তোমালৈ...
কোৱাতো
নাছিলোঁ কাহানিও তোমাক মোৰ বাবে তাজমহল সাজিবলৈ... অ’ মোৰ শ্বাহজাহান ! হৃদয়খনেই বিচাৰিছিলোঁ, সময়ৰ এলান্ধু গুচাবলৈ... দৰিকণা মাছ ধৰা দিনবোৰলৈ ঘূৰি যাবলৈ
বিচাৰিছিলোঁ... সপোনবোৰ খেপিয়াই চাইছিলোঁ... গান্ধাৰীৰ দৰে তোমাৰ হাতত ধৰিয়েই
পাৰ হৈছিলোঁ---- এখন নীলা নদী...
সময়ৰ গাত
এলান্ধুৰ চামনি...!
শ্বাহজাহান
মোৰ... মোৰ বাবে তুমি তাজমহল নাসাজিলেও হ’ব... ভুলতে হ’লেও এবাৰ হৃদয়খনকেই দি চাবাচোন
! একো চিন্তা নকৰিবা, বৰ আদৰেৰে আপদাল কৰিম তাক...
কেতিয়াবা মোৰ যে তোমাৰ কাৰণেই চিন্তা হয় জানা ! ক’ত বা
হৃদয়খন টুকুৰা-টুকুৰ কৰি থৈ আহা !!
ঠিক্ ঠিক্
ঠিক্ !!!
চোৱা মই মিছা কোৱা নাই... বেৰত বগাই ফুৰা জেঠিটোৱেও বুজিছে... তুমিহে জানো বুজিবা নে নাই...!!
চোৱা মই মিছা কোৱা নাই... বেৰত বগাই ফুৰা জেঠিটোৱেও বুজিছে... তুমিহে জানো বুজিবা নে নাই...!!
পুনঃ --- তুমিতো জানাই ফাগুন মই বৰ ভাল পাওঁ । চাওঁতে চাওঁতে আকৌ ফাগুন পালেহি । মোৰ প্রিয় ফাগুন । ফাগুনৰ সোণাৰু, ফাগুনৰ পচোৱা, ফাগুনৰ সৰাপাত, ফাগুনৰ ৰং, ফাগুনৰ উৎসৱ... হেঙুল-হাইতাল হৈ উমলিব মোৰ মনৰ পদূলিত...
No comments:
Post a Comment