাই আছিল ! সেয়ে অসুন্দৰবোৰ আঁতৰ কৰি অহর্নিশে বিচাৰিছিল এখন সমাজ, “ত মানুহে মানুহক মানুহ বুলি ভাবিব পাৰে

            বাইদেউ আছিল কবি-গল্পকাৰ-ঔপন্যাসিক কিন্তু আচৰিত ধৰণে আজি কিছুদিন আগতে তেওঁৰ আন এটা দিশ উন্মুক্ত হল আমাৰ চকুত ডিচেম্বৰ মাহৰ ১২তাৰিখে ডিপার্টমেণ্ট(আধুনিক ভাৰতীয় ভাষা আৰু সাহিত্য অধ্যয়ন বিভাগ, দিল্লী বিশ্ববিদ্যালয়)-লৈ আহিছিল শ্রীমান বিৰিঞ্চি কাশ্যপ প্রায় দুবছৰ ধৰি লাগি লাগি তেওঁ বাইদেউৰ পৰা লৈছিল সন্মতিৰ স্বাক্ষৰ স্বাধীন অসম(the protest against crime) নামৰ ডিজিটেল ছবিখনৰ বাবে চিত্রপট লিখক শ্রীমান কাশ্যপৰ মতে ““স্বাধীন অসমত বাইদেউৰ ভাগত পৰিছে এগৰাকী লেখিকাৰ ভাও স্বাধীন অসমৰ ২য় ভাগত তেওঁ এটা পূর্ণাংগ চৰিত্রৰ ৰূপায়ণ কৰাৰ কথা আছিল কিন্তু ইতিমধ্যে তেওঁ অসুস্থ হৈ পৰিছিল...। হয়তো সমগ্র অসম তথা ভাৰতবাসীৰ লগতে নতুন বছৰৰ কোনো এটা দিনত আমি দেখিবলৈ পাম মামণি বাইদেউৰ নতুন দিশটো !

(১)
যেতিয়াই মন যায়
বুকুৰ পৰা উলিয়াই লওঁ
তোমাৰ মুখখন
(২)
তেওঁৰ সেওতাৰে যিসকল আহে
সকলো মৰে
তেওঁৰ ফোঁটত পৰি” (নীলিম কুমাৰ)


            এয়াই আমাৰ বাইদেউ ! নিটোল শব্দৰ মায়াজালৰ ইটো পাৰে থকা মমতাৰ বিশাল ভাণ্ডাৰ বহুতো প্রেমিকৰ কল্পনাৰ প্রতিমা !  কপালত দগমগীয়া সুৰুয পিন্ধা, কাজল সনা উদাসী বহল চকুযুৰিৰে ৰঙা কাপোৰসাজ পিন্ধা ধুনীয়া চৌখিন মানুহগৰাকী... কপালত পৰি থাকে কুঞ্চিত অলকাৰ মেঘালী,ওঁঠত লমালমে লাগি থাকে হাঁহিৰ জোনাক...

Friday, March 28, 2014

প্রসংগ : অসমীয়া-হিন্দী... আমাৰ দৈনন্দিন জীৱনৰ কেইটামান টুকুৰা-টুকুৰ দৃশ্য




                                    

দৃশ্য: ১
হোটেল ময়ূৰ আসাম, নতুন দিল্লী:

আমাৰ কাষৰে কলিতা খুৰাই খুৰীদেউক দিল্লী দেখুৱাবলৈ লৈ আহিছে। অসমত থকা শাখাটোৰ পৰাই বুকিং কৰাৰ সুবিধা থকা বাবেই তেওঁলোকৰো প্রথম পচন্দ দিল্লীৰ ময়ূৰ আসাম হোটেল। পিচদিনাৰ পৰাই খোৱা পানী দিবলৈ অহা
, চাহ দিবলৈ অহা লৰাজন খুৰা-খুৰীহঁতৰ তপনৰ দৰেই লাগিল। তপন, কলিতা খুৰাৰ বন কৰা লৰাটোৰ নাম। খুৰা-খুৰীয়ে পুৱাই গা ধুই ওলাই যায় দিল্লী ভ্রমণৰ বাবে। খুৰা-খুৰী ওলাই যোৱাৰ পাচত এদিন জোৰকৈ এচাটি বতাহ আহিল আৰু খুৰা-খুৰী আহি নৌপাওঁতেই খুৰীয়ে বেলকনিত মেলি থোৱা শাৰীখন গৈ তলত পৰিল। লগে লগে চাহৰ যোগান ধৰা লৰাটোৱে শাৰীখন চিনি পাই আনি থৈ দিলে। খুৰা-খুৰী উভতি অহাত লৰাজন গল শাৰীখন দিবলৈ। খুৰীৰ বাচ্য থেংক য়্যু ভাইয়া। ৱো আজ বহত বাতাচমাৰ ৰহা থা না, ইচলিয়ে শাৰী গিৰ গিয়া।ৰাজনে সব বুজিলে মাত্র বাতাচ মাৰ ৰহা থাখিনিৰ বাদে!!!!!!

দৃশ্য:২
সৰোজিনী মার্কেট, নতুন দিল্লী:

বৰুৱানী জেঠাইহঁত আহিছে লগৰ কেইবাজনীও বান্ধবীৰ স
তে দিল্লী ভ্রমণ কৰিবলৈ। ফুৰা-চকা কৰাৰ লগতে বজাৰ-সামৰো কৰিব লাগে। এনেয়ো মাইকী মানুহে বজাৰ কৰি ভাল পায় বুলি চাঞ্চ পালেই বৰুৱা জেঠাই শুনাই থাকে। তাতে আৰু এতিয়া অকল বৰুৱানী জেঠায়েই নহয়, লগত দহগৰাকীমান বান্ধবীও। গতিকে যিফালেই গৈছে, কঁপাই গৈছে বাপ্পেকে!! সকলোৰে কাৰণে সৰু-সুৰা কিবা এটা হলেও কিনিবই লাগিব। বৰুৱানী জেঠাইৰ এটা ভাল গুণ আছে। আগতে ঘৰৰ বাকীবোৰৰ কাৰণে বজাৰ কৰে আৰু তাৰ পাচত যদি অংক মিলে একেবাৰে শেষত নিজলৈ কিবা এপদ কিনে আৰু, ফুৰিবলৈ অহা ঠাইখনৰ চিন স্বৰূপে। আটাইকেইগৰাকী গল শাৰীৰ দোকান এখনলৈ। বৰুৱানী জেঠাইৰ অংক মিলি আহিছে, সেয়ে তেৱোঁ শাৰী এখন কিনিব পাৰিব। এখন এখনকৈ শাৰী চাই গৈ আছে। তাৰ মাজতে পটককৈ এখন শাৰী জেঠাইৰ চকুত লাগিল। লাগিল যি লাগিলেই, সেইখন মুঠি মাৰি ধৰিলে।

: ভাইয়া
, প্রাইচ কিতনা হেয়?
: চির্ফ পন্ধৰচ’ (১৫০০) মেডামজী।
: কি? ক্যা পোন্ধৰশ? এতনা জ্যাদা ক্যু বোলতে হো?
: আৰে মেডামজী বেছিনেহী বোলা। দেখিয়ে ইচকা কাম কিতনা ভাৰী হেয়। পল্লু দেখিয়ে। য়ে শাৰী যব আপ পেহনোগে না মেডাম হমে য়্যাদ কৰোগে, লোগ পুচেংগেং আপকো। আপ বেংগল কা হো মেডাম?
: হম বেংগলী নেহী, অসমীয়া।
: হা মেডাম হামাৰে য়হা আসাম কা বহত কাষ্টোমাৰ আতে হেয় তো হমে ভী থোৰা-বহত আচামী আতে হেয়।
: হয় দে বৰ অসমীয়া জনাটো! আসাম কা কাষ্টোমাৰ আতে হেয় তো হামকো থোৰা কমাকেদো।
: আৰে মেডাম হম কেইচে আপকো কমাকে দে চকতে হেয়? এইচা নহী বোলতে মেডাম।

এতিয়া আমাৰ বৰুৱানী জেঠায়ে গুৱাহাটীৰ ফাঁচী বজাৰত কোৱা দি ক
লে থোৰা কমাকে দোমানে দামটো অলপ কমকৈ ল। কিন্তু দিল্লীৰ দোকানীয়ে বুজিলে কমাকে দোমানে উপার্জন কৰি দে। তাৰ পাচত বহু পৰ দৰ-দাম কৰি কৰি বৰুৱানী জেঠায়ে নিজৰ অংকৰ হিচাপত মিলায়েই পচন্দৰ শাৰীখন কিনি আনিলে।

দৃশ্য : ৩
শক্তি নগৰ, নতুন দিল্লী (কামৰূপা ছাত্রী নিবাসৰ বাহিৰত) :

নিজৰ একমাত্র ছোৱালী প্রজ্জ্বলিতাক থ
বলৈ আহিছে কাকতি মহাহঁত। উচ্চতৰ মাধ্যমিকৰ কলা শাখাত সুখ্যাতিৰে উত্তীর্ণ হৈ দিল্লী বিশ্ববিদ্যালয়ৰ এখন আগশাৰীৰ নামজ্বলা কলেজত নাম ভর্তি হৈ গল প্রজ্জ্বলিতাৰ। জীৱনত প্রথমবাৰ বুকুৰ আমঠু ছোৱালীজনীক মাক-দেউতাকে আঁতৰত থ, নানা চিন্তাই জুমুৰি ধৰিছে। হোষ্টেলত থাকিব, কি খাব, কি কৰিব ইত্যাদি ইত্যাদি। হলেও দিল্লী হেন ঠাইত অসমীয়া ছোৱালীৰ বাবে হোষ্টেল এটা পাই কিছু হলেও সকাহ পাইছে মহাহঁতে। কাইলৈ তেওঁলোক যাবগৈ। সেয়ে আজি প্রজ্জ্বলিতাক কামৰূপাত থবলৈ আহিল। যোৱাৰ আগে আগে প্রজ্জ্বলিতাক লৈ হোষ্টেলৰ বাহিৰতে থকা ফল-মূলৰ বজাৰখনলৈ গল। কাকতি মহাই জানে, ছোৱালীয়ে গাখীৰ, কলেৰে ভাত খাই বৰ ভাল পায়। ভাতৰ লগত থকা ব্যঞ্জনবোৰ খাবলৈ বেয়া পালেও তাই গাখীৰ-কলেৰেই দুটেপামান খাব পাৰিব। এই ভাবি গল তেখেত কল কিনিবলৈ...
সুধিলে, “ভাইয়া কলকা দাম কিতনা হেয়?”
দোকানীৰ নির্লিপ্ত স্বৰত উত্তৰ, “কল কা দাম যিতনা থা আজ ভী উতনাহী হেয়।
মহাই সুধিলে কলৰ দাম কিমান? কিন্তু কল কা দাম কিতনামানে দোকানীয়ে ভাবিলে কালিৰ দাম কিমান আছিল। খেলিমেলিটো বুজি পাই প্রজ্জ্বলিতাই পৰিস্থিতিটো চম্ভালি ললে।

দৃশ্য : ৪
মুনিৰকা, নতুন দিল্লী:

নয়নী
, প্রণামিকা, মূর্চনা, পৰী, ইন্দ্রজিৎ আৰু পার্থৰ সতে একেলগে দিল্লীস্থিত শংকৰদেৱ ভবনলৈ গৈ আছোঁ। পার্থই আৰম্ভ কৰিলে: এবাৰ মোৰ বন্ধুৰ কোনোবা সম্পর্কীয় মানুহ আহিছিল দিল্লীলৈ বেমাৰ দেখুৱাবলৈ। ৰোগীক লগত লৈ হস্পিতাললৈ তাঁত-বাতি কাঢ়ি থকা হৈছে। ডাক্তৰে ৰোগীক সুষম আহাৰ খাবলৈ উপদেশ দিছে, শাক-পাচলি, কণী, মাছ ইত্যাদি। ইমান দিনে ৰোগীৰ লগতে নিৰামিষ আহাৰ খাই থকা কেইজনেও ভালে পালে। ৰোগীৰ ভতিজাক বজাৰলৈ ওলাই গ, মাছ বিচাৰি। তেওঁৰ মনত পৰিল আগতে তেওঁৰ বেমাৰ-আজাৰ হলে মাক-আইতাকহঁতে মাগুৰ মাছৰ জোল ৰান্ধি খুৱাইছিল। মাগুৰ মাছ বিচাৰি ভতিজাক মাছৰ বজাৰলৈ সোমাই গল। মাছৰ বজাৰত মাগুৰ মাছ নেদেখি মনটো বেয়া লাগিলেও শেষত মাছৰ বেপাৰী এজনকে সুধি চোৱা যাওক বুলি আগবাঢ়িল...
: ভাইয়া, আপকে পাচ মগৰ মছ নেহী হেয় ক্যা? কাহা মিলেগা?
: ক্যা? “মগৰমচ্চ”?? আপ কাহা চে আয়ে হো আয়ে হো ভাইয়্যা?
: হম আচাম চে আয়ে হেয়।
: ক্যা বাত বোল ৰহে হো ভাইয়্যা, আচাম লে লোগ মগৰমচ্চভী খাতে হেয়?
বেচেৰা ভতিজাকজন, খুৰাকৰ বাবে বিচাৰি গল মাগুৰ মাছ, আৰু বেপাৰীয়ে বুজিলে, তেওঁ আৰু গোটেই অসমৰ মানুহে মগৰমচ্চমানে ঘৰিয়াল খায়!!

দৃশ্য : ৫
বিদ্যালয়ৰ শিক্ষকৰ বৈঠক কোঠা, ৰুৰকি :

দালি মাহীয়ে ৰুৰকিৰ স্কুল এখনত পঢ়ুৱায়। প্রায় এবছৰেই হল মহাৰ ৰুৰকিলৈ বদলি হোৱাৰ। মহা কামলৈ যোৱাৰ পৰতেই মাহীক স্কুলত নমাই থৈ যায়। এবাৰ মহা অফিচ টুৰলৈ গল। মাহীয়ে সেইকেইদিন অকলে অহা-যোৱা কৰিলে। তেতিয়া হঠাৎ এদিন পুৱাৰ পৰা বৰষুণ দিয়াত মাহীয়ে ছাতি টানি স্কুললৈ গল। বৰষুণত ভিজি যোৱা ছাতিটো শুকাবলৈ মেলি দি মাহী শ্রেণী কোঠালৈ গল। স্কুলৰ পৰা উভতিবৰ পৰত থৈ যোৱা ঠাইত ছাতিটো নেদেখি মাহী বিমোৰত পৰিল। বৰষুণ দিয়েই আছে। ছাতিটো নাপালে কেনেকৈ যোৱা যাব! মাহীৰ মুখত চিন্তাৰ ৰেখা দেখি তেওঁৰ সহকর্মী এগৰাকীয়ে সুধিলে,
: ক্যা হুৱা মেডামজী?
চিন্তাক্লিষ্টভাৱে মাহীয়ে ওলোটাই প্রশ্ন কৰিলে,
:মেৰা ছাতি কহা গেয়া?
কথা শুনি সহকর্মীগৰাকীৰ চকু কপালত উঠিল। আকৌ সুধিলে,
: ক্যা মেডামজী?
মাহীয়ে কলে : ছাতি ছাতি, মেৰা ছাতি কহা গেয়া?
অবাক হৈ চাই ৰোৱা সহকর্মীগৰাকীৰ মুখলৈ চাই মাহীয়ে নিজৰ ভুল ধৰিব পাৰিলে যে হিন্দীত ছাতিমানে বুকু আৰু ছাতামানেহে আমাৰ অসমীয়াৰ ছাতি। এইবাৰ মাহীয়ে কলে,
: হোৱেৰ ইজ মাই আমব্রেলা?
এইবাৰ মাহীৰ প্রশ্নত গোটেইজাক সহকর্মী হাঁহিত ফাটি পৰিল।

দৃশ্য : ৬
দক্ষিণ ভাৰত অভিমুখী ৰেল:

আমাৰ কাষৰে বলেন দা এবাৰ দক্ষিণ ভাৰত ভ্রমণ কৰাৰ মন হ
ল। বলেন দাই সেয়ে পলম নকৰি ৰেলৰ টিকেট কাটি পেলালে। নির্ধাৰিত দিনত আৰম্ভ হল তেওঁৰ ৰেল যাত্রা। গৈ আছে, গৈ আছে, গৈ আছে... নিশা নামি আহিল। ৰেলৰ মানুহবোৰে অলপ-চলপ কিবা-কিবি খাই টোপনিত পৰিল। আমাৰ বলেন দাই পিচে ৰাতিটো নুশুৱাকৈ পাৰ কৰিম বুলি ভাবি খিড়িকীৰে বাহিৰৰ জগতখন চাই যাবলৈ ধৰিলে। মুখত লগা বতাহজাকে দিনৰ গৰমটোৰ কথা অলপ হলেও পাহৰাইছে। দূৰৈৰ গছবোৰ-খুটাবোৰ সকলোকে পিচ পেলাই ৰেলখনে তীব্র দৌৰ এটা মাৰি আছে আৰু দৌৰৰ লগে লগে তাৰ গর্ভৰ ভিতৰত কঢ়িয়াই নিছে বলেন দাহঁতৰ দৰে এজাক যাত্রী... গৈ আছে, গৈ আছে, গৈ আছে... কেতিয়ানো মুখখন ঢাকি টোপনি গল বলেন দাই গমেই নাপালে। পুৱা তেওঁ কাষতে তেওঁৰ নাম লৈ লৈ কোনোবাই মতাতহে তেওঁ সাৰ পালে। তেওঁৰ কাষতে ঠিয় হৈ যেন কোনোবাই মাতি আছে,”বলেন দা, বলেন দা। টোপনিৰ আলি-জালিতে বলেন দাই ভাবিবলৈ ধৰিলে,“ কোন হব পাৰে? কোনেনো মোক ইয়াত নাম কাঢ়ি মাতিব পাৰে? মই জনাত এই দবাটোতটো কোনো চিনাকি মানুহ নাই। কোন হব পাৰে!ইফালে সেইজনে তৰা-নৰা চিঙি মাতিয়েই আছে, “বলেন দা, বলেন দা, বলেন দা। বলেন দাই মুখখন ঘূৰাই চকু দুটা মোহাৰি দেখিলে, ওচৰতে এটা লৰাই চাহ, বিস্কুট, কণী আদি বেচিবলৈ ৰৈ আছে। মানে ৰেলখন এটা ষ্টেচনত ৰৈছিল বাবে আনবোৰ হকাৰৰ লগতে চাহ বেচিবলৈ এই লৰাটো ৰেলখনলৈ উঠি আহিছিল। কিন্তু কতা, ইয়াকতো মই চিনি নাপাওঁ, তেন্তে কোনেনো মোক বলেন দাবুলি নাম কাঢ়ি মাতিলে?” প্রশ্নটোৰ উত্তৰ পাবলৈ বলেন দা বেছি সময় ৰবলগীয়া নহল। দুই চেকেণ্ডমানৰ পাচতেই সেই চাহ বেচিবলৈ অহা হকাৰটোৱে চিঞৰিলে বয়েল অণ্ডা। বলেন দাৰ হাঁহি উঠি গল। হকাৰটোৱে কলে, “বয়ল অণ্ডা”, বলেন দাই বুজিলে বলেন দা” :P

দৃশ্য : ৭
ভঙাগড়, গুৱাহাটী:

সোতৰ-ওঠৰ বছৰীয়া এগৰাকী যুবতী
; চকুত চানগ্লাচ, হাতত মোবাইল, ভৰিত হাই হিল, পিন্ধনত জিনচ আৰু কূর্তা। গছ এডালৰ ছায়াত মোবাইলটোতে কেতিয়াবাৰ পৰা টিপিক-টাপাক কৈ কিবা-কিবি কৰি আছে, কথা পাতিছে, মেচেজ দিছে আৰু কিবা-কিবি কৰি আছে। অকণমান আঁতৰত ৰৈ থকা ৰিক্সাৱালাটোৱেও তাইৰ গতি-বিধি লক্ষ্য কৰি আছে। হঠাৎ এবাৰ ফোনটো কাণৰ কাষলৈ নি তাই চিঞৰি উঠিল কি, তুমি ইয়ালৈ নাহা? আই মিন টু চে, তুমি মোক নিবলৈ নাহা?... বাট, কিয়? ইম্মান ৰদত কেতিয়াবাৰ পৰাই ৰৈ আছোঁ।... অকে অকে... কেনেকৈ যাম?... অহ, ৰিক্সা লৈ গলে হবনে?... বাৰু গৈ আছোঁ।ফোন থৈ যুবতী হাজিৰ হল ৰিক্সাৱালাজনৰ ওচৰত। যুবতীৰ দুর্ভাগ্য ৰিক্সাৱালাজন নতুন! তাই অসমীয়াত কথাখিনি কওঁতে সি মুখ মেলি চাইহে থাকিল। এইবাৰ যুবতীয়ে হিন্দী-অসমীয়া মিহলাই আনবোৰ ৰিক্সাৱালাক কোৱাৰ দৰে কলে,
: বোলোতো উলুবাৰী।
: উলুবাৰী।

যুবতীয়ে কোৱাখিনিৰ অর্থ আনবোৰ ৰিক্সাৱালাই বুজিলেহেঁতেন এইদৰে
লাচোন উলুবাৰীএতিয়া দেশৰ আন প্রদেশৰ পৰা নতুনকৈ অহা এই ৰিক্সাৱালাজনে বোলোতো উলুবাৰীমানে বুজিলে উলুবাৰী বুলি কোৱাচোন!আৰু সি তাকেই কৰিলে, লে উলুবাৰী। অৱশেষত যুবতীয়ে তাক সি বুজি পোৱা ধৰণে বুজাই উলুবাৰী পালেগৈ।