Pages

Sunday, September 4, 2011

ডায়েৰীৰ পাত লুটিয়াই... "কামৰূপা" ---- অনুভৱৰ এখিলা পৃষ্ঠা...



                                           (১)

সখী আজি যৌৱন-বন জুৰি
বন-বসন্ত মুঞ্জৰি
পাতে বৰণৰে মেলা
হাঁহা সখী মোৰ
হাঁহা সখী মোৰ
হাঁহিৰে ফাকু খেলা...


            সেইদিনা আছিল ২০০৫ চনৰ ২২ চেপ্তেম্বৰ । দিল্লী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা আৰু সাহিত্য অধ্যয়ন বিভাগত মোৰ প্রথম কর্মৰত দিন। দুচকুত সপোনবোৰে ভিৰ কৰা দিন--- উৎকণ্ঠা, আবেগ, উলাহ মিশ্ৰিত দিন। ভৱিষ্যতৰ সপোন দেখিবলৈ বর্তমানৰ ভেটি সুদৃঢ় কৰাৰ দিনত থাকিম, কি কৰিম ভৱা-চিন্তাৰ সকাম নাই ইতিমধ্যে মই এই বিষয়ে আমাৰ আটাইৰে শ্রদ্ধাৰ ড০ মামনি ৰয়চম বাইদেউৰ লগত ফোনত কথা পাতিছিলোঁ কোৱা মাত্রেই মৰমীয়াল মানুহগৰাকীয়ে কৈছিল মাজনী, তুমি একো চিন্তা নকৰিবা তুমি আমাৰ এই কামৰূপা হোষ্টেলতেই থাকিব পাৰিবা মই ৱার্ডেনক কৈ থম বাৰুআৰু কথা দিয়া মতেই তেওঁ মোৰ থকাৰ বাবে কামৰূপা ছাত্রী নিৱাসত কথা পাতি থৈছিল খুব ভাল লাগিছিল মামনি বাইদেউৰ মুখত দিল্লীত অসমীয়া ছোৱালীৰ বাবে হোষ্টেল থকা কথাটো শুনি সেইদিনাই ডিপার্টমেণ্টৰ পৰা বাহিৰে বাহিৰে দেউতাৰ লগত কামৰূপা পালোঁহি


            প্রথমে কিছু আচহুৱা লগিল পৰিৱেশটো ; কিন্তু কিছু সময়ৰহে জঠৰতা সেয়া বাহিৰৰ পৰা ওপৰলৈ মূৰ তুলি চাই দেখিলোঁ বেলকনিবোৰত মেলি থোৱা গামোচা ভাল লাগি গ ভিতৰলৈ গৈ লগ পালোঁ ৱার্ডেন শ্রীমতী বিজুমণি বৰাক ইমান ধুনীয়াকৈ, ইমান পৰিপাটীকৈ সজোৱা এখন ধুনীয়া ঘৰ হোষ্টেল চালোঁ দিল্লীৰ দৰে ঠাইত, বিশেষকৈ ছোৱালীৰ বাবে অসুৰক্ষিত এখন ঠাইত ইমান নিৰাপদ এটি আশ্রয়শালা ! প্রথমবাৰতে মোৰ সকলোবোৰ ভাল লাগি গল... বোৱা মেখেলা-চাদৰ পিন্ধা বিজুমণি বাইদেউৰ পৰা আমাৰ অন্নদাতালোহিত দা, তপনলৈ... বাইদেউৰ ঘৰৰ জাপিকেইটাৰ পৰা বাঁহৰ চালনিত কৰা এম্ব্রডেইৰীলৈকে... সজাই থোৱা হাৰমণিয়ামটোৰ পৰা চেতাঁৰখনলৈ... বাইদেউৰ ঘৰৰ খৰিচাৰ আচাৰৰ পৰা লোহিত দাৰ হাতৰ মাছৰ টেঙালৈ... এয়াই আছিল মোৰ কামৰূপালৈ প্রথম দৃষ্টিতে হোৱা প্রেম... এনেকৈয়ে হৈছিল মোৰ চিৰযৌৱনা কামৰূপালৈ আগমণি...

(২)


সন্ধ্যা যেতিয়া নামে, জিলমিলাই কাঁচি জোনে
আইলৈ মনত পৰে
পখী যেতিয়া বাহলৈ আহে, অৱসাদে আৱৰি ধৰে
আইলৈ মনত পৰে...
            নিৰৱতা! নিৰৱতা!! নিৰৱতা!!! অসহনীয় এই নিৰৱতা মোক থৈ দেউতা গলগৈ কি কৰোঁ! ইমান অকলশৰীয়া নে মই? হোষ্টেলৰ সকলোৱে মোৰ লগত ইমান সন্মান ৰাখি, ইমান দূৰত্ব বজাই ৰাখি কথা কয় যে মোৰ অসহ্য লাগিল জীৱনত কাহানিও হোষ্টেলত থাকি নোপোৱা ছোৱালীজনী আজি হোষ্টেলৰ আৱাসী, কিন্তু তাকো আকৌ ছাত্রী হিচাপেও নহয় সেইবাবেই হয়তো এই দূৰত্ব ডিপার্টমেণ্টত থকা সময়খিনি ভালদৰে যায়, কিন্তু হোষ্টেল আহি পোৱাৰ লগে লগে এই নিৰৱতাৰ পোকটোৱে মোক কুটি কুটি খাবলৈ ধৰে চেৰেং চেৰেংকৈ মনত পৰিছিল মৰমৰ ঠাইখন, চেনেহৰ উমাল কোলা আৰু পল অনুপলকৈ গঢ় লোৱা এটি-দুটি সহস্রটি হৃদয়ৰ বান্ধোন

            লাহে লাহে সকলোৰে লগত চিনাকি হলোঁ নয়নী, নিতাশা, কাকলি, চুইমি, আইভিহঁতৰ লগত গঢ়ি উঠিল অন্তৰংগতা গুৱাহাটী বিশ্ববিদ্যালয়ত পঢ়ি থাকোতে কোনোৱে কোৱা শুনিছিলোঁ, এবাৰ হোষ্টেলৰ পৰিৱেশত যিয়ে নিজকে খাপ খুৱাব পাৰিব তেওঁ হেনো জীৱনৰ সকলো পৰিস্থিতিতেই নিজক মিলাব পাৰিব বিজুমণি বাইদেউৰ মৰম আৰু লোহিত দাহঁতৰ আব্দাৰত চেষ্টাৰ কোনো ত্রুটি নকৰাকৈ পৰিৱেশটোৰ লগত নিজকে লীণ নিয়াবলৈ ধৰিলোঁ ঘৰত কেতিয়াও বাই-ভনীৰ অভাৱ অনুভৱ হোৱা নাছিল মায়ে মোক কেতিয়াও সেই অভাৱ অনুভৱ হবলৈ দিয়া নাছিল, ভাইদুটাৰে উমলি-জামলি কটোৱা সেই মধুৰ শৈশৱ-কৈশোৰৰ দিনবোৰত...। অথচ আজি যেন মই বহুতো বাই-ভনীৰে ভৰা ঘৰ এখনৰে সদস্যা অঘোষিতভাৱেই যেন মই আজি বহুতো ছোৱালীৰ ডাঙৰ বায়েকজনীহে আনকি, হোষ্টেললৈ ৰুহি, নিথি, সুপ্রিয়াহঁতক থবলৈ অভিভাৱকবোৰ আহোতেও যিবোৰ কথা কৈ যায়, যিবোৰ দায়িত্ব দি থৈ যায়, তেতিয়াও অনুভৱ কৰোঁ এখন ঘৰৰ ডাঙৰ বায়েকজনীৰ কর্ত্তব্য আৰু দায়বদ্ধতা


(৩)

 
মই কোমল পুৱাৰ ৰদালি
মই শাৰদী ৰাতিৰ শেৱালি
ৰূপ সাগৰৰ ঢৌ তোলা মই
এই অসম দেশৰে ছোৱালী...


            ভাল লগা হৈ আহিল কামৰূপাৰ প্রতিটো চুক-কোণ দিল্লীৰ দৰে ঠাইত থাকিও ৰাতিপুৱা শুই উঠিয়েই যে নিজৰ মাত-কথা শুনিবলৈ পাওঁ, সেয়াও কম ভাগ্যৰ কথানে! যিফালেই যাওঁ, সিফালেই ছোৱালীহঁতৰ ৰগৰ, হাঁহি-খিকিন্দালি কিমানে যে ৱার্ডেনৰ পৰা গালি খোৱা নাই! তথাপিও!! বিজুমণি বাইদেৱে ব্যক্তিগতভাৱে হোষ্টেল চলাই আছে যদিও, তেওঁ সকলোৰে খা-খবৰ ৰাখে অকলে হোষ্টেল চলাব লগা হৈছে বাবে তেওঁৰ মাজে-সময়ে অসুবিধাও নোহোৱা নহয় কিন্তু সকলোৱে হাত উজান দি সকলোবোৰ সমাধানৰ বাট উলিয়াই লওঁ ভাল লাগে বিজুমণি বাইদেউৰ মানসিকতা ছোৱালীহঁতে নিজকে যিমানেই চালাক বুলি নাভাৱক কিয়, বাইদেউ হল মুখ মেলিলে গর্ভ দেখা মানুহ সিহঁতে পাহৰি যায় যে বাইদেৱেও সিহঁতৰ বয়স পাৰ কৰি আহিছে বাইদেউৰ শাসন মিহলি হৈ থকা মৰমৰ ধমকিবোৰ যে ৰুমে ৰুমে চর্চাৰ বিষয় সেয়াও মই বুজি পাওঁ
        ভাল লাগে যেতিয়া জাকে জাকে ছোৱালীবোৰ কলেজলৈ ওলাই যায় নিজৰ ভৱিষ্যতৰ সপোন দেখা তেজী ঘোঁৰাত উঠা ছোৱালীবোৰ ভাল লাগে যেতিয়া দিনটোৰ অৱসাদ-ক্লান্তি গোটাই ঘৰৰ ছোৱালী ঘৰ আহি পায় ভাগৰত লালকাল দি নিদ্রাত মগন সিহঁতৰ মুখবোৰ যে কিমান সৰল, একোটি নিষ্পাপ শিশুৰ দৰে এইবোৰ ছোৱালীৰে কিমান যে সমস্যা ঘৰৰ সমস্যা, পঢ়াৰ সমস্যা আৰু বহুতো... ইমান সৰু সৰু মগজুবোৰত যে ইমান সমস্যাৰ বোজা! বুজনি নমনা মন বেয়া লাগে কেতিয়াবা সিহঁতক বুজাবলৈ চেষ্টা কৰোঁ, কোনোৱে বুজে, কোনোৱে অকঁৰা মৈত উঠে অথচ ইমান সৰু সৰু ছোৱালীবোৰৰ কি যে সুনিপুন অভিনয়... আৰু মুখাৰ আঁৰৰ সিহঁতৰ কোমল হৃদয়! নিজৰ নিজৰ পৃথিৱীত অবাধে বিচৰণ কৰি ফুৰা সিহঁতৰ অবাধ্য মন...


(৪)

            কাৰোবাৰ ঘৰৰ পৰা পার্চেল আহিলে এটা সৰু-সুৰা উৎসৱেই হয় কামৰূপাত ফূর্তিত তৎ নাইকিয়া হয় আমি হলোঁ ভোকাতুৰ, মৰমৰ ভোকাতুৰ--- তাতেই আকৌ ঘৰৰ পৰা অহা বস্তু! মাৰ হাতৰ মমতাময়ী পৰশ লগা নাৰিকলৰ লাড়ু-পিঠা, ঘিলা পিঠা, তেল পিঠা, তিল পিঠা, নাৰিকলৰ চিৰা ইত্যাদি ইত্যাদি বুজি পাওঁ দিল্লী হেন মহঙা ঠাইত এইবোৰ বস্তুৰ দুর্লভতা বৰ তৃপ্তিৰে এটা এটা কণা উপভোগ কৰোঁ, মিলিজুলি অসমীয়া মানুহৰ অতিথিপৰায়ণতাৰ কথা সকলোৱে শলাগে এই গুণটো আমাৰ ছোৱালীহঁতৰ গাতো নথকা নহয় লাগিলে সেয়া লগ কৰিবলৈ যোৱা বন্ধু-বান্ধৱেই হওক নাইবা প্রতিবেশী কোঠাৰ ছোৱালীয়েই হওক সুদা মুখে কোনো উভতি নাহে

            অসমীয়া মানুহ বুলিলে দিল্লীৰ অনা-অসমীয়াজাকে দুটা কথা উল্লেখ কৰিবই--- অসমৰ বিহু আৰু অসমৰ চাহ বিহু বুলিলেই প্রতিজন অসমীয়াৰ মন সাতখন-আঠখন কিন্তু এই চেনেহৰ উৎসৱটোৰ সময়তো আত্মীয়সকলৰ পৰা আমি যে আঁতৰি থাকোঁ সহস্র যোজন... শিক্ষার্থীসকলে পৰীক্ষাৰ উৎকণ্ঠাত পাহৰি যায় বিহুৰ আনন্দ
             “খিতিক্ খিতিক্ কৰি ঐ লাহৰী             
মাকো মাৰি তাঁতে নো বৈ আছিলা
আমি গৈ ওলালোঁ তাত লাহৰী
বহিবলৈ পীৰা পাৰি দিছিলা
গাতে নাই তৰণি ৰচক বচক
ঢোলৰ মাতত টোলোঠা কঁপে
ঘনাই ঘনাই সূতা ছিঙে
আৰু ছিঙে নাচনী-জৰী...”...


----বুলি বিহুৰ দিনা কিৰিলি পাৰিবলৈয়ো ডেকা-গাভৰুহঁতৰ আহৰি নাই সকলো মগন ভৱিষ্যত গঢ়াৰ সংগ্রামত নাই মাকো, নাই তাঁত, নাই টোলোঠা, নাই নাচনী-জৰী, নাই ঢোল, নাই মৰমৰ দীঘেৰে-চেনেহৰ বাণিৰে বৈ অনা গামোচা ইয়াৰ মাজতে আকৌ Happy New Year-Style-Happy Bihu কোৱা ছোৱালীহঁতক বিহুৰ ওলগজনাবলৈয়ো শিকালোঁ সকলোৰে মুখে মুখে একে কথা ঘৰলৈ মনত পৰিছে বসন্তৰ আগমণিত অসমখন যে কি শুৱনী হয়! গছে গছে নৱ-পল্লৱ, চাৰিওফালে কেৱল সেউজীয়া, সেউজীয়া আৰু সেউজীয়া... নীলিম আকাশৰ সীমা চুৱা সেই সেউজীয়া...।

 
                             
              আকৌ আৰম্ভ হয় পার্চেলৰ আগমণি... আকৌ উৎসৱ আন নহলেও বিহুৰ দিনা যে হোষ্টেলত চিৰা-দৈ খাবলৈ পাওঁ সেয়াও আমাৰ গৌৰৱৰ বিষয় অসমত থাকি বিহুৰ মহত্ব অথবা অসমীয়া হোৱাৰ গৌৰৱ যিদৰে অনুভৱ কৰোঁ, অসমৰ সীমা অতিক্রম কৰাৰ লগে লগে সেই গৌৰৱৰ ৰং দুগুণে চৰে... যিদৰে হাততে ঢুকি পোৱাতে থকা বস্তুটো আওকাণ কৰি থাকিলেও হঠাৎ এদিন সেই বস্তুটো নাইকিয়া হলেই অনুভৱ কৰোঁ তাৰ আভাৱ...। এতিয়াও মনত পৰিলে হাঁহি উঠে, বিহু বুলি যে ৰাতি নোশোৱাকৈ নাৰিকলৰ লাড়ু আৰু চিৰা কৰিছিলোঁ তাকে গম পাই পিচদিনা মোৰ খবৰ লবলৈ (নকলেও বুজি পাইছিলোঁ, আচলতে লাড়ু আৰু চিৰাৰ আশাত) মোৰ কোঠালিলৈ ছোৱালীৰ সোঁত এটা বৈছিল... আনকি অনা-অসমীয়া দুজনীমানে আহি কৈছিল দিদি হামকো লাড্ডু নেহী মিলা ।পিচে লাড়ু হাতত পৰাৰ লগে লগে আকৌ কৈছিল দিদি হামাৰে ৰুম-মেট কে লিয়ে ভী লে যায়ে ??”... এয়েই হকামৰূপা’... কেতিয়াও নাপাহৰোঁ দোকানৰ মেহেন্দি কিনি আনি বিহুৰ দিনা হাতত লগাই দুহাত জেতুকাবুলীয়া কৰাৰ কথা, কেতিয়াও নাপাহৰোঁ মায়ে পঠোৱা মাহকৰাই নিমখ, তেল, জলকীয়া, আদা, ধনীয়া পাতেৰে খাই মাহকৰাই খাওঁ/ বাটে বাটে যাওঁ/ মোৰ লগত যিয়ে আহে/ তাকো এগাল দিওঁবুলি চিঞৰাৰ কথা, কেতিয়াও নাপাহৰোঁ উৰুকাৰ ৰাতি লগ-ভাত খোৱাৰ কথা, খৰি গোটাই জুই ধৰাৰ কথা, ডাঠ কুঁৱলিয়ে ছানি ধৰা মাঘৰ বিহুৰ পুৱা কৰা অগ্নিসেৱাৰ কথা...


(৫)

আজি পুৱতি কিহৰে আৰতি
কিনো বীণ বীণা বাজে
পোহৰৰ বাটে বাটে
হে মৌন অতিথি
আহিলা কি অভিনৱ সাজে...


            ইমান সুন্দৰ এটি পৰিৱেশ ৰাতিপুৱাই চকু মেলিয়েই শুনিবলৈ পাওঁ চেতাঁৰৰ ঝংকাৰ... শুনিবলৈ পাওঁ সপ্ত স্বৰৰ মধুৰ সমলয় প্রণামিকা, উর্বিহঁত দিল্লী বিশ্ববিদ্যালয়ৰ সংগীত বিভাগৰ ছাত্রী মন ভৰি উঠে বৰগীত, লোকগীত, বিষ্ণু-জ্যোতিৰ গীতৰ অনিন্দ্য নিজৰাত, পুলকত উথলি উঠে কামৰূপাৰ যৌৱনা প্রাণ প্রায়েই সন্ধিয়া সময়ত প্রণামিকা, উর্বি, নয়নীহঁতৰ সতে যেতিয়া গঢ়ি যাওঁ এটাৰ পাছত আনটো গীতৰ সংগম, পাহৰি থাকোঁ ৰূঢ় বাস্তৱৰ কথা গাঢ়ৰ পৰা গাঢ়তৰ হয় হৃদয়ৰ ৰং কামৰূপাৰ নিষ্প্রাণ বেৰবোৰো সাৰ পাই উঠে সিহঁতৰ গাত ঠেকা খাই ধ্বনিত-প্রতিধ্বনিত হোৱা সুৰৰ ঝর্ণাৰ কল-কাকলিৰে... নিজম হৈ পৰি থকা চিৰিকেইটাৰে ওপৰলৈ উঠি আহোতেও কোনোবাজনীয়ে উকি মাৰি গাই যায় বিহুৰ এটি যোজনা... নিমিষতে নিৰৱতাত হৃদয়ৰ গুমগুমনিয়ে নিযুক্তি লাভ কৰে...

(৬)

            আটাইবোৰ ছোৱালীকে লগ পোৱাৰ সুযোগ থাকে ৰাতি ভাত খোৱাৰ সময়ত, টি.ভি.ৰ ওচৰত কাৰ যে কিমান মন্তব্য! সুখৰ সহযোগী মত, দুখৰ সহানুভূতিৰ মত, খং-ৰাগ-অভিমানৰ তীর্যক মত আৰু নানা মত এনেকৈ বহুতৰে লগত টি.ভি. চোৱাৰ আমেজ যে ইমান নিচা লগা বুজা নাছিলোঁ কেতিয়াবা অকলে টি.ভি. চালে সেই আমেজৰ অভাৱ বাৰুকৈয়ে অনুভৱ কৰোঁ কিমান যে দৰকাৰী-অদৰকাৰী, হকে-বিহকে দিয়া মন্তব্য সেইবোৰ, নিদিলে যেন পেটলৈ যোৱা ভাত গৰাহ হজমহে নহব ! কত কি আলোচনা, ৰাজনীতিৰ পৰা আৰম্ভ কৰি আধুনিক সাজ-সজ্জা, শৈলীলৈ সাধাৰণ মানুহৰ জীৱনক লৈ হেতালি খেলা ৰাজনীতিক আমি লাগিলে যিমানেই সমালোচনা নকৰোঁ কিয়, ৰবাত কেনেবাকৈ টি.ভি.ত আমাৰ মুখ্যমন্ত্রী ডাঙৰীয়া ওলোৱাৰ লগে লগে ইজনীয়ে সিজনীক মাতি চিঞৰ-বাখৰ লগায় গগৈদেৱক টি.ভি. কর্তৃপক্ষই কৰা প্রশ্নবাণত অতিষ্ঠ হৈ উঠে আমাৰ ছোৱালীহঁত--- কিয় কব এনেকৈ?”, “কিয় ইমান অৱহেলা কৰিব?”, “ব আৰু বহুত হল।ইত্যাদি ইত্যাদি হয়তো এয়া সিহঁতৰ ৰাজনীতি প্রীতি নহয়, এয়া এজন অসমীয়াৰ আন এজনৰ প্রতি থকা শ্রদ্ধাহে

            সম্প্রতি এটা নামে বহুতো অসমীয়াক বান্ধি পেলাইছে নামৰ গৰাকীৰ সুৰৰ যাদুৰে বিষ্ণু-জ্যোতি, ভূপেন হাজৰিকাৰ পাছত এয়া জুবিন গার্গ জুবিন বুলি কলেই আনন্দ-গৌৰৱত বুকু ফুলি উঠে। দিল্লীৰ ৰেডিঅষ্টেচনত জুবিনৰ গীত এটি বাজিল কি নাবাজিল আমাৰ ছোৱালীহঁতে আন অনা-অসমীয়া সমনীয়াহঁতক গৌৰৱেৰে গহীন কৰি লোৱা মাতেৰে কয় এয়া আমাৰ জুবিন জুবিনক হয়তো বহুতে এতিয়াও একান্তভাৱে লগ পোৱা নাই, বহুতৰে বাবে জুবিন এতিয়াও দূৰ আকাশৰ জিলিকি থকা এটি উজ্জ্বল তৰা... কিন্তু তথাপিও জুবিন আমাৰ, যেন ঘৰৰ কাষৰ সদায় লগ পাই থকা লৰাটোহে...


            আন নহলেও বিহুৰ দিনা দূৰদর্শনত বিহু নৃত্য এটি হলেও দেখাবয়েই আমিও ব্যগ্র হৈ ৰৈ থাকোঁ বিহু নৃত্য চাবলৈ কোনো আগ্রহী দর্শকে বিহু দেখুওৱা বুলি নাজানিলে ফোন বা মেচেজেৰে তেওঁলোককো বিহুৰ সম্প্রচাৰৰ খবৰ দিয়া হয় আনকি, ২৬ জানুৱাৰী অথবা ১৫ আগষ্টৰ পেৰেডত অসমৰ প্রতিনিধিত্বকাৰী দলটো কেতিয়া ওলাই তাৰ বাবে ৰৈ থাকে সিহঁত চকুৰ পলক নেপেলোৱাকৈ
            নিজৰ সংস্কৃতিক তাৰ গণ্ডীৰ পৰা উলিয়াই ভাৰতীয় সংস্কৃতিৰ বৰপথাৰখনত মেলি দিয়াৰ আনন্দ কিমান, সেয়া অনুভৱ কৰিছিলোঁ ২০০৭ চনত দিল্লী বিশ্ববিদ্যালয়ত আমাৰ বিভাগত অনুষ্ঠিত হোৱা তিনিদিনীয়া ৰাষ্ট্রীয় আলোচনা চক্রত হোষ্টেলৰ অংকিতা, উপাসনা, কৰিশ্মা, মৌচুমী, মধুস্মিতা, জীউমনহঁতে সিদিনা বিহু নৃত্য প্রদর্শন কৰি যি সন্মান বুটলিলে, সেয়া শব্দৰ জালেৰে বান্ধিব নোৱাৰি ঢোল বজোৱা ঋতু গগৈ আৰু বিহুনাম গোৱা দুলু দাসক মঞ্চলৈ আনি চিনাকি কৰি দিয়াৰ মূহুর্ত্তত দর্শকৰ মূক দৃষ্টি দেখি মই আপ্লুত হৈছিলোঁ স্বাভাৱিকতে, ইমান সুন্দৰ ঢোল বাদন আৰু ইমান উদাত্ত কণ্ঠৰ গীত দিল্লীৰ অনা-অসমীয়াসকলৰ বাবে কল্পনাৰো অগোচৰ নৃত্য শেষ হোৱাৰ পাচত দর্শকসকলে আহি অভিনন্দন জনাই কৈছিল “Mitali, it was wonderful.. you did a good job”, “well done Mitali”… সিদিনা আছিল ৫ চেপ্তেম্বৰ, শিক্ষক দিৱস বহুতো ঘাট-প্রতিঘাটেৰে ভৰা মোৰ জীৱন ডায়েৰীৰ এখিলা সেউজীয়া পিঠি শিক্ষক দিৱসৰ দিনা এগৰাকী শিক্ষকক কৰা অপমানৰ কলা ৰংবোৰ হেৰাই থাকিল কেইগৰাকীমান শিক্ষার্থীয়ে দিয়া উপহাৰৰ সেউজীয়া আভাৰ উজ্জ্বলতাৰ কাষত এচাম সংবেদনহীন মানুহৰ প্রতিবন্ধকতাক ওফৰাই মোৰ কথাৰ মান ৰাখিলে সিহঁতে অনুভৱ হৈছিল সেই দুর্দিনতো, সেই আকালৰ দিনতো ছোৱালীহঁতৰ মৰম ভৰা সমর্থন সিহঁতে অকলশৰীয়া হবলৈ নিদিলে মোক এটি পলৰ বাবেও... এগৰাকী শিক্ষক হিচাপে ইয়াতকৈ ভাল উপহাৰ হয়তো গোটেই জীৱনতে নাপাম কিজানি ইমান ভাল নাচিলে ছোৱালীহঁতে যে দর্শকৰ দাবীত পিচদিনা আকৌ নাচিবলগীয়া হ এতিয়াও সিহঁতৰ বাবে উজাৰি আহে ৰাইজৰ প্রশংসাৰ ফোঁৱাৰ

            মৰমৰ অসমখনৰ পৰা ইমান দূৰত থাকিও এইদৰে অনুভৱ কৰোঁ সৰু সৰু আনন্দবোৰ ঘৰলৈ কোনোবা গলে সকলোৰে এটাই অনুৰোধ--- অসমীয়া ভি.চি.ডি অনোৱা আটাইবোৰ একেলগে বহি বিহুৰ ভি.চি.ডি. চাই থকা সময়ত পাহৰি থাকোঁ যে আমি অসমত থকা নাই সৰুৰে পৰা ৰুৰকিত থাকি ডাঙৰ হোৱা অমৃতাই যেতিয়া আহি অভিনেতা-অভিনেত্রীসকলৰ নাম সুধি থাকে, তেতিয়া আমাৰ আটাইৰে মৰমৰ শ্রুতিকণ্ঠাই টপৰ-টপৰকৈ নামবোৰ গাই যায় আনকি, এদিন শ্রুতিকণ্ঠায়ে জনালে 9XM চেনেলটোত বিহু বিহু লাগিছে গাতবুলি গোৱাৰ কথা ইফালে আকৌ উপাসনাই আৱিষ্কাৰ কৰিলে “ Jab We Met”ত গীত এটিত অসমীয়া শিশুৰ গীত দালি এআলি কাটি জালি দিম/বৰপীৰা পাৰি দিম/তাতে বহি বহি ৰদ দেঅংশ তাকে শুনি গোটেইজাকৰে তৎ নাই ফাৰহানাহঁতে লগৰ সমনীয়াহঁতৰ আগত সিহঁতৰ বাবে আচহুৱা, অবোধ্য কথাবোৰ ফৰফৰাই গাই শুনাই সেয়া যে অসমীয়া ভাষা তাকো গৌৰৱেৰে কবলৈ নাপাহৰিলে যিদিনা দেৱজিত সাহা সাৰেগামাপাত বিজয়ী হৈছিল আনন্দত উত্রাৱল কামৰূপাৰ অন্তেষপুৰৰ অপ্সৰাহঁতে বহুসময়লৈ একেৰাহে কিৰিলি পাৰি আছিল জয় আই অসমধ্বনিৰে মুখৰিত হৈছিল হোষ্টেলৰ চুক-কোণ যিদিনা শ্বাহৰুক খানে KBC ত অসমৰ প্রতিযোগীজনৰ লগত কথা পাতোতে কম্পিউটাৰটোক কম্পিউটাৰ ককাইবুলি কৈছিল আৰু প্রতিযোগীজনৰ লগত বিহু নাচিছিল, সিদিনা সেয়াও আছিল আমাৰ হোষ্টেলৰ আলোচনাৰ গৰম খবৰ মনত দোলা দি থকা আৱেগবোৰে পাৰ ভাঙি আহে সিহঁতৰ কথা-বতৰাত মুঠৰ ওপৰত কামৰূপাত থকা অনা-অসমীয়া আৱাসীহঁতেও স্বীকাৰ কৰিবলৈ বাধ্য হৈ পৰে আমাৰ অসম প্রেম, বিহু প্রেম আৰু জুবিন প্রেমৰ একতা

            ইফালে আমাৰ লোহিত দাদাহঁতে ক্রিকেট খেলৰ নিচাতহে বুৰ গৈ থাকে ; লাগিলে আমাৰ দলটো বিজয়ীয়ে হওক বা বিজিতই হওক খেল থকাৰ দিনা ছোৱালীহঁতৰ টি.ভি.ত আন কার্যক্রম চোৱাৰ মুদা মৰে ছোৱালীহঁতো কম নে ? লোহিত দাদাৰ লগত বাজি মাৰি খেল চাই বহি থাকে ভাৰতৰ দলটো বিজয়ী হলেতো কথাই নাই ; লোহিত দাদাই কেতিয়াবা ছোৱালীহঁতক আইচক্রীম, কুলফি আদি খুৱায় নুখুৱাইনো সাৰিব ক? কামৰূপীনীহঁতে সৰকাইহে এৰে টি.ভি.ৰ আন কার্যসূচী চাবলৈ নিদিয়াৰ কৈফিয়ৎ লগতে আমাৰ দলটো বিজয়ী হোৱাৰ আনন্দ--- এই দুয়োটি অনুভৱে ভৰাই তোলে লোহিত দাদাৰ মিঠা বৰণীয়া উজ্জ্বল মুখ


(৭)

আজি মন্দিৰ দুৱাৰ খোলা
বহে মিলন উৎসৱ মেলা
মন্দিৰ দুৱাৰ খোলা...
                          

           চাৰিওফালে দলদোপ-হেন্দোলদোপ লাগে হোষ্টেলত সত্যনাৰায়ণ আৰু সৰস্বতীপূজা পতা দিন দুটাত। উলাহত অধীৰ হয় আটাইবোৰ আগবাঢ়ি আহি সকলোৱে নিজ নিজ কামৰ ভাগ-বাটোৱাৰা কৰি লয় সকলো সুকলমে সমাপন হয় কামৰ দৌৰা-দৌৰিত ভৰিৰ নুপূৰযোৰেও জিৰাবলৈ আহৰি নাপায় জিৰজিৰকৈ নিগৰি আহে গাভৰুহঁতৰ আকুল প্রার্থনা এনে দিনবোৰতে সকলোবোৰ বান্ধ খাওঁ একেডাল চেনেহৰ এনাজৰীৰে সত্যনাৰায়ণ পূজাৰ ভোগ, সৰস্বতী পূজাৰ পায়সৰ ভোগ, মাহ-প্রসাদ... আস্ কি যে সুন্দৰ!

            পূজাৰ শেষত ছোৱালীবোৰে যে এজনী এজনীকৈ গৈ বুঢ়া পুৰোহিতজনক হাত দেখুৱাই ভৱিষ্যতৰ উমান লবলৈ চেষ্টা কৰে, সেয়াহে আটাইতকৈ উপভোগ্য দৃশ্য সকলোৱে জানে, পুৰোহিতজনে হাত চাব নাজানে ; তথাপিও...। দুষ্ট বুদ্ধিৰ দুজনীমানে আকৌ আগনিশাই মেহেন্দী লগাই ৰাঙলী কৰি থোৱা দুহাত মেলি ধৰে পুৰোহিতজনৰ আগত আৰু বেচেৰা পুৰোহিত!! তেওঁৰহে মুখখন চাবলগীয়া হয় মেহেন্দীৰ কাঢ়া ৰঙৰ প্রভাৱত হাতৰ ৰেখাবোৰ একো মনিব নোৱাৰে যদিও তেওঁ জুপি জুপি খুউব চায় গোটেইজাকে আগুৰি ধৰে তেওঁক এজাক ছোৱালীৰ মাজত এজন পুৰোহিত... বেচেৰাই শেষলৈ সৰিয়হ ফুল দেখি যায়লেও, এক সৰল আনন্দ লাভেই যেন মূল লক্ষ্য পুৰোহিতে যেতিয়া চাকৰি কৰা মোৰ দৰে দুই-এজনীক পৰীক্ষাত ভালকৈ পাছ কৰিবি বুলি কয়, আনবোৰে মুখ টিপি টিপি হাঁহি থাকে পুৰোহিত যোৱাৰ লগে লগে গোটেইজাক হাঁহিত ফাটি পৰে বুঢ়া পুৰোহিতে ভালকৈ শংখটোতে ফু মাৰিব নোৱাৰে বহুদিনৰ মূৰত সুযোগটো হাতত পাই এৰি নিদিলোঁ পূজাৰ দিনা হেঁপাহ পলুৱাই শংখ ফুৱালোঁ

            কিমানযে ভাল লাগিছিল উৰুলি-জোকাৰেৰে মুখৰিত পূজা গৃহটো ! এনে দিনবোৰত ভোগ-প্রসাদৰ পাচতে আমি লাভ কৰোঁ খিচিৰি, বিলাহীৰ তক্, তৰকাৰীৰ অমৃত আস্ কি যে দিন এইবোৰ ! কেতিয়াও নাপাহৰোঁ প্রীতমপ্রিয়া, প্রেৰণা, প্রণামী, অৱন্তিকাহঁতৰ লগত পজ্ দি দি ফটো উঠা সৰস্বতী পূজাৰ সন্ধ্যাটোৰ কথা উস্ কি কি যে কৰা নাছিল সিহঁতে... কোনজনীয়ে যে কাৰ কাপোৰ টানি-আজুৰি পিন্ধা নাছিল... আনকি অৱন্তিকা আৰু প্রণামীয়ে জিনচ্ পেণ্টৰ ওপৰতে চাদৰখন মেৰিয়াই লৈ পাচৰ শাৰীত থিয় হৈ ফটোৰ বাবে পজ্ দিছিল !!

            এই মন্দিৰৰ আন এটি মিলন উৎসৱ হল ৰঙৰ উৎসৱ, ফাগুনৰ উৎসৱ--- ফাকুৱা এজনী দুজনীকৈ চুচুক-চামাককৈ ওলাই আহে সিহঁতে হাতে হাতে ৰঙৰ মোনা লৈ... সুৰুযৰ হাঁহিৰে বোলোৱা ৰামধেনুৰ সাতো ৰং হাতে হাতে লৈ সিহঁত যেন আটাইতকৈ ঐশ্বর্যশালিনী, সমৃদ্ধিশালিনী... যেন কোনোবা ৰূপকোঁৱৰৰ ৰূপ কথাৰ কাঞ্চনমতীহে ডাঙৰবোৰৰ কপাল ফাকুৰ ফোট আৰু দুভৰি ফাকুৰে বোলাই সৰুবোৰ ওলাই আহে ৰঙৰ মেলা পাতিবলৈ... ইজনীয়ে সিজনীৰ লগত বিনিময় কৰে নীলিম আকাশৰ নীলিমা, শ্যামলীমা পথাৰৰ সেউজীয়া, উদিত সুৰুযৰ ৰক্তিম আভা আৰু ফাগুনৰ ৰং নেপথ্যত উজলি উঠে সিহঁতৰ ভৰুণ গাভৰু দেহ প্রত্যেকেই যেন ৰূপান্তৰিত হয় ঘুনুচা-কীর্ত্তনৰ ঘুনুচাজনীলৈ...

(৮)

তোৰে মোৰে আলোকৰে যাত্রা
অব্যর্থ অব্যর্থ
আমি পালোঁ জীৱনৰ অর্থ অভিনৱ
স্বাগত স্বাগত সতীর্থ...


            কেনেকৈনো নোকোৱাকৈ থাকোঁ হোষ্টেলৰ নৱাগতা আদৰণি আৰু বিদায় সভাৰ কথা বিশ্ববিদ্যালয়ৰ নামভর্ত্তি আৰম্ভ হোৱাৰ লগে লগে হোষ্টেল ঠাহ খাই পৰে তেজী ঘোঁৰাত উঠিব খোজা  জাক জাক ছোৱালীৰে নতুন পৰিৱেশত কেইদিনমান অস্বস্তি পালেও পিছলৈ সিহঁত সহজ হৈ যায় খাপ খাই পৰে হোষ্টেলৰ পৰিৱেশৰ লগত বহুতো এনে ছোৱালীও আছে, যিবোৰে প্রথমবাৰৰ বাবে হোষ্টেললৈ আহিছে মাক-দেউতাকৰ মৰমৰ সেই কুহুমীয়া আচ্ছাদন ফালি ওলাই আহিবলৈ সিহঁতক কিছু সময়ৰ প্রয়োজন হয় কিন্তু হোষ্টেলৰ পূর্ব-আৱাসীসকলৰ মৰম আৰু সহযোগত সময়ৰ লগে লগে সকলোবোৰ ঠিক হৈ যায়   
            নিয়মৰ ব্যতিক্রম নকৰাকৈ হোষ্টেলৰ পূর্ব আৱাসীসকলে নৱাগতাসকলৰ লগত চা-চিনাকিৰ পর্ব চলায় কিন্তু ইয়াৰ বাবে হোষ্টেলৰ কোনো নেতিৱাচক দিশ অথবা অস্বাস্থ্যকৰ পৰিৱেশ আজিলৈ চকুত পৰা নাই চা-চিনাকি মানে কোন কৰ পৰা আহিছে, ত-কি পঢ়িছে ইত্যাদি ইত্যাদি তাকো আকৌ সম্পূর্ণ অসমীয়া ভাষাত নৱাগতাহঁতে সম্পূর্ণ অসমীয়াত কওঁতে কওঁতে এনেকুৱা কিছুমান আমোদজনক স্থিতি হয় যে ছোৱালীবোৰ আহি মোক কলে হাঁহি হাঁহি মোৰ পেটৰ নাড়ী চিগাৰ উপক্রম হয়ৰ পৰা আহিছাৰ উত্তৰ যদি Holy Child School-ৰ ঠাইত পবিত্র শিশু বিদ্যালয়ৰ পৰা আহিছোঁ বুলি আহে অথবা কত নামভর্ত্তি কৰিছাৰ উত্তৰ যদি Daulat Ram College, Miranda House-ৰ ঠাইত সম্পত্তিৰাম মহাবিদ্যালয়”, “মিৰান্দা ঘৰবুলি আহে কাৰনো হাঁহি নুঠিব !! এবাৰ ছোৱালী এজনীক সোধা হৈছিল কিমান শতাংশ নম্বৰ পাই তুমি উত্তীর্ণ হৈছা ?” এতিয়াহে তাইৰ লাগিল হাহাকাৰ কাৰণ তাই ৮৮.৬% নম্বৰ পাইছিল কিন্তু সেই মূহুর্ত্তত তাই ৮৮ আৰু ৬-ৰ মাজত থকা বিন্দুটোক অসমীয়াত কি বুলি কয় পাহৰি থাকিল সেয়ে উপায় নাপাই তাই কলে মই উচ্চতৰ মাধ্যমিক পৰীক্ষাত ৮৮ ফুট ৬ নম্বৰ পাই উত্তীর্ণ হৈছোঁউত্তৰ শুনি গোটেই জাক হাঁহিত ফাটি পৰিছিল পিচে তাইক সেই ৮৮ আৰু ৬-ৰ মাজত থকা ফুটটোক যে অসমীয়াত দশমিক বুলি কয় তাকো সিহঁতে শিকাই দিছিল আনকি, এই চিনাকি পর্বতে হোষ্টেলৰ পূর্ব আৱাসীসকলৰ পৰা ভগ্নীসুলভ মৰম-চেনেহ লাভ কৰে, নৱাগতাসকলে যিকোনো ক্ষেত্রতে অগ্রজসকলে সহায়ৰ হাত আগবঢ়ায় অনুজসকললৈ আজিলৈ যিমান দেখিছোঁ, একেটা হোষ্টেলত থাকিও বহুতে বহুতৰ বাবে অচিনাকি হৈ ৰৈ যায় কিন্তু গৌৰৱেৰে কব পাৰোঁ কামৰূপাতাৰ ব্যতিক্রম নিদর্শন সকলোৱে সকলোকে জানে, চিনি পায় ৰাষ্টাই-ঘাটে দেখিলে হাঁহি মাৰি সম্ভাষণৰ মিঠা মাত এষাৰি লগাই যায়

            নৱাগতা আদৰণি সভাতে প্রকাশ ঘটে নৱাগতাসকলৰ প্রতিভাৰ... প্রত্যকেই কোনোবা নহয় কোনোবাটি দিশত পটু--- কোনোবা সাহিত্যত, কোনোবা চিত্রকলাত, কোনোবা গীত-মাতত... ভাল লাগে, আদৰণি সভাই হওক বা বিদায় সভাই হওক, কর্মপটু ছোৱালীহঁতে পৰম্পৰা ৰক্ষা কৰি নিজ হাতেৰে তৈয়াৰ কৰা চিঠিৰে সকলোকে নিমন্ত্রণ কৰে উলাহ-আৱেগ বুকুত বান্ধি অহা ছোৱালীজাক যেতিয়া এদিন বিদায় ক্ষণৰ মুখা-মুখি হয়, সেমেকি উঠে সিহঁতৰ কাজল সনা বহল চকুবোৰ হোষ্টেল এৰাৰ পাছতো এৰিব নোৱাৰে হোষ্টেলৰ মোহ ; যেন সোঁৱৰণিৰ মাহ-হালধি সানি মাকৰ ঘৰৰ পৰা এঘৰলৈ উলিয়াই দিয়া ছোৱালীজনীহে...

(৯)

বুকুৱে বুকুৱে আছে যে চিৰকাল এই নিবিড় মৰম
চিঙিব নোৱাৰি ৰোধিব নোৱাৰি কি যে মায়া সনা বন্ধন
জীৱনৰ আছে দুখনি ডেউকা উৰিবলে আছে আকাশ
উৰি উৰি যায় দূৰণিলৈ সাজে বিদেশত ঘৰ
নিজানত মনত পৰে বিদেশত আপোন মানুহ...

            ‘কামৰূপাবুলি কলেই ছোৱালীহঁতৰ জন্মদিন উদযাপন কৰা দিনবোৰৰ কথা নকলে আধৰুৱা হৈ ৰ কিমান যে পৰিকল্পনা ! কোনো এজনীৰ ৰুম-মেটবোৰে তাইৰ অগোচৰে লুকাই লুকাই কৰা জন্মদিনৰ আয়োজন দেখি মন ভৰি উঠে ইমান মৰম, ইজনীৰ সিজনীলৈ ! কোনে কব আমি একেখন ঘৰৰে সহোদৰা নহয় বুলি ! জন্মদিন পালন কৰাটো সকলোৰে বাবে এক উন্মুক্ত ৰহস্যহে যেন সকলোৱে জানে যে সিহঁতৰ ৰুম-মেটবোৰে জন্ম দিন পাতিব ; কিন্তু এটা নতুন বছৰলৈ ভৰি দিবলৈ ওলোৱা ছোৱালীজনীৰ পৰা গোপন কৰি কত কি যে কাহিনী সাজি সন্ধিয়াতে কেক আনি লুকুৱাই থয়, কিমান যে ফুচুলাই আন ৰুমৰ ছোৱালীবোৰে তাইক মাতি ৰুমটোৰ পৰা আঁতৰাই লৈ যায় আৰু তাৰপাচত যে কেইজনীমানে ইমান ধুনীয়াকৈ ৰুমটো সজাই পৰাই তোলে, দেখিলে ভাল লাগে ৰুম-মেটবোৰে যে তাইক লুকুৱাই গোটেই হোষ্টেলখনৰে ছোৱালীজাকক নিমন্ত্রণ কৰি আহে এই সকলোবোৰ তাই জানে, বুজিও পায় কেৱল দস্তুৰমত নজনাৰ ভাও ধৰিব লাগে কিন্তু মোৰ প্রথম ৰুম-মেট চুইমি বৰ একা-চেকা ধৰণৰ ছোৱালী আছিল তাইৰ জন্মদিনৰ নিশা তাই খোলাখুলিকৈ কৈয়েই দিছিল মিতালী বা, মই কিন্তু আনৰ ৰুমলৈ নাযাওঁদেই ইয়াতেই থাকিমআৰু এইবুলি তায়ো আমাৰ লগত ৰুম সজোৱাত লাগি গৈছিল তাইৰ কাণ্ডত উপায় নোহোৱাত পৰিছিলোঁ ৰুহি আৰু মই!


            নিশা বাৰ বজাৰ লগে লগে গোটেই হোষ্টেলৰ ছোৱালী একগোট হয় নির্দিষ্ট ৰুমটোত আটায়ে কেক খাই, শুভেচ্ছা জনাই উভতি আহে নিজ নিজ ৰুমলৈ আকৌ পিচদিনা শক্তি চাই ভক্তিঅনুসৰি সেই দিনটোৰ সেই বিশেষ ছোৱালীজনীয়ে হোষ্টেলত চকলেট বা মিঠাই আদি বিতৰণ কৰে আৰু ৰুম-মেটবোৰক খুৱাবলৈ কমলা নগৰৰ (কামৰূপাৰ ওচৰৰ বজাৰখন) ৰেষ্টোৰালৈ লৈ যায় নাইবা খোৱা বস্তু হোষ্টেললৈ অর্ডাৰ কৰি অনোৱায়
            স্কুল-কলেজত থাকোতে মোৰ জন্মদিন সদায় গৰম বন্ধ নাইবা ছয়মাহিলী পৰীক্ষাৰ সময়ত পৰে (আচলতে সিদিনা এনেয়ো অসমৰ স্কুল-কলেজ বন্ধ থাকে) এতিয়াও ব্যতিক্রম নহ জুনৰ মাহত দিল্লী বিশ্ববিদ্যালয়ত গৰম বন্ধ চলি থাকে আচৰিত হৈছিলোঁ সিদিনা যিদিনা মোৰ ৰুম-মেটে বন্ধ খোলাৰ পাচত মোৰ belated জন্মদিন পাতিছিল খুব ভালকৈ মনত আছে, গৰম লগা বুলি কৈ মূর্চ্ছনাই মোক হোষ্টেলৰ চাঁদলৈ লৈ গৈছিল আৰু দেশৰ আবোল-তাবোল বকি মোক তাইৰ লগত ৰাখি থৈছিল হঠাৎ মোৰ ৰুম-মেট ৰুহি আৰু সুপ্রিয়াই ইমান চিঞৰ-বাখৰ কৰি মোক মাতিলে যে কত কি হৈছে বুলি মই উধাতু খাই লৰি আহিছিলোঁ তাতে আকৌ ৰুমৰ লাইট অফ্ আৰু ৰুমৰ সন্মুখত ইমানবোৰ ছোৱালী ! ছোৱালীৰ ভিৰ ফালি ৰুমত সোমোৱাৰ লগে লগে ইহঁত দুয়োজনীয়ে মোক সাৱটি ধৰি কলে belated happy birthday বা”... প্রথমে মোৰ খঙে চুলিৰ আগ পাইছিলগৈ হেৰৌ মানুহ মাৰিবিদেই তহঁতে, heart attack দিবি দেখোন কেতিয়াবা !!কিন্তু পাচলৈ হাঁহি উঠিছিল নিজৰ ওপৰত... ভগৱান ! মই ৰুমটোত থাকোতেই ইহঁতে কোন পাকত এইবোৰৰ আয়োজন কৰিলে টলকিবই নোৱাৰিলোঁ ইমান মিলা-প্রীতিৰে ভৰা এটি পৰিৱেশ ! নিজৰ ঘৰখনৰ পৰা আঁতৰি থাকিও যেন একেবাৰে নিজৰ ঘৰখনৰ মাজতে থাকোঁ!

আনকি, ৱার্ডেন বিজুমণি বাইদেউৰ জন্মদিনৰ নিশাও গোটেইজাকে কেক লৈ তেওঁৰ ঘৰত উপস্থিত হৈছিলোঁ বাইদেউক যে নিশা বাৰ বজাত টোপনিৰ পৰা জগাই দি কি ফুর্তি লাগিছিল ! গালি খোৱাৰ ভয়ত ছোৱালীবোৰৰ এজনীয়ো তেওঁক জগাবলৈ যোৱা নাছিল শেষলৈ বাইদেউক জগোৱা পালটো মোৰ ওপৰতে পৰিছিল বেচেৰী বাইদেউজনীয়ে বহু পৰলৈকে একো ধৰিবই পৰা নাছিল, টোপনিৰ পৰা উঠাই দিয়াৰ পাচতো অলপ পৰ বিচনাত বহি বহিয়েই কলমতিয়াই আছিল কিন্তু ভাল লাগিছিল টোপনিৰ জাল কটাৰ পাচত নিশা বাৰ বজাত তেওঁৰ আশ্চর্যচকিত, আনন্দত উজ্জ্বল, গৌৰৱে কোলাহল কৰা মুখখনি দেখি....

(১০)

পাখি পাখি এই মন
পাখি লগা মোৰ মন
পাখি মেলি যায় উৰি...

            কিমাননো কম আৰু কামৰূপাৰ কথা কৈ থাকিলেও ওৰকে নপৰে এটাৰ পাচত এটাকৈ ওলাই গৈ থাকিব সোঁৱৰণিৰ মুকুতা মালা চিঙি... বহুতো শিকিলোঁ, বহুতো বুজিলোঁ কথা কিছুমান বেলেগ বেলেগ দিশৰ পৰা ভিন্ন দৃষ্টিভংগীৰে চাব জনাৰ জোখাৰে ডাঙৰ হলোঁ নৈৰ সুঁতি বাগৰাদি বাগৰিল বহুতো দিন, বহুতো ৰাতি... চকুৰ পচাৰতে টুপুৰ টুপুৰকৈ সৰি পৰিল কেইটামান বছৰ... আয়ুস ৰেখাৰ পৰা মছ্ খাই যোৱা অথচ অভিজ্ঞতাৰ ভৰাঁল পুষ্ট কৰা কেইটামান বছৰ...


            গৰমকালিৰ জোনাকী ৰাতি চাঁদৰ ওপৰত বহি একেডাল হেডফোন ভগাই ৰেডিঅশুনি শুনি পাহিৰ সতে পাৰ কৰা সময়বোৰ, তাইৰ সতে পতা সুখ-দুখৰ কথাবোৰ এতিয়া নিতাল মাৰি পৰি আছে জীৱন ডায়েৰীৰ পাতত... সিটো কোঠাৰ পৰা আমাৰ কোঠালৈ ভাহি অহা মৰমৰ শ্রুতিৰ চিঞৰবোৰ মিতালী বা, 92.7-ত Jab We Met”-না হে য়ে পানা, না খোনা হি হ্যায়দি আছে... পিচমূহুর্ততে আকৌ চিঞৰ মিতালী বা, এইবাৰ Radio One-tune কৰক আপোনাৰ favouriteকাটে নাহি ৰাত মোহে, পিয়া তোহে কাৰণ কাৰণদি আছে।... সৌসিদিনাৰ দৰেই আজিও তাইৰ চিঞৰবোৰ কাণত বাজি আছে... ৰুহি, সুপ্রিয়া, নিথি, শ্রুতি, প্রেৰণাহঁতৰ থেনথেননি-পেনপেননিবোৰ শুনি তেতিয়া কেতিয়াবা আমনি পালেও এতিয়া সেইবোৰ মনত পেলাবলৈ আমনি নালাগে ৰুহি-সুপ্রিয়াক পঢ়বুলি কৈ দুই মিনিটৰ কাৰণে ৰুমৰ বাহিৰলৈ গলেও উভতি আহি দেখোঁ দুয়ো পঢ়া মেজলৈ পিঠি দি চকী ঘূৰাই লৈ ইজনীয়ে সিজনীৰ মুখা-মুখিকৈ বহি লৈ কথা পাতি আছে আজিও হাঁহি উঠে, ধমক খোৱাৰ ভয়ত সুপ্রিয়াই আগে-ভাগে দিয়া কৈফিয়তৰ কথা মনত পৰিলে মিতালী বা, মই পঢ়িয়েই আছিলোঁ, ৰুহিয়েহে মোক মাতি কি কি যে অদ্ভুত কথা সুধি আছে চাওকচোন”... মোৰ ডেংগু হওতে তমোময় জ্বৰত অর্ধচেতন হৈ বিচনাত পৰি থকা সময়ত চন্দ্রানীয়ে ভোক-পিয়াহ-টোপনি পাহৰি জল-পটি দি থকা নিশাটোৰ কথা মনত পৰিলে তাইৰ প্রতি কৃতজ্ঞতাত মন গদগদ হৈ পৰে... ইফালে জ্বৰ নকমেহে নকমে, আনফালে মোক বেমাৰৰ কথা পাহৰাই 
ৰাখিবলৈ চন্দ্রানী আৰু অন্বেষাৰ যিহে বাৰেভচহু কথা আৰু অংগী-ভংগী... মই নালাগে সিহঁতৰ কাণ্ড দেখিলে সাত-বেমাৰীৰো হাঁহি উঠিলহেঁতেন আৰু অমৃতা ? তাই জানো কম ? আইনৰ ছাত্রী আছিল তাই এবাৰ পৰীক্ষাৰ আগদিনা পঢ়াৰ পৰা অকণমান আজৰি হৈ মোৰ লগত বহি অংগৰাগ মহন্তৰ গীত শুনি মখালে আৰু পিচদিনা তাইৰ পৰীক্ষা ভাল হ এতিয়া সেই কথাটো তাইৰ বাবে এটা টেবোহৈ পৰিল যে পৰীক্ষাৰ আগদিনা মিতালী বাৰ লগত বহি, অংগৰাগৰ গীত শুনি মখালে পিচদিনা তাইৰ পৰীক্ষা ভাল হব !! উস্ ৰাম !!  আৰু তাৰ পাচত তাইৰ পৰীক্ষা থকা দিনকেইটাৰ আগদিনাখন তাইৰ বাবে অংগৰাগ মহন্তৰ গীত শুনি শুনি মখাবলগীয়া হল (ইমচ্যনেল অত্যাচাৰ!)...  ডায়েৰীৰ পাত লুটিয়ালেই জিলিকি উঠে ডিচেম্বৰ-জানুৱাৰী মাহৰ দিল্লীৰ ডাঠ কুঁৱলিয়ে চানি ধৰা সন্ধ্যাবোৰত জাপৰ ওপৰতে গৰম কাপোৰ জাপি প্রেৰণাৰ লগত কুলফি খাবলৈ ওলাই যোৱাৰ কথা, প্রতি দেওবাৰে দুপৰীয়া বাহিৰৰ ৰেষ্টোৰাৰ পৰা খোৱা বস্তু অনোৱাই চুইমি, ৰুহি, সুপ্রিয়া, অমৃতা, নিথি, শ্রুতি, চন্দ্রানীহঁতৰ লগত খোৱা কথা আৰু বহুতো...


সোঁৱৰণি কুঁৱলিয়ে চিঞৰি চিঞৰি কয়
অতীতৰ সীমাৰেখা নাই...”...

মোৰ আশে-পাশে গঢ়ি উঠিল বিশ্বাসৰ কিছুমান অন্তৰংগ সাঁকো কেতিয়াও পাহৰিব নোৱাৰা এমুঠি অনুভৱ-অনুৰাগৰ প্রীতিৰ স্মৃতি নিগৰি অহা হৃদয় গাথাঁ, মল্লাৰ-মাৰৱা মিশ্রিত সোঁৱৰণি... মোৰ হৃদয়ৰ পঁজাঘৰ ভৰাই ৰখা সোঁৱৰণি... অমিয়া মাধুৰিমা সনা কেইটামান সেউজীয়া দিনৰ সোঁৱৰণি... অম্ল-মধুৰ স্বাদৰে চপচপীয়া হৈ থকা কেইখিলামান সোণালী ৰঙৰ পৃষ্ঠা হৈ থাকিল মোৰ বাবে মোৰ কামৰূপা”...




(লেখাটোত ব্যৱহাৰ কৰা প্রতিটো গীতৰ প্রতিজন গীতিকাৰৰ ওচৰত লেখিকা কৃতজ্ঞ)

(সমাপ্ত)


Monday, August 29, 2011

এচ. এম. এচ.

এটা আঙুলিৰ হেঁচাত
তই মোৰ কাষলৈ আহ
তোৰ অবিহনে মোৰ জীৱন
ৰুক্ষ হ'ব বুলি!
 
লৈ আহ সুখৰ সঁফুৰা অথবা
দুখৰ জোঁৱাৰ অথবা
আশাৰ সৌধ অথবা
প্ৰেমৰ তাজমহল বাতৰি

এনেকৈয়ে এদিন----
হাজাৰ হাজাৰ টন হৃদয়ৰ বোজা কঢ়িয়াই
কুঁজা হৈ পৰিবি তই

কেতিয়াবা আকৌ----
উকাকৈয়ো আহ তই
'বলৈ একো নাথাকিলে নে
বহু কিবা ক'বলৈ থাকিলে!

এটা আঙুলিৰ হেঁচাত তই
কঢ়িয়াই আন
হৃদয়ৰ বাতৰি
এখন হৃদয়ে সিখন হৃদয়লৈ
নিৰৱে সিঁচি দিয়া
ৰঙা নীলা সেউজীয়া বেঙুণীয়া ৰঙেৰে
ফাকু খেল নেকি তই?

হৃদয়ৰ খবৰ আনোতে
সাৱধানে আহিবি তই!
এটা আঙুলিৰ হেঁচাত ক'লা ৰং থাকিলে
বিদ্ৰোহ কৰিবি তই
যিকোনো আজুহাত দেখুৱাই
নাহো বুলি ক'বি

কাৰণ, এটা আঙুলিৰ হেঁচাত
শেষ হ'ব পাৰে অথবা
বাঢ়িব পাৰে অযুত-নিযুত মাইলৰ ব্যৱধান
আৰু এটা আঙুলিৰ হেঁচাত অহা তই
হয়তো গঢ়িবও পাৰ অথবা
ভাঙিবও পাৰ
বিশ্বাসৰ সাকোঁ....
------------------

Wednesday, August 17, 2011

এপিয়লা গৰম চাহ আৰু আড্ডা ; প্রসংগ : বৰষুণ

            যোৱা কিছুদিনৰ পৰা দিল্লী চহৰলৈ নামি আহিছে বৰুণদেৱৰ আর্শীবাদ। ২০০৫ চনত প্রথমবাৰৰ বাবে দিল্লীলৈ আহি দেউতাৰ লগত জয়পুৰলৈ ফুৰিবলৈ গৈছিলোঁ। যোৱা বাটত সিদিনাও ৰিমঝিমকৈ এজাক বৰষুণ সৰি পৰিছিল ধৰাৰ বুকুত। তেতিয়াই আমাৰ গাড়ীৰ চালকজনে কৈছিল দিল্লী মে তো বাৰিচ হোতীহি নেহি । য়হাতো নচীৱৱালোকোহি বাৰিচ মিলতী হ্যায়।মনত থাকি গল সেই অচিন যুৱকজনৰ কথাষাৰ।
            আজি কিছুদিনৰ আগতেও বাটে বাটে মনৰ মাজতে লিখি আহিছিলোঁ বৰষুণৰ কবিতা :

মোৰ চহৰলৈ আহিছে
মোৰ প্রিয় বৰষুণ
সংগ দিছে মোক অবিৰতভাৱে
টোপাল হৈ সৰি পৰিছে মৰমবোৰ
ধুই নিছে দুঃখৰ আৱর্জনা...

            বৰষুণত আধা-ভিজা হৈ বিশ্ববিদ্যালয় পালোঁ।  মোৰ সহকর্মী ড° প্রমোদিনী দেৱী আৰু মই একেটা কোঠালিতে বহোঁ। বাইদেউ মণিপুৰৰ। এগৰাকী মৰমীয়াল ভদ্র মহিলা (হয়তো মই তেওঁৰ জীয়েকৰ বয়সৰ হম)। ভালেই পাইছিলোঁ পূর্বোত্তৰ ভাৰতৰ মানুহগৰাকীৰ লগত একেটা কোঠালিত বহিবলৈ পাই; যেন অচিন ঠাইতো লগ পাই গৈছিলোঁ মোৰ চুবুৰীৰে মাহীজনীক। নানা কথাৰ আলোচনা হয় আমাৰ মাজত। বহু কথা শিকিছোঁ তেওঁৰ পৰা। সিদিনাও আহিয়েই বাটত বৰষুণে পোৱাৰ কথা কলোঁ। অলপ পাচত আমাৰ বিভাগৰ গৱেষিকা  ছাত্রী সৃতা আহি ওলাল আমাৰ কোঠালিত। তাই পশ্চিমবংগৰ ছোৱালী। আকৌ ওলাল বৰষুণৰ প্রসংগ। হাতত এপিয়লা গৰম চাহ আৰু বৰষুণৰ আলাপ!!

            সৃতাই সুধিলে মিতালী দিদি, তোমালোকৰ অসমত খুব বৰষুণ হৈ থাকিলে তাক ৰখাবলৈ কিবা নিয়ম আছে নেকি?” এয়াই হল আৰম্ভণি। তাৰ পাচত আগতে কেতিয়াও নুশুনা বৰষুণৰ লগত জড়িত কেইবাটাও লোক-বিশ্বাসৰ কথা জনাৰ সুযোগ পালোঁ। বাঙালী সমাজত থকা এটা নিয়ম এনেধৰণৰ : যদি কাৰোবাৰ ঘৰত কিবা উৎসৱ-পার্বন আছে আৰু যদি মূষলধাৰে বৰষুণ হৈ আছে তেন্তে গৃহস্থই এটা দৰকাৰী কাম কৰিব লাগে। তেওঁলোকৰ কোনোবা এজনে এনে এঘৰ মানুহ বিচাৰি উলিয়াব লাগিব যিঘৰ মানুহৰ এটিয়ে মাথো সন্তান আৰু সন্তানটি কন্যা সন্তান হবই লাগিব। তেনে এঘৰ মানুহৰ পৰা ইঘৰ মানুহৰ কোনো সদস্যই গৈ বাতি এটা চুৰ কৰি আনি লুকুৱাই থব লাগিব আৰু যদি তেওঁ সেই কাম কৰাত সফল হয় তেন্তে বৰষুণ ৰোৱাটো খাটাং। নাইবা আন এটা বিধি মতে ভেকুলী এটা ধৰি আনি তাক খৰাহী বা আন কিবা ফুটা থকা পাত্রৰে ঢাকি থব লাগে। কাৰণ ভেকুলীয়ে টোৰটোৰালে বৰষুণ হয়। লগে লগে প্রমোদিনী বাইদেৱে মাত লগালে, “মণিপুৰৰটো শুনা। প্রথমে এটা বাঁহৰ খৰাহী লব লাগিব। কিন্তু খৰাহীটো পানী সৰকি যোৱা ধৰণে পাতলকৈ সজা হব লাগিব। তাৰ পাচত অতিপাত বৰষুণ দি থাকিলে ঘৰৰ কোনো এজন সদস্যই গৈ ঘৰৰ চালত খৰাহীটো থৈ আহিব লাগে আৰু বৰুণদেৱক প্রার্থনা কৰিব লাগে এইবুলি যে হে বৰুণদেৱ তোমাৰ কৃপাৰে আমি কৃপাধন্য। কিন্তু বৰষুণেই যদি দিছা মোৰ ঘৰৰ চালত পানী পৰাৰ আগতে এই খৰাহীটো পানীৰে পূর্ণ কৰা। কিন্তু পাতলকৈ সজোৱা খৰাহীটোত পানী ৰব কৰ পৰা?? বৰুণ দেৱতাও এই কামফেৰাত সফল নহৈ বৰষুণকে বন্ধ কৰি দিয়ে। তাৰ কেইঘণ্টামান পাচত বৰষুণ ৰবই ৰ। ময়ো সৰুকালত দেখিছিলোঁ আইতাই কৰা বিধি এটা। বৰষুণ দি থাকিলে ঘৰৰ কাম-বনত আহুকাল হয় বাবে কেতিয়াবা আইতাই পকা জলকীয়া এটা চোতাল সৰা বাঢ়নিডালৰ কাঠি এডাল উলিয়াই তাৰ এমূৰে খুচি লগাই দিছিল আৰু আনটো মূৰ চোতালত পুতি দিছিল। মানে টিকটিকীয়া ৰঙা, পকা জলকীয়াটোৱে যেন আকাশৰ পিনে ট ট কৈ চাইহে আছিল। সঁচাকৈয়ে তাৰ অলপ পৰ পাচত মেঘৰ ওৰণি গুচাই বেলিটি ন-কইনাৰ লেখীয়াকৈ লাজ লাজকৈ ওলাই আহিছিল।

            তাৰপাচত এইবাৰ ওলাল কি কৰিলে বৰষুণ দিয়ে তাৰ প্রসংগ। অসমৰ দৰে পশ্চিমবংগতো অনা-বৃষ্টিৰ সময়ত ভেকুলী বিয়াপতা নিয়ম আছে।

ভেকুলীৰ বিয়ালৈ আহে ইন্দ্রদেৱে
বতাহ-বৰষুণত তিতি
সৰগৰ অপেচৰী নামি আহিছে
ভেকুলীৰ বিয়া শুনি

(ভেকুলী বিয়া নাম)

            মণিপুৰৰ বিধি আকৌ একেবাৰে সুকীয়া। তেওঁলোকৰ মতে হেনো পাহাৰৰ চূড়াটোলৈ উঠি গৈ তাতে বৰুণদেৱৰ পূজা কৰিব লাগে, তেতিয়াহে বৰষুণ হয়। আকৌ আন এটা বিধিও নথকা নহয়। যদি অনা-বৃষ্টিৰ বাবে খুউব আকাল হয় তেন্তে ১০৮ জনী খীৰতী গাই আনি গোবিন্দ (ভগৱান শ্রীকৃষ্ণ)ৰ পূজা কৰি, তেওঁৰ প্রতিমূর্ত্তিৰ সন্মুখত খীৰাব লাগে আৰু গাখীৰখিনি তেওঁলৈ অর্পণ কৰিব লাগে। ইয়াৰ অর্থ এয়েই যে, ভগৱান শ্রীকৃষ্ণই আটাইতকৈ বেছিকৈ ভালপোৱা বস্তুবিধ মানৱ সমাজে তেওঁক অর্পণ কৰিছে আৰু তাতে গোঁসায়ো প্রসন্ন হৈ মানৱ সমাজত তেওঁৰ কৃপা দৃষ্টি বৰষাব। আচৰিত ধৰণে তাৰ এদিন বা দুদিন পাচতে বৰষুণ হয় হেনো।

            তেনেতে ছাত্র-ছাত্রীবোৰ অহাত আমাৰ কথা সিদিনা তাতেই সামৰিব লগীয়া হল। এয়ে আছিল আমাৰ সিদিনাৰ এপিয়লা চাহৰ আড্ডা। প্রায়েই নানা কথাৰ আলোচনা হয়। লিখি ৰাখোঁ বুলিয়ো ৰখা নহয়। স্বভাৱগত এলাহে ধৰে। কিন্তু বৰষুণৰ লগত জড়িত ইমানবোৰ মোহনীয় কথা লিখি ৰখাটো মোৰ বাবে এলাহতকৈয়ো বেছি আনন্দময় আছিল।

Wednesday, August 3, 2011

চেমিনাৰ চেমিনাৰ


                                     (সম্পূৰ্ণ নলবেইৰা ঠাঁচত লিখা এটি কবিতা)


ডিপাৰ্টমেণ্টত বহি আছলু
চেমিনাৰ চেমিনাৰ বুলি
আধা কথা মূৰৰ উপৰেদি গেল
আধা নাপলু বুজি।

চেমিনাৰত বহা স্কলাৰমাখা দেখি
নিজকে আউটডেটেড হান লাগে
যিহে তান্থোৰ চিৰিয়াচ লুক
বেলেগ গ্ৰহৰ প্ৰাণী হান লাগে।

পাচতহে বুইজলু আচল কথা
তান্থেও আকো নুবজে
নুবজা বুইল্লি ৰাইজে হাইহবো বুলি
একটিং মাৰি থাকে।

ইংকে হ'লি কিংকে হ'
নুবজা কথা কুনি বুজাব?
বুজি প' বুলি একটিং মাৰি
কেইটা মানহু পণ্ডিত হ'?

ইগলা দেখি-শুনি ভাবি আছলু
কি কৰা ভাল
চেমিনাৰত বহি টুইপনে থাকাতকে
ঘৰক যাই দুখুন
কানি-কাঁথালৈ
ঘুমে থাকাই ভাল।
------------

মামাথেৰ গাঁওত চুৰৰ বিলে


(সম্পূর্ণ নলবৰীয়া ঠাঁচত লিখা এটি কবিতা)

মাইৰ মুখত এনাহান
কথা কিছুমান শুনোঁ
,
শুনি পইহ্লে আমিকেটাই
ভেবকা লাগি থাকোঁ ।

মামাথেৰ গাঁওত বুলে একবাৰ
ৰাজৈহা পালনাম হ,
পালনামত গাজি খাবা পাম বুলি
তিৰি-ছলিও মাইল্লাক লৰ ।

নামত উঠিল বিলেইনা
গাজি বিলে আছে,
তাৰে মাজৰ দুটাই দুখুন
পিৰিক-পাৰাককে আছে ।

নামৰ দুইপাচি গুৰাল্লাৰু চুৰ কৰি
তাহুন কইল্লাক কি,
ভাখৰিৰ কাইন্ধাত লুকে থলাক
কলপাতেদি আঁৰাল দি ।

কুম্বা তৰকত ভাখৰিৰ কাইন্ধাইদি
নামৰ চাইট্টামান ভকতো গেল,
বাচাহাঁতৰ দিন বয়া আছিল
ধৰাত পৰি সেন্থোৰ সেহা-বেহা লাগি গেল ।

ৰাইজ মাতি বিচাৰ হল দোউৰে
কুইনো মাৰা-ধৰা নকৰে,
সৈইত কাৰবা লাগবো তাহুন যাই
মানহৰ ঘৰে ঘৰে ।

ইতা কি কৰবো বাচাহাঁতে
তাহাৰো উপাই নাই,
চুৰৰ লাড়ু ভাৰ বান্ধি লৈ
দোউ গাঁও ফুৰবা যায় ।

চুৰৰ লাড়ু ভাগালাক
গটাই গাঁওতে ঘূৰি,
ঘৰে ঘৰে যাই সৈইত কাল্লাক
তাহুনে চুৰ কৰা বুলি ।

আমি দোউ লোভত পৰি
নামৰ লাড়ু চুৰ কইচ্চু,
দায়-দোষ নধৰিবা আৰ
এনা কাম নকৰু কিত্তেও কিৰা কাৰি কৈছু ।

এই হল চুৰৰ বিলে
মাই আমাক কলাক,
হাঁহি হাঁহি আমাৰো
চকুৰ পানী অল্লাক ।


(শব্দার্থ : বিলে>বিলৈ, এনাহান>এনেধৰণৰ, ইহ্লে>পহিলে/প্রথমে, ভেবকা লাগি থাকোঁ>ভেবেকা লাগি থাকোঁ, ৰাজৈহা>ৰাজহুৱা, গাজি>মাহ-প্রসাদ, মাইল্লাক>মাৰিলে, বিলেইনা>বিলনি, দুখুন>দেখোন, গুৰাল্লাৰু>ভজা পিঠাগুড়িৰ লাড়ু, ইল্লাক>কৰিলে, ভাখৰি> ভঁৰাল, কাইন্ধাত>কাষত, আঁৰাল দি থলাক>ঢাকি থলে, চাইট্টামান>চাৰিজনমান, সেন্থোৰ>সিহঁতৰ, কুইনো>কোনো, তাহুন>সিহঁত, মানহৰ>মানুহৰ, দোউ>দুয়ো, গটাই>গোটেই, সৈইত কাল্লাক>সইত কাঢ়িলে/শপত খালে, ইচ্চু>কৰিছোঁ, কিত্তেও>কেতিয়াও, কিৰা কাৰি কৈছু> শপত খাই কৈছোঁ, অল্লাক>ওলাল)

Saturday, July 30, 2011

নীলাঞ্জনাৰ চিঠি






মৰমৰ তুমি,

            তোমাৰ উশাহত নামিছে বাৰিষাৰ ঢল... তুমি কাজল-লতাবুলি মাতিলেই বৰলুইততো নামি আহে ভৰ বাৰিষা... আকাশতো ওন্দোলি আহে শাওনী মেঘৰ টুকুৰা----

            প্ৰিয়তম মোৰ...

            বুকুৰ গৰাখহনীয়া আৰু খহি যাবলৈ নিদিবা । চকুৰ কাজলবোৰে আৰু হেনো ঢাকিব নোৱাৰে.... গৰাখহনীয়াৰ দুখ !!

            মোৰ পদূলিত ফুলিবা নেকি তুমি সোণাৰুৰ এচমকা হালধীয়া লৈ !! সোণাৰুৰ ফুল ভাল পাওঁ বুলিয়েই মোৰ বাবে তুমি পিন্ধিব নালাগে সোণাৰুৰ হালধীয়া.... ফাগুন ভাল পাওঁ বুলিয়েই মোৰ বাবে ৰচিবও নালাগে ফাগুনৰ কবিতা....

            মাথোঁ মোৰ শতিকাজোৰা অভিমানৰ ওৰণি গুচাই গঢ়ি তুলিবাহি বিশ্বাসৰ সাঁকো....

            (বুকুভৰা হুমুনিয়াহটো তুমি নুশুনা হলেই ভাল.... নহলেযে নিয়ৰকণা হৈ সৰি পৰিম মই এটুপি দুটুপিকৈ....)

                                                                                 ইতি,
                                                                                         তোমাৰ মই

বি.দ্র.  চিঠিৰ ঠিকনা সলোৱা দি সলাই নেপেলাবা হৃদয়ৰ ঠিকনা.... হৃদয়ৰ দুৱাৰ খুলি থোৱাই আছে.... তুমি যোৱা বাটে ফাগুনৰ সৰা পাতেও দি যাব মোৰ হৃদয়ৰ ঠিকনা.... মন গলেই উজাই লব পাৰিবা সেই চিনাকি সুৱাস.... আৰু  মন্দাক্রান্তা হৈ ৰিমঝিমকৈ সৰি পৰিব আৱেগবোৰ !!....



Monday, June 6, 2011

দৈনন্দিন: খণ্ড : ৬


প্ৰসংগ: সমালোচক আৰু সমালোচনা
(আপোনাৰ ব্যৱহাৰেই আপোনাৰ পৰিচয়)

কোন কেনেকুৱা কথাটোৰ বিশ্লেষণ কৰাটো খুব কঠিন কাম ৷ "মানুহে প্ৰতি মনটো"৷ হয়তো এই মূহুৰ্ত্তত মই ভাৱি থকা কথাটো আপুনি নাভাৱিবও পাৰে ! মই অসমীয়াত 8(চাৰি) বুলি লিখিলে তাকে কোনোবাই ইংৰাজী 8(এইট) বুলিও বুজিব পাৰে ৷ ভাল-বেয়াৰ সমাহাৰেই জীৱন ৷ কিন্তু মন কৰিলেই বুজিব পাৰি ভালৰ শলাগ লোৱা মানুহ আৰু আনৰ দোষ খুচৰি থকা মানুহৰ সংখ্যাৰ অনুপাতটোত কিমান বৈসম্যতা ৷  কিছুমানৰ বাবে আনক সমালোচনা কৰাটো অতি সহজ আৰু সুখৰ কাম ৷ কথা কিছুমান এক গুণৰ দহগুণ কৰি মুখৰোচক কাহিনী সজাতেই যেন তেওঁলোকৰ জীৱনৰ সাৰ্থকতা ৷ আনকি বহু ক্ষেত্ৰত এনে হোৱাও দেখা যায় যে, যাৰ সমালোচনা হৈ আছে বহুতে প্ৰকৃততে তেওঁক নাজানেও, চিনিও নাপায়, কিন্তু সমালোচনাত ভাগ লৈ মজা লোৱাৰ লোভকণ সামৰিবও নোৱাৰে ৷ ধৰি লোৱা হ'ল, অমুকাৰ ল'ৰা আৰু অমুকাৰ ছোৱালীৰ সম্পৰ্ককলৈ আজি এটা আলোচনা (সমালোচনা?) হ’ল ৷ কাইলৈ বাতৰি (উৰাবাতৰি?)টো প্ৰচাৰ (অপপ্ৰচাৰ?) হ’ব আৰু কাইলৈ বাদ দি পৰহিলৈ সিহঁতক নৈৰ পাৰত বহি কথা পাতি থকা দেখা মানুহ এজাকো ওলাব পাৰে; আৰু ওলোৱাটোৱেই স্বাভাৱিক ৷ কেৱল ইমানেই নে, আৰু বা কত কিমান ! কিন্তু কথাৰ গুৰি ক'ত তাৰহে বিচাৰ কৰোঁতা কোনো নাই ৷ কথাটো প্ৰকৃততে কিমান সঁচা, কিমান মিছা ভাবিবলৈ কাৰো আহৰি নাই ৷

এটি সাময়িক ব্যক্তিগত অভিজ্ঞতা: মোৰ বন্ধু এজনে ‘ফেচবুক’ত তেওঁৰ এখন ফটো লগাইছিল ৷ মন্তব্যও আহিল বহুতো ৷ কিন্তু বন্ধু অতি দুখী হৈ মোক ফোন কৰি ক'লে যে তেওঁৰ কোনোবা বন্ধুৱে হেনো অশালীন মাতেৰে সমালোচনা কৰি ফটোখনত মন্তব্য দিছে ৷ ঠিকেই, কিছুমান মানুহে স্থান-কাল-পাত্ৰ নাচাই য'তে-ত'তে যি-তি কৈ ফুৰে ৷ বন্ধুৱে দুখ পাইছিল ইয়াকে ভাৱি যে, এতিয়া মানুহবোৰে তেওঁৰ কথা কি বুলি ভাবিব ! কিন্তু বুজা নাছিল যে অশালীন মাত মাতি তেওঁক অপদস্থ কৰিবলৈ বিচৰা তেওঁৰ বন্ধুৱে ৰাজহুৱাকৈ নিজৰহে প্ৰকৃত স্বৰূপটো উদঙাই দিলে ৷ লগে লগে সৰুতে মায়ে শিকোৱা কথা এষাৰলৈ মনত পৰি গ'ল "আপোনাৰ ব্যৱহাৰেই আপোনাৰ পৰিচয়"৷ কথাষাৰ কিমান গুৰুত্বপূৰ্ণ তাকেই বুজাবলৈ মায়ে আমাৰ পঢ়া কোঠালিত ক্ৰচষ্টিচ কাপোৰত চিলাই কৰি বহু দিনলৈ সজাই থৈছিল ৷

আনক সমালোচনা কৰাৰ আগতে নিজক জানি লোৱাটো খুবেই প্ৰয়োজনীয় ৷ হয়, সমালোচনাও লাগে, সমালোচকো লাগে ৷ ভালৰ বাবে কৰা সমালোচনা সদায় স্বাস্থ্যকৰ আৰু আদৰণীয় ৷ কিন্তু বিনা কাৰণত অথবা অপ্ৰয়োজনত কৰা সমালোচনা ফুটুকাৰ ফেনহে মাথো, অবাবত সময় খৰচ কৰাৰ বাদে আন একো নহয় ৷ আমাক এতিয়া সৃষ্টিশীল সমালোচনাৰহে প্ৰয়োজন; মোৰ বন্ধুৰ বন্ধুজনৰ দৰে নিজৰ ব্যৱহাৰেৰে নিজৰ পৰিচয় দিয়া সমালোচক অথবা সমালোচনাৰ নহয় ৷