কোনেও নজনা বিশ্বাসৰ কথা
কিছুমান
মোক ক'বিনে ফাগুনী
তোৰ স'তে আছে যে মোৰ অন্তৰংগতা
ক'বিনে ফাগুনী, সেমেকা সুৱাসৰ তোৰ
নিৰ্জন ঘৰত কাৰোবাৰ ফুলবছা
হাঁহিয়ে
প্ৰতিধ্বনি তোলেনে ?
তোৰ বাৰু বাওঁচকু কঁপেনে ?
তোৰ আঁচলৰ ঢৌত উঠা-নমা কৰেনে
কাৰোবাৰ হৃদপিণ্ড ?
তই বাৰু শিৱ-মন্দিৰলৈ যাৱনে,
যোৰ শালিকা চাৱনে ?
মৌন ৰাতিত তয়ো বাৰু গাৰুত মূৰ
থৈ
উচুপি উঠ নেকি ?
অথচ কাঠচিতীয়া দিনতো তই
কৰ যে পৃথিৱী পোহৰ ৷
ক'বিনে ফাগুনী, ঘুনুচা-কীৰ্তনত তই
কাৰ ভাও লৈছিলি ?
ছটিয়াইছিল নে
কোনোবাই তোৰ গালৈও ৰঙা
ফাকুগুৰি ?
দুগালত ৰঙা আৱিৰ ঘঁহি সাৰ
পাৱনে
শেষৰাতি ?
সযতনে সাঁচি থ তই
কনক-ধতুৰাৰ ৰাগী ৷
অ'
ফাগুনী, লুইতৰ বন্যা মাতি নানিবি তই ;
মেলি থোৱা চুলিটাৰি বান্ধি
সজাই দে
বতৰৰ ফুল,
কাজলেৰে গভীৰ কৰি ল দুচকু ৷
হয়তো,
পচোৱাত উপঙি থকাজনে
তাতেই বিচাৰি পাব
এডৰা ডাঠ সেউজীয়া ঘাঁহনি...
____________________
(১০ মার্চ,
২০০৩, "দৈনিক অগ্রদূত"ত প্রকাশিত)
No comments:
Post a Comment