Pages

Sunday, March 4, 2012

হাত


এখন হাতৰ মুঠিত আনখন হাত
আঙুলিৰ ফাঁকে ফাঁকে খাজ খাই পৰে আঙুলি
বিশ্বাস
স্বস্তি
নিৰাপত্তাৰ আৱৰণৰ ভাঁজে ভাঁজে
এমুঠি প্রতিশ্রুতি...

মৌন-মুখৰ প্রতিটো প্রহৰতে
বর্ণময় হৃদয়ৰ ৰামধেনু !
এখন হাতে মেলি দিয়ে মমতাময়ী আঁচল
আনখন হাতে আকোৱালি লয়
প্রতিটো নিৰাভৰণ প্রহৰ...

সময়ে টানি লয় এহতীয়া ওৰণি
সন্ধান--- আশ্রয়...
কুৰুকি কুৰুকি কাষ চাপে এখন হাত আনখনৰ

জীৱনৰ খলাবমাতো
দিশহাৰা নদীয়ে
গতি পায় ।
চাকনৈয়া আঁতৰি যায়...

উন্মনা ফাগুনৰ সন্ধিয়া !

জোন গলা ফাগুনৰ নিশাত
এখন হাত শুই পৰে
আনখন হাতৰ মুঠিত
সেউজীয়া হৈ পৰে জোনাক !

এখন হাতৰ শূন্যতাত
আনখন হাতৰ আইতাৰ সাধুৱে
জিৰণি লয়
ভাকুট-কুটাই যায় সপোনবোৰে...

শিশু হৈ পৰে দুখন হাত
বালিভাত ৰান্ধে
বালিঘৰ সাজে
আৰু
তেনেকৈয়ে ঘুমটি যায়...

No comments:

Post a Comment