Pages

Wednesday, December 21, 2011

আইতা


ঘৰ এটা সজালোঁ,
কংক্ৰিটৰ নহয়, কেঁচা মাটিৰ ৷
তোমাৰ বাঁহনিৰ বগলী বহা
দুজোপামান বাঁহ আৰু
খেৰৰ কেইটামান মুঠিৰে
আইতাৰ ভেটিতে ঘৰটো সজালোঁ ৷  

গোৱৰ মাটিৰে লেপা বেৰত
মাজে মাজে সাৰ পাই উঠে
আইতাৰ টুকুৰা-টুকুৰ স্বপ্নৰ
'লা মণিৰ চকুযুৰি ৷
খুটাৰ পাবৰ সাঁচতীয়া ধনত
কঁপা কঁপা আঙুলিৰ ফুলবচা নাচোন
চুকে-কোণে ফুলি উঠে
আইতাৰ হাইতাল বৰণীয়া হাঁহি
বতাহত উমলি ফুৰে খুন্দা তামোলৰ গোন্ধ
মাটিমাহৰ আঞ্জাত মিথিগুটিৰ তেলনিয়ে
নাকৰ আগতে আহি অগা-দেৱা কৰে
জোনাকৰ বহল চোতালত আইতাৰ সাধুৱে
নিৰ্ভয়ে ইফাল সিফাল কৰে
আজিও আমাৰ কাণৰ কাষতে
ইচাট-বিচাট কৰে 'কাণখোৱাৰ গীত'

জুহালত তুঁহগুৰিৰ উম
পুহমহীয়া ঘৰৰ চালেদি
আইতাই চকুপানী টোকে
পছোৱাত ডেউকা কোৱাই ঢপঢপাই
উৰি যায়
বাঁহনিৰ বগলীজনী
কুলিৰ বিননিত কপৌজুপিয়েও
ঘৰৰ খুটাতে বগুৱাবাই যাব খোজে

কেতিয়াবা সময় পালে
মোৰ কেঁচা মাটিৰ ঘৰটোলৈ
এবাৰ আহিবাচোন৷
হেৰাই পাবও পাৰা
ফ্ৰেমত বন্ধা এখন আধা-জ্বলা ফটো...!!



--------------------------

Tuesday, November 1, 2011

দুটি সংজ্ঞা

সুখ

ইকুল-সিকুল সামৰি
উজাই ভটিয়াই যোৱা এসুঁতি বন্যা মই
জোঁৱাৰ ভেটিবলৈয়ো অক্ষম
তুমি দিয়া কেঁচা মাটিৰ জেওৰা

এটি এটি বান্ধোন হৈ
গঢ়ি তোলোঁ বিনোদিনী হৃদয়
বতাহত ভাহে--- মল্লাৰ সুগন্ধি
ইটোৰ পাচত সিটোকৈ
ফুলাই তোলোঁ--- প্রজাপতি সপোন


ওঁঠত মোৰ মৰূদ্যানৰ সজীৱতা.....




দুঃখ

ইকুল-সিকুল সামৰি
উজাই ভটিয়াই যোৱা এসুঁতি বন্যা মই
জোঁৱাৰ ভেটিবলৈয়ো অক্ষম
তুমি দিয়া কেঁচা মাটিৰ জেওৰা

এপাট এপাট শেল হৈ
বিষময় কৰোঁ কুন্তী হৃদয়
বাগৰ সলাব নজনা এটি--- মাৰৱা ৰাতি
এটি দুটিকৈ জহাই খহাই
ধ্বংস কৰোঁ---- পপীয়া তৰাৰ সপোন


ওঁঠত মোৰ মৰুৰ ৰুক্ষতা.....

Thursday, October 27, 2011

এখন বেনাৰৰ কথাৰে...

            সৰুৰে পৰা ৰেডিঅৰে হওক, দূৰদর্শনৰে হওক বিজ্ঞাপনবোৰৰ প্রতি মোৰ এক বিশেষ দুর্বলতা আছে আনকি সৰু থাকোতে যেতিয়া টি.ভি.ত দেউতাহঁতে ক্রিকেট খেল চাই থাকে ময়ো ওচৰতে বহি পাটীগণিত উলিয়াই লওঁ... আকর্ষণ মাথোঁ এটাই, বিজ্ঞাপনবোৰ ! সেই তেতিয়াৰে পৰাই মা-দেউতা বা আন কাৰোবাৰ লগত কৰবালৈ ফুৰিবলৈ গলেও বাটে-পথে দেখা পোষ্টাৰ-বেনাৰবোৰ পঢ়োঁ আৰু সেই অভ্যাসটো মোৰ আজি পর্যন্ত ৰৈ গ

            দেৱালীৰ আগদিনা মই মোৰ বান্ধৱী এজনীৰ লগত আমাৰ ওচৰৰে কমলা নগৰত ঘূৰি ফুৰিছিলোঁবলৈ গলে কমলা নগৰ দিল্লীৰ এখন ভাল ডাঙৰ বজাৰ তাতে আকৌ দেৱালী... মানুহবোৰ যেন উৎসৱৰ আনন্দত বিভোৰ হৈ পৰিছে চাৰিওফালে ৰং-বিৰঙী কাগজৰ মালা, খাৰু-মণি, ফটকা-ফুলজাৰীৰ দোকান, ত তত লক্ষ্মী আৰু গনেশৰ মূর্ত্তি বিক্রি কৰা সৰু সৰু দোকান, আখৈ-মুড়ি-সন্দেশ-মাকৈৰ লাড়ু-মুড়িৰ লাড়ুৰ দোকান আৰু বহুতো... মিঠাইৰ দোকানবোৰ ৰাষ্টালৈ বঢ়াই দি দোকানবোৰ ডাঙৰ আৰু ৰাষ্টাবোৰ সৰু কৰি পেলাইছে, কাপোৰৰ দোকানবোৰতো বিশেষ ৰেহাই দিছে... মুঠৰ ওপৰত এক উৎসৱমুখৰ পৰিৱেশ আমাৰ পিচে কিনিবলগীয়া বিশেষ একো নাছিল তথাপিও লগৰজনীয়ে কিবা-কিবি কিনিলে আৰু মই মানুহবোৰৰ ৰেহ-ৰকম চাবলৈ ধৰিলোঁ

            হঠাৎ মোৰ বান্ধৱীয়ে মাটিৰ বাচন বিক্রি কৰা ভ্রাম্যমান দোকান এখনৰ ওচৰলৈ গল টাব কিনিবলৈ ময়ো তাইৰ কাষতে ৰৈ ইফালে-সিফালে চালোঁ হঠাৎ চকু গল এখন বেনাৰলৈ... হিন্দীত লিখা আছে কথাখিনি তাতে মানুহ এজনৰ ফটো এখনো আছে বেনাৰখনৰ প্রথমতে লিখা আছে ওম নমঃ শিৱায়। মোৰ এনে লাগিল যেন কোনোবা জ্যোতিষীয়েহে নিজৰ বিজ্ঞাপন দিছে, যেনেকৈ গুৱাহাটীত প্রায়েই দেখোঁ কিৰো ইয়ং অথবা আন বহুতৰে, ঠিক তেনেকৈ উৎসুক হৈ কবিতাৰ দৰে লিখি ছপাই থোৱা প্রথম বাক্যটি পঢ়িলোঁ লিখা আছিল আপকী কিচমত আপ কা ভাগ (ভাগ্য)”... মইতো এইবাৰ প্রায় খাটাং, হয় হয় ভাগ্যৰ কথা কৈছে যেতিয়া জ্যোতিষীয়েই হ এইবাৰ পাচৰ শাৰীটিলৈ আগবাঢ়িলোঁ এবাৰ পঢ়ি বুজি নাপালোঁ, আকৌ পঢ়িলোঁ খেলি-মেলি এটা লাগিল, প্রথম বাক্যশাৰীৰ লগত সংযুতিটো বিচাৰি নাপালোঁ আকৌ পঢ়িলোঁ মক্কে দি ৰোটি, চৰচো দা চাগ(শাক) মুঠতে দুয়োটা বাক্য মিলাই হল :

আপকী কিচমত আপকা ভাগ
মক্কে দি ৰোটি চৰচো দা চাগ

            তাৰ পাচত তাৰ তলৰ বাক্যকেইটা পঢ়ি যি অর্থ বিচাৰি পালোঁ নাহাঁহি নোৱাৰিলোঁ লিখা আছিল ভাই নথ্থু লাল নানৱালে... হমাৰে য়হা চাদী, পার্টি ৱ হৰ প্রকাৰ কে প্রগাম কে লিয়ে বিশেষ প্রৱন্ধ হেয়আৰু তাৰ ঠিক তলতে নথ্থু লালৰ দোকানৰ ঠিকনা হে মোৰ গোঁসাই !! কি ভাবিছিলোঁ, কি ওলালগৈ !! আপোনাৰ ভাগ্যক টানি আনি নিজৰ দোকানৰ বিজ্ঞাপন ! এওঁ দেখোন শ্বায়েৰীৰ বাদশ্যাহ(?) ! ইফালে মোৰ বান্ধৱীৰ খৱৰেই নাই, টাব কিনাত মছগুল, দৰ-দাম কৰি আছে তৎক্ষণাত মই বেনাৰখনৰ ফটো একপি তুলি ললোঁ বান্ধৱীৰ টাব কিনা হোৱাত তাইকো বেনাৰখন পঢ়ি চাবলৈ কলোঁ তাইৰো মোৰ দৰে একেই দশা হ ঘৰলৈ অহাৰ গোটেই বাটছোৱাত কথাকেইষাৰ মনলৈ আহি থাকিল মোৰ বান্ধৱীজনীও জানো কম ? তাই কলে, “ভাগ্যক টানি অনাতকৈ আচলতে কথাটো হব লাগিছিল আপকা দাঁত, হামাৰা স্বাদজাতীয়হেহাঁহি হাঁহিয়েই কলোঁ হেৰা আইটি, তোমাকো নথ্থু লালে পালে নেকি ? কেৱল দাঁত থকা মানুহবোৰেহে জুতি লব জানে নেকি, দাঁত নথকাবোৰৰ একা ?”


            সিদিনাৰ পৰাই সেই বেনাৰখনৰ সূত্র ধৰি নথ্থু লালৰ প্রভাৱত আমাৰ ঘৰত যে আৰু কিমান নতুন নতুন শ্বায়েৰীৰ (??) জন্ম হল সেইবোৰ কোৱাৰ পৰা বিৰত থাকিলোঁ ... বুজিছেই কিজানি !!








Sunday, September 25, 2011

ফুটপাথ

  
            কাঞ্চনক পঠিয়াই এতিয়া তাৰ তাইলৈ চেৰেং চেৰেংকৈ মনত পৰি আছে বিয়া হোৱাৰ দুমাহেই নৌহওতে নানা কামৰ অজুহাত দেখুৱাই আঁতৰি আহিছিল সি তাৰ মৰমৰ ঘৈণীয়েকজনীৰ ওচৰৰ পৰা নহলেনো খাবই বা কৰ পৰা, খুৱাবই বা কি ! কাঞ্চনেও বুজি পাইছিল বোধহয় সি বুজোৱা ধৰণে চহৰ ৱাপচ যানা জৰুৰী হ্যায়, ৰোজগাৰ কা চাৱাল হ্যায় না আগৰ কথা বেলেগ আছিল, এতিয়া তাৰ লগতে কাঞ্চনৰ কথাও সাঙোৰ খাই আছে প্রথমে সি খুব হেহো-নেহো কৰি আছিল যদিও মাক-বাপেকৰ ইচ্ছাত তাৰ অনিচ্ছা সত্বেও বিয়াত বহিবলৈ বাধ্য হ মাক-বাপেকৰ এটাই ইচ্ছা মৰনে চে পেহলে পোতা-পোতিকো গোদমে খিলানা হ্যায় অউৰ খুব খেলনা হ্যায়

            এমাহ পাচত খবৰ আহিল, তাৰ মাক-বাপেকৰ ইচ্ছা পূৰণ হোৱাৰ পথত কাঞ্চনৰ খুব হেঁপাহ, তাইৰ প্রথম সন্তান চহৰৰ আচপাতালত জন্ম হওক মৰমৰ মানুহজনীক ওচৰত পোৱাৰ  এয়া উত্তম সুযোগ যদিও এজাক ধুমুহাহে যেন পাৰ হৈ গল তাৰ মগজুৰ ভিতৰেৰে কাঞ্চন আহিল আহিয়েই তাৰ ঘৰখন ঘৰ ঘৰ লগা কৰি তুলিলে মানুহজনীয়ে তর্জাৰ বেৰ দিয়া একোঠলিয়া ঘৰ প্রিয় পুৰুষৰ মৰমত তাইৰ একোঠলিয়া ঘৰতো হেঁপাহবোৰে পাৰ নধৰা হয় সিহে সুযোগ পালেই অন্যমনস্ক হৈ পৰে তাইক খুব মৰমত ৰাখিব বিচাৰে সি সিহঁতৰ চুবুৰীৰ তিৰোতাজাকে হেনো কাঞ্চনক কেইবাদিনো কৈছে কাঞ্চন অব তুম য়েহি ৰহনা তুমতো বহত নিখৰ গয়ী হো য়হা আনে কে বাদ অউৰ য়হাতো তুম অপনে মৰদ কা ভি খেয়াল ৰখ চকতী হো। তাইৰ কথাত বুকু কঁপি উঠে তাৰ সঁচাকৈ যদি তাই ইয়াতে থাকিম বুলি কয় সদায়, কি হব !!

            দিনবোৰ পাৰ হৈ যায় তাই কয় ইতনি জল্দি ৱক্ত বীত ৰহী  হ্যায় তাৰহে দেখোন সময়বোৰ নাযায় নাযায় যেন লাগে তাইক সুখত ৰাখিবলৈ সি অকণো কার্পণ্য কৰা নাই ডাক্তৰৰ দৰৱ-পাতি আনি দিয়াৰ পৰা খোৱা-বোৱালৈ সকলোতে চকু দি আছে সি মাজে মাজে দুয়ো অম্বা চিনেমালৈয়ো যায় ঘৰলৈ আহি তাই নেদেখাকৈ সি তাৰ হিচাপ-নিকাচৰ জগতখনত ব্যস্ত হৈ যায় বহী এখনত সকলোবোৰ টুকি ৰাখে এবাৰ-দুবাৰ সাগৰৰ উচ্চতম ঢৌটোৰ দৰে তাৰ ডিঙিলৈ কিবা এটা উজাই আহে অথচ নিজৰ মানুহজনীক মুখ ফুটাই একো কব পৰা নাই সি জানোচা তাই দুঃখ পায় !! জানোচা সিহঁতৰ সন্তানটোৰ কিবা অপকাৰ হয় !! আগতে তাৰ মাক-খুৰীয়েকহঁতে কোৱা শুনিছিল যে গা-ভাৰী মানুহৰ বাবে মানসিক চাপ ভাল নহয় তাই সদায় ফুর্ত্তিত থাকক, অন্ততঃ সিহঁতৰ সন্তানটোৰ বাবে একো নোকোৱাটোকেই ঠিক কৰে সি কাঞ্চনৰ দৰে ইমান মৰমীয়াল মানুহ এজনীক জীৱন সংগিনী হিচাপে পাই সি সঁচাকৈয়ে সুখী সিদিনা যে চিনেমা চাই অহাৰ পাচত নিশাৰ মহানগৰীত ফুটপাথটোত শাৰী পাতি শুই থকা মানুহবোৰ তাই দেখিছিল, কিমান যে দৰদ তাইৰ সিহঁতলৈ বেচাৰে বেঘৰ তাইক যে সি কৈছিল কোয়ী বাত নেহী, ইতনা বড়া খুলা আচমান, ইতনী বড়ী ধৰতী হ্যায়, তো ৱো লোগ কেইচে বেঘৰ হুৱে পেন্দোৱাকৈ চাই তাই কৈছিল আপকা মজাক কৰনে কা আদত কব যায়েগা !তাই যে তাৰ কথা অকণো বুজিয়েই পোৱা নাছিল উভতি আহি সেই নিশা তাই তাক সাৱতি ধৰি তাৰ বুকুৰ মাজতে কুচি-মুচি শুই আছিল যেন তাৰ বুকুতেই তাই বিচাৰি লব সেই মুকলি আকাশ আৰু বিশাল পৃথিৱী তাৰ টোপনি অহা নাছিল এজাক ধুমুহা পাৰ হৈ যায় তাৰ মগজুৰে জোৰকৈ সি চকুহাল মুদি দিয়ে

            ঘৰৰ পৰা খবৰ আহিছে, কাঞ্চনৰ গোদ ভৰাইকৰাৰ সময় হৈছে একেবাৰে সঠিক সময়  হিচাব কৰি উলিয়ায় সি সি যাব নোৱাৰিব অজুহাত আকৌ একেটাই ৰোজগাৰ কা চাৱাল হ্যায় কাঞ্চনক নিবলৈ তাইৰ ভায়েক আহিল চকুৰ পানী, নাকৰ পানী একাকাৰ কৰি নৈশ বাচত কাঞ্চন গলগৈ এতিয়া কাঞ্চন অবিহনে তাৰ খুব উকা উকা লাগিছে তাই যোৱাৰ পাচতেই ঘৰৰ চাবি-কাঠি সি মন্নু ভাইক চমজাইদিলে

            একো কামতে তাৰ মন নবহিল দুখ-ভাগৰত লেবেজান হৈ সি শোৱাৰ যো-জা কৰিলে আকৌ এচাটি ধুমুহা পাৰ হৈ গল তাৰ মগজুৰ ভিতৰেৰে এয়া কি দেখিছে সি, তাৰ সন্মুখত মন্নু ভাইৰ লগত তাৰ হিচাব লিখা বহীটো হাততলৈ কাঞ্চন আৰু তাইৰ ভায়েক মাফ কৰনা ভাই, ভাৱী তুমচে মিলনে কী জিদ কৰ ৰহী থী”--- মন্নু ভাইৰ কথাষাৰে যেন একেলগে তাৰ বাক্-শ্রৱণ আৰু দর্শনেন্দ্রীয় বিকল কৰি পেলালে হিচাবৰ বহীটো কাঞ্চনৰ হাতত !! তাৰমানে তাই সকলোবোৰ গম পালে এখন চাদৰ পাৰি মুকলি আকাশ আৰু বিশাল পৃথিৱীৰ আশ্রয় লোৱা সহস্রজনৰ মাজত তাক দেখিম বুলিতো তাই কেতিয়াও ভৱা নাছিল কিজানি ! সকলোবোৰ গম পালে তাই ঘৈণীয়েকক সুখত ৰাখিম বুলিয়েইতো এইকেইদিনৰ বাবে সি মন্নু ভাইৰ ঘৰটো দিনে এশ টকা হাৰত ভাড়ালৈ লৈছিল কিমানযে মিছলীয়া বুলি ভাৱিছে কিজানি তাক ! হঠাৎ যেন তাৰ দুচকুত ডিচেম্বৰ মাহৰ দিল্লীৰ ডাঠ কুঁৱলিৰ ছানি পৰি গ কুঁৱলিৰ ফাঁকে ফাঁকে সি দেখিলে তাইৰ মুহূর্তে মুহূর্তে বৰণ সলাই থকা সেই কাঞ্চনবৰণীয়া মুখত দুচকুৰ বিস্ফোৰণৰ জ্বালামুখী আদ্-বাটতে যে কাঞ্চনহঁত যোৱা বাচখন নচলাহৈ থাকিল


© Mitali Barman  

Thursday, September 22, 2011

শৰৎ


শৰৎ--- তুমি বিলাই যোৱা                  
শাৰদী জোনাক
তাতেই ৰচিব
মধুচন্দ্রিকা
আমাৰ হেঁপাহবোৰে
সূৰুয উঠাৰ আগতে...

Saturday, September 17, 2011

প্রসংগ : ইউকেলিপ্টাছ , বৰষুণ আৰু পৃথিৱী

ইউকেলিপ্টাছ : তুমি যদি বৰষুণ হোৱা , মই হ'ম ইউকেলিপ্টাছ !!

বৰষুণ : তুমি যদি ইউকেলিপ্টাছ হ'ব খোজা ,আকাশলংঘী হ'ব----
তোমাৰ হেঁপাহ তেন্তে বৰষুণৰ প্ৰয়োজন ক
'?

এজাৰ-মদাৰ ফুলা বতৰতে নীলিম আকাশত ৰচিবা তুমি
                                                                  ৰামধেনুবুলীয়া হাঁহি....
          

ইউকেলিপ্টাছ : কোনে ক'লে তোমাক , ইউকেলিপ্টাছৰ আকাশলংঘা
হেঁপাহৰ কথা ? ইয়াৰ হেঁপাহ আকাশ নহয়----হয় বৰষুণ ! সেয়ে
আগবাঢ়ে আকাশৰ ফালে । এই অবুজ গছজোপাই বুজি নাপায়---
বৰষুণেও যে ভুল কৰে ইয়াৰ ঊৰ্ধমুখী যাত্রাক
আকাশলংঘা উচ্চাকাংক্ষা বুলি !!

আৰু বৰষুণেওনো কিয় ভাল পাব ইউকেলিপ্টাছ ?
ইয়াৰ যে নাই সোণাৰুৰ দৰে সৌন্দৰ্য্য , কৃষ্ণচূড়াৰ দৰে
ৰামধেনুবুলীয়া হাঁহি ,
নাইবা,
এজাৰ-নাহৰৰ দৰে নিজক প্ৰকাশ কৰাৰ
বিৰল প্ৰতিভা....


পৃথিৱী: তুমি যদি ইউকেলিপ্টাছ হোৱা ---- অথচ, বৰষুণেও যদি
ভুল কৰে তোমাৰ ঊৰ্ধমুখী যাত্ৰাক আকাশলংঘা হেঁপাহ বুলি
ঊৰ্ধমুখী হৈও তুমি ৰৈ গ'লা !
তোমাৰ শিপাত পৃথিৱীৰ মৰম । লৈ যাব তোমাক----
গভীৰৰ পৰা গভীৰতৰলৈ....

তুমি যদি ইউকেলিপ্টাছ হোৱা , নাথাকিব পাৰে তোমাৰ----
ফাগুনৰ আকাশৰ ৰং... হয়তো থাকিব...
বৰ্ষণমুখৰ পৃথিৱীৰ সেমেকা সুৱাস!!

তুমি ইউকেলিপ্টাছ হ'লে ইউকেলিপ্টাছেই হ'বা...
জুখি চাব পাৰিবা নিজক ।
ভুল নকৰাকৈ কৰিব পাৰিবা
জীৱনৰ যোগ-বিয়োগৰ অংক!!
--------------------------


Thursday, September 8, 2011

“কঁহুৱা বন মোৰ অশান্ত মন”

প্রস্তাৱনা

            চন ১৯৯৩, স্থান: নলবাৰী চহৰৰ গর্ডন স্কুলৰ খেল পথাৰ। বহাগ বিহুৰ সময়। নিশা নমান বজাৰ পৰা তালৈ মানুহৰ সোঁত এটি ববলৈ ললে। আমিও মা-দেউতাৰ লগত নির্দিষ্ট সময়ত গৈ উপস্থিত হলোঁ। মহিলাসকলৰ বাবে বহিবলৈ চকীৰ ব্যৱস্থা কৰা আছিল। মা-আইতাহঁত একেলগে বহিল। দেউতাহঁত পাচফালে থিয় হল আৰু আমি এমা-ডিমাবোৰ মঞ্চৰ একেবাৰে ওচৰত মাটিতে পাৰি দিয়া ট্রিপলত বহিলোঁ। কাৰো অকণো আপত্তি নাই। যথাসময়ত মানুহজন মঞ্চলৈ আহিল আৰু বিলাই গল কণ্ঠসুধা সহস্র শ্রোতাৰ মাজত। ৰেডিঅত সদায় শুনিবলৈ পোৱা গীতবোৰ স্বনামধন্য শিল্পীয়ে নিজেই গাই যোৱা সেই মুহূর্ত্তটি মোৰ মানসপটত আজিও জলজল পটপট---- সৌ সেইখিনিতে মই বহিছিলোঁ আমাৰ বয়সৰবোৰৰ লগত, সৌ সেইখিনিতে শিল্পীক সম্বর্ধনা জনোৱা হৈছিল, সৌ সেইখিনিতে তেওঁৰ সহযোগীবোৰ আছিল, সৌ সেইখিনিতে তেওঁ হাৰমনিয়ামত সুৰৰ লহৰ তুলি মাইক্রনটোৰ আগত ঠিয় হৈছিল। গুৰুগম্ভীৰ কণ্ঠেৰে তেওঁ নিগৰাই গৈছিল গীতৰ মালিতা... প্রিয় শিল্পীক চকুৰ আগত পাই মানুহবোৰ উত্রাৱল হৈ পৰিছিল। এটাৰ পাচত আনটো গীতৰ বাবে অনুৰোধ কৰি গৈছিল মানুহবোৰে বাৰে বাৰে। বাৰে বাৰে তেওঁলৈ দর্শকৰ মাজৰ পৰা উঠি অহা মানুহ কিছুমানে কাগজৰ টুকুৰাত নিজৰ প্রিয় গানটোৰ প্রথম শাৰীটো লিখি দিছিল আৰু তেওঁ বাকি গৈছিল অক্লান্ত কণ্ঠৰ নিজৰা... গুমগুমাই গল চৌদিশ। এয়াই আমাৰ শ্রদ্ধাৰ ভূপেন হাজৰিকা...

            চন ২০১০, স্থান : গুৱাহাটী। মোৰ মামাৰ ৪র্থমানত পঢ়া ছোৱালী মুনুৱে আহি মোক কলে মাজনী বা, তুমি অসম আমাৰ ৰূপহীগাতটি গাব জানা নেকি?” মই ওলোটাই তাইক প্রশ্ন কৰিলোঁ তই জান নে নাজান?” সেই প্রশ্নটোৰ বাবেই যেন তাই ৰৈ আছিল। লগেলগে তাই কলে জানো।আকৌ সুধিলোঁ ত পালি গীতটি?” একে উশাহতে তাই কলে, আমাৰ কিতাপত আছে আৰু কেছেটতো শুনোঁ মাজে মাজে। ভাল লাগে।তাইৰ কথাত মোৰ মনত এটা কথা স্পষ্ট হৈ পৰিল যে ভূপেন হাজৰিকাৰ কণ্ঠৰ যাদুৱে কোনো বয়সৰ সীমা নামানে। বুজন বয়সতহে গীতবোৰে অর্থৰ সাগৰত সাঁতোৰ মেলে যদিও বুজি নোপোৱাকৈয়ো তেওঁৰ গীতৰ প্রেমত পৰিব পাৰি, সুৰৰ প্রেমত পৰিব পাৰি। মুনুৰ মাজত যেন সিদিনা আকৌ ১৯৯৩ চনৰ বহাগ মাহৰ বিহু মঞ্চৰ ওচৰৰ ট্রিপলত বহি থকা মোক নিজক বিচাৰি পালোঁ।


প্রৱাহ

             যিমান বাৰেই শুনোঁ প্রতিবাৰেই হাজৰিকাৰ গীতৰ শব্দবোৰে ন-ন ৰূপত আহি খেলা কৰে , কেতিয়াবা আলাসতে উপঙি ফুৰে এটুকুৰা আলসুৱা মেঘৰ দৰে আকৌ কেতিয়াবা যেন শ্রাৱণী বাৰিষাৰ বৃষ্টি হৈ দুচকুৰ আগত ৰৈ জলক-তবক লগায় শব্দৰ লগত খেলি খেলি তেওঁ হৈ পৰিছে নিপুণ খনিকৰ শব্দৰ সাগৰ সংগমতক্লান্তিবিহীনভাৱে সাঁতুৰি বাট পোনাই তেওঁ জনতাৰ হৃদয়লৈ আনহাতে, গীতত শব্দৰ যথাযথ প্রতীকী প্রয়োগ আৰু স্পষ্ট উচ্চাৰণত মন্ত্রমুগ্ধৰ দৰে তেওঁৰ গীতৰ কাষ চাপে সহস্রজন প্রত্যেকেই যেন কিবা নহয় কিবা প্রসংগত নিজক বিচাৰি পায় তেওঁৰ গীতৰ মাজত শিল্পীৰ শিল্প যেতিয়া শিল্পীৰ লগতে ৰাইজৰো সম্পদ হৈ পৰে সেই শিল্পই লাভ কৰে জীৱনজোৰা সার্থকতা হাজৰিকাৰ শিল্পই বিশ্বজনীন দৰবাৰত প্রস্তুত কৰে এমুঠি অন্নৰ বাবে সংগ্রাম কৰি থকা জনতাৰ হাহাকাৰ, ভোগ সর্বস্ব স্বার্থপৰ মানুহৰ নিস্পৃহ মনোভংগী আৰু স্ফুৰিত প্রেমৰ দলিল যেন কোনো যাদুখেলৰ যাদুকৰ--- যিয়ে ঘণ্টাৰ পাচত ঘণ্টা  সন্মোহিনী বাণ মাৰি একেৰাহে দর্শক-শ্রোতাক লৈ যায় সীমাই ঢুকি নোপোৱা কোনো এক অসীমলৈ

            প্রেমেই জগত ধুনীয়া কৰে ভূপেন হাজৰিকাৰ গীতমালাতো প্রৱাহিত হৈছে প্রেমৰ অন্তঃসলিলা ফল্গুধাৰাৰ কেতিয়াবা তেওঁৰ বাবে প্রেম হৈ পৰিছে অনন্ত সৃষ্টিৰ উৎস আকৌ কেতিয়াবা হৈ পৰিছে যুগজোৰা বিষাদৰ হুমুনিয়াহ বিশ্বপ্রেমৰ আঁত ধৰি তেওঁ জীৱন নাৱৰ বঠা মেলিছিল যদিও যৌৱনৰ বলিয়া বা-ই আহি মুহূর্ত্তে মুহূর্ত্ত থকা-সৰকা কৰিছিল তেওঁৰ অনুভৱক আৰু তাৰ ফলতেই আমি হলোঁ সাক্ষী কিছুমান যুগজয়ী গীতৰ প্রেম আৰু প্রেমৰ স্মৃতিৰে পৰিপূর্ণ তেওঁৰ হৃদয়ৰ মণিকোঠা সমাজ আৰু সংস্কাৰত আৱদ্ধ প্রেয়সীক দিয়ে তেওঁ মুক্ত আহ্বান ---
গুপুতে গুপুতে কিমান খেলিম
আলিংগনৰ এই খেলা,
ছতিয়াও আহা আকাশে বতাহে
দুয়োৰে ৰঙৰে মেলা

            কাৰণ প্রেমিক হৃদয়ে বুজি পাইছিল যে যৌৱনত কোনো পাপ নাথাকে
পোহৰক যিদৰে ৰোধিব নোৱাৰে কোনোৱে কোনোদিনে, লহৰেও যিদৰে সাগৰক কৰিব নোৱাৰি অৱহেলা সেইদৰেই প্রেয়সীয়েও উপেক্ষা কৰিব নোৱাৰে এই প্রেমৰ জ্যোতিক প্রেয়সীৰ চকুযুৰিৰ চাৱনি আৰু লাৱনী পৰশে তেওঁক সমাজৰ কৌটিকলীয়া সংস্কাৰৰ বিৰুদ্ধাচৰণ কৰিবলৈ সাহ দিয়ে বন্ধ ঘৰমানে হল সমাজৰ নিয়মবোৰ অন্ধভাৱে অনুসৰণ কৰা আমাৰ মন আৰু খিৰিকি দুৱাৰমানে সেই অৱৰুদ্ধ মনৰ ইন্দ্রীয়বোৰ সেই বন্ধ ঘৰৰ খিৰিকি-দুৱাৰ খুলি ওলাই আহিবলৈ তেওঁ প্রিয়াক কয়---                              

মৰমত জানো নিয়ম থাকে
ধুমুহাৰ জানো পৰিধি থাকে
প্রভাতক জানো ঢাকিব পাৰি
পিন্ধাই লাজৰ মালা

            কঁহুৱা কোমল তেওঁৰ অশান্ত মনক মুকুতা যেন অমূল্য সময় নষ্ট নকৰি আলফুল হাতেৰে আকোঁৱালি লবলৈ গীতিকাৰে প্রিয়াক অনুৰোধ কৰিছে
পুৱতি নিশাৰ সপোন হেনো ফলিয়ায় কিন্তু চঞ্চল কোলাহলে ঘুমতি ভঙা বাবেই সকলো দেখিও সেই বিশেষ ক্ষণটিহে যেন তেওঁ নেদেখিলেলেও গীতিকাৰে বলিয়া মনটিক পতিয়ন নিয়াব বিচাৰে এইদৰে---

বলিয়া মন মোৰ কিয় উচাতন
কালিৰ সুৰুযে আনি দিব পুৱাটি

            সকলোৰে অগোচৰে প্রষ্ফুটিত হোৱা সেই প্রেম যেন পৃথিৱীৰ গর্ভত গুপুতে সাঁচি থোৱা এক বহ্ণিশিখাৰ নামান্তৰ মাথোঁ
কঁহুৱা কোমলউশাহ, “শেৱালি কোমল হাঁহি”-ৰ গৰাকী প্রেয়সীৰ নাম সুধি কৰা সহস্রজনৰ প্রশ্নৰ উত্তৰ গীতিকাৰ হাজৰিকাই দিছে অর্থপূর্ণভাৱে, ঈষৎ হাঁহিৰেঅতি কাব্যিকভাৱে নামবিহীনতাই অনামিকাবুলি

            আমাৰ কবি-গীতিকাৰজন আশাবাদী
সেয়ে শাৰদীয় খিৰিকিমুখত ৰৈ থকা তেওঁক আকাশত আলাসতে উপঙি ফুৰা এটুকুৰা আলসুৱা মেঘ”-এ যেন বুকুৱে বিচৰা বিশেষ কাৰোবালৈ মনত পেলাই দিয়ে কৃপণৰ গৃধনুতাৰে তেওঁ সাঁচি ৰাখিব বিচাৰে প্রিয়াৰ মৰম যদিও জানে সি সত্য নহয় কিন্তু তাৰেই স্মৃতিৰ মন্থনত তেওঁ বিভোৰ হৈ থাকিব বিচাৰে দিবা-নৈশ কালিদাসৰ মেঘদূতৰ দৰেই যেন শৰৎ সন্ধ্যা” “মাদকতা সানি লিখাচিঠিখন চঞ্চল মেঘে প্রেয়সীৰ ওচৰলৈ কঢ়িয়াই নিব আৰু বিলাই দিব তেওঁৰ মনৰ বার্তা

            শৈশৱকালৰ প্রিয় সখীৰ লগত ওমলা দিনবোৰেই যৌৱনৰ কেনভাচত ৰং সানি দিয়ে বুজা-নুবুজাকৈ
তাকেই ৰোমন্থন কৰি গীতিকাৰ হাজৰিকাই গাঁঠি ললে শব্দৰ এলানি মালা

শৈশৱতে ধেমালিতে
তোমাৰে ওমলা মনত আছে
হাগ মাহৰ লুইতখনিত
দুয়ো সাঁতোৰা মনত আছে

            ফুলে-পাতে নৱৰূপ লোৱা
হাগ মাহল যৌৱনৰ প্রতীক, “লুইতল প্রেমৰ প্রতীকী ৰূপহাগ মাহৰ লুইতখন যেনেকৈ পানীৰে চপচপীয়াকৈ ভৰি থাকে একেদৰে যৌৱন কালত গীতিকাৰৰ হৃদয়ো পৰিপূর্ণ হৈ উঠে প্রেমেৰে যৌৱনৰ দুৱাৰদলিত প্রেমিকযুগলে দুয়ো দুয়োকে দিছিল নানা প্রতিশ্রুতি কিন্তু বহাগ মাহৰ বৰদৈচিলা অহা দি অজান কোনোবা আহি প্রেয়সীক উৰুৱাই লৈ গল প্রেমিকৰ ওচৰৰ পৰা গীতিকাৰৰ আক্ষেপ এয়ে যে প্রেয়সীয়ে মনৰ গৰাকীক এৰি ধনৰ গৰাকীক বাচনি কৰি ললে বহুদিনৰ অন্তত ধনৰ গৰাকী বাচি লোৱা তেওঁৰ এসময়ৰ প্রেয়সীক দেখা কথাটিও তেওঁৰ মনত আছে ধন-সোণৰ ক্ষণস্থায়ী চমকত উটি যোৱা তেওঁৰ প্রেয়সীৰ দেহ স্বর্ণ গহণাই আভূষিত কৰি থৈছে এসময়ত প্রেমৰ নামত শপত খোৱা তেওঁৰ প্রেয়সীয়ে প্রেমিক অবিহনে চিপজৰীব বুলি কোৱা কথাটোও গীতিকাৰৰ মনত আছে কিন্তু গীতিকাৰ স্থিতপ্রজ্ঞ সেয়ে কৈছে---

তোমাৰ অবিহনে চিপজৰী ল
বুলি যদি তুমি ভাৱিছা
ভুল কৰিছা সোণজনী মোৰ
অলীক-সপোন দেখিছা

            ইতিমধ্যে গীতিকাৰে বুজি উঠিছে সমাজৰ ভ্রান্ত ধাৰণা ভেটিত গঢ়ি উঠা ভ্রান্ত আলেখ্যৰ লেখ
সেইবাবেই তেওঁ প্রেয়সীৰ বিৰহত চিপজৰী লৈ কাপুৰুষালি নকৰে বৰঞ্চ জীয়াই থাকিব বিচাৰে এখন নতুন সমাজ গঢ়াৰ মানসেৰে তেওঁ নিজৰ ওচৰতে প্রতিজ্ঞাবদ্ধ ---

জীয়াই থাকি এখন সমাজ গঢ়িবৰ মোৰ মন আছে
জীয়াই থাকি এখন সমাজ গঢ়িবৰ মোৰ পণ আছে
ত সোণতকৈয়ো মানুহৰ দাম অলপ হলেও বেছি আছে

            
মিঠা সপোনৰ বিলাস ঘৰ তোমাক লৈয়ে গঢ়াৰ সময় যে নাইবুলি তেওঁ তেওঁৰ অনামিকাকবিদায় দিছে কিন্তু অনামিকাৰ অনুপস্থিতি তেওঁ বাৰুকৈয়ে অনুভৱ কৰিছে--- যেন অনামিকা অবিহনে তেওঁৰ মনৰ আকাশলৈ নামি আহিছে আঁউসী ৰাতি অকালতে সৰি পৰি ৰল অনাকাংক্ষিত ধুমুহাত বিধ্বস্ত মনৰ প্রেমৰ পাপৰি... শেৱালিৰ সুবাসেও আমোলমোলাই নাযায় তেওঁৰ হৃদয়ৰ পদূলি... সেয়ে তেওঁ কৈছে---

প্রেমৰ কবিতা বাৰু কিদৰে লিখো
সকলোতে হৈ গ
ল ভুল

            মানৱ-দৰদী গীতিকাৰ হাজৰিকাই কেতিয়াও আকাংক্ষা কৰা নাই কোনো আকাশী গংগাৰ তেওঁ যে আমাৰ মাজৰে এজন নিষ্ঠুৰ জীৱনৰ সংগ্রামত মাথোঁ মৰমৰ এষাৰি মাতেই তেওঁৰ বাবে সর্বস্ব কিন্তু আচৰিত ধৰণে ভোগবাদী, স্বার্থান্বেষী মানৱ সমাজত স্বার্থহীনভাৱে মৰমৰ এষাৰি মাত লগাবলৈয়ো যেন কাৰো আহৰি নাই সাত সাগৰ-তেৰ নদীৰ ইপাৰ-সিপাৰ হোৱা পৰিভ্রমী চৰাই ভূপেন হাজৰিকা সাগৰ-মহাসাগৰৰ লহৰ লেখি, মহানগৰীৰ অলিয়ে-গলিয়ে ঘূৰি তেওঁ পম খেদি ফুৰিছে নিস্বার্থ মৰমৰ কিন্তু মৰমৰ উৎসৰ সন্ধান কৰি কৰি তেওঁ অৱশেষত ভাগৰি পৰিছে আৰু অজানিতে গুপুতে বৈ আহিছে দুধাৰি অশ্রুধাৰ মানৱৰ অৱক্ষয়ৰ দুঃখত বহুজনৰ মাজত কণ্ঠসুধাৰে প্রেমৰ নিজৰা বোৱাই দিয়া শিল্পীজনে হয়তো নিতৌ হেজাৰ জনৰ হেজাৰ শৰাইপাব তথাপিও তেওঁৰ অন্তৰে অহর্নিশে বিশেষজনৰমৰম বিচাৰিহে ব্যাকুল হয় হেজাৰজন শ্রোতাৰ মুখত হাঁহি বিৰিঙোৱা তেওঁৰ মৌন সময়ৰ দুঃখৰ ভাৰ লবনে কোনোৱে দুহাত মেলি, দিবনে কোনোবাই হৃদয়ৰ আঁচল বহলাই মেলি !!
কোনে কয় মই অকলশৰীয়া...

            মৰম বিচাৰি হাবাথুৰি খোৱা গীতিকাৰ কিন্তু অকলশৰীয়া নহয় মূহুর্ত্ত মানৰ বাবেও
সকলোৱে তেওঁক এৰি থৈ গলেও, তেওঁৰ মৌন ওঁঠৰ দুঃখৰ ভাষা কোনোৱে নুবুজিলেও তেওঁৰ অতি বিশ্বস্ত্য বন্ধু ছাঁতেওঁৰ অবিৰত যাত্রাৰ সংগী সেয়ে সংগীহীনতা মোৰে সংগী বুলিপৃথিৱীয়ে উপহাস কৰা কথাটোত কোনো যুক্তি তেওঁ বিচাৰি পোৱা নাই হাজৰিকাৰ যুক্তিবাদী মনে যুক্তি বিচাৰি পাইছে সেই কথাটিৰ বিৰোধ কৰিবলৈ ---

দূৰণিৰ বন্ধু সকলো মিছা
নিচেই কাষৰে
ছাঁহে সঁচা

বিচাৰি পাইছে কবি-গীতিকাৰজনে জীৱনৰ নির্লোভ সত্য
আশাৰ বালিচৰত ঘৰ সাজিলেও ছায়াইহে তুলি তাক প্রতিৰূপ দিয়ে আন্ধাৰ বাটতো যেন ছাঁয়াইহে বাট কাটি পোহৰৰ দিশ দেখুৱাই দিয়ে

আজান ফকীৰে কৈ গৈছিল--- 

পানী মৰে পিয়াহত অগ্নি মৰে জাৰত
খোদা ৰচুল লুকাই আছে মোমিনৰ আঁৰত

অৱশেষত হাজৰিকাই বিচাৰি পালে অচল-অটল প্রেমৰ ঠিকনা

প্রেম প্রেম বুলি জগতে ঘূৰিলোঁ
ঘৰতে আছিলে প্রেম
ধনে ধনে কৰি ঢাপলি মেলিলোঁ
হিয়াতে পৰমে ধন

ঠিক যেন আজান ফকিৰৰ সুৰতে সুৰ মিলালে হাজৰিকাদেৱেও ...

গংগা-যমুনা চানিলোঁ যতনে
গয়া-কাশী তীর্থ কৈলোঁ
হিয়াৰ ঈশ্বৰ হিয়াতে আছিলে
ৰবাত বিচাৰি মৈলোঁ

এয়া যেন ভূমিৰ পৰা ভূমালৈ আৰম্ভ হোৱা এক অবিৰত যাত্রা


উপসংহাৰ


 “সোণত কৈ মানুহৰ দাম অলপ হলেওবেছি থকা সমাজ গঢ়িবলৈ মানুহৰ মাজত জীয়াই থাকিবলৈ বিচৰা শিল্পীয়ে গাইছে,
মোৰ গান হওক বহু আস্থাহীনতাৰ বিপৰীতে
গভীৰ আস্থাৰ গান

---আৰু তেওঁ গোৱাৰ দৰেই তেওঁৰ গান হৈ পৰিছে গভীৰ আস্থাৰ গান হাজৰিকা তেওঁৰ অজস্র গুণমুগ্ধৰ মনৰ আকাশত উজলি থকা ধ্রুৱতৰা শব্দৰ পখীৰাজ ঘোঁৰাত উঠি চেঁকুৰ মেলা অক্লান্ত শিল্পী তেওঁ
            চিৰ তৰুণ ভূপেন হাজৰিকাক কোনো সংঘাতে প্রতিবন্ধকতাৰ সৃষ্টি কৰিব নোৱাৰে তেওঁৰ আছে প্রতিকূল প্রতিবন্ধকতাক ওফৰাই দিব পৰাকৈ প্রশান্ত সাগৰৰ দৰে স্থিৰতা, গভীৰতা আৰু সুৰৰ লহৰৰ অমোঘ শক্তি

ধ্বংসৰ আঘাতক দিছে আজি সংঘাত
সৃষ্টিৰ সেনানী অনন্ত
সংঘাতে আনে মোৰ প্রশান্ত সাগৰত
প্রগতিৰ নতুন দিগন্ত
সেয়েহে মনৰ মোৰ প্রশান্ত সাগৰৰ
ঊর্মিমালাই অশান্ত

            জীৱন্ত কিংবদন্তীস্বৰূপ আমাৰ অতিকৈ আপোন শিল্পীজনাৰ জন্মদিনৰ এই শুভ মুহূর্ত্তত তেওঁৰ গীতৰ কলিৰেই তেওঁক যাচিছোঁ আন্তৰিক শুভ কামনা

কোন সুন্দৰৰে শিল্পীয়ে
পদুম ফুলৰ নাৱেৰে
ময়ূৰ পংখী ৰহণবোৰ
দিয়ে ছতিয়ায়...

লক্ষ্য যদি দিগন্ত শিল্পীহে তোমাৰ
পদুমৰে পানচৈ চপোৱা এবাৰ
দেখিবা জীৱনৰে দিগন্ত অপাৰ...
---------------