Pages

Monday, August 29, 2011

এচ. এম. এচ.

এটা আঙুলিৰ হেঁচাত
তই মোৰ কাষলৈ আহ
তোৰ অবিহনে মোৰ জীৱন
ৰুক্ষ হ'ব বুলি!
 
লৈ আহ সুখৰ সঁফুৰা অথবা
দুখৰ জোঁৱাৰ অথবা
আশাৰ সৌধ অথবা
প্ৰেমৰ তাজমহল বাতৰি

এনেকৈয়ে এদিন----
হাজাৰ হাজাৰ টন হৃদয়ৰ বোজা কঢ়িয়াই
কুঁজা হৈ পৰিবি তই

কেতিয়াবা আকৌ----
উকাকৈয়ো আহ তই
'বলৈ একো নাথাকিলে নে
বহু কিবা ক'বলৈ থাকিলে!

এটা আঙুলিৰ হেঁচাত তই
কঢ়িয়াই আন
হৃদয়ৰ বাতৰি
এখন হৃদয়ে সিখন হৃদয়লৈ
নিৰৱে সিঁচি দিয়া
ৰঙা নীলা সেউজীয়া বেঙুণীয়া ৰঙেৰে
ফাকু খেল নেকি তই?

হৃদয়ৰ খবৰ আনোতে
সাৱধানে আহিবি তই!
এটা আঙুলিৰ হেঁচাত ক'লা ৰং থাকিলে
বিদ্ৰোহ কৰিবি তই
যিকোনো আজুহাত দেখুৱাই
নাহো বুলি ক'বি

কাৰণ, এটা আঙুলিৰ হেঁচাত
শেষ হ'ব পাৰে অথবা
বাঢ়িব পাৰে অযুত-নিযুত মাইলৰ ব্যৱধান
আৰু এটা আঙুলিৰ হেঁচাত অহা তই
হয়তো গঢ়িবও পাৰ অথবা
ভাঙিবও পাৰ
বিশ্বাসৰ সাকোঁ....
------------------

Wednesday, August 17, 2011

এপিয়লা গৰম চাহ আৰু আড্ডা ; প্রসংগ : বৰষুণ

            যোৱা কিছুদিনৰ পৰা দিল্লী চহৰলৈ নামি আহিছে বৰুণদেৱৰ আর্শীবাদ। ২০০৫ চনত প্রথমবাৰৰ বাবে দিল্লীলৈ আহি দেউতাৰ লগত জয়পুৰলৈ ফুৰিবলৈ গৈছিলোঁ। যোৱা বাটত সিদিনাও ৰিমঝিমকৈ এজাক বৰষুণ সৰি পৰিছিল ধৰাৰ বুকুত। তেতিয়াই আমাৰ গাড়ীৰ চালকজনে কৈছিল দিল্লী মে তো বাৰিচ হোতীহি নেহি । য়হাতো নচীৱৱালোকোহি বাৰিচ মিলতী হ্যায়।মনত থাকি গল সেই অচিন যুৱকজনৰ কথাষাৰ।
            আজি কিছুদিনৰ আগতেও বাটে বাটে মনৰ মাজতে লিখি আহিছিলোঁ বৰষুণৰ কবিতা :

মোৰ চহৰলৈ আহিছে
মোৰ প্রিয় বৰষুণ
সংগ দিছে মোক অবিৰতভাৱে
টোপাল হৈ সৰি পৰিছে মৰমবোৰ
ধুই নিছে দুঃখৰ আৱর্জনা...

            বৰষুণত আধা-ভিজা হৈ বিশ্ববিদ্যালয় পালোঁ।  মোৰ সহকর্মী ড° প্রমোদিনী দেৱী আৰু মই একেটা কোঠালিতে বহোঁ। বাইদেউ মণিপুৰৰ। এগৰাকী মৰমীয়াল ভদ্র মহিলা (হয়তো মই তেওঁৰ জীয়েকৰ বয়সৰ হম)। ভালেই পাইছিলোঁ পূর্বোত্তৰ ভাৰতৰ মানুহগৰাকীৰ লগত একেটা কোঠালিত বহিবলৈ পাই; যেন অচিন ঠাইতো লগ পাই গৈছিলোঁ মোৰ চুবুৰীৰে মাহীজনীক। নানা কথাৰ আলোচনা হয় আমাৰ মাজত। বহু কথা শিকিছোঁ তেওঁৰ পৰা। সিদিনাও আহিয়েই বাটত বৰষুণে পোৱাৰ কথা কলোঁ। অলপ পাচত আমাৰ বিভাগৰ গৱেষিকা  ছাত্রী সৃতা আহি ওলাল আমাৰ কোঠালিত। তাই পশ্চিমবংগৰ ছোৱালী। আকৌ ওলাল বৰষুণৰ প্রসংগ। হাতত এপিয়লা গৰম চাহ আৰু বৰষুণৰ আলাপ!!

            সৃতাই সুধিলে মিতালী দিদি, তোমালোকৰ অসমত খুব বৰষুণ হৈ থাকিলে তাক ৰখাবলৈ কিবা নিয়ম আছে নেকি?” এয়াই হল আৰম্ভণি। তাৰ পাচত আগতে কেতিয়াও নুশুনা বৰষুণৰ লগত জড়িত কেইবাটাও লোক-বিশ্বাসৰ কথা জনাৰ সুযোগ পালোঁ। বাঙালী সমাজত থকা এটা নিয়ম এনেধৰণৰ : যদি কাৰোবাৰ ঘৰত কিবা উৎসৱ-পার্বন আছে আৰু যদি মূষলধাৰে বৰষুণ হৈ আছে তেন্তে গৃহস্থই এটা দৰকাৰী কাম কৰিব লাগে। তেওঁলোকৰ কোনোবা এজনে এনে এঘৰ মানুহ বিচাৰি উলিয়াব লাগিব যিঘৰ মানুহৰ এটিয়ে মাথো সন্তান আৰু সন্তানটি কন্যা সন্তান হবই লাগিব। তেনে এঘৰ মানুহৰ পৰা ইঘৰ মানুহৰ কোনো সদস্যই গৈ বাতি এটা চুৰ কৰি আনি লুকুৱাই থব লাগিব আৰু যদি তেওঁ সেই কাম কৰাত সফল হয় তেন্তে বৰষুণ ৰোৱাটো খাটাং। নাইবা আন এটা বিধি মতে ভেকুলী এটা ধৰি আনি তাক খৰাহী বা আন কিবা ফুটা থকা পাত্রৰে ঢাকি থব লাগে। কাৰণ ভেকুলীয়ে টোৰটোৰালে বৰষুণ হয়। লগে লগে প্রমোদিনী বাইদেৱে মাত লগালে, “মণিপুৰৰটো শুনা। প্রথমে এটা বাঁহৰ খৰাহী লব লাগিব। কিন্তু খৰাহীটো পানী সৰকি যোৱা ধৰণে পাতলকৈ সজা হব লাগিব। তাৰ পাচত অতিপাত বৰষুণ দি থাকিলে ঘৰৰ কোনো এজন সদস্যই গৈ ঘৰৰ চালত খৰাহীটো থৈ আহিব লাগে আৰু বৰুণদেৱক প্রার্থনা কৰিব লাগে এইবুলি যে হে বৰুণদেৱ তোমাৰ কৃপাৰে আমি কৃপাধন্য। কিন্তু বৰষুণেই যদি দিছা মোৰ ঘৰৰ চালত পানী পৰাৰ আগতে এই খৰাহীটো পানীৰে পূর্ণ কৰা। কিন্তু পাতলকৈ সজোৱা খৰাহীটোত পানী ৰব কৰ পৰা?? বৰুণ দেৱতাও এই কামফেৰাত সফল নহৈ বৰষুণকে বন্ধ কৰি দিয়ে। তাৰ কেইঘণ্টামান পাচত বৰষুণ ৰবই ৰ। ময়ো সৰুকালত দেখিছিলোঁ আইতাই কৰা বিধি এটা। বৰষুণ দি থাকিলে ঘৰৰ কাম-বনত আহুকাল হয় বাবে কেতিয়াবা আইতাই পকা জলকীয়া এটা চোতাল সৰা বাঢ়নিডালৰ কাঠি এডাল উলিয়াই তাৰ এমূৰে খুচি লগাই দিছিল আৰু আনটো মূৰ চোতালত পুতি দিছিল। মানে টিকটিকীয়া ৰঙা, পকা জলকীয়াটোৱে যেন আকাশৰ পিনে ট ট কৈ চাইহে আছিল। সঁচাকৈয়ে তাৰ অলপ পৰ পাচত মেঘৰ ওৰণি গুচাই বেলিটি ন-কইনাৰ লেখীয়াকৈ লাজ লাজকৈ ওলাই আহিছিল।

            তাৰপাচত এইবাৰ ওলাল কি কৰিলে বৰষুণ দিয়ে তাৰ প্রসংগ। অসমৰ দৰে পশ্চিমবংগতো অনা-বৃষ্টিৰ সময়ত ভেকুলী বিয়াপতা নিয়ম আছে।

ভেকুলীৰ বিয়ালৈ আহে ইন্দ্রদেৱে
বতাহ-বৰষুণত তিতি
সৰগৰ অপেচৰী নামি আহিছে
ভেকুলীৰ বিয়া শুনি

(ভেকুলী বিয়া নাম)

            মণিপুৰৰ বিধি আকৌ একেবাৰে সুকীয়া। তেওঁলোকৰ মতে হেনো পাহাৰৰ চূড়াটোলৈ উঠি গৈ তাতে বৰুণদেৱৰ পূজা কৰিব লাগে, তেতিয়াহে বৰষুণ হয়। আকৌ আন এটা বিধিও নথকা নহয়। যদি অনা-বৃষ্টিৰ বাবে খুউব আকাল হয় তেন্তে ১০৮ জনী খীৰতী গাই আনি গোবিন্দ (ভগৱান শ্রীকৃষ্ণ)ৰ পূজা কৰি, তেওঁৰ প্রতিমূর্ত্তিৰ সন্মুখত খীৰাব লাগে আৰু গাখীৰখিনি তেওঁলৈ অর্পণ কৰিব লাগে। ইয়াৰ অর্থ এয়েই যে, ভগৱান শ্রীকৃষ্ণই আটাইতকৈ বেছিকৈ ভালপোৱা বস্তুবিধ মানৱ সমাজে তেওঁক অর্পণ কৰিছে আৰু তাতে গোঁসায়ো প্রসন্ন হৈ মানৱ সমাজত তেওঁৰ কৃপা দৃষ্টি বৰষাব। আচৰিত ধৰণে তাৰ এদিন বা দুদিন পাচতে বৰষুণ হয় হেনো।

            তেনেতে ছাত্র-ছাত্রীবোৰ অহাত আমাৰ কথা সিদিনা তাতেই সামৰিব লগীয়া হল। এয়ে আছিল আমাৰ সিদিনাৰ এপিয়লা চাহৰ আড্ডা। প্রায়েই নানা কথাৰ আলোচনা হয়। লিখি ৰাখোঁ বুলিয়ো ৰখা নহয়। স্বভাৱগত এলাহে ধৰে। কিন্তু বৰষুণৰ লগত জড়িত ইমানবোৰ মোহনীয় কথা লিখি ৰখাটো মোৰ বাবে এলাহতকৈয়ো বেছি আনন্দময় আছিল।

Wednesday, August 3, 2011

চেমিনাৰ চেমিনাৰ


                                     (সম্পূৰ্ণ নলবেইৰা ঠাঁচত লিখা এটি কবিতা)


ডিপাৰ্টমেণ্টত বহি আছলু
চেমিনাৰ চেমিনাৰ বুলি
আধা কথা মূৰৰ উপৰেদি গেল
আধা নাপলু বুজি।

চেমিনাৰত বহা স্কলাৰমাখা দেখি
নিজকে আউটডেটেড হান লাগে
যিহে তান্থোৰ চিৰিয়াচ লুক
বেলেগ গ্ৰহৰ প্ৰাণী হান লাগে।

পাচতহে বুইজলু আচল কথা
তান্থেও আকো নুবজে
নুবজা বুইল্লি ৰাইজে হাইহবো বুলি
একটিং মাৰি থাকে।

ইংকে হ'লি কিংকে হ'
নুবজা কথা কুনি বুজাব?
বুজি প' বুলি একটিং মাৰি
কেইটা মানহু পণ্ডিত হ'?

ইগলা দেখি-শুনি ভাবি আছলু
কি কৰা ভাল
চেমিনাৰত বহি টুইপনে থাকাতকে
ঘৰক যাই দুখুন
কানি-কাঁথালৈ
ঘুমে থাকাই ভাল।
------------

মামাথেৰ গাঁওত চুৰৰ বিলে


(সম্পূর্ণ নলবৰীয়া ঠাঁচত লিখা এটি কবিতা)

মাইৰ মুখত এনাহান
কথা কিছুমান শুনোঁ
,
শুনি পইহ্লে আমিকেটাই
ভেবকা লাগি থাকোঁ ।

মামাথেৰ গাঁওত বুলে একবাৰ
ৰাজৈহা পালনাম হ,
পালনামত গাজি খাবা পাম বুলি
তিৰি-ছলিও মাইল্লাক লৰ ।

নামত উঠিল বিলেইনা
গাজি বিলে আছে,
তাৰে মাজৰ দুটাই দুখুন
পিৰিক-পাৰাককে আছে ।

নামৰ দুইপাচি গুৰাল্লাৰু চুৰ কৰি
তাহুন কইল্লাক কি,
ভাখৰিৰ কাইন্ধাত লুকে থলাক
কলপাতেদি আঁৰাল দি ।

কুম্বা তৰকত ভাখৰিৰ কাইন্ধাইদি
নামৰ চাইট্টামান ভকতো গেল,
বাচাহাঁতৰ দিন বয়া আছিল
ধৰাত পৰি সেন্থোৰ সেহা-বেহা লাগি গেল ।

ৰাইজ মাতি বিচাৰ হল দোউৰে
কুইনো মাৰা-ধৰা নকৰে,
সৈইত কাৰবা লাগবো তাহুন যাই
মানহৰ ঘৰে ঘৰে ।

ইতা কি কৰবো বাচাহাঁতে
তাহাৰো উপাই নাই,
চুৰৰ লাড়ু ভাৰ বান্ধি লৈ
দোউ গাঁও ফুৰবা যায় ।

চুৰৰ লাড়ু ভাগালাক
গটাই গাঁওতে ঘূৰি,
ঘৰে ঘৰে যাই সৈইত কাল্লাক
তাহুনে চুৰ কৰা বুলি ।

আমি দোউ লোভত পৰি
নামৰ লাড়ু চুৰ কইচ্চু,
দায়-দোষ নধৰিবা আৰ
এনা কাম নকৰু কিত্তেও কিৰা কাৰি কৈছু ।

এই হল চুৰৰ বিলে
মাই আমাক কলাক,
হাঁহি হাঁহি আমাৰো
চকুৰ পানী অল্লাক ।


(শব্দার্থ : বিলে>বিলৈ, এনাহান>এনেধৰণৰ, ইহ্লে>পহিলে/প্রথমে, ভেবকা লাগি থাকোঁ>ভেবেকা লাগি থাকোঁ, ৰাজৈহা>ৰাজহুৱা, গাজি>মাহ-প্রসাদ, মাইল্লাক>মাৰিলে, বিলেইনা>বিলনি, দুখুন>দেখোন, গুৰাল্লাৰু>ভজা পিঠাগুড়িৰ লাড়ু, ইল্লাক>কৰিলে, ভাখৰি> ভঁৰাল, কাইন্ধাত>কাষত, আঁৰাল দি থলাক>ঢাকি থলে, চাইট্টামান>চাৰিজনমান, সেন্থোৰ>সিহঁতৰ, কুইনো>কোনো, তাহুন>সিহঁত, মানহৰ>মানুহৰ, দোউ>দুয়ো, গটাই>গোটেই, সৈইত কাল্লাক>সইত কাঢ়িলে/শপত খালে, ইচ্চু>কৰিছোঁ, কিত্তেও>কেতিয়াও, কিৰা কাৰি কৈছু> শপত খাই কৈছোঁ, অল্লাক>ওলাল)

Saturday, July 30, 2011

নীলাঞ্জনাৰ চিঠি






মৰমৰ তুমি,

            তোমাৰ উশাহত নামিছে বাৰিষাৰ ঢল... তুমি কাজল-লতাবুলি মাতিলেই বৰলুইততো নামি আহে ভৰ বাৰিষা... আকাশতো ওন্দোলি আহে শাওনী মেঘৰ টুকুৰা----

            প্ৰিয়তম মোৰ...

            বুকুৰ গৰাখহনীয়া আৰু খহি যাবলৈ নিদিবা । চকুৰ কাজলবোৰে আৰু হেনো ঢাকিব নোৱাৰে.... গৰাখহনীয়াৰ দুখ !!

            মোৰ পদূলিত ফুলিবা নেকি তুমি সোণাৰুৰ এচমকা হালধীয়া লৈ !! সোণাৰুৰ ফুল ভাল পাওঁ বুলিয়েই মোৰ বাবে তুমি পিন্ধিব নালাগে সোণাৰুৰ হালধীয়া.... ফাগুন ভাল পাওঁ বুলিয়েই মোৰ বাবে ৰচিবও নালাগে ফাগুনৰ কবিতা....

            মাথোঁ মোৰ শতিকাজোৰা অভিমানৰ ওৰণি গুচাই গঢ়ি তুলিবাহি বিশ্বাসৰ সাঁকো....

            (বুকুভৰা হুমুনিয়াহটো তুমি নুশুনা হলেই ভাল.... নহলেযে নিয়ৰকণা হৈ সৰি পৰিম মই এটুপি দুটুপিকৈ....)

                                                                                 ইতি,
                                                                                         তোমাৰ মই

বি.দ্র.  চিঠিৰ ঠিকনা সলোৱা দি সলাই নেপেলাবা হৃদয়ৰ ঠিকনা.... হৃদয়ৰ দুৱাৰ খুলি থোৱাই আছে.... তুমি যোৱা বাটে ফাগুনৰ সৰা পাতেও দি যাব মোৰ হৃদয়ৰ ঠিকনা.... মন গলেই উজাই লব পাৰিবা সেই চিনাকি সুৱাস.... আৰু  মন্দাক্রান্তা হৈ ৰিমঝিমকৈ সৰি পৰিব আৱেগবোৰ !!....



Monday, June 6, 2011

দৈনন্দিন: খণ্ড : ৬


প্ৰসংগ: সমালোচক আৰু সমালোচনা
(আপোনাৰ ব্যৱহাৰেই আপোনাৰ পৰিচয়)

কোন কেনেকুৱা কথাটোৰ বিশ্লেষণ কৰাটো খুব কঠিন কাম ৷ "মানুহে প্ৰতি মনটো"৷ হয়তো এই মূহুৰ্ত্তত মই ভাৱি থকা কথাটো আপুনি নাভাৱিবও পাৰে ! মই অসমীয়াত 8(চাৰি) বুলি লিখিলে তাকে কোনোবাই ইংৰাজী 8(এইট) বুলিও বুজিব পাৰে ৷ ভাল-বেয়াৰ সমাহাৰেই জীৱন ৷ কিন্তু মন কৰিলেই বুজিব পাৰি ভালৰ শলাগ লোৱা মানুহ আৰু আনৰ দোষ খুচৰি থকা মানুহৰ সংখ্যাৰ অনুপাতটোত কিমান বৈসম্যতা ৷  কিছুমানৰ বাবে আনক সমালোচনা কৰাটো অতি সহজ আৰু সুখৰ কাম ৷ কথা কিছুমান এক গুণৰ দহগুণ কৰি মুখৰোচক কাহিনী সজাতেই যেন তেওঁলোকৰ জীৱনৰ সাৰ্থকতা ৷ আনকি বহু ক্ষেত্ৰত এনে হোৱাও দেখা যায় যে, যাৰ সমালোচনা হৈ আছে বহুতে প্ৰকৃততে তেওঁক নাজানেও, চিনিও নাপায়, কিন্তু সমালোচনাত ভাগ লৈ মজা লোৱাৰ লোভকণ সামৰিবও নোৱাৰে ৷ ধৰি লোৱা হ'ল, অমুকাৰ ল'ৰা আৰু অমুকাৰ ছোৱালীৰ সম্পৰ্ককলৈ আজি এটা আলোচনা (সমালোচনা?) হ’ল ৷ কাইলৈ বাতৰি (উৰাবাতৰি?)টো প্ৰচাৰ (অপপ্ৰচাৰ?) হ’ব আৰু কাইলৈ বাদ দি পৰহিলৈ সিহঁতক নৈৰ পাৰত বহি কথা পাতি থকা দেখা মানুহ এজাকো ওলাব পাৰে; আৰু ওলোৱাটোৱেই স্বাভাৱিক ৷ কেৱল ইমানেই নে, আৰু বা কত কিমান ! কিন্তু কথাৰ গুৰি ক'ত তাৰহে বিচাৰ কৰোঁতা কোনো নাই ৷ কথাটো প্ৰকৃততে কিমান সঁচা, কিমান মিছা ভাবিবলৈ কাৰো আহৰি নাই ৷

এটি সাময়িক ব্যক্তিগত অভিজ্ঞতা: মোৰ বন্ধু এজনে ‘ফেচবুক’ত তেওঁৰ এখন ফটো লগাইছিল ৷ মন্তব্যও আহিল বহুতো ৷ কিন্তু বন্ধু অতি দুখী হৈ মোক ফোন কৰি ক'লে যে তেওঁৰ কোনোবা বন্ধুৱে হেনো অশালীন মাতেৰে সমালোচনা কৰি ফটোখনত মন্তব্য দিছে ৷ ঠিকেই, কিছুমান মানুহে স্থান-কাল-পাত্ৰ নাচাই য'তে-ত'তে যি-তি কৈ ফুৰে ৷ বন্ধুৱে দুখ পাইছিল ইয়াকে ভাৱি যে, এতিয়া মানুহবোৰে তেওঁৰ কথা কি বুলি ভাবিব ! কিন্তু বুজা নাছিল যে অশালীন মাত মাতি তেওঁক অপদস্থ কৰিবলৈ বিচৰা তেওঁৰ বন্ধুৱে ৰাজহুৱাকৈ নিজৰহে প্ৰকৃত স্বৰূপটো উদঙাই দিলে ৷ লগে লগে সৰুতে মায়ে শিকোৱা কথা এষাৰলৈ মনত পৰি গ'ল "আপোনাৰ ব্যৱহাৰেই আপোনাৰ পৰিচয়"৷ কথাষাৰ কিমান গুৰুত্বপূৰ্ণ তাকেই বুজাবলৈ মায়ে আমাৰ পঢ়া কোঠালিত ক্ৰচষ্টিচ কাপোৰত চিলাই কৰি বহু দিনলৈ সজাই থৈছিল ৷

আনক সমালোচনা কৰাৰ আগতে নিজক জানি লোৱাটো খুবেই প্ৰয়োজনীয় ৷ হয়, সমালোচনাও লাগে, সমালোচকো লাগে ৷ ভালৰ বাবে কৰা সমালোচনা সদায় স্বাস্থ্যকৰ আৰু আদৰণীয় ৷ কিন্তু বিনা কাৰণত অথবা অপ্ৰয়োজনত কৰা সমালোচনা ফুটুকাৰ ফেনহে মাথো, অবাবত সময় খৰচ কৰাৰ বাদে আন একো নহয় ৷ আমাক এতিয়া সৃষ্টিশীল সমালোচনাৰহে প্ৰয়োজন; মোৰ বন্ধুৰ বন্ধুজনৰ দৰে নিজৰ ব্যৱহাৰেৰে নিজৰ পৰিচয় দিয়া সমালোচক অথবা সমালোচনাৰ নহয় ৷

Sunday, May 29, 2011

দৈনন্দিন : খণ্ড: ৫

ছাত্র সমাজত কেম্পাচ লেংগুৱেজৰ জনপ্রিয়তা :

বিদ্যালয়-মহাবিদ্যালয়-বিশ্ববিদ্যালয় চৌহদত ছাত্র-ছাত্রীৰ গোটবোৰত এনে কিছুমান শব্দ/বাক্যাংশ-ৰ বহুল প্রয়োগ দেখা যায় যে যিবোৰৰ অর্থ কেৱল সেই নির্দ্দিষ্ট গোটটোতে সীমাৱদ্ধ হৈ থাকে কিন্তু কেতিয়াবা সেই শব্দ/বাক্যাশং-ই জনপ্রিয়তা লাভ কৰি গোটটোৰ সীমা ভাঙি সর্বসাধাৰণৰ ব্যৱহাৰিক জীৱনৰ অংগস্বৰূপ হৈ পৰে এই শব্দবোৰৰ হয়তো অভিধানিক অর্থৰ লগত কোনো মিল বিচাৰিলেও পোৱা নাযাব তৎস্বত্তেও, এই শব্দবোৰৰ বহুল প্রয়োগৰ লগতে এইবোৰৰ জনপ্রিয়তাও নুই কৰিব নোৱাৰি তেনে কেতবোৰ শব্দ/বাক্যাংশৰ ওপৰত আলোকপাত কৰিবলৈ প্রয়াস কৰা হল :

১/ কামোৰ’--- শব্দটোৰ মূল অর্থতকৈও ইয়াৰ যিটো পৰিৱর্তিত অর্থ বর্তমান সি ছাত্রসমাজত অতিকৈ জনপ্রিয় দাঁতেৰে জিভা অথবা মুখৰ ভিতৰৰ গাল অংশ বা ওঁঠত কামোৰ খালে আমি দুখ পাওঁ আৰু তাৰপাচৰ কেইদিনমানলৈ আমি যিয়েই নাখাওঁ কিয় সাৱধানে নাখালে চেবাটো কিন্তু সেই কামোৰ খোৱা ঠাইতে পৰিবই ই বৰ যন্ত্রনাদায়ক সেয়ে হয়তো অর্থৰ সামান্য পৰিৱর্তন হৈ এতিয়া ব্যক্তি বা পৰিস্থিতিৰ ক্ষেত্রত বুজাবলৈয়ো ইয়াক প্রয়োগ কৰা হৈছে অর্থাৎ, যি ব্যক্তি বা পৰিস্থিতিত আমি অসন্তোস পাওঁ সিয়েই এতিয়া কামোৰহৈ পৰে দিল্লীলৈ আহি, মই ৰুৰকীতে জন্ম আৰু ডাঙৰ-দীঘল হোৱা অসমীয়া ছোৱালী এজনী লগ পাইছিলোঁ তাই যেতিয়া দিল্লীলৈ আহি অসমীয়া বন্ধু-বান্ধৱৰ গোটটোত সোমাই পৰিল, তেতিয়ালৈকে তাই কামোৰশব্দৰ অর্থ বুজি পোৱা হোৱা নাছিল তাইৰ চিনিয়ৰবোৰে জনৈক কামোৰৰ কথা খুব কয় তাইৰ আগত এদিন ঘটনাক্রমে তাইৰো সেই জনৈক কামোৰক লগ পোৱাৰ সুযোগ মিলিল চিনিয়ৰবোৰে তাইক চিনাকি কৰাই দিব পালেহে, তাই টপৰাই কলে আপুনিয়েই জনৈক কামোৰদাদা নহয়নে?” তাইৰ কথা শুনি আটাইবোৰ হাঁহিত ফাটি পৰিছিল আৰু জনৈক কামোৰৰ মুখখন কেঁহেৰাজবৰণীয়া হৈ গৈছিল চিনিয়ৰবোৰে তাইক কৈছিল তোমালৈ বহু ধন্যবাদ !! ইমানদিনে আমি কৰিব নোৱাৰা কামটো তুমি কৰি পেলালা মুখৰ আগত... হাঃ হাঃ হাঃ...তাই তেতিয়াও একো বুজা নাছিল পিচত লগৰ এজনীয়ে বুজাই কোৱাতহে বুজি পাইছিল কথাটোৰ ৰহস্য আচলতে চিনিয়ৰবোৰে তাৰ নামটো সদায় তাইৰ আগত তেনেকৈয়েই লোৱাৰ বাবেই তাই লৰাজনৰ নামটো জনৈক কামোৰবুলিয়েই ভাৱি আছিল এতিয়া পিচে তাই কামোৰৰ অর্থ বুজি পায় আৰু পৰিস্থিতি বিশেষে প্রয়োগো কৰে

২/ টেমা চুটি যোৱা’ / ‘তাঁৰ চিঙি যোৱা’--- এই বাক্যাশং দুটাও ছাত্রসমাজৰ অতি জনপ্রিয় অতি খঙৰ ভাৱ প্রকাশ কৰিবলৈ ইয়াক ব্যৱহাৰ কৰা হয় টেমা চুটি যোৱাবুলিলে মোৰ দেৱালীৰ সময়ত আমুল-স্প্রেৰ টেমাৰে ঢাকি আলুবোম ফুটোৱা কথাটোহে মনলৈ আহে বোমাটো টেমাটোৰে ঢাকি থৈ ফুটালে বেছি শব্দ হয় আৰু টেমাটো দূৰলৈ উফৰি যায় অর্থাৎ কাৰোবাৰ কথাত ইমান খং উঠিছে যে মগজে থৰকাচুটি হেৰুৱাইছে তাঁৰ চিঙি যোৱাবাক্যাংশৰো একে অর্থতে প্রয়োগ হয় কোনো এটি যন্ত্রৰ তাঁৰবোৰ চিঙি গলে তাৰ প্রয়োগ বিসংগত হয় আৰু যন্ত্রটোৰ তাঁৰনো কেতিয়া চিঙে ? যেতিয়া যন্ত্রটো বহুত বেছিকৈ গৰম হৈ যায় নাইবা যন্ত্রটোৰ অপপ্রয়োগ হয় তেতিয়া গতিকে কাৰোবাৰ কথাত খং উঠি মগজুৱে কাম নকৰা হলে ভিতৰৰ শিৰা-উপশিৰায়ো একো সঁহাৰি নিদিয়া অর্থতে হয়তো এই বাক্যাংশৰ প্রয়োগ হয়

৩/ বেহু’---- গুৱাহাটীৰ কলেজত পঢ়া ছাত্র-ছাত্রীৰ মাজত প্রচলিত এটা অতি জনপ্রিয় শব্দ(প্রাপ্ত তথ্যমতে বেহু দুই ধৰণৰবি টাইপ আৰু চি টাইপ !! অভিজ্ঞসকলে বুজি পাইছে কিজানি!!) বেহুশব্দৰ মূল অর্থ হআবেষ্টন কিন্তু বর্তমান ছাত্র সমাজত ইয়াৰ অর্থৰ পৰিৱর্তন হৈছে তেওঁলোকৰ প্রয়োগত বেহুমানে হল কাৰো একো খবৰ নৰখা, পৃথিৱীৰ কত কি হৈ আছে আওভাও নোপোৱা হেবাংধৰণৰ মানু্হ

৪/ চেনী”---- নকৈ কোৱাৰ হয়তো প্রয়োজন নাই, এই শব্দটোৰ জনপ্রিয়তাৰ কথা বর্তমান যুৱসমাজত এই শব্দটোৱে মূল অর্থ হেৰুৱাই ব্যক্তিবিশেষক বুজাবলৈহে ব্যৱহাৰ হৈছে চেনী” “চেনী খোৱাআদি শব্দৰ জনপ্রিয়তা কিমান বুজিব পাৰিছিলোঁ সিদিনা যিদিনা দেউতাৰ সমবয়সীয়া মানুহ এজনে কথা প্রসংগত ৰাজন বৰ চেনীবুলি কৈছিল তবধ মানিছিলোঁ মই!!

৫/ খাৰ খোৱা অসমীয়াবুলি অসমীয়া মানুহৰ এটা নাম (?) আছে কিন্তু তাকো বর্তমান অসমৰ বাহিৰত থকা ছাত্র-ছাত্রীয়ে নিজৰ সুবিধাৰ বাবে কাটি-কুটি কেৱল খাৰবুলিহে কয় এবাৰ মোৰ বান্ধৱী দুজনীয়ে দিল্লীত বাছেৰে ভ্রমণ কৰি থাকোতে সিহঁতৰ পাচৰ চিটত বহি থকা ডেকাজন অসমীয়া যেন বোধ হ সিহঁতে নিজৰ মাজত আলোচনা কৰিলে খাৰ যেন লাগিছে বাছৰ পৰা নমাৰ সময়ত ডেকাই ছোৱালীদুজনীলৈ চাই হাঁহি মাৰি কৈ থৈ গহয় দিয়ক, মই খাৰেই ডেকাজনৰ কথা শুনি ইহঁত দুজনীৰ ফাট মেলা বসুমতী পাতালে লুকাওঁ যেনহে হৈছিল

৬/ গুৱাহাটী বিশ্ববিদ্যালয় আৰু অসম অভিযান্ত্রিক মহাবিদ্যালয়ত আজিকোপতি ডেকা-গাভৰু নির্বিশেষে মইনাশব্দৰ প্রয়োগ হৈ আহিছে আমি বিশ্ববিদ্যালয়ত পঢ়ি থাকোতে মোৰ লগৰ কাবেৰী ইঞ্জিনিয়াৰিং কলেজৰ ওচৰতে ভাৰা কৰি আছিল কিছুদিন সেইবাৰ সৰস্বতী পূজাৰ দিনা তাইৰ ভাৰাঘৰলৈ গৈ মেখেলা-চাদৰ পিন্ধি দুয়োজনী ওলাই আহিছোঁহে, ইঞ্জিনিয়াৰিং হোষ্টেলৰ আগত ৰৈ থকা ডেকা এজাকে সমস্বৰে চিঞৰি উঠিল প্রথমে কাবেৰী আৰু লগে লগে মোলৈয়ো বাণপাত টোৱাই মইনা পূজালৈ যোৱা হবলা ? আমাৰফালেও আহিবাদেই ! তোমাৰ লগত অহা বগী মইনাজনীকো আনিবাদেই !আমি দুয়োজনী কোবাকুবিকৈ তাৰ পৰা আঁতৰি গৈছিলোঁ



এইবোৰ মাত্র সঘনাই ব্যৱহাৰ হোৱা আৰু হাততে ঢুকি পোৱা শব্দ বা বাক্যাংশৰ কেইটামান উদাহৰণহে মাথোন বিচাৰ-খোচাৰ কৰিলে আৰু বহুতো ওলাব