Pages

Sunday, May 29, 2011

দৈনন্দিন: খণ্ড: ৩



বানাও বানাও বানাও বানাও বানাও বানাও বানাও, ৰাইট ন্যাও
(banao banao banao banao banao banao banao, right now)

            আজি-কালি আমি সকলোৱে সব বনাও বনাইছোঁহে বনাইছোঁ, কিন্তু তাৰ লগে লগে আমাৰ কিমান যে স্বকীয় ক্ৰিয়াপাহৰি গৈছোঁ মন কৰিছেনে? এতিয়া বনোৱাৰ প্ৰতাপত আমাৰ ক্ৰিয়াবোৰে দুখতে হবলা আপুনি-মই-আমি নেদেখা কৰবাত অনাদৰ-অৱহেলাত আমন-জিমনকৈ মুখ লুকুৱাই আছে

কেইটামান নিত্য প্ৰচলিত উদাহৰণ:

১/ মায়ে ভাত ৰান্ধিছে ই হলগৈ--- মায়ে ভাত বনাইছে
২/ চাহ বাকিছোঁলগৈ--- চাহ বনাইছোঁ
৩/ নাৰিকলৰ লাৰু বান্ধিছোঁলগৈ--- নাৰিকলৰ লাৰু বনাইছোঁ
৪/ পিঠা-পনা সাজিছোঁ পিছে, এতিয়া পিঠা-পনাও নাসাজে, ‘বনায়
৫/ ৰুটি সেকি আছোঁ ই হলগৈ--- ৰুটি বনাই আছোঁ
৬/ তাঁত-শালত গামোচা বৈ আছেলগৈ--- তাঁত-শালত গামোচা বনাই আছে
৭/ এম্ব্ৰইডেৰী কৰি কাপোৰযোৰ চিলাই কৰি দিবা’- ৰ ঠাই ল’লে--- এম্ব্ৰইডেৰী কৰি কাপোৰযোৰ বনাই দিবা
৮/ মিস্ত্ৰীয়ে ঘৰ সাজিছে ই হলগৈ--- মিস্ত্ৰীয়ে ঘৰ বনাইছে
৯/ কেছেটখনৰ বাবে বিহুগীত এটি লিখি সংগীত সংযোজন কৰি  আছে (compose)হৈ পৰিল--- কেছেটখনৰ বাবে বিহুগীত এটি বনাই আছে বা “এই কেছেটখনত সংগীত পৰিচালকে সুন্দৰকৈ সংগীত সংযোজন কৰিছে”-ৰ ঠাই ল’লে “কেছেটখনত মিউজিক ডিৰেক্টৰে বঢ়িয়া মিউজিক বনাইছে”।
১০/ এইবাৰ ছোৱালীজনীলৈ এডাল সোণৰ হাৰ/ চেইন গঢ়াব দিব লাগিব ইয়ো হৈ থাকিল--- এইবাৰ ছোৱালীজনীলৈ এডাল সোণৰ হাৰ/ চেইন বনাব দিব লাগিব
১১/ নাট্যকাৰে নাটকৰ scriptপ্ৰস্তুত/ তৈয়াৰ কৰিছে হৈ থাকিল--- নাট্যকাৰে নাটকৰ scriptবনাইছে
১২/ আজি আৰু ছবি এখন আঁকি আপোনাক কোনেও উপহাৰ নিদিয়ে, ছবিখন বনাইহে উপহাৰ দিব।
১২/ আগতে মানুহক বুর্বক সাজিব পাৰিছিল; আজিকালি বুর্বক বনায়।
১৩/ এতিয়া মথাউৰি নাবান্ধে, মথাউৰি বনা
১৪/ প্রতিমূর্ত্তি নাসাজে, প্রতিমূর্ত্তি বনা

            আজিকালি য'তেই যাওঁ ত'তেই সকলোৱে সব "বনায়’; বনায় আৰু বনায় অসমীয়া সমাজলৈ "চাউল সিজোৱা" বাক্যাংশটো আহিছে ভকতীয়া সমাজৰ পৰা; কিন্তু তাকো সত্রৰ ভকত-আতাসকলক বাদ দি আমাৰ মাজৰ কেইজনে ব্যৱহাৰ কৰে সন্দেহ আছে, সকলোৱে মাথোঁ ‘বনায়’

            মোৰ বন্ধু এজনে কথা প্রসংগত কৈছিল "মই মোৰ ভাগিনটোক মানুহ বনাম। কিন্তু ভাবি আচৰিত হৈছিলোঁ, মানুহ কেনেকৈ বনাব পাৰি ??

            বনোৱা'ৰ প্রতাপ ইমান বাঢ়িছে যে ই এফালৰ পৰা সব গিলি গৈ আছে। কিছুদিন আগতে ছাত্রী এগৰাকী আহিছিল আমাৰ ঘৰলৈ। চাহ বাকিবলৈ যাওতে এপাকত ছাত্রীয়ে গৈ মোক সুধিলে,"বাইদেউ কি কৰিছে? মই ক'লোঁ, "চিৰা ভাজিছোঁ। তেওঁ আকৌ ক'লে, "অ', চিৰা ভাজি বনাইছে!!য়াই'ল "বনোৱা'ৰ প্রতাপ

            উস্ আৰু বা কত কিমান!! এবাৰ মোৰ এদল ছাত্ৰ-ছাত্ৰীৰ মাজলৈ এই বিষয়টো এৰি দিছিলোঁ প্ৰসংগক্ৰমে জ্যোতিৰ্ময় তালুকদাৰ নামৰ  ছাত্ৰজনে এটি ঘটনাৰ কথা কলে--- এদিন তেওঁৰ দেউতাকে হেনো বাৰান্দাতে বহি দাড়ি খুৰাই আছিল তেনেতে তেওঁৰ প্ৰতিবেশী এজনে বাটৰ পৰাই মাত লগালে কিহে তালুকদাৰ, দাড়ি বনাইছে নেকি?” এইফালে শ্ৰীযুত তালুকদাৰ নিজৰ দাড়ি খুৰোৱাত ব্যস্ত উত্তৰ নাপাই প্ৰতিবেশীয়ে আকৌ মাত লগালে, এইবাৰ আগৰ বাৰতকৈ অকণমান ডাঙৰকৈ, “হেৰি তালুকদাৰ, লো দাড়ি বনাইছে নেকি?” এইবাৰ শ্ৰীযুত তালুকদাৰে কলে দাড়ি বনাবও পাৰি নেকি? কেনেকৈহে? মইতো ইমান দিনে খুৰাব পাৰি বুলিহে ভাৱি আছিলোঁ৷যথোচিত উত্তৰ পাই এইবাৰ আৰু প্ৰতিবেশীৰ তাত ৰোৱাৰ ধৈৰ্য নহ

            এতিয়া বনোৱাৰে কাম চলাব পৰা ঠাইত আন ক্ৰিয়াবোৰৰ প্ৰয়োগ নোহোৱা হবলৈ ধৰিছে; যেন ডাঙৰ কেৰাহী এখনত এই ক্ৰিয়াবোৰ তুলি দি হেতাৰে লৰাই লৰাই আমিও আমাৰ জনপ্ৰিয় গায়ক এজনৰ ষ্টাইলত গাবলৈ আৰম্ভ কৰি দিছোঁ বানাও বানাও বানাও বানাও বানাও বানাও বানাও, ৰাইট ন্যাও(banao banao banao banao banao banao banao, right now) !! ছে: কথাটো বৰ ভাল নহল নেকি!! কিয়নো আমাৰ ভাষাটোৰ ক্ৰিয়াবোৰৰ এনে আলৈ-আথানি হল!! এইবোৰৰ প্ৰয়োগেইতো আমাৰ ভাষাটোক বহুভাষাৰ সংগমস্থলী বিশাল ভাৰতবৰ্ষৰ আন আন ভাষাৰ পৰা পৃথক কৰিছে!! অকণমান মাথোঁ সচেতন হৈ আমি বাৰু এইবোৰৰ পুন:প্ৰয়োগ/ পুন:প্ৰচলন কৰিব নোৱাৰোঁনে!! ক্ৰমান্বয়ে হেৰাই যাবলৈ ধৰা এই ক্ৰিয়াবোৰৰ লগত অকণমান ন্যায় কৰিব নোৱাৰিনে!!

1 comment:

  1. সঠিক কৈছে আপুনি । ড০ মহেশ্বৰ নেওঁগ ডাঙৰীয়াইয়ো এই বিষয়ে সুন্দৰকৈ উল্লেখ কৰিছে তেখেতৰ 'নিকা অসমীয়া ভাষা' শীৰ্ষক গ্ৰন্থখনত ।

    ReplyDelete