যোৱা কিছুদিনৰ পৰা দিল্লী চহৰলৈ নামি
আহিছে বৰুণদেৱৰ আর্শীবাদ। ২০০৫ চনত প্রথমবাৰৰ বাবে দিল্লীলৈ আহি দেউতাৰ লগত
জয়পুৰলৈ ফুৰিবলৈ গৈছিলোঁ। যোৱা বাটত সিদিনাও ৰিমঝিমকৈ এজাক বৰষুণ সৰি পৰিছিল
ধৰাৰ বুকুত। তেতিয়াই আমাৰ গাড়ীৰ চালকজনে কৈছিল “দিল্লী মে তো বাৰিচ হোতীহি নেহি । য়হাতো নচীৱৱালোকোহি বাৰিচ মিলতী হ্যায়।” মনত থাকি গ’ল সেই অচিন যুৱকজনৰ
কথাষাৰ।
আজি কিছুদিনৰ আগতেও বাটে বাটে মনৰ
মাজতে লিখি আহিছিলোঁ বৰষুণৰ কবিতা :
“মোৰ চহৰলৈ আহিছে
মোৰ প্রিয় বৰষুণ
সংগ দিছে মোক অবিৰতভাৱে
টোপাল হৈ সৰি পৰিছে মৰমবোৰ
ধুই নিছে দুঃখৰ আৱর্জনা...”
মোৰ প্রিয় বৰষুণ
সংগ দিছে মোক অবিৰতভাৱে
টোপাল হৈ সৰি পৰিছে মৰমবোৰ
ধুই নিছে দুঃখৰ আৱর্জনা...”

বৰষুণত আধা-ভিজা হৈ বিশ্ববিদ্যালয়
পালোঁ। মোৰ সহকর্মী ড° প্রমোদিনী দেৱী আৰু
মই একেটা কোঠালিতে বহোঁ। বাইদেউ মণিপুৰৰ। এগৰাকী মৰমীয়াল ভদ্র মহিলা (হয়তো মই
তেওঁৰ জীয়েকৰ বয়সৰ হ’ম)। ভালেই
পাইছিলোঁ পূর্বোত্তৰ ভাৰতৰ মানুহগৰাকীৰ লগত একেটা কোঠালিত বহিবলৈ পাই; যেন অচিন ঠাইতো লগ পাই গৈছিলোঁ মোৰ চুবুৰীৰে মাহীজনীক। নানা কথাৰ আলোচনা
হয় আমাৰ মাজত। বহু কথা শিকিছোঁ তেওঁৰ পৰা। সিদিনাও আহিয়েই বাটত বৰষুণে পোৱাৰ
কথা ক’লোঁ। অলপ পাচত আমাৰ বিভাগৰ গৱেষিকা ছাত্রী সৃতা আহি ওলাল আমাৰ কোঠালিত। তাই পশ্চিমবংগৰ
ছোৱালী। আকৌ ওলাল বৰষুণৰ প্রসংগ। হাতত এপিয়লা গৰম চাহ আৰু বৰষুণৰ আলাপ!!
সৃতাই সুধিলে “মিতালী দিদি, তোমালোকৰ
অসমত খুব বৰষুণ হৈ থাকিলে তাক ৰখাবলৈ কিবা নিয়ম আছে নেকি?” এয়াই হ’ল আৰম্ভণি। তাৰ পাচত আগতে কেতিয়াও নুশুনা
বৰষুণৰ লগত জড়িত কেইবাটাও লোক-বিশ্বাসৰ কথা জনাৰ সুযোগ পালোঁ। বাঙালী সমাজত থকা
এটা নিয়ম এনেধৰণৰ : “যদি কাৰোবাৰ ঘৰত কিবা উৎসৱ-পার্বন আছে
আৰু যদি মূষলধাৰে বৰষুণ হৈ আছে তেন্তে গৃহস্থই এটা দৰকাৰী কাম কৰিব লাগে।
তেওঁলোকৰ কোনোবা এজনে এনে এঘৰ মানুহ বিচাৰি উলিয়াব লাগিব যিঘৰ মানুহৰ এটিয়ে মাথো
সন্তান আৰু সন্তানটি কন্যা সন্তান হ’বই লাগিব। তেনে এঘৰ
মানুহৰ পৰা ইঘৰ মানুহৰ কোনো সদস্যই গৈ বাতি এটা চুৰ কৰি আনি লুকুৱাই থব লাগিব আৰু
যদি তেওঁ সেই কাম কৰাত সফল হয় তেন্তে বৰষুণ ৰোৱাটো খাটাং। নাইবা আন এটা বিধি মতে
ভেকুলী এটা ধৰি আনি তাক খৰাহী বা আন কিবা ফুটা থকা পাত্রৰে ঢাকি থব লাগে। কাৰণ
ভেকুলীয়ে টোৰটোৰালে বৰষুণ হয়”। লগে লগে প্রমোদিনী বাইদেৱে
মাত লগালে, “মণিপুৰৰটো শুনা। প্রথমে এটা বাঁহৰ খৰাহী ল’ব লাগিব। কিন্তু খৰাহীটো পানী সৰকি যোৱা ধৰণে পাতলকৈ সজা হ’ব লাগিব। তাৰ পাচত অতিপাত বৰষুণ দি থাকিলে ঘৰৰ কোনো এজন সদস্যই গৈ ঘৰৰ
চালত খৰাহীটো থৈ আহিব লাগে আৰু বৰুণদেৱক প্রার্থনা কৰিব লাগে এইবুলি যে হে বৰুণদেৱ
তোমাৰ কৃপাৰে আমি কৃপাধন্য। কিন্তু বৰষুণেই যদি দিছা মোৰ ঘৰৰ চালত পানী পৰাৰ আগতে
এই খৰাহীটো পানীৰে পূর্ণ কৰা। কিন্তু পাতলকৈ সজোৱা খৰাহীটোত পানী ৰ’ব ক’ৰ পৰা?? বৰুণ দেৱতাও এই
কামফেৰাত সফল নহৈ বৰষুণকে বন্ধ কৰি দিয়ে। তাৰ কেইঘণ্টামান পাচত বৰষুণ ৰ’বই ৰ’ব”। ময়ো সৰুকালত
দেখিছিলোঁ আইতাই কৰা বিধি এটা। বৰষুণ দি থাকিলে ঘৰৰ কাম-বনত আহুকাল হয় বাবে
কেতিয়াবা আইতাই পকা জলকীয়া এটা চোতাল সৰা বাঢ়নিডালৰ কাঠি এডাল উলিয়াই তাৰ
এমূৰে খুচি লগাই দিছিল আৰু আনটো মূৰ চোতালত পুতি দিছিল। মানে টিকটিকীয়া ৰঙা,
পকা জলকীয়াটোৱে যেন আকাশৰ পিনে ট ট কৈ চাইহে আছিল। সঁচাকৈয়ে তাৰ
অলপ পৰ পাচত মেঘৰ ওৰণি গুচাই বেলিটি ন-কইনাৰ লেখীয়াকৈ লাজ লাজকৈ ওলাই আহিছিল।
তাৰপাচত এইবাৰ ওলাল কি কৰিলে বৰষুণ
দিয়ে তাৰ প্রসংগ। অসমৰ দৰে পশ্চিমবংগতো অনা-বৃষ্টিৰ সময়ত “ভেকুলী বিয়া” পতা
নিয়ম আছে।
“ভেকুলীৰ বিয়ালৈ আহে ইন্দ্রদেৱে
বতাহ-বৰষুণত তিতি
সৰগৰ অপেচৰী নামি আহিছে
ভেকুলীৰ বিয়া শুনি”
(ভেকুলী বিয়া নাম)
বতাহ-বৰষুণত তিতি
সৰগৰ অপেচৰী নামি আহিছে
ভেকুলীৰ বিয়া শুনি”
(ভেকুলী বিয়া নাম)
মণিপুৰৰ বিধি আকৌ একেবাৰে সুকীয়া।
তেওঁলোকৰ মতে হেনো “ পাহাৰৰ
চূড়াটোলৈ উঠি গৈ তাতে বৰুণদেৱৰ পূজা কৰিব লাগে, তেতিয়াহে
বৰষুণ হয়”। আকৌ আন এটা বিধিও নথকা নহয়। যদি অনা-বৃষ্টিৰ
বাবে খুউব আকাল হয় তেন্তে ১০৮ জনী খীৰতী গাই আনি গোবিন্দ (ভগৱান শ্রীকৃষ্ণ)ৰ পূজা
কৰি, তেওঁৰ প্রতিমূর্ত্তিৰ সন্মুখত খীৰাব লাগে আৰু গাখীৰখিনি
তেওঁলৈ অর্পণ কৰিব লাগে”। ইয়াৰ অর্থ এয়েই যে, ভগৱান শ্রীকৃষ্ণই আটাইতকৈ বেছিকৈ ভালপোৱা বস্তুবিধ মানৱ সমাজে তেওঁক অর্পণ
কৰিছে আৰু তাতে গোঁসায়ো প্রসন্ন হৈ মানৱ সমাজত তেওঁৰ কৃপা দৃষ্টি বৰষাব। আচৰিত
ধৰণে তাৰ এদিন বা দুদিন পাচতে বৰষুণ হয় হেনো।
তেনেতে ছাত্র-ছাত্রীবোৰ অহাত আমাৰ কথা
সিদিনা তাতেই সামৰিব লগীয়া হ’ল।
এয়ে আছিল আমাৰ সিদিনাৰ এপিয়লা চাহৰ আড্ডা। প্রায়েই নানা কথাৰ আলোচনা হয়।
লিখি ৰাখোঁ বুলিয়ো ৰখা নহয়। স্বভাৱগত এলাহে ধৰে। কিন্তু বৰষুণৰ লগত জড়িত
ইমানবোৰ মোহনীয় কথা লিখি ৰখাটো মোৰ বাবে এলাহতকৈয়ো বেছি আনন্দময় আছিল।
ভাল লাগিল বাইদেউ ||... বৰষুণ বুলিলে এনেয়ে ভাল লাগে ....||
ReplyDeleteধন্যবাদ পঞ্চানন !!
ReplyDelete