ইউকেলিপ্টাছ : তুমি যদি
বৰষুণ হোৱা , মই হ'ম ইউকেলিপ্টাছ !!
বৰষুণ : তুমি যদি
ইউকেলিপ্টাছ হ'ব খোজা ,আকাশলংঘী হ'ব----
তোমাৰ হেঁপাহ তেন্তে বৰষুণৰ প্ৰয়োজন ক'ত?
তোমাৰ হেঁপাহ তেন্তে বৰষুণৰ প্ৰয়োজন ক'ত?
এজাৰ-মদাৰ ফুলা বতৰতে নীলিম
আকাশত ৰচিবা তুমি
ৰামধেনুবুলীয়া হাঁহি....
ইউকেলিপ্টাছ : কোনে ক'লে তোমাক , ইউকেলিপ্টাছৰ
আকাশলংঘা
হেঁপাহৰ কথা ? ইয়াৰ হেঁপাহ আকাশ নহয়----হয় বৰষুণ !
সেয়ে
আগবাঢ়ে আকাশৰ ফালে । এই
অবুজ গছজোপাই বুজি নাপায়---
বৰষুণেও যে ভুল কৰে ইয়াৰ
ঊৰ্ধমুখী যাত্রাক
আকাশলংঘা উচ্চাকাংক্ষা বুলি
!!
আৰু বৰষুণেওনো কিয় ভাল পাব
ইউকেলিপ্টাছ ?
ইয়াৰ যে নাই সোণাৰুৰ দৰে
সৌন্দৰ্য্য , কৃষ্ণচূড়াৰ দৰে
ৰামধেনুবুলীয়া হাঁহি ,
নাইবা,
এজাৰ-নাহৰৰ দৰে নিজক প্ৰকাশ
কৰাৰ
বিৰল প্ৰতিভা....
পৃথিৱী: তুমি যদি
ইউকেলিপ্টাছ হোৱা ---- অথচ, বৰষুণেও যদি
ভুল কৰে তোমাৰ ঊৰ্ধমুখী
যাত্ৰাক আকাশলংঘা হেঁপাহ বুলি
ঊৰ্ধমুখী হৈও তুমি ৰৈ গ'লা !
তোমাৰ শিপাত পৃথিৱীৰ মৰম ।
লৈ যাব তোমাক----
গভীৰৰ পৰা গভীৰতৰলৈ....
তুমি যদি ইউকেলিপ্টাছ হোৱা , নাথাকিব পাৰে তোমাৰ----
ফাগুনৰ আকাশৰ ৰং... হয়তো
থাকিব...
বৰ্ষণমুখৰ পৃথিৱীৰ সেমেকা
সুৱাস!!
তুমি ইউকেলিপ্টাছ হ'লে ইউকেলিপ্টাছেই হ'বা...
জুখি চাব পাৰিবা নিজক ।
ভুল নকৰাকৈ কৰিব পাৰিবা
জীৱনৰ যোগ-বিয়োগৰ অংক!!
--------------------------
সচাই এটি মনোমোহা হৃদয়স্পর্শী কবিতা ---ঋতুৰাজ ।
ReplyDelete