লাৰু চুৰৰ কথা শুনি আৰু আকদিন মাইক ধোইল্লু টানি ৷
আৰু এটা ক’চুন
মা,
মামাথেৰ গাউৰ চুৰৰ কাহিনী ৷৷
মাই ক’লাক
শুন তেইতাহ’লি আৰু এটা কাহিনী ৷
আমাৰ গাউৰ চুৰৰ কাহিনী এটাতকে এটা জমেনী ৷৷
মামাথেৰ গাউত নামঘৰৰ কাইন্ধ্যাত আছিল এটা ৰাজৈহা পুখৰী ৷
এনাই পুখৰীৰ মাছ কায়ো নাখোই বিহুদ্দিনা খাই মিলিজুলি ৷৷
হ’লিও বুলে
নামঘৰৰ কান্ধ্যাৰ কুমবা মানহে ৷
ৰাতি হ’লি
পুখৰীটুত জাল মাৰা শুনে ৷৷
কিহে বা ৰাতি মাছ মাৰে ইতাহে লাগিল লেঠা ৷
গাউৰ পুখৰীত ঘৰাপাক অলচি বুলি মানহে কৰে গুণা-গাঠা ৷৷
মানহুগিলাইও কি কৰবো আৰ ঘৰাপাকৰ ভয়তে ৷
কাইন সাজতে ভাত খাই কানি-কাঁথা লৈ ঘুমে থাকে৷৷
গাঁউতে আছিল চাইট্টামান মহা ধুৰন্ধৰ ছ’লি ৷
আকদিন ৰাতি চুপ পাইতলাক ঘৰাপাক চাম বুলি ৷৷
অলপ পাচোত আহিল ঘৰাপাক কান্ধোত জাল লৈ ৷
এহুন তাৰ পিচ ধ’ইল্লাক হাতত দা লৈ ৷৷
ই...য়া...ই... বধ্ধুইছু! ঘৰাপাকে দুখুন জালখান থৈ বিড়ি
টাইনবা ধোচ্ছি ৷
ঘৰাপাকেও জানে নিকি বিড়িৰ টেষ্ট আক্কাবাৰে বান্দাৰ বিড়িত
ধোচ্ছি ৷৷
যেই ঘৰাপাকে মাইল্লাক জাল এন্থে ধোল্লাক তাক গবৰা মাৰি ৷
ল’ৰবা নৰাকে
ঘৰাপাকক বাইন্ধলাক পাঘাইদি পেৰি পেৰি ৷৷
গটাই ৰাতি তাতে পদ্দিলাক ৰাতিও পহৰ হ’ল ৷
পুৱা ছ’লিকেটাৰ
ঘৰাপাকক দেখি মুখৰ মাত নল’ হ’ল ৷৷
ৰাইজো আহিল বিচাৰো হ’ল এই ঘৰাপাক আৰ কুনো নহয় ৷
গাউৰ গভাইত মদন চুৰ বুলি হাতে-লাতে প্ৰমাণ হল ৷৷
মদন চুৰে সিন্না ৰাতি পাইছিল এটা মস্ত চিতল ৷
মাছৰ খখোত পৰি ইতা তাৰ হ’ব হান পাইছু পিঠি বহল ৷৷
গাঁওবুঢ়ায়ো বিচাৰ ক’ইল্লাক মাৰা-ধৰা কৰি লাভ নাই ইয়াক ৷
সেই কাৰণে গাঁওবুঢ়া আতাই অন্য শাস্তিৰ কথাহে ভাইবলাক ৷৷
পঞ্চায়তে বিচাৰ কোইল্লাক ৷
আমাৰ ৰাইজেও হৰিবোল দিলাক ৷৷
মদন চুৰোক আগত লৈ গটাই গাউতে মস্ত এটা প্ৰচেচন হল ৷
কপলোত বাচাৰ চূণৰ ফটা দি বথ্থোউগাকে মেক-আপো ক’ইদ্দে হল ৷৷
আৰু বাচাৰ অলংকাৰ কৰি চিতলটুকে গলত দিলাক আলে ৷
ছলিমাখাই ঢেমা-টিং বাজে তাক লৈ গেল গাউৰ ফালে ৷৷
ঘৰোৰ পে তিৰি-ছ’লিও অলে আহি মদন চুৰক চালাক ৷
তাৰে মাজতে কুমবা-কানি তাক ‘মান্নাইমাৰা’ বুলি গালিও পাল্লাক ৷৷
আমাৰো মাইহাঁতে বাটক লোগি আহি ঘৰাপাক মদনক চালাক ৷
ছ’লে মাখাইও
চাঞ্চ পাই মদন ঘৰাপাকক টানি ধুহি মাইল্লাক ৷৷
চেৰেংবেৰেং ৰ’দত প্ৰচেচন কৰি ঘৰাপাক প’ইল্লাক বাগাৰ খাই ৷
আৰ কিত্তেও চুৰ নকৰু বুলি সইত সইত কাৰি তিনি সইত খাই ৷৷
এই হল চুৰৰ বিলে মাই আমাক ক’লাক ৷
হাঁহি হাঁহি আমাৰো চকুৰ পানী অল্লাক ৷৷
(শব্দার্থ : ধোইল্লু -> ধৰিলোঁ, তেইতাহ’লি -> তেনেহ’লে, কাইন্ধ্যাত
->
কাষত, ৰাজৈহা
পুখৰী ->
ৰাজহুৱা পুখুৰী, কায়ো -> কোনেও, কুমবা মানহে
->
কোনোবা মানুহে, ইতাহে -> এতিয়াহে, ঘৰাপাক -> বাক, অলচি -> ওলাইছে, মানহুগিলাইও
->
মানুহবোৰেও, কাইন সাজতে -> ফুট গধূলিতে, ঘুমে থাকে -> শুই থাকে, চাইট্টামান
->
চাৰিজনমান, আকদিন
->
এদিন, এহুন
->
ইহঁত, পাচ
ধ’ইল্লাক -> পাচ
ল’লে, আক্কাবাৰে
->
একেবাৰে, এন্থে
->
ইহঁতে,পদ্দিলাক
->
পৰ দিলে, মাত
নল’
হ’ল -> মাত নোলোৱা হ’ল, সিন্না -> সিদিনা, কোইল্লাক
->
কৰিলে, কপলোত
->
কপালত, ফটা
->
ফোঁট, বথ্থোউগাকে
->
বৰ ধুনীয়াকৈ, ক’ইদ্দে হল -> কৰি দিয়া হ’ল,পাল্লাক-> পাৰিলে, প’ইল্লাক -> পৰিলে, আৰ কিত্তেও -> আৰু কেতিয়াও, ক’লাক -> ক’লে, অল্লাক -> ওলাল
“ই...য়া...ই... বধ্ধুইছু!” নামনি অঞ্চলৰ মহিলা সমাজৰ মাজত অতিকৈ জনপ্রিয় বাক্যাংশ)
No comments:
Post a Comment