Pages

Monday, June 23, 2014

ঈশ্বৰৰ স’তে এনিশা


*************

(১) আগনিশা
*********
কালি নিশা ঈশ্বৰ আহিছিল মোৰ ঘৰলৈ
দুৱাৰত টুকুৰিয়াই তেওঁ সুধিছিল,
"মে আই কাম ইন?"

এই যেন সোমাবলৈ সুৰুঙাটি পালে
দুহাত তুলি পোহৰাই তুলিব
মোৰ ঘৰৰ
এন্ধাৰ কোঠা

পোহৰ মোৰ দুৱাৰমুখত
আৰু মই বাট হেৰুৱাওঁ জোদিয়াৰ
এন্ধাৰ গলিত

ঈশ্বৰো দিশহাৰা হ'

(২) মাজনিশা
*********
মই গান্ধাৰী নে ন্যায়ৰ পুতলা??
দুচকু বান্ধি থোৱা কলা কাপোৰখনে
ভেঙুচালি কৰি বাৰে বাৰে সোঁৱৰাই
লা ৰঙৰ অস্তিত্ব

নাই পখিলা
নাই ৰামধেনু

যদি মই গান্ধাৰী হওঁ
ঈশ্বৰ বহি থাকে সিংহাসনত
যদি মই ন্যায়ৰ পুতলা হওঁ
তেতিয়াও ঈশ্বৰ বহি থাকে ৰাজআসনত

ঈশ্বৰে দেখা নাই কাহানিও
ৰামধেনুবিহীন দুচকুৰ আৰ্তনাদ
নাইবা শুনা নাই কাহানিও
লা কাপোৰেৰে বান্ধি থোৱা
তেজ আৰু ধূলিৰে ধূসৰিত পৃষ্ঠাৰ গাঁথা
তেনে ঈশ্বৰক কিয় কম মই,
প্লিজ, কাম ইন

(৩) পুৱতি নিশা
************
জনৈক কবিৰ দৰে চিঞৰি চিঞৰি
ঈশ্বৰক বুজাই দিওঁ,
পোহৰতকৈ এন্ধাৰ ভাল

বৃহন্নলা সময়!!

আজি ঈশ্বৰ অভিমন্যু
আজি ঈশ্বৰে নিজৰ বিৰুদ্ধে
জেহাদ ঘোষণা কৰিছে
নিজে কৰি চাইছে
যোগ-বিয়োগৰ পাটীগণিত
বাৰে বাৰে লিখিছে মোহাৰিছে
লিখিছে মোহাৰিছে
লিখিছে মোহাৰিছে

উত্তৰ শূন্য
**************

No comments:

Post a Comment