Pages

Friday, March 28, 2014

প্রসংগ : অসমীয়া-হিন্দী... আমাৰ দৈনন্দিন জীৱনৰ কেইটামান টুকুৰা-টুকুৰ দৃশ্য




                                    

দৃশ্য: ১
হোটেল ময়ূৰ আসাম, নতুন দিল্লী:

আমাৰ কাষৰে কলিতা খুৰাই খুৰীদেউক দিল্লী দেখুৱাবলৈ লৈ আহিছে। অসমত থকা শাখাটোৰ পৰাই বুকিং কৰাৰ সুবিধা থকা বাবেই তেওঁলোকৰো প্রথম পচন্দ দিল্লীৰ ময়ূৰ আসাম হোটেল। পিচদিনাৰ পৰাই খোৱা পানী দিবলৈ অহা
, চাহ দিবলৈ অহা লৰাজন খুৰা-খুৰীহঁতৰ তপনৰ দৰেই লাগিল। তপন, কলিতা খুৰাৰ বন কৰা লৰাটোৰ নাম। খুৰা-খুৰীয়ে পুৱাই গা ধুই ওলাই যায় দিল্লী ভ্রমণৰ বাবে। খুৰা-খুৰী ওলাই যোৱাৰ পাচত এদিন জোৰকৈ এচাটি বতাহ আহিল আৰু খুৰা-খুৰী আহি নৌপাওঁতেই খুৰীয়ে বেলকনিত মেলি থোৱা শাৰীখন গৈ তলত পৰিল। লগে লগে চাহৰ যোগান ধৰা লৰাটোৱে শাৰীখন চিনি পাই আনি থৈ দিলে। খুৰা-খুৰী উভতি অহাত লৰাজন গল শাৰীখন দিবলৈ। খুৰীৰ বাচ্য থেংক য়্যু ভাইয়া। ৱো আজ বহত বাতাচমাৰ ৰহা থা না, ইচলিয়ে শাৰী গিৰ গিয়া।ৰাজনে সব বুজিলে মাত্র বাতাচ মাৰ ৰহা থাখিনিৰ বাদে!!!!!!

দৃশ্য:২
সৰোজিনী মার্কেট, নতুন দিল্লী:

বৰুৱানী জেঠাইহঁত আহিছে লগৰ কেইবাজনীও বান্ধবীৰ স
তে দিল্লী ভ্রমণ কৰিবলৈ। ফুৰা-চকা কৰাৰ লগতে বজাৰ-সামৰো কৰিব লাগে। এনেয়ো মাইকী মানুহে বজাৰ কৰি ভাল পায় বুলি চাঞ্চ পালেই বৰুৱা জেঠাই শুনাই থাকে। তাতে আৰু এতিয়া অকল বৰুৱানী জেঠায়েই নহয়, লগত দহগৰাকীমান বান্ধবীও। গতিকে যিফালেই গৈছে, কঁপাই গৈছে বাপ্পেকে!! সকলোৰে কাৰণে সৰু-সুৰা কিবা এটা হলেও কিনিবই লাগিব। বৰুৱানী জেঠাইৰ এটা ভাল গুণ আছে। আগতে ঘৰৰ বাকীবোৰৰ কাৰণে বজাৰ কৰে আৰু তাৰ পাচত যদি অংক মিলে একেবাৰে শেষত নিজলৈ কিবা এপদ কিনে আৰু, ফুৰিবলৈ অহা ঠাইখনৰ চিন স্বৰূপে। আটাইকেইগৰাকী গল শাৰীৰ দোকান এখনলৈ। বৰুৱানী জেঠাইৰ অংক মিলি আহিছে, সেয়ে তেৱোঁ শাৰী এখন কিনিব পাৰিব। এখন এখনকৈ শাৰী চাই গৈ আছে। তাৰ মাজতে পটককৈ এখন শাৰী জেঠাইৰ চকুত লাগিল। লাগিল যি লাগিলেই, সেইখন মুঠি মাৰি ধৰিলে।

: ভাইয়া
, প্রাইচ কিতনা হেয়?
: চির্ফ পন্ধৰচ’ (১৫০০) মেডামজী।
: কি? ক্যা পোন্ধৰশ? এতনা জ্যাদা ক্যু বোলতে হো?
: আৰে মেডামজী বেছিনেহী বোলা। দেখিয়ে ইচকা কাম কিতনা ভাৰী হেয়। পল্লু দেখিয়ে। য়ে শাৰী যব আপ পেহনোগে না মেডাম হমে য়্যাদ কৰোগে, লোগ পুচেংগেং আপকো। আপ বেংগল কা হো মেডাম?
: হম বেংগলী নেহী, অসমীয়া।
: হা মেডাম হামাৰে য়হা আসাম কা বহত কাষ্টোমাৰ আতে হেয় তো হমে ভী থোৰা-বহত আচামী আতে হেয়।
: হয় দে বৰ অসমীয়া জনাটো! আসাম কা কাষ্টোমাৰ আতে হেয় তো হামকো থোৰা কমাকেদো।
: আৰে মেডাম হম কেইচে আপকো কমাকে দে চকতে হেয়? এইচা নহী বোলতে মেডাম।

এতিয়া আমাৰ বৰুৱানী জেঠায়ে গুৱাহাটীৰ ফাঁচী বজাৰত কোৱা দি ক
লে থোৰা কমাকে দোমানে দামটো অলপ কমকৈ ল। কিন্তু দিল্লীৰ দোকানীয়ে বুজিলে কমাকে দোমানে উপার্জন কৰি দে। তাৰ পাচত বহু পৰ দৰ-দাম কৰি কৰি বৰুৱানী জেঠায়ে নিজৰ অংকৰ হিচাপত মিলায়েই পচন্দৰ শাৰীখন কিনি আনিলে।

দৃশ্য : ৩
শক্তি নগৰ, নতুন দিল্লী (কামৰূপা ছাত্রী নিবাসৰ বাহিৰত) :

নিজৰ একমাত্র ছোৱালী প্রজ্জ্বলিতাক থ
বলৈ আহিছে কাকতি মহাহঁত। উচ্চতৰ মাধ্যমিকৰ কলা শাখাত সুখ্যাতিৰে উত্তীর্ণ হৈ দিল্লী বিশ্ববিদ্যালয়ৰ এখন আগশাৰীৰ নামজ্বলা কলেজত নাম ভর্তি হৈ গল প্রজ্জ্বলিতাৰ। জীৱনত প্রথমবাৰ বুকুৰ আমঠু ছোৱালীজনীক মাক-দেউতাকে আঁতৰত থ, নানা চিন্তাই জুমুৰি ধৰিছে। হোষ্টেলত থাকিব, কি খাব, কি কৰিব ইত্যাদি ইত্যাদি। হলেও দিল্লী হেন ঠাইত অসমীয়া ছোৱালীৰ বাবে হোষ্টেল এটা পাই কিছু হলেও সকাহ পাইছে মহাহঁতে। কাইলৈ তেওঁলোক যাবগৈ। সেয়ে আজি প্রজ্জ্বলিতাক কামৰূপাত থবলৈ আহিল। যোৱাৰ আগে আগে প্রজ্জ্বলিতাক লৈ হোষ্টেলৰ বাহিৰতে থকা ফল-মূলৰ বজাৰখনলৈ গল। কাকতি মহাই জানে, ছোৱালীয়ে গাখীৰ, কলেৰে ভাত খাই বৰ ভাল পায়। ভাতৰ লগত থকা ব্যঞ্জনবোৰ খাবলৈ বেয়া পালেও তাই গাখীৰ-কলেৰেই দুটেপামান খাব পাৰিব। এই ভাবি গল তেখেত কল কিনিবলৈ...
সুধিলে, “ভাইয়া কলকা দাম কিতনা হেয়?”
দোকানীৰ নির্লিপ্ত স্বৰত উত্তৰ, “কল কা দাম যিতনা থা আজ ভী উতনাহী হেয়।
মহাই সুধিলে কলৰ দাম কিমান? কিন্তু কল কা দাম কিতনামানে দোকানীয়ে ভাবিলে কালিৰ দাম কিমান আছিল। খেলিমেলিটো বুজি পাই প্রজ্জ্বলিতাই পৰিস্থিতিটো চম্ভালি ললে।

দৃশ্য : ৪
মুনিৰকা, নতুন দিল্লী:

নয়নী
, প্রণামিকা, মূর্চনা, পৰী, ইন্দ্রজিৎ আৰু পার্থৰ সতে একেলগে দিল্লীস্থিত শংকৰদেৱ ভবনলৈ গৈ আছোঁ। পার্থই আৰম্ভ কৰিলে: এবাৰ মোৰ বন্ধুৰ কোনোবা সম্পর্কীয় মানুহ আহিছিল দিল্লীলৈ বেমাৰ দেখুৱাবলৈ। ৰোগীক লগত লৈ হস্পিতাললৈ তাঁত-বাতি কাঢ়ি থকা হৈছে। ডাক্তৰে ৰোগীক সুষম আহাৰ খাবলৈ উপদেশ দিছে, শাক-পাচলি, কণী, মাছ ইত্যাদি। ইমান দিনে ৰোগীৰ লগতে নিৰামিষ আহাৰ খাই থকা কেইজনেও ভালে পালে। ৰোগীৰ ভতিজাক বজাৰলৈ ওলাই গ, মাছ বিচাৰি। তেওঁৰ মনত পৰিল আগতে তেওঁৰ বেমাৰ-আজাৰ হলে মাক-আইতাকহঁতে মাগুৰ মাছৰ জোল ৰান্ধি খুৱাইছিল। মাগুৰ মাছ বিচাৰি ভতিজাক মাছৰ বজাৰলৈ সোমাই গল। মাছৰ বজাৰত মাগুৰ মাছ নেদেখি মনটো বেয়া লাগিলেও শেষত মাছৰ বেপাৰী এজনকে সুধি চোৱা যাওক বুলি আগবাঢ়িল...
: ভাইয়া, আপকে পাচ মগৰ মছ নেহী হেয় ক্যা? কাহা মিলেগা?
: ক্যা? “মগৰমচ্চ”?? আপ কাহা চে আয়ে হো আয়ে হো ভাইয়্যা?
: হম আচাম চে আয়ে হেয়।
: ক্যা বাত বোল ৰহে হো ভাইয়্যা, আচাম লে লোগ মগৰমচ্চভী খাতে হেয়?
বেচেৰা ভতিজাকজন, খুৰাকৰ বাবে বিচাৰি গল মাগুৰ মাছ, আৰু বেপাৰীয়ে বুজিলে, তেওঁ আৰু গোটেই অসমৰ মানুহে মগৰমচ্চমানে ঘৰিয়াল খায়!!

দৃশ্য : ৫
বিদ্যালয়ৰ শিক্ষকৰ বৈঠক কোঠা, ৰুৰকি :

দালি মাহীয়ে ৰুৰকিৰ স্কুল এখনত পঢ়ুৱায়। প্রায় এবছৰেই হল মহাৰ ৰুৰকিলৈ বদলি হোৱাৰ। মহা কামলৈ যোৱাৰ পৰতেই মাহীক স্কুলত নমাই থৈ যায়। এবাৰ মহা অফিচ টুৰলৈ গল। মাহীয়ে সেইকেইদিন অকলে অহা-যোৱা কৰিলে। তেতিয়া হঠাৎ এদিন পুৱাৰ পৰা বৰষুণ দিয়াত মাহীয়ে ছাতি টানি স্কুললৈ গল। বৰষুণত ভিজি যোৱা ছাতিটো শুকাবলৈ মেলি দি মাহী শ্রেণী কোঠালৈ গল। স্কুলৰ পৰা উভতিবৰ পৰত থৈ যোৱা ঠাইত ছাতিটো নেদেখি মাহী বিমোৰত পৰিল। বৰষুণ দিয়েই আছে। ছাতিটো নাপালে কেনেকৈ যোৱা যাব! মাহীৰ মুখত চিন্তাৰ ৰেখা দেখি তেওঁৰ সহকর্মী এগৰাকীয়ে সুধিলে,
: ক্যা হুৱা মেডামজী?
চিন্তাক্লিষ্টভাৱে মাহীয়ে ওলোটাই প্রশ্ন কৰিলে,
:মেৰা ছাতি কহা গেয়া?
কথা শুনি সহকর্মীগৰাকীৰ চকু কপালত উঠিল। আকৌ সুধিলে,
: ক্যা মেডামজী?
মাহীয়ে কলে : ছাতি ছাতি, মেৰা ছাতি কহা গেয়া?
অবাক হৈ চাই ৰোৱা সহকর্মীগৰাকীৰ মুখলৈ চাই মাহীয়ে নিজৰ ভুল ধৰিব পাৰিলে যে হিন্দীত ছাতিমানে বুকু আৰু ছাতামানেহে আমাৰ অসমীয়াৰ ছাতি। এইবাৰ মাহীয়ে কলে,
: হোৱেৰ ইজ মাই আমব্রেলা?
এইবাৰ মাহীৰ প্রশ্নত গোটেইজাক সহকর্মী হাঁহিত ফাটি পৰিল।

দৃশ্য : ৬
দক্ষিণ ভাৰত অভিমুখী ৰেল:

আমাৰ কাষৰে বলেন দা এবাৰ দক্ষিণ ভাৰত ভ্রমণ কৰাৰ মন হ
ল। বলেন দাই সেয়ে পলম নকৰি ৰেলৰ টিকেট কাটি পেলালে। নির্ধাৰিত দিনত আৰম্ভ হল তেওঁৰ ৰেল যাত্রা। গৈ আছে, গৈ আছে, গৈ আছে... নিশা নামি আহিল। ৰেলৰ মানুহবোৰে অলপ-চলপ কিবা-কিবি খাই টোপনিত পৰিল। আমাৰ বলেন দাই পিচে ৰাতিটো নুশুৱাকৈ পাৰ কৰিম বুলি ভাবি খিড়িকীৰে বাহিৰৰ জগতখন চাই যাবলৈ ধৰিলে। মুখত লগা বতাহজাকে দিনৰ গৰমটোৰ কথা অলপ হলেও পাহৰাইছে। দূৰৈৰ গছবোৰ-খুটাবোৰ সকলোকে পিচ পেলাই ৰেলখনে তীব্র দৌৰ এটা মাৰি আছে আৰু দৌৰৰ লগে লগে তাৰ গর্ভৰ ভিতৰত কঢ়িয়াই নিছে বলেন দাহঁতৰ দৰে এজাক যাত্রী... গৈ আছে, গৈ আছে, গৈ আছে... কেতিয়ানো মুখখন ঢাকি টোপনি গল বলেন দাই গমেই নাপালে। পুৱা তেওঁ কাষতে তেওঁৰ নাম লৈ লৈ কোনোবাই মতাতহে তেওঁ সাৰ পালে। তেওঁৰ কাষতে ঠিয় হৈ যেন কোনোবাই মাতি আছে,”বলেন দা, বলেন দা। টোপনিৰ আলি-জালিতে বলেন দাই ভাবিবলৈ ধৰিলে,“ কোন হব পাৰে? কোনেনো মোক ইয়াত নাম কাঢ়ি মাতিব পাৰে? মই জনাত এই দবাটোতটো কোনো চিনাকি মানুহ নাই। কোন হব পাৰে!ইফালে সেইজনে তৰা-নৰা চিঙি মাতিয়েই আছে, “বলেন দা, বলেন দা, বলেন দা। বলেন দাই মুখখন ঘূৰাই চকু দুটা মোহাৰি দেখিলে, ওচৰতে এটা লৰাই চাহ, বিস্কুট, কণী আদি বেচিবলৈ ৰৈ আছে। মানে ৰেলখন এটা ষ্টেচনত ৰৈছিল বাবে আনবোৰ হকাৰৰ লগতে চাহ বেচিবলৈ এই লৰাটো ৰেলখনলৈ উঠি আহিছিল। কিন্তু কতা, ইয়াকতো মই চিনি নাপাওঁ, তেন্তে কোনেনো মোক বলেন দাবুলি নাম কাঢ়ি মাতিলে?” প্রশ্নটোৰ উত্তৰ পাবলৈ বলেন দা বেছি সময় ৰবলগীয়া নহল। দুই চেকেণ্ডমানৰ পাচতেই সেই চাহ বেচিবলৈ অহা হকাৰটোৱে চিঞৰিলে বয়েল অণ্ডা। বলেন দাৰ হাঁহি উঠি গল। হকাৰটোৱে কলে, “বয়ল অণ্ডা”, বলেন দাই বুজিলে বলেন দা” :P

দৃশ্য : ৭
ভঙাগড়, গুৱাহাটী:

সোতৰ-ওঠৰ বছৰীয়া এগৰাকী যুবতী
; চকুত চানগ্লাচ, হাতত মোবাইল, ভৰিত হাই হিল, পিন্ধনত জিনচ আৰু কূর্তা। গছ এডালৰ ছায়াত মোবাইলটোতে কেতিয়াবাৰ পৰা টিপিক-টাপাক কৈ কিবা-কিবি কৰি আছে, কথা পাতিছে, মেচেজ দিছে আৰু কিবা-কিবি কৰি আছে। অকণমান আঁতৰত ৰৈ থকা ৰিক্সাৱালাটোৱেও তাইৰ গতি-বিধি লক্ষ্য কৰি আছে। হঠাৎ এবাৰ ফোনটো কাণৰ কাষলৈ নি তাই চিঞৰি উঠিল কি, তুমি ইয়ালৈ নাহা? আই মিন টু চে, তুমি মোক নিবলৈ নাহা?... বাট, কিয়? ইম্মান ৰদত কেতিয়াবাৰ পৰাই ৰৈ আছোঁ।... অকে অকে... কেনেকৈ যাম?... অহ, ৰিক্সা লৈ গলে হবনে?... বাৰু গৈ আছোঁ।ফোন থৈ যুবতী হাজিৰ হল ৰিক্সাৱালাজনৰ ওচৰত। যুবতীৰ দুর্ভাগ্য ৰিক্সাৱালাজন নতুন! তাই অসমীয়াত কথাখিনি কওঁতে সি মুখ মেলি চাইহে থাকিল। এইবাৰ যুবতীয়ে হিন্দী-অসমীয়া মিহলাই আনবোৰ ৰিক্সাৱালাক কোৱাৰ দৰে কলে,
: বোলোতো উলুবাৰী।
: উলুবাৰী।

যুবতীয়ে কোৱাখিনিৰ অর্থ আনবোৰ ৰিক্সাৱালাই বুজিলেহেঁতেন এইদৰে
লাচোন উলুবাৰীএতিয়া দেশৰ আন প্রদেশৰ পৰা নতুনকৈ অহা এই ৰিক্সাৱালাজনে বোলোতো উলুবাৰীমানে বুজিলে উলুবাৰী বুলি কোৱাচোন!আৰু সি তাকেই কৰিলে, লে উলুবাৰী। অৱশেষত যুবতীয়ে তাক সি বুজি পোৱা ধৰণে বুজাই উলুবাৰী পালেগৈ।

No comments:

Post a Comment