Pages

Monday, March 21, 2016

মৃগতৃষ্ণা আৰু অৱচেতনৰ সাধু

মৃগতৃষ্ণা আৰু অৱচেতনৰ সাধু

বহুতো কথা
তেওঁৰ ডিঙিৰ কাষত লকলকাই থাকে
বহুদিনৰ মৌনতা ভাঙি
ওলাই আহিব খোজে কথাবোৰ

কথা চহকী দিনবোৰত
তেওঁৰ মনৰ মানুহ তেওঁৰ কাষত নাছিল
মানুহ থাকিলেও সময় নাছিল

তেওঁ বিদ্ৰোহ কৰিছিল
মানুহ আৰু সময়ৰ প্ৰতি
হাতত নিচান লৈ তেওঁৰ মৌন সমদল
সিদিনা মনৰ মানুহো আছিল
আৰু সময়ো আছিল
নাছিল কথা চহকী দিনবোৰ


মৌনতাৰ অন্তত

কথাৰ নৈ
চিনাকি-অচিনাকি মুখবোৰৰ মাজত সদাব্যস্ত তেওঁ
শংকাৰ ডাৱৰ কেতিয়াবা বৰষুণ হৈ নামে
মুহূৰ্তৰ বিৰতিত বৰষুণবোৰো ভাপ হৈ উৰে


কথাবোৰ লকলকাই থাকে

লকলকাই থকা কথাৰে বাৰিষাৰ বান নামে
চিনাকি-অচিনাকি মুখবোৰৰ মাজত
তেওঁ নিজকে হেৰুৱাই পেলায়
আৰু আমি বিচাৰি ফুৰোঁ তেওঁক
তেওঁ ঘূৰি ফুৰা তেওঁৰ আপোন আমাৰ অচিন পৃথিৱীত
আমাৰ খোজবোৰ কঁপি উঠে
খোজে প্ৰতি পিচলি পৰাৰ ভয়


কথা চহকী দিনবোৰ ঘূৰি আহে

এইবাৰ মনৰ মানুহো আছিল
সময়ো আছিল
কিন্তু আমাৰ বাবে নাছিল তেওঁ...


(http://www.xahitya.org/2016/04/25/%E0%A6%AE%E0%A7%83%E0%A6%97%E0%A6%A4%E0%A7%83%E0%A6%B7%E0%A7%8D%E0%A6%A3%E0%A6%BE-%E0%A6%86%E0%A7%B0%E0%A7%81-%E0%A6%85%E0%A7%B1%E0%A6%9A%E0%A7%87%E0%A6%A4%E0%A6%A8%E0%A7%B0-%E0%A6%B8%E0%A6%BE/)

Friday, May 15, 2015

সুখী ৰাজকোঁৱৰজন


মূল: The Happy Prince অস্কাৰ ৱাইল্ড 


চহৰখনৰ আটাইতকৈ ওখ ঠাইডোখৰতে ৰাজকোঁৱৰজনৰ মূৰ্তিটো ঠিয় হৈ আছিল। ৰাজকোঁৱৰজনৰ গোটেই মূৰ্তিটো সোণেৰে সজা আৰু তেওঁৰ চকুদুটা নীলা আৰু কঁকালখন ৰঙা ৰত্নৰে খচিত হৈ আছিল। সকলোৱে ইমান মূল্যবান মণি-মুকুতাই আৱৰি থকা ৰাজকোঁৱৰৰ মূৰ্তিটো দেখি তেওঁক সুন্দৰ আৰু সুখী বুলিয়ে ধাৰণা কৰি লৈছিল।

তোমালোক কিয় সেই সুখী ৰাজকোঁৱৰজনৰ দৰে নোহোৱা?”—যেতিয়া লৰাবোৰে কান্দে তেতিয়া সিহঁতৰ মাকহঁতে এইদৰে কয়।
দুখীজনে আকৌ মূৰ্তিটোলৈ চাই কয়, “কোনোবা যে অন্ততঃ এই পৃথিৱীত সুখী, তাকে দেখি মই সন্তোষ লাভ কৰোঁ।

কোনোবা এনিশা এটি সৰু চৰাই অকলে চহৰখনৰ মাজেৰে উৰি গৈ আছিল। তাৰ লগৰ আনবোৰ চৰাই তেতিয়া ইজিপ্তলৈ গুচি গৈছে। আজি নিশাটো মই কত কটাব পাৰিম?” বুলি চৰাইটোৱে ভাবি থাকোঁতেই সি সুখী ৰাজকোঁৱৰৰ মূৰ্তিটো দেখা পালে। মনতে ভাবিলে, “আজিৰ নিশাটো মই ইয়াতে কটাব পাৰিম। এইটো যথেষ্ট ওখ, সেয়েহে ইয়াত বহুল পৰিমাণে মুকলি বতাহ পোৱা যাব।

চৰাইটো ৰাজকোঁৱৰৰ মূৰ্তিটোৰ ভৰি দুখনৰ মাজতে উৰি আহি পৰিলহি। সি ৰং পাই ভাবিলে, “বাঃ আজি মোৰ এটা সোণৰ শোৱা খোটালি আছে। এইবুলি সি মূৰটো পাখি দুখনৰ মাজত গুজি দিবলৈ লওঁতে ডাঙৰ পানীৰ টোপাল এটা তাৰ গাত পৰিল।

ওপৰলৈ চাই সি আচৰিত হৈ ভাবিলে, “কি আচৰিত! আকাশত অকণো ডাৱৰ নাই, অথচ বৰষুণ সৰিবলৈ আৰম্ভ কৰিছে। আকৌ এটোপাল পানী পৰাৰ পাছত সি ভাবিলে, “যিটো মূৰ্তিৰ তলত আশ্ৰয় লোৱাৰ পাছতো মূৰ্তিটোৱে মোক বৰষুণৰ পৰা সুৰক্ষা দিব নোৱাৰে সেইটো মূৰ্তিৰ তলত মই নথকাই শ্রেয়। মই অন্য কোনো ঠাইহে বিচাৰি লোৱা যুগুত হব। এইবুলি সি উৰি যাবলৈ সিদ্ধান্ত ললে। উৰি যাবলৈ তাৰ দুপাখি মেলাৰ মুহূৰ্ততে তৃতীয় টোপাল পানী তাৰ গাত পৰিল। ওপৰলৈ মূৰ তুলি চাই সি আচৰিত হৈ গল।

অহ্, এয়া সি কি দেখিছে? সুখী ৰাজকোঁৱৰজনৰ চকুযুৰি লোতকেৰে উপচি পৰিছে। অশ্ৰুকণাবোৰ তেওঁৰ সোণালী দুগালেৰে বৈ আহিছে। ৰাজকোঁৱৰজনৰ মুখখন মাজনিশাৰ জোনৰ পোহৰত চিকমিকাই খুব শুৱনি দেখা হৈছিল। দুগালেৰে লোতক বৈ অহা ৰাজকোঁৱৰৰজনলৈ চৰাইটোৰ অন্তৰে হাঁহাকাৰ কৰি উঠিল।

তুমি কোন?” চৰাইটোৱে সুধিলে।
ময়েই সুখী ৰাজকোঁৱৰজন।
তেন্তে তুমি কিয় কান্দিছা? তোমাৰ চকুলোৰে মই তিতি গৈছোঁ।
মই যেতিয়া জীয়াই আছিলোঁ, মোৰো আন মানুহৰ দৰে এখন হৃদয় আছিল। ৰাজকোঁৱৰে কবলৈ আৰম্ভ কৰিলে, “কিন্তু মই জনা নাছিলোঁ, চকুপানী মানে কি! মই এনে এক প্ৰাসাদত জীৱন নিৰ্বাহ কৰিছিলোঁ যত দুখৰ কোনো লেশ নাছিল। দিনৰ ভাগত মই বাগিচাত মোৰ বন্ধু-বান্ধৱৰ সতে খেলিছিলোঁ আৰু সন্ধিয়াৰ সময়ছোৱা মই নাচি-বাগি কটাইছিলোঁ। এখন প্ৰকাণ্ড প্ৰাচীৰে বাগিচাখনৰ চাৰিওফাল আগুৰি আছিল। কিন্তু মই জনা নাছিলোঁ প্ৰাচীৰখনৰ সিটো পাৰে কি আছিল! সেইবাবে সকলোৱে মোক সুখী ৰাজকোঁৱৰ বুলি সম্বোধন কৰিছিল। মই মোৰ সৰু পৃথিৱীখনতে সুখী আছিলোঁ। এতিয়া মই মৃত আৰু তেওঁলোকে মোক মৃত্যুৰ পাছত এই ওখ ঠাইডোখৰতে স্থান দিলে। ইয়াৰ পৰা মই মোৰ চহৰৰ সকলোবোৰ দুখ দেখা পাওঁ। এতিয়া মোৰ হৃদয়খন মাথোঁ এডোখৰ সস্তীয়া ধাতুৰে গঢ়া। তথাপিও কিন্তু দুখবোৰ ধাতুৰে গঢ়া এই সন্তাপিত হৃদয়ে অনুভৱ কৰিব পাৰে আৰু সেইবাবে মই কান্দোঁ।
অহ চৰাইটোৱে নিজকে কবলৈ ধৰিলে, “তেওঁ গোটেইটো সোণৰ নহয় মাথোঁ বাহিৰৰখিনিহে সোণেৰে সজা।
ইয়াৰ পৰা কিছু নিলগৰ এটা বাটৰ দাঁতিত এটা সৰু জুপুৰি ঘৰ আছে। ৰাজকোঁৱৰে পুনৰ কবলৈ আৰম্ভ কৰিলে। জুপুৰিটোৰ খোলা খিড়িকীৰে এখন মেজত এগৰাকী মহিলাক মই দেখা পাইছোঁ। তাইৰ মুখখন খুব ক্ষীণ আৰু হাতদুখন ৰঙা আৰু খহটা। তাই ৰজাৰ প্ৰাসাদত হবলগীয়া এটি নৃত্যানুষ্ঠানৰ ৰাণীৰ সহযোগীসকলৰ বাবে কাপোৰ বৈ আছে। তাইৰ কণমানি পোনাটো কোঠাটোৰ এচুকৰ বিচনাখনত পৰি কান্দি আছে। তাৰ বৰ অসুখ! তাৰ মাকে তাক নদীৰ পানীৰ বাহিৰে খাবলৈ আন একো দিব নোৱাৰে। হেৰা সৰু চৰাইটি, তুমি মোৰ ৰঙা মাণিকটো তাইৰ ওচৰলৈ লৈ যাবা নে? মই যে ইয়াৰ পৰা এখোজো লৰচৰ কৰিব নোৱাৰোঁ!
মোৰ লগৰীয়াবোৰে মোৰ বাবে ইজিপ্তত অপেক্ষা কৰি আছে। সৰু চৰাইটিয়ে কৈ উঠিল।
সৰু চৰাইটি,  সৰু চৰাইটি ৰাজকোঁৱৰে কবলৈ ধৰিলে, “অনুগ্ৰহ কৰি মাথোঁ এটা নিশা মোৰ লগত কটোৱা আৰু মোৰ বাবে এই কামটো কৰি দিয়া। কণমানি পোনাটোৱে কান্দি আছে আৰু তাৰ মাকে তাৰ কান্দোন দেখি বৰ কষ্ট পাইছে।

সুখী ৰাজকোঁৱৰজনৰ মুখখন দুখত মোলান পৰি যোৱা দেখি চৰাইটিও ৰাজকোঁৱৰৰ দুখত পমি গল। আজি ইয়াত অতিপাত জাৰ পৰিছে চৰাইটিয়ে কবলৈ ধৰিলে, “তথাপিও মই তোমাৰ লগত এনিশাৰ বাবে থাকিম। কালিলৈ মই ৰঙা মাণিকটো লৈ তাইৰ ওচৰলৈ যাম।
ধন্যবাদ, সৰু চৰাইটি। ৰাজকোঁৱৰজনে শলাগিলে।

*

চৰাইটিয়ে ৰাজকোঁৱৰৰ কঁকালৰ পৰা সেই প্ৰসিদ্ধ ৰঙা মাণিকটো লৈ চহৰখনৰ ওপৰেৰে উৰি যাবলৈ ধৰিলে। সি ৰজাৰ প্ৰাসাদৰ ওপৰেৰে উৰি যাওঁতে নৃত্য-গীতৰ ধ্বনি শুনা পালে। প্ৰাসাদৰ খিড়িকী এখনৰ মুখত প্ৰেমিকৰ সতে এজনী সুন্দৰী যুৱতীক সি দেখা পালে। যুৱতীগৰাকীয়ে কৈ আছিল, “আশা কৰোঁ, অহা সপ্তাহত হবলগীয়া নৃত্যানুষ্ঠানৰ বাবে মোৰ পোচাকযোৰ সাজু হৈ উঠিব। সেই শিপিনীকেইগৰাকী বৰ লেহেম।

চৰাইটি উৰি উৰি নদীখন পাৰ হৈ গল আৰু উৰি গৈ থাকিল। অৱশেষত সি সেই জুপুৰি ঘৰটো পালে আৰু ভিতৰলৈ জুমি চালে। কণমানি পোনাটি বিচনাখনতে পৰি আছিল। তাৰ মাকজনীৰ ইমান ভাগৰ লাগিছিল যে টোপনিত লালকাল হৈ আছিল। চৰাইটি ভিতৰলৈ সোমাই গল আৰু সেই প্ৰসিদ্ধ ৰঙা মাণিকটো মেজখনতে থৈ দিলে। তাৰ পাছত সি বিচনাখনৰ ওচৰলৈ গৈ উৰি উৰি পোনাটিৰ মুখখনত তাৰ ডেউকা কোবাই কোবাই বতাহৰ বা দিবলৈ ধৰিলে।

আস্! মোৰ মুখখন এতিয়া আৰু ইমান গৰম যেন লগা নাই। মই লাহে লাহে সুস্থ হবলৈ লৈছোঁ। এইবুলি কৈ পোনাটি শুই পৰিল।

তাৰপাছত চৰাইটি সুখী ৰাজকোঁৱৰৰ ওচৰলৈ উৰি উৰি উভতি আহিল।
কি আচৰিত!”— চৰাইটিয়ে কলে, “ইয়াত এতিয়া ইমান জাৰ, কিন্তু মই যথেষ্ট উত্তাপহে অনুভৱ কৰিছোঁ।
কাৰণ, তুমি এটা ভাল কাম কৰি আহিছা।”, সুখী ৰাজকোঁৱৰে কলে।
কিছুপৰৰ পাছতে সৰু চৰাইটি টোপনিত ধলি পৰিল।

*

সূৰ্য উদয়ৰ পাছত চৰাইটি নদীখনলৈ উৰি গল। এজন বুদ্ধিমান মানুহে তাক দেখা পাই মনতে ভাবিলে, “এয়া খুব অগতানুগতিক। এনেকুৱা চৰাই! ইয়াত! ইমান জাৰত!! এই কথাষাৰ মই নিশ্চয় টোকাবহীত টুকি ৰাখিব লাগিব।

মই আজি নিশা ইজিপ্তলৈ যাম। চৰাইটিয়ে ভাবিলে।

যেতিয়া আকাশত জোনে মিচিকিয়ালে তেতিয়া চৰাইটি উৰি গৈ ৰাজকোঁৱৰৰ ওচৰ পালেগৈ। ইজিপ্তত মই তোমাৰ বাবে কিবা কৰি দিব লাগিব নেকি?” সি ৰাজকোঁৱৰক সুধিলে।
সৰু চৰাই অ সৰু চৰাই”, ৰাজকোঁৱৰজনে কবলৈ ধৰিলে, “অনুগ্ৰহ কৰি তুমি মোৰ সতে আৰু এটি নিশা কটাবা নে?”
মোৰ লগৰীয়াবোৰে মোৰ বাবে অপেক্ষা কৰি আছে। চৰাইটিয়ে উত্তৰ দিলে।
চহৰখনৰ পৰা কিছু নিলগত এটা ঘৰৰ ওপৰৰ সৰু কোঠালি এটাত মই এজন উঠি অহা ডেকা লিখক দেখা পাইছোঁ।”, ৰাজকোঁৱৰে কবলৈ ধৰিলে, “কাগজেৰে পৰিপূৰ্ণ হৈ থকা এখন মেজৰ সন্মুখত তেওঁ বহি আছে। তেওঁৰ ওচৰতে আছে কেইপাহমান মৰহি যোৱা ফুল। তেওঁ তেওঁৰ কাহিনীটো লিখি শেষ কৰিবলৈ চেষ্টা কৰি আছে। কিন্তু তেওঁক জাৰে হেঁচা মাৰি ধৰা বাবে তেওঁ কলম তুলি লবলৈ ব্যৰ্থ হৈছে। তেওঁৰ কোঠালিত জাৰ নিবাৰণ কৰিব পৰাকৈ জুই একুৰাও জ্বলাই থোৱা নাই। তেওঁ ভোকাতুৰ আৰু দুৰ্বল।
মই তোমাৰ সতে আৰু এটা নিশা পাৰ কৰিম।”, চৰাইটিয়ে কলে, “তেওঁৰ বাবে মই কি লৈ যাব লাগিব?”
তেওঁৰ বাবে মোৰ এটা চকু লৈ যোৱা।”, ৰাজকোঁৱৰে কলে, “সেই দুটা ভাৰতবৰ্ষৰ পৰা অনা ধুনীয়া নীলা ৰত্নেৰে সজোৱা হৈছে। ডেকা মানুহজনে সেইটো বিক্ৰী কৰিব পাৰিব আৰু নিজৰবাবে প্ৰয়োজনীয় খাদ্য আৰু কাঠ কিনিব পাৰিব। লগতে তেওঁৰ কাহিনীটোও শেষ কৰিব পাৰিব।
তোমাৰ চকু উলিয়াই নিম?”, চৰাইটিয়ে চিঞৰি উঠিল। মৰমৰ ৰাজকোঁৱৰ, মই সেই কাম কৰিব নোৱাৰিম। বুলি হুকহুকাই সি কান্দিবলৈ ধৰিলে।
তাকেই কৰা।”, ৰাজকোঁৱৰে কলে।

ৰাজকোঁৱৰে কোৱাৰ দৰে চৰাইটিয়ে তেওঁৰ এটা চকু উলিয়াই লৈ উৰি উৰি গৈ সেই মানুহজনৰ কোঠালিটো পালেগৈ। মানুহজনৰ কোঠালিটোলৈ সোমাই যোৱাটো চৰাইটিৰ বাবে বৰ সহজ আছিল, কাৰণ তেওঁৰ ঘৰৰ চালখনত এটা ফুটা আছিল। মানুহজনে মূৰে-কপালে হাত দি বহি ভাবনাত মগ্ন হৈ আছিল বাবে চৰাইটিৰ ডেউকাৰ ঢপঢপনি শুনা নাপালে। যেতিয়া তেওঁ মূৰ তুলি চালে তেওঁৰ কোঠালিৰ মৰহি যোৱা ফুলকেইপাহৰ ওপৰতে সেই ধুনীয়া নীলা ৰত্নটো দেখা পালে।

কোনোবাই নিশ্চয় মোৰ কাহিনীটো ভাল পাইছে।”, তেওঁ আনন্দত কান্দি উঠিল, “যিয়ে মোৰ কাহিনীটো পঢ়িছে এয়া নিশ্চয় তেওঁৰ পৰা পোৱা এক উপহাৰ। এতিয়া মই মোৰ কাহিনীটো শেষ কৰিব পাৰিম।

*

পিছদিনাখন চৰাটিয়ে উৰি নদীখনলৈ নামি আহিল। সি নাবিকসকলক জাহাজত কাম কৰি থকা দেখা পালে। মই ইজিপ্তলৈ গৈ আছোঁ। বুলি সি কান্দিবলৈ ধৰিলে যদিও কোনেও তাৰফালে কাণ নিদিলে।

যেতিয়া জোন ওলাল তেতিয়া সি সুখী ৰাজকোঁৱৰৰ ওচৰলৈ উভতি গৈ কলে, “মই তোমাক বিদায় জনাবলৈ আহিলোঁ।
সৰু চৰাই,  সৰু চৰাই”, ৰাজকোঁৱৰে কলে, “অনুগ্ৰহ কৰি আৰুএটা নিশা তুমি মোৰ লগত কটাবা নে?”
এয়া শীতকাল আৰু সোনকালে ইয়াত তুষাৰপাতো হব।”, চৰাইটিয়ে কলে, “ইজিপ্তত এতিয়া ৰদজাক ভাল আৰু তাত গছবোৰো সেউজীয়া হৈ আছে। মৰমৰ ৰাজকোঁৱৰ, মই এতিয়া তোমাক এৰি যাবই লাগিব। কিন্তু মই কাহানিও তোমাক নাপাহৰোঁ।
ইয়াৰ পৰা অকণমান আঁতৰত এজনী ছোৱালী থিয় হৈ আছে। তাই কণী বিক্ৰী কৰি আছে। তাই বিক্ৰী কৰিবলৈ অনা কণীবোৰৰ আটাইকেইটা মাটিত পৰি ভাগি গল। সেয়ে ঘৰলৈ নিবলৈ তাইৰ হাতত টকা-শিকি একো নাই। ঘৰলৈ সুদা হাতে উভতি গলে তাইৰ বাপেকে তাইক এচাৰিৰে কোবাব। অ সৰু চৰাই, মোৰ আনটো চকুও উলিয়াই লৈ গৈ সেইটো তাইক দি আহাগৈ।
মই তোমাৰ সতে আৰু এটা নিশা কটাম বাৰু!”, সৰু চৰাইটিয়ে কলে, “কিন্তু মই তোমাৰ আনটো চকু উলিয়াই নিব নোৱাৰোঁ। যদি সেয়া কৰোঁ তুমি দেখোন নেদেখা হৈ যাবা!
তাকেই কৰা।”, ৰাজকোঁৱৰে কলে।

চৰাইটিয়ে ৰাজকোঁৱৰৰ আনটো চকু উলিয়াই সেইটো লৈ ছোৱালীজনীৰ ওচৰলৈ উৰি গল আৰু তাইৰ হাতত সেই নীলা ৰত্নটি গুজি দিলে।
আস্, এয়া এডোখৰ ধুনীয়া কাঁচ! ছোৱালীজনী আনন্দত কান্দি উঠিল আৰু তাই হাঁহিমুখে ঘৰলৈ লৰ মাৰিলে।

তাৰপাছত চৰাইটি ৰাজকোঁৱৰৰ ওচৰলৈ উভতি আহিল।
তুমি এতিয়া নেদেখা হৈ গলা। গতিকে মই তোমাৰ লগতে থাকিম।”, চৰাইটিয়ে ৰাজকোঁৱৰক কলে।
নাই নাই অস্থিৰ কণ্ঠেৰে ৰাজকোঁৱৰে কলে, “তুমি ইজিপ্তলৈ যোৱা উচিত।
মই তোমাৰ লগতেই থাকিম। পুনৰ এইদৰে কৈ চৰাইটি ৰাজকোঁৱৰৰ ভৰিৰ ওচৰতে শুই থাকিল।

পিছদিনা চৰাইটি ৰাজকোঁৱৰৰ লগত থাকিল আৰু সি ভ্ৰমি ফুৰা বিভিন্ন ঠাইৰ নানা তৰহৰ বিস্ময়জনক আৰু সুন্দৰ কাহিনী কিছুমান তেওঁক কৈ শুনালে।

মৰমৰ সৰু চৰাইটি, তুমি মোক কিছুমান বিস্ময়জনক আৰু সুন্দৰ কথা কৈ শুনালা।”, ৰাজকোঁৱৰে কলে, “কিন্তু পুৰুষ আৰু মহিলাৰ যাতনা, পীড়া আন যিকোনো কথাতকৈ বেছি আশ্চাৰ্যজনক। মোৰ চহৰখনৰ ওপৰেৰে উৰি উৰি এপাক ঘূৰি আহা, সৰু চৰাই। তুমি কত কি কি দেখিলা মোক আহি কবাহি।

অকণমানি জীৱটোৱে গোটেই চহৰখন উৰি ফুৰিবলৈ ধৰিলে। সি দেখিলে যে চহকী মানুহবোৰে সিহঁতৰ ধুনীয়া ঘৰবোৰত খোৱা-বোৱা কৰি আছে আৰু দুখীয়াবোৰে জপনামুখতে বহি আছে। সি এটা আন্ধাৰ পথলৈ উৰি গল। তাত সি ভোকত শেঁতা পৰি যোৱা মুখেৰে বিমৰ্ষ নয়নেৰে থকা দুটি শিশু দেখা পালে। এখন দলঙৰ তলত শিশু দুটিয়ে জাৰৰ পৰা ৰক্ষা পাবৰ বাবে ইটোৱে সিটোক সাৱতি ধৰি পৰি আছিল।
আমাৰ খুব ভোক লাগিছে। শিশু দুটিয়ে কৈছিল।
তহঁত ইয়াত পৰি থাকিব নোৱাৰ। পহৰাদাৰজনে চিঞৰি উঠিছিল।

তাৰপাছত চৰাইটি উৰি গৈ ৰাজকোঁৱৰজনক সকলো বিৱৰি কলে।
মোৰ গোটেই দেহটো নিভাঁজ সোণে আৱৰি আছে। ৰাজকোঁৱৰে কলে, “ইয়াৰ পৰাই ডোখৰ ডোখৰকৈ সোণ লৈ যোৱা আৰু মোৰ চহৰৰ দুখীয়া মানুহবোৰক বিলাই দিয়াগৈ।

চৰাইটোৱে যেতিয়ালৈকে সুখী ৰাজকোঁৱৰজন দেখিবলৈ ধূষৰ আৰু আপচু নহল তেতিয়ালৈকে টানি টানি সোণবোৰ তেওঁৰ গাৰ পৰা এৰুৱাই পেলালে আৰু সোণবোৰ লৈ গৈ দুখীয়া মানুহবোৰক দিলে। ভোকাতুৰ শিশুকেইটাৰো মুখকেইখন উজলি উঠিল। সিহঁতে কান্দি পেলালে, “এতিয়া আমি খাবলৈ খাদ্য পাম।

*

লাহে লাহে তুষাৰপাত হবলৈ আৰম্ভ কৰিলে। তুষাৰপাতৰ পাছতে বৰফো পৰিবলৈ ধৰিলে আৰু শীতৰ প্ৰকোপত বৰফবোৰ ঘৰৰ চালৰ পৰা ডাঠকৈ ওলমি থাকিবলৈ ধৰিলে। সকলোৱে ডাঠ ডাঠ কোটচোলা পিন্ধিবলৈ ললে।

সৰু চৰাইটিৰ বেছিকৈ জাৰ লাগি আহিবলৈ ধৰিলে। সি ৰাজকোঁৱৰজনক এৰি থৈ নগ, কাৰণ সি তেওঁক খুব ভাল পায়। কিন্তু ঠেঁটুৱৈ লগা জাৰৰ প্ৰকোপত সি এতিয়া মৃত্যমুখী যাত্ৰী।

বিদায়, মৰমৰ ৰাজকোঁৱৰ! তোমাক মই এটা চুমা খাব পাৰোঁ নে?”, চৰাইটিয়ে কলে।
মই আনন্দিত হৈছোঁ যে তুমি ইজিপ্তলৈ যাবলৈ ওলাইছা।”, ৰাজকোঁৱৰে কলে, “তুমি মোৰ লগত বেছ কিছুদিন থাকিলা। তুমি মোক চুমা খোৱা, কাৰণ মই তোমাক ভাল পাওঁ।
মই ইজিপ্তলৈ নহয়, নিয়তিৰ ঘৰলৈহে যাবলৈ ওলাইছোঁ। বুলি চৰাইটিয়ে ৰাজকোঁৱৰক চুমা খালে আৰু তেওঁৰ ভৰিৰ ওচৰতে পৰি মৰি থাকিল। ঠিক সেই মুহূৰ্ততে মূৰ্তিটোৰ ভিতৰৰ পৰা এটা অদ্ভুত শব্দ ওলাল কেৰেক…”— ধাতুৰে গঢ়া হৃদয়খন ভাগি দুটুকুৰা হৈ গল।

পিছদিনা খুব ৰাতিপুৱাই চহৰখনৰ এজন বিশিষ্ট ব্যক্তি তেওঁৰ দুজন বন্ধুৰ সতে খোজ কাঢ়ি গৈ আছিল। তেওঁ মূৰ্তিটোলৈ মূৰ তুলি চালে। সুখী ৰাজকোঁৱৰজনক বৰ উজ্জ্বল যেন দেখা হোৱা নাই!”, মানুহজনে কলে, “তেওঁৰ ৰঙা মাণিকটো অন্তৰ্দ্ধান হৈছে, চকু দুটাও নাই আৰু তেওঁ সোণৰো নহয়! তেওঁক ভিক্ষাৰী যেন দেখা হৈছে।
হয় হয়, তেনেকুৱাই লাগিছে। মানুহজনৰ বন্ধু এজনে কলে।
তেওঁৰ ভৰিৰ ওচৰতে এটা চৰাই পৰি মৰি আছে! আমি এটা নিৰ্দেশ জাৰি কৰিব লাগিব যে ইয়াত চৰাই মৰিব নোৱাৰে।”, বিশিষ্ট ব্যক্তিগৰাকীয়ে কলে।

সিহঁতে সুখী ৰাজকোঁৱৰজনৰ মূৰ্তিটো নমাই অনালে আৰু জুইত জাপি দিলে। উজ্জ্বল ধাতুৰ টুকুৰা কিছুমান মূৰ্তিটোৰ পৰা কিছু আঁতৰলৈ নিজৰি ওলাই গল।
আচৰিত! মূৰ্তিটো জুইত জাপি দিয়া বনুৱাকেইজনে কলে, “মূৰ্তিটোৰ মাজভাগতে থকা এই ভগা টুকুৰাকেইটা ইমান কঠিন হৈ আছে! আমি এইখিনি নিলগত পেলাই দিয়াহে শ্ৰেয় হব। এইবুলি সিহঁতে ধাতুৰ টুকুৰাকেইটা মৃত বিহংগটোৰ সৈতে দূৰৈত পেলাই দিলে।

*

পৰমব্ৰহ্মই তেওঁৰ অনুচৰসকলক কলে, “মোক চহৰখনৰ আপুৰুগীয়া সম্পদ দুটা আনি দিয়া। অনুচৰসকলে তেওঁক টুকুৰা-টুকুৰ হৈ যোৱা ভগ্ন হৃদয়খন আৰু মৃত বিহংগটো আনি দিলে।
ঠিক, তোমালোকে মোলৈ আকাংক্ষিত সম্পদ দুটা আনিছা।”, পৰমব্ৰহ্মই কলে, “এই সৰু চৰাইটিয়ে চিৰদিন মোৰ বাগিচাত গীত গাব আৰু এই সুখী ৰাজকোঁৱৰজনে সদায় মোৰ সোণৰ চহৰখন শুৱনি কৰি থাকিব।

*****************
(মূল: “The Young King and Other Stories” Essex, Penguin Books, 2000)

সাহিত্য ডট্‌ অৰ্গৰ মে', ২০১৫ সংখ্যাত প্ৰকাশিত http://www.xahitya.org/2015/05/14/the-happy-prince-mitali_barman/ ) 


Thursday, November 13, 2014

ডাকত নিদিয়া চিঠিখন...






                 এবুকু মৰম... একাঁজলি শুভকামনা... তোমালৈ...


                                                           ১৪ নবেম্বৰ, ২০১১
                                                               দিল্লী বিশ্ববিদ্যালয় প্রাংগন
মৰমৰ মামণি বাইদেউ,

        কিমানদিন যে হল... তোমাক যে দগমগীয়া ৰঙা ফোঁটটোৰে দেখাৰ... চিকমিকিয়া হাঁহিটোৰ ঢৌ লেখাৰ... সেই কাজলসনা বহল চকুযুৰি চোৱাৰ... মেলি ৰখা চুলিটাৰিৰ মেঘালীৰ গজল লিখাৰ...

        সেই যে মাতৃৰ মৰমেৰে আৱৰি ৰাখিছিলা তুমি... মৰমৰ সঁজাল ধৰা কুহুমীয়া আৱৰণখন ফালি যে ওলাই আহিছিলোঁ মৰমৰ ঠাইখনৰ পৰা বহু নিলগলৈ
, তুমিয়েইতো আঁহতজোপা হৈ মোক আৱৰি ধৰিছিলা । তোমাৰ ভৰষাতে মা-দেউতাই শুইছিল স্বস্তিৰ এঘুমতি...

        সেই যে ২০০৫ চনৰ ১৬ আগষ্ট ! তোমাৰ হয়তো মনতেই নাই... মোৰ হ
লে আছে... প্রতিটো পল, প্রতিটো ক্ষণ... দিল্লী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা আৰু সাহিত্য অধ্যয়ন বিভাগৰ কোঠালি নং F8 … ৰঙা ৰঙৰ মেখেলা-চাদৰ পিন্ধি একেখন চোফাতে মোৰ ওচৰতে বহি তুমি যে কথা পাতিছিলা... তুমি হয়তো গমেই নাপালা, মই নিজকে চিকুটি চাইছিলোঁ তিনিবাৰমান, সঁচাকৈয়ে বাৰু মই জ্ঞানপীঠ বিজয়ীনী গৰাকীৰ লগতে একেলগে বহি কথা পাতি আছোঁনে ! সেয়াই আৰম্ভণি আছিল...

        আপোন ঠিকনাহে যেন হৈ পৰিছিল তোমাৰ আবাস মোৰ বাবে... ছাত্রা মার্গ
, D 19... কিমান যে মধুৰ আছিল সময়... কিমান যে কথা কৈছিলোঁ... হাঁহিছিলোঁ, কান্দিছিলোঁ... বহুজনে কোৱা শুনিছোঁ... অতিকৈ আপোনজনৰ আগতহে হেনো দুচকুৰ নিয়ৰকণাবোৰ বাধা নমনাকৈ সৰি পৰে... তাৰমানে তুমি মোৰ আপোন নেকি ? কথাটো যে সুধিম বুলিও তোমাক সোধা নহল... ৰবা এইবাৰ ঘৰলৈ গলে যাম মই তোমাৰ ওচৰলৈ, সুধিম তোমাক...

        
তোমাৰ আবাসলৈ গৈ থৰ লাগি গৈছিল মোৰ দুচকু... আলহী বহা কোঠাটোৰ বেৰ, ভিতৰৰ কৰিডৰৰ বেৰ শুৱাই আছিল নানা ফটো আৰু তোমাৰ প্রতিভাৰ প্রমাণপত্রবোৰ... আলহী বহা কোঠাটোৰ এফালে এখন যথেষ্ট ডাঙৰ পীৰাত সজাই থোৱা আছিল দেশ-বিদেশৰ পৰা সংগৃহীত তোমাৰ আটাইতকৈ প্রিয় শ্রীৰামৰ মূর্ত্তিৰ লগতে আৰু নানান মূর্ত্তি... আৰু এফালে যে ঠাক ঠাককৈ সজাই থোৱা আছিল নানা আপুৰুগীয়া কিতাপৰ সম্ভাৰ ! আৰু তোমাৰ ফটোৰ এলবামটো ! এখনতকৈ আনখন ধুনীয়া... এটা এলবামৰ সৰহভাগ ফটো কলা-বগা আছিল... কেনে সুন্দৰ আছিল ফটোবোৰ... ফটোবোৰ চাই চাই কৈছিলোঁ এইখনত বৰ ধুনীয়া লাগিছেআৰু তুমি ? মোৰ কাষতে বহি সৰু ছোৱালীজনীৰ দৰে খিলখিলাই বোৱাই দিছিলা হাঁহিৰ নিজৰা... ইমান সৰল, ইমান নিভাঁজ... ভাবি আচৰিত হওঁ, মানুহ ইমান সৰল কেনেকৈ হব পাৰে ! পৃথিৱীখনৰো বৰ কষ্ট হয় কিজানি চাৰিওফালৰ কপটতা দেখি... সেয়ে হয়তো তোমালোক ফুলি উঠা কাঁইটৰ পৃথিৱীত একোপাহ গোলাপহৈ, নিজেই গম নোপোৱাকৈ সুবাসিত কৰি তোলা পৃথিৱী... অৰুণ গোস্বামীয়ে তোমাৰ বিষয়ত কোৱা কথা এষাৰে মোক চুই গৈছিল নুমাই থকা চাকি বা নজ্বলা চাকিয়েই নিজক চাকি বুলি চিঞৰি পৰিচয় দিব লাগে । জ্বলি থকা চাকিৰ পৃথক পৰিচয়ৰ প্রয়োজন নাই । মামণি ৰয়চম গোস্বামী অসমীয়া সাহিত্যৰ মণিকূটৰে নহয় তেওঁ ভাৰতীয় সাহিত্য মণিকূটৰ এগছি অক্ষয় বন্তি হৈ থাকিব ।

        তুমি বকা চাহ পিয়লাৰ সোৱাদ লোৱাৰো বহুদিন হ
ল... আজিও ছাত্রা মার্গলৈ গলে তোমাৰ আবাসৰ পদূলিৰে এনেয়ে অকণমান সময় ঘূৰা-ফুৰা কৰোঁ... D 19...!! তুমি যে দিল্লীৰ অচিন আকাশত এখনি নীলা চিলা হৈ উৰিবলৈ সাজু হোৱা মোক কৈছিলা মাজনী, এই ডিপার্টমেণ্টটোৰ মানুহবোৰ খুব ভাল । তুমি আটাইবোৰতকৈ সৰু । তুমি ইয়ালৈ অহাৰ বাবে সকলোৱে ভাল পাইছে । কামবোৰ বুজিলৈ ভালকৈ কৰিবা ।মনত আছেনে তোমাৰ--- মোক মাজনীবুলি মাতি আদৰ নকৰাৰ কিমান দিন হল... বেয়া পাইছোঁ তোমাক... অভিমান হৈছে... কিমান দিন আৰু হস্পিতালৰ বিচনাখনত শুই থাকিবা ? উঠি আহা না... চোৱাচোন, তুমি ভালপোৱা পুৱাৰ আকাশখনত নতুন সূর্য ওলাইছে, দুবৰিত নিয়ৰে মালিতা ৰচিছে, সৰু সৰু চৰাইবোৰে কিচিৰ-মিচিৰকৈ কথা পাতি তুমি অহালৈ বাট চাইছে... আৰু তোমাৰ কলমটো ? ইস্ ! ইস্ !! ইমান দুঃখত আছে... কিমান যে কথা লিখিবলৈ আছে... কিমান যে নিপীড়িত মানুহৰ ব্যাথা তাৰ নীলা চিঁয়াহীৰে তেজ হৈ ওলাবলৈ আছে, কিমান যে গিৰিবালা, দুর্গা, দময়ন্তী, নাৰায়ণী, সৌদামিনী, নির্মলাৰ চকুপানীবোৰ চিঁয়াহী কৰিবলৈ ৰৈ আছে তোমাৰ মৰমৰ কলমটো !! আৰু তুমি... হস্পিতালত শুই আছা সকলোবোৰ আওকাণ কৰি...!

        আজি তোমাৰ জন্মদিনৰ দিনা তোমালৈ বৰকৈ মনত পৰিছিল । যাব নোৱাৰিলেও ফোনতে কথা হ
লোঁহেঁতেন... কিন্তু তুমি যে কথাই নপতা হলা...

        বহুত হ
ল... আৰু কিমানদিন ?? কিমানদিন আকাশ নোচোৱাকৈ থাকিবা, কিমানদিন চৰাইৰ গীত নুশুনাকৈ থাকিবা, কিমানদিন প্রাণৰ আপোন কলমটোৰে অমৃতৰ নিজৰা বোৱাই নিদিয়াকৈ থাকিবা... কিমানদিন ?? তুমি মহীয়সী... তুমি হলা সাহস, অনুপ্রেৰণাৰ অফুৰন্ত ভাণ্ডাৰ... উঠি আহা আৰু মুকলি কৰি দিয়া সেই ভাণ্ডাৰ... আমাক বাট দেখুৱাই নিয়া সেই অক্ষয় বন্তিৰ পোহৰেৰে... উঠি আহা তুমি... ক্রমান্বয়ে ৰূক্ষ হবলৈ ধৰা মৰুৰ মাজত ফুলাই তোলাহি মৰূদ্যান... আমিবোৰ ৰৈ আছোঁ আঁহতজোপাৰ ছাঁ লবলৈ... স্বার্থপৰ হৈ পৰিছোঁ, নহয়নে ? কিয় জানা ? কাৰণ হস্পিতালৰ বিচনাত শুই থকা তোমাক চাবলৈ অকণো ইচ্ছা নাযায়... ধুনীয়া, চৌখিন মানুহজনী হৈ সাজি-কাচি আহাচোন... কপালত দগমগীয়া সুৰুয পিন্ধি, উদাসী বহল চকুযুৰিত কাজল সানি, ৰঙা কাপোৰসাজ পিন্ধি... কপালত পৰি থাকিব কিছু কুঞ্চিত অলকাৰ মেঘালী, ওঁঠত ফুলিব লমালমে হাঁহিৰ জোনাক...
                                                               
                                                           ইতি
,
                                                              বহুতো মৰমেৰে
                                                                   তোমাৰ মাজনী

Friday, October 10, 2014

দৈনন্দিন ৮:

"পানী খোৱা"


"গা ধোৱা"বাক্যাংশটোৰ ওপৰত সৰুকৈ লিখা টোকাটো ৰাইজৰ নিশ্চয় মনত আছে৷ "গা ধোৱা"বাক্যাংশৰ বাক্য বিশেষে যিদৰে বিভিন্ন অৰ্থ প্ৰকাশ হয় একেদৰে "পানী খোৱা" বাক্যাংশৰো বাক্য বিশেষে অৰ্থৰ ভিন্নতা লক্ষ্য কৰা যায়৷ মনৰ মাজত পাগুলি থকা কথাবোৰৰ মাজৰ পৰা আজি আমি "পানী খোৱা"ৰ বিষয়ে দুটামান কথা উনুকিয়াবলৈ বিচাৰিছোঁ৷

১/ "পানী খোৱা" বাক্যাংশৰ মূল অৰ্থটো হ'ল পানী পি খোৱা কাৰ্যটো৷ পানীয়ে প্ৰাণীৰ প্ৰাণ৷ গতিকে জীৱ মাত্ৰে সকলোৱে পানী খায়৷ পানী জীৱৰ জীৱনৰ প্ৰাথমিক আধাৰ৷ সেয়ে মানুহে পানী খায়, অন্য জীৱ-জন্তুৱেও পানী খায়৷

২/ "পুখুৰীত পিছলি পৰি তাই বাৰুকৈয়ে পানী খালে৷"----- এই বাক্যটো পঢ়ি আপুনি ভুল নুবুজিব যে পানী খাবলৈ ছোৱালীজনী পুখুৰীত কিয় পৰিল! দৰাচলে পানী খোৱাৰ উদ্দেশ্যেৰে তাই পুখুৰীত পৰা নাছিল৷ অসাৱধানবশতঃ তাই পুখুৰীত পিছলি পৰিছিল আৰু সাতুৰিব নজনা বাবে তাইৰ নাকে-মুখে পানী সোমাই পেটলৈ গৈছিল; সেই অৰ্থতহে ইয়াত "পানী খোৱা"বাক্যাংশৰ প্ৰয়োগ হৈছে৷

৩/ "পানী খাই আহি সি সদায় ঘৰত চিঞৰ-বাখৰ কৰে৷"-----ঔ আই! ওপৰত কোৱা হৈছে যে পানীয়ে প্ৰাণীৰ প্ৰাণ৷ জীৱ মাত্ৰে সকলোৱে পানী খায়৷ তেনেক্ষেত্ৰত পানী খাই চিঞৰ-বাখৰ কৰাটো আচহুৱা যেন লগা নাইনে! আচলতে এই বাক্যটোত প্ৰাণীৰ প্ৰাণ পানীৰ কথা কোৱা হোৱা নাই৷ প্ৰাণীৰ প্ৰাণ হানি কৰা পানী অৰ্থাৎ মাদক দ্ৰব্যৰ কথাহে কোৱা হৈছে৷ বাক্যটোত মাদক দ্ৰব্য সেৱন কৰি আহি তাৰ নিচাতহে চিঞৰ-বাখৰ কৰা অৰ্থ বুজাইছে৷

৪/ "ইস্ এইটো দেখোন ভাতৰ লগত পানী খোৱা কাম৷"----- ভাত খাই থাকোঁতে কেতিয়াবা ডিঙিত সোপা মাৰি লাগি ধৰে, কেতিয়াবা হিকটি আহে ইত্যাদি ইত্যাদি৷ তেতিয়া ততালিকে পানী এঢোক খাই খাদ্যনলী পৰিষ্কাৰ কৰি লোৱা হয়৷ পানী খোৱা কামটো অতি সহজ কাম৷ এই বাক্যটোত বক্তাই কৰিবলৈ লোৱা কামটো পানী খোৱাৰ দৰে সহজ, এই অৰ্থহে বুজাইছে৷

৫/ "চাদ ধালাই কৰাৰ পাছত কিছুদিন পানী খুৱাব লাগিব৷"পকীঘৰ নিৰ্মাণ কাৰ্যত পানী এক অপৰিহাৰ্য আহিলা৷ বিল্ডিংঘৰৰ চাদ ধালাই কৰা নাইবা বেৰবোৰ বা মজিয়াখন প্লাষ্টাৰ কৰাৰ পাছত সেইবোৰৰ গাঁঠনি মজবুত কৰিবলৈ কিছুদিন পানী ঢালি ৰখা হয়৷ এইদৰে গৃহ নিৰ্মাণ কাৰ্যত পানী ঢলা কাৰ্যটো বুজাবলৈয়ো "পানী খোৱা" বাক্যাংশৰ ব্যৱহাৰ দেখা যায়৷

৬/ হাৰাশাস্তি কৰা, যন্ত্ৰণা দিয়া, কষ্ট দিয়া আদি অৰ্থ বুজাবলৈয়ো "পানী খোৱা" বাক্যাংশৰ ব্যৱহাৰ কৰা হয়। যেনে:
(ক) "ফেচবুকে বহুতকে ঘটে-ঘটে পানী খুৱাইছে।"
(খ) "এইবাৰৰ বানে ভালকৈ পানী খুৱালে।"

৭/ "বাইজনীয়ে পানী খোৱা হাত-ভৰিৰে আৰু কিমান কাম কৰিব!" অনবৰতে পানী চুই থাকিলে নাইবা পানীতে হাত-ভৰি ভিজাই কাম কৰি থাকিলে হাত-ভৰিৰ ছাল শেতা পৰে আৰু তাৰপাছত সেই অংশবোৰ ডাকি গৈ তাত অসহনীয় যন্ত্ৰণা হয়৷ ইয়াত "পানী খোৱা" বাক্যাংশই আমাক এটা ৰোগৰহে সংকেত দিছে৷

("গা ধোৱা" বাক্যাংশৰ বিষয়ে যিসকলে পঢ়া নাই তেখেতসকলৰ বাবে http://www.mbarman.blogspot.in/2014/04/blog-post.html?m=1)


(টোকা: ৬/নং দফাৰ (ক) উদাহৰণটো অনিল বৰা ডাঙৰীয়াৰ সংযোজন।)