
বিষ্ণুপ্রসাদ ৰাভা মাথোঁ এটি নাম নহয়; অসমাপ্ত বিপ্লৱৰ এটি চলমান ইতিহাস। মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ পাচত যিসকল ব্যক্তিয়ে অসমৰ সমাজ জীৱনত বিশেয প্রভাৱ বিস্তাৰ কৰি থৈ গৈছে তেওঁলোকৰ ভিতৰত বিষ্ণুপ্রসাদ ৰাভা অন্যতম। একাধাৰে এগৰাকী নাট্যকাৰ, গীতিকাৰ, অভিনেতা, গল্পকাৰ, প্রৱন্ধকাৰ, ঔপন্যাসিক, ৰাজনীতিবিদ আৰু সমাজ সংস্কাৰক ৰাভা ব্যক্তিত্ব আৰু প্রতিভাৰ এক অতুলনীয় সমন্বয়। মুক্তিকামী শিল্পী বিষ্ণুপ্রসাদ ৰাভাই অসমীয়া ভাষা, কৃষ্টি তথা সমাজ সম্পর্কে গৱেষণামূলক কামৰ পাতনি মেলি থৈ গৈছে। গৱেষণা কর্ম হিচাপে এইবোৰ সম্পূর্ণ নহয় যদিও ইয়াক এক সুন্দৰ পাতনি বুলিব পাৰি। তেওঁৰ ৰচনা--- অসমীয়া কৃষ্টি, মানৱ জাতি, অতীত অসম, অসমীয়া কৃষ্টিৰ চমু আভাষ, পল্লী সমাজ, বজ্জানৰ বিলুপ্তিৰ কাহিনী, আপতনি, ডফলা, বড়ো সমাজ, মৰাং, মটক-মৰাণ, নৰকাসুৰ, চীনদেশৰ বিপ্লৱ, ভাৰত-চীন বিবাদ, শিৱ আদিত অর্থনীতি, সমাজ-সংস্কৃতি আৰু নৃত্যৰ ক্ষেত্রত বিষ্ণুপ্রসাদৰ বৈজ্ঞানিক বিশ্লেষণাত্মক প্রতিভা আৰু গৱেষণাৰ প্রতি অনুৰাগ ফুটি উঠিছে। বিষ্ণুপ্রসাদে বৰগীতৰ স্বৰলিপি আৰু গায়ন-বায়নৰ বোল ৰচনা কৰাৰ উপৰি খোল-তালৰ উৎপত্তি সম্বন্ধে শাস্ত্রীয় তথ্যও উত্থাপন কৰি থৈ গৈছে। “অসমীয়া কৃষ্টিৰ চমু আভাষ” অসমৰ সংস্কৃতি বিষয়ক এখনি সৰু পুথি। এই গ্রন্থতে তেওঁ বিহুনাচৰ লগতে নগা চাঙৰ নৃত্যত টিংখং বজোৱা, খাচী পাহাৰত ‘কান্থেই’সকলৰ উখপিং, পাহাৰৰ মিৰিয়ে ঐনিতমৰ লহৰ তোলা, বড়ো ডেকাহঁতে চিফুং বজাই চিখলাক নচুওৱা, দেউৰী চাঙত দিবঙীয়াই হাইদং গোৱা--- এই আটাইবোৰকে দাঙি ধৰিছে। কৃষিভিত্তিক এই নৃত্য পৰম্পৰাতে যে অসমৰ প্রাণ আৰু মাটিৰ সুবাস লুকাই আছে সেই কথাও ক’বলৈ তেওঁ পাহৰা নাই। লোক-নৃত্যৰ পৰা শাস্ত্রীয় নৃত্যলৈ, নাট-ভাওণাৰ পৰা আধুনিক নাট্যকলা তথা বোলছবিলৈ, লোকগীত-পদ, সাধুকথা-সাঁথৰ, মাধৱ কন্দলি-শংকৰদেৱৰ পৰা আধুনিক সাহিত্যলৈ, সাধাৰণ অংকণকলাৰ পৱা শৈল-ভাস্কর্য আৰু সাঁচিপাতৰ শিল্পলৈ এই আটাইবোৰ দিশতে আলোকপাত কৰা ৰাভাই অসমীয়া মানুহৰ খোৱা-লোৱা, ৰন্ধন প্রণালী, জীৱন ধাৰণ প্রণালী তথা স্থাপত্যকলা, আ-অলংকাৰ, পোচাক-পৰিচ্ছদ, লোক-চিকিৎসা, ঘৰুৱা আঁচবাব আদি বিষয়সমূহো সুৱাগুৰি তুলি আনি গ্রন্থখনত সোণত সুৱগা চৰাইছে। ক’বলৈ গ’লে অসম তথা উত্তৰ-পূবাঞ্চলৰ বিষয়ে অধ্যয়ন কৰিবলৈ ৰাভাৰ এই গ্রন্থখন এক উল্লেখযোগ্য তথ্য ভাণ্ডাৰ। এইবোৰৰ উপৰি বিষ্ণু ৰাভাই বহুতো ৰাজনৈতিক বিষয়ৰ ওপৰত চমুটোকা, জীৱনীমূলক প্রৱন্ধ--- শংকৰদেৱ, জ্যোতিপ্রসাদ, কুশল কোঁৱৰ, গোপালচন্দ্র ৰাভা, মেক্সিম গর্কী আদি বহুতো মূল্যবান অৱদান আমালৈ দি থৈ গৈছে। নৃত্য-নাট্য সম্পর্কীয় গৱেষণামূলক প্রৱন্ধৰ ভিতৰত ভাৰতীয় সংগীত, নাটক আৰু থিয়েটাৰ, ভাৰতীয় নাট্যকলা, নৃত্যকলা, ওজাপালি, হৰ-গৌৰী নৃত্য আদি প্রধান। গৱেষণামূলক প্রৱন্ধ তথা ৰচনাসমূহৰ উপৰি বিষ্ণু ৰাভাই বহুতো গীত, কবিতা, উপন্যাস, গল্প, ৰচনা কৰিছিল। তাৰে কিছু সংৰক্ষণ কৰা হৈছিল যদিও আন কেতবোৰ ৰচনা কালৰ কুটিল গর্ভত বিলীন হ’ল। গল্পৰ ভিতৰত ‘সোণপাহি’, ‘কুৰি বছৰ জেইল’, মামীৰ হাৰ’, ‘জাল কেচ’, ‘অজ্ঞাতবাসৰ কথা’ আৰু উপন্যাসৰ ভিতৰত ‘মিচিং কনেং’ অনবদ্য অৱদান। ৰাভাৰ গীতসমূহৰ অসমীয়া সাহিত্যত এক উল্লেখযোগ্য স্থান আছে। ‘সংগীত’ শব্দটোৱে গীত-বাদ্য-নৃত্য এই আটাইকেইটা দিশকে সামৰি লয়। বিষ্ণু ৰাভা এই সকলোটি দিশতে পাৰদর্শী আছিল। তেওঁ নিজে এজন গায়ক, গীতিকাৰ, সুৰকাৰ আৰু সংগীতজ্ঞ। শাস্ত্রীয় সংগীত, থলুৱা সংগীতৰ এক সমন্বয় সাধন কৰি ৰাভাই অসমৰ সংগীত জগতত এক খলকনি তুলিবলৈ সক্ষম হৈছিল। অসমৰ মাটিৰ পৰশেৰে ৰচিত তেওঁৰ গীতবোৰৰ সাংগীতিক সুষমাই প্রতিজন অসমীয়াৰে হৃদয় স্পর্শ কৰে। গীতবোৰৰ বিষয়বস্তুও ভিন্নসুৰী। ৰোমাণ্টিক ভাৱাদর্শই তেওঁৰ প্রায়বোৰ গীততেই ভূমুকি মাৰিছে। শ্রমিক শ্রেণীক লৈ লিখা তেওঁ গীতবোৰো যথেষ্ট জনপ্রিয়। ৰাভা আছিল অত্যন্ত কল্পনাবিলাসী। প্রিয়তমাৰ ঘিলা খোপা নাহৰ, তগৰ, কপৌফুলে নুশুৱালে নিজৰ হিয়াফুল পাৰি দিয়া, হিয়া ফালি তেজৰ পোৱাল মণি উলিয়াই পিন্ধোৱাৰ হেঁপাহ আদিত সূক্ষ্ম অনুভূতিৰ প্রকাশ ঘটিছে। মনৰ গোপন কথা হিয়াতে সাঁচি ৰাখি লগন উকলি যোৱাৰ পৰলৈ কথাৰে প্রকাশ নকৰি হিয়াৰে বুজাৰ আশা কৰাৰ অতিশয় আবেগপ্রৱণ ৰাভাৰ দৰে প্রেমিক জগতত বিৰল। বিৰহ-যাতনাত ক্লান্ত হোৱা প্রেমিকজনাই পৰজনমত প্রিয়তমাৰ লগত মিলন হোৱাৰ আশা কৰিছে। “পৰজনমৰ শুভ লগনতযদিহে আমাৰ হয় দেখাপূৰাবানে প্রিয়ে এই জনমৰমোৰ হিয়াৰ অপূর্ণ আশা” এইজনা ৰাভা আকৌ অসমৰ কৃষক শ্রেণীৰ লগত সময়ে সময়ে এক হৈ পৰিছে। ৰাভাই গীতসমূহৰ মাজেৰে সমন্বয়ৰ আহ্বান জনোৱাৰ লগতে কৃষক-শ্রমিকৰ জয়ৰ সুৰ ধ্বনিত কৰিছে এইদৰে--- “ব’ল ব’ল ব’লকৃষক শক্তি দলঅ’ বনুৱা সমনীয়াআগবাঢ়ি যাওঁ ব’ল” কৃষক-বনুৱাৰ মুক্তি বাবে তেওঁ বিভিন্ন বিপ্লৱী গীত ৰচনা কৰি ৰাইজে মাজত ৰাজনৈতিক সচেতনতাও জাগৃত কৰিছিল। তেওঁ লিখিছিল--- “বিপ্লৱ পথৰে যাত্রী আমিসর্বহাৰাৰ মুক্তিকামীদর্প ধনীৰ আমি সংগ্রামীচূর্ণ কৰিব পণ আমাৰহুচিয়াৰ হুচিয়াৰ!ধনী মহাজন জমিদাৰ!!হুচিয়াৰ হুচিয়াৰ!!”স্বদেশ প্রেমমূলক গীতবোৰত অসমী আইৰ লগতে ভাৰত মাতৃৰ প্রতিও তেওঁৰ শ্রদ্ধাৰ অঞ্জলি অর্পণ কৰিছে। বিষ্ণু ৰাভাৰ সমগ্র ৰচনাৰাজিতে অনন্য অনুপম কৃষ্টি-প্রেমৰ প্রকাশ ঘটিছে যদিও তেওঁৰ ‘এয়ে মোৰ শেষ গান’ত অসমীয়া কৃষ্টি-সংস্কৃতিৰ প্রতি যি প্রগাঢ় শ্রদ্ধা, প্রীতি আৰু প্রেমৰ সুন্দৰতম ৰূপ প্রতিফলিত হৈছে তাৰ তুলনা পাবলৈ নাই। “এয়ে মোৰ শেষ গানমোৰ জীৱন নাটৰ শেষ ৰাগিনীকল্যান খৰমানআজি হ’ল মোৰ জীৱন নাটৰভাওনাৰ অবসান।।” ইয়াত অসমীয়া সমাজৰ বৰবায়ন স্বৰূপ ৰাভাই নিজৰ জীৱনৰ পাতনিতে ধেমালি-নান্দী বোৱাৰ আৰু কল্যান ৰাগ, খৰমান তালেৰে জীৱন নাট সামৰাৰ উল্লেখেৰে অসমীয়া কৃষ্টিৰ লগত একতাবোধৰ নিদর্শন দাঙি ধৰিছে। ৰাভাৰ প্রায়বোৰ ৰচনাতে মুক্তি চেতনাৰ প্রকাশ হৈছে। ‘সোণপাহি’, ‘হিয়াৰ পুং’ আদি ইয়াৰ উল্লেখযোগ্য উদাহৰণ। ‘সোণপাহি’ নাৰী নির্যাতনৰ বিৰুদ্ধে নাৰী মুক্তিৰ এক অনন্য গাঁথা। ‘হিয়াৰ পুং’ নামৰ গল্পত নিষ্পেষিতসকলক কিদৰে ধনী জমিদাৰ আৰু ৰাষ্ট্রই নির্দয়ভাৱে শোষণ কৰি আহিছে তাৰ ছবি প্রতিফলিত হৈছে। নাটক আৰু নৃত্য-নাটিকাসমূহত বিষ্ণুপ্রসাদৰ সৃষ্টিৰ কুশলতা আৰু বৈপ্লৱিক আদর্শ দুয়োটাৰে সুসমন্বয় ঘটিছে। প্রয়োজনৰ তাগিদাত লিখা ‘ন পৃথিৱীৰ নতুন যুগ’ আৰু ‘মুক্তিৰ দেউল’ এই নৃত্য-নাটিকা দুখন তেওঁ নিজেই লিখি, নৃত্য-গীতৰ গুৰু হৈ মঞ্চত পৰিবেশনো কৰিছিল। নৃত্য-নাটিকা দুয়োখনৰে সর্বহাৰাৰ মুক্তি ইস্পিত আদর্শ হ’লেও কিন্তু এই দুয়োখনৰেই সাহিত্যিক মূল্য অস্বীকাৰ কৰিব নোৱাৰি। ‘গেঙণি-ৰেঙণি’ নামৰ নাটিকাখনৰ ক্ষেত্রতো একে কথাই ক’ব পাৰি। আনকি, ৰাভাই ১৯৪৬ চনত ‘চিৰাজ’ত কৰা অনবদ্য অভিনয়ো লেখত ল’বলগীয়া। শিল্পী বিষ্ণু ৰাভাই কলেজত পঢ়ি থাকোঁতে অৰিয়েণ্টেল ঠাঁচত সৰস্বতীদেৱীৰ মূ্র্তি এখন সাই কলেজত পূজাৰ বাবে উলিয়াই দিয়ে। এই ঠাঁচৰ মূর্তি এইখনেই আছিল প্রথম। কলাগুৰু ৰাভাই তেওঁৰ জীৱনত এগৰাকী বিপ্লবী আৰু শিল্পীৰ সমন্বয় ঘটাই যি এক আদর্শ স্থাপন কৰি থৈ গ’ল সেই আদর্শই তেওঁক অটুট অমৰত্ব প্রদান কৰিছে। তেওঁৰ বৈপ্লবিক আদর্শ, তেওঁৰ সংস্কাৰ আজিও আমাৰ বাবে প্রেৰণাৰ উৎস। দৰাচলতে, জাতি-ভাষা-ধর্মৰ নামত আমাৰ সমাজত যি বিভেদৰ সৃষ্টি হৈছে, মানৱতা আৰু নৈতিকতাৰ অবক্ষয় হৈছে, তাক ৰোধ কৰিবলৈ বিষ্ণুপ্রসাদ ৰাভাই দেখুৱাই থৈ যোৱা পথত অৱগাহন কৰি কৃষ্টি-সংস্কৃতিৰ বৰপথাৰখনত আগুৱাই যাবলৈ অহোপুৰুষার্থ কৰাৰ সময় সমুপস্থিত।
Valuable Content
ReplyDelete