Pages

Saturday, September 17, 2011

প্রসংগ : ইউকেলিপ্টাছ , বৰষুণ আৰু পৃথিৱী

ইউকেলিপ্টাছ : তুমি যদি বৰষুণ হোৱা , মই হ'ম ইউকেলিপ্টাছ !!

বৰষুণ : তুমি যদি ইউকেলিপ্টাছ হ'ব খোজা ,আকাশলংঘী হ'ব----
তোমাৰ হেঁপাহ তেন্তে বৰষুণৰ প্ৰয়োজন ক
'?

এজাৰ-মদাৰ ফুলা বতৰতে নীলিম আকাশত ৰচিবা তুমি
                                                                  ৰামধেনুবুলীয়া হাঁহি....
          

ইউকেলিপ্টাছ : কোনে ক'লে তোমাক , ইউকেলিপ্টাছৰ আকাশলংঘা
হেঁপাহৰ কথা ? ইয়াৰ হেঁপাহ আকাশ নহয়----হয় বৰষুণ ! সেয়ে
আগবাঢ়ে আকাশৰ ফালে । এই অবুজ গছজোপাই বুজি নাপায়---
বৰষুণেও যে ভুল কৰে ইয়াৰ ঊৰ্ধমুখী যাত্রাক
আকাশলংঘা উচ্চাকাংক্ষা বুলি !!

আৰু বৰষুণেওনো কিয় ভাল পাব ইউকেলিপ্টাছ ?
ইয়াৰ যে নাই সোণাৰুৰ দৰে সৌন্দৰ্য্য , কৃষ্ণচূড়াৰ দৰে
ৰামধেনুবুলীয়া হাঁহি ,
নাইবা,
এজাৰ-নাহৰৰ দৰে নিজক প্ৰকাশ কৰাৰ
বিৰল প্ৰতিভা....


পৃথিৱী: তুমি যদি ইউকেলিপ্টাছ হোৱা ---- অথচ, বৰষুণেও যদি
ভুল কৰে তোমাৰ ঊৰ্ধমুখী যাত্ৰাক আকাশলংঘা হেঁপাহ বুলি
ঊৰ্ধমুখী হৈও তুমি ৰৈ গ'লা !
তোমাৰ শিপাত পৃথিৱীৰ মৰম । লৈ যাব তোমাক----
গভীৰৰ পৰা গভীৰতৰলৈ....

তুমি যদি ইউকেলিপ্টাছ হোৱা , নাথাকিব পাৰে তোমাৰ----
ফাগুনৰ আকাশৰ ৰং... হয়তো থাকিব...
বৰ্ষণমুখৰ পৃথিৱীৰ সেমেকা সুৱাস!!

তুমি ইউকেলিপ্টাছ হ'লে ইউকেলিপ্টাছেই হ'বা...
জুখি চাব পাৰিবা নিজক ।
ভুল নকৰাকৈ কৰিব পাৰিবা
জীৱনৰ যোগ-বিয়োগৰ অংক!!
--------------------------


1 comment:

  1. সচাই এটি মনোমোহা হৃদয়স্পর্শী কবিতা ---ঋতুৰাজ ।

    ReplyDelete