এটা আঙুলিৰ হেঁচাত
তই মোৰ কাষলৈ আহ
তোৰ অবিহনে মোৰ জীৱন
ৰুক্ষ হ'ব বুলি!
লৈ আহ সুখৰ সঁফুৰা অথবা
দুখৰ জোঁৱাৰ অথবা
আশাৰ সৌধ অথবা
প্ৰেমৰ তাজমহল বাতৰি
এনেকৈয়ে এদিন----
হাজাৰ হাজাৰ টন হৃদয়ৰ
বোজা কঢ়িয়াই
কুঁজা হৈ পৰিবি তই
কেতিয়াবা আকৌ----
উকাকৈয়ো আহ তই
ক'বলৈ একো নাথাকিলে নে
বহু কিবা ক'বলৈ থাকিলে!
এটা আঙুলিৰ হেঁচাত তই
কঢ়িয়াই আন
হৃদয়ৰ বাতৰি
এখন হৃদয়ে সিখন হৃদয়লৈ
নিৰৱে সিঁচি দিয়া
ৰঙা নীলা সেউজীয়া
বেঙুণীয়া ৰঙেৰে
ফাকু খেল নেকি তই?
হৃদয়ৰ খবৰ আনোতে
সাৱধানে আহিবি তই!
সাৱধানে আহিবি তই!
এটা আঙুলিৰ হেঁচাত ক'লা ৰং থাকিলে
বিদ্ৰোহ কৰিবি তই
যিকোনো আজুহাত দেখুৱাই
নাহো বুলি ক'বি
কাৰণ, এটা আঙুলিৰ হেঁচাত
শেষ হ'ব পাৰে অথবা
বাঢ়িব পাৰে অযুত-নিযুত
মাইলৰ ব্যৱধান
আৰু এটা আঙুলিৰ হেঁচাত
অহা তই
হয়তো গঢ়িবও পাৰ অথবা
ভাঙিবও পাৰ
বিশ্বাসৰ সাকোঁ....
------------------
মনোৰম......
ReplyDeleteসুন্দৰ................
ReplyDeleteআঙুলি অৱশ হৈ পৰে মোৰ চিন্তাৰ গতি খেদি, ভাগৰি পৰে সময়|
ReplyDeleteআকৌ তুলি ল’ব লাগে আঙুলিৰ হেঁচা, এয়াই জীৱন|
ভাল লাগিল মিতালিৰ আঙুলিক কথা পঢ়ি|