Pages

Monday, June 23, 2014

জন্মদিন

**********


আইৰ সঘন উশাহ
দুচকু তিয়াই বয়
বেদনা আৰু যন্ত্ৰণাৰ নীড়

বুকুত বাঢ়ে ধৰফৰণি
হৃদয়ত গুণগুণাই
হৃদয়ৰ গানে

জীৱনৰ পাতনি বেলাত
মোৰ কান্দোন
আইৰ হাঁহি

মোৰ দুগাল তিয়াই বয়
আইৰ চকুৰ
সুখৰ চকুপানী...
***********





(উচ্চজিৎ কলিতালৈ)
************

1 comment: