Pages

Saturday, April 12, 2014

দৈনন্দিন:৭

গা ধোৱা

কেতিয়াবা কিছুমান বাক্যাংশ বা খণ্ডবাক্যই বাক্যভেদে বিভিন্ন অৰ্থ প্ৰকাশ কৰে। আপোনালোকে মন কৰিছে নে আমি সদায় ব্যৱহাৰ কৰি থকা "গা ধোৱা" খণ্ডবাক্যটোৰো বিভিন্ন অৰ্থ আছে। উদাহৰণ দুটামান দিলে কথাটো বেছি পৰিষ্কাৰ হ
'ব।

১/ মই গা ধুই ভাত খাম। এই বাক্যটোত সদায় ধোৱাৰ দৰে গা ধোৱা অৰ্থাৎ স্নান কৰা অৰ্থ বুজাইছে।

২/ তেওঁ গা ধুবলৈ গৈছে। এই বাক্যটোত "গা ধোৱা" খণ্ডবাক্যটোৰ অৰ্থৰ প্ৰসাৰ হৈ ব্যক্তিগৰাকীয়ে অকল নিজৰ শৰীৰটো ঘঁহি-পিহি স্নান কৰাটোকে বুজোৱা নাই। তাৰ লগতে গা ধোৱাৰ লগতে আন কিছুমান আনুসংগিক কাম কৰা (শৌচ কৰা) বুজায়। দৰাচলতে আমাৰ আইতাহঁতৰ সময়ৰো আগৰ পৰা শৌচ কৰিবলৈ গ
'লে চুৱা যোৱা বুলি ভবা হৈছিল আৰু শুচি হ'বলৈ মানুহে শৌচ কৰি উঠি গা ধুইছিল। সেয়ে পাছলৈ "গা ধোৱা" বাক্যাংশৰ অৰ্থৰ প্ৰসাৰ হৈ পৰে আৰু গা ধুবলৈ যোৱা বুলি ক'লে শৌচ কৰিবলৈ যোৱাটোকো বুজাবলৈ লয়।


৩/ আইতাৰ গাটো ভাল নহয়। মই গৈ সুধিলোঁ, "আইতা, আপোনাৰ কি হৈছেনো?" আইতাই ক'লে, "মাজনী, মোৰ "গা ধোৱা হৈছে"।" আইতাৰ "গা ধোৱা হৈছে" মানে আচলতে কি হৈছে মই বুজি পালোঁ; আইতাৰ পেট চলিছে। আইতাহঁতৰ শৌচ কৰিবলৈ গৈ গা ধোৱাৰ অভ্যাসটো হৈ যোৱা বাবে পেটৰ অসুখ হৈ শৌচ কৰিবলৈ গৈ বাৰে বাৰে গা ধুবলগীয়া হৈছে আৰু বাবে অসুখটোক পেটৰ অসুখ বা পেট চলা বুলি নকৈ অতি কৌশলপূৰ্ণ আৰু পৰিশীলিতভাবে "গা ধোৱা হোৱা" বুলি কৈছে। 

৪/ আইজনীয়ে আজি গা ধুইছে। মানে আইজনীয়ে সদায় গা নোধোৱে নেকি
? ভুল নুবুজিব, আইজনীয়েও সদায় গা ধোৱে। কিন্তু "আইজনীয়ে আজি গা ধুইছে'--- ইয়াত এক বিশেষ অৰ্থ নিহিত হৈ আছে। ইয়াত "গা ধোৱা' মানে মাহেকীয়া ঋতুস্ৰাবৰ তিনিদিনৰ দিনা বা পাঁচ দিনৰ দিনা গা ধোৱা কাৰ্যটোকহে বুজাইছে।

৫/ বোৱাৰীজনীয়ে যোৱা মাহৰ পৰা গা ধোৱা নাই। মানে বোৱাৰীজনী লেতেৰী বুলি ভাবিছে নেকি
? যদি আপোনালোকৰ বোৱাৰীজনীয়ে "গা ধোৱা' নাই সেয়া সন্তোষৰহে কাৰক, ঘৰলৈ নতুন সদস্যৰ আগমনৰ বাৰ্তা। "বোৱাৰীজনীয়ে যোৱা মাহৰ পৰা গা ধোৱা নাই' মানে বোৱাৰীজনীৰ মাহেকীয়া ঋতুচক্ৰ  স্থগিত হৈছে, অৰ্থাৎ বোৱাৰীজনী গৰ্ভৱতী হৈছে।

৬/ চহৰত চাকৰি কৰি থকা ডেকা ল
'ৰাজনলৈ চাই পেহীয়েকে ল'ৰাৰ মাকক কৈছে,"নবৌ, আমাৰ ল'ৰাটোক গা ধুৱাব লাগে।' মানে ডেকা ল'ৰা এজনে নিজে গা ধুৱ নোৱাৰাৰ অৰ্থ ইয়াত প্ৰকাশ হোৱা নাই। ইয়াত "গা ধোৱা' বাক্যাংশৰ অন্তৰালত আছে 'বিয়াৰ বাবে উপযুক্ত হোৱা' অৰ্থহে। অসমীয়া বিয়াত বিয়াৰ দিনা দৰা/ কইনাক কলৰ তলত গা ধুওৱা ৰীতি আছে। সেয়েহে "আমাৰ ল'ৰাটোক গা ধুৱাব লাগে।' মানে "ল'ৰাৰ বিয়া পাতিব লাগে' কথাটোকহে গুৰুত্ব দি বুজাই দিয়া হৈছে।


এই আটাইকেইটা দিশ সামৰি ৰাজীব ৰঞ্জনে দিয়া এটি উদাহৰণ:
"পাঁচ বছৰৰ আগতেই ল'ৰাক গা ধুৱালোঁ, বোৱাৰীয়ে যোৱা মাহৰ পৰাহে গা ধোৱা নাই। আমাৰ এখেত গা ধুবলৈ গৈছে, অলপ বহক। মই আজি গা ধুইছোঁ। মাজনীয়ে গা ধুই পাকঘৰত সোমাইছে, চাহ একাপ খাই যাব। আইতাকৰ আকৌ গা ধোৱা হৈছে; তেখেতলৈও সিদ্ধ ভাত দুটামান বহাই দিব লাগিব।"

No comments:

Post a Comment