Pages

Friday, March 28, 2014

আঙুলি

                                                           
                                    (এটা এক মিনিটৰ গল্প লিখাৰ প্ৰয়াস)

            ভৰ দুপৰীয়া নিজান ঘৰটোত অকলশৰে আছোঁ। পঢ়িবলৈ উলিওৱা মামণি বাইদেউৰ কিতাপবোৰ টেবুলখনতে সিঁচৰতি হৈ আছে। কিতাপ এখন পঢ়োঁ বুলি মেলি লৈ ভাবিলোঁ, কুলাৰটোত পানী ভৰাই কোঠালিটো শীতল কৰি লৈ ভালকৈ পঢ়িম।

            পানী ভৰোৱা হোৱাৰ পাচত কুলাৰটোত বিজুলী সংযোগ কৰি চলাই দিলোঁ। নিমিষতে ফৰ্‌ফৰাই বতাহ বলিল। পঢ়িম বুলি হাতত লৈ মেলি থৈ যোৱা কিতাপখন টেবুলত তেতিয়াও ওপৰমুৱাকৈ খোল খাই পৰি আছিল। কিতাপখনৰ পৃষ্ঠাবোৰে লাহে লাহে বতাহৰ লগে লগে নাচোন ধৰিলে। মই কুলাৰটোলৈ চালোঁ। তাৰ swing bar-ত থকা লোহাৰ ৰডকেইডাললৈ চালোঁ। ৰডকেইডাল এবাৰ সোঁফালে এবাৰ বাওঁফালে ঘূৰিছে। মনটো তাৰ ওচৰলৈ আৰু ওচৰলৈ গ'ল। এই যেন তর্জনী আঙুলিটো ওচৰলৈ নি তাৰ শীতল বতাহ অলপ স্পর্শ কৰিম! এই যেন আঙুলিটোৰে তাৰ swing হৈ থকা ৰডকেইডালৰ মাজৰডাল চুই উমান ল'swing হৈ থকাৰ আবেগ-উত্তেজনা! এই যেন মোৰ আঙুলিটোক সি আৰু বেছিকৈ আকর্ষণ কৰিছে! এই যেন আঙুলিটো হঠাৎ পিছল খাই কুলাৰৰ ভিতৰত থকা পাংখাখনলৈ সোমাই গ'ল! এই যেন পাংখাখনে কাটি লৈ গ'ল মোৰ কলম ধৰা তর্জনী আঙুলিটোৰ আগছোৱা! ফোঁৱাৰাৰ দৰে ছিটিকি পৰিছে তেজ মোৰ গালে-মুখে! উস্‌ উস্ বৰ কষ্ট হৈছে।


            আঙুলিটো অজানিতে চুই চালোঁ। নাই নাই সকলো ঠিকে আছে। আউলি-বাউলি হোৱা মোৰ চুলিখিনি ৰঙা ৰিবন ডালেৰে বান্ধি ল'লোঁ।

No comments:

Post a Comment