Pages

Monday, July 24, 2017

অন্তৰ্মুখ


চিট নে পট?
জীৱন নে মৃত্যু?
জীৱন সাঁথৰ
মৃত্যু সাঁথৰ

সাঁথৰৰ জঁট ভাঙি
ভাগৰি ভাগৰি আমি
তথাপি খামুচি থাকোঁ
এখন তেনেই ঠুনুকা সাঁকো

এটি পূৰ্ণিমাৰ ৰাতি
অচ্যুতৰো কক্ষচ্যুতি হয়
কক্ষচ্যুতিৰ সন্মোহনীত
এটা এটাকৈ নক্ষত্ৰ সৰি পৰে
অযুত নাঙঠ চকুত
দুখৰ দাগ কাটি
সেই বাটতেই তন্ময় হৈ
জাহ যায় অৰ্ণৱত
আৰু জাহ যায় বহুতো
চিনাকি-অচিনাকি মুখ!
মানুহৰ ভীৰত
বিদিশাও দিশহাৰা হয়!

সেইবাট বাট নহয়
সেইবাট বাট নাছিল
কক্ষচ্যুতৰ কোনো বাট নাই
কোনো আকৰ্ষণ নাই
মাথোঁ প্ৰলয় নমায়
কক্ষ হেৰুৱাই

সকলোৰে কাহিনী থাকে
সকলোৰে কাহিনী আছে
বাজিব পাৰে তাত
সুখৰ চানাই
অথবা দুখৰ বাঁহী

মানুহৰ সমাজত সিঁচি ৰংমিলিৰ হাঁহি
আৰু বুকুৰ গহীনত
উমি উমি জ্বলে কিবা
জীয়া কাহিনী
পৃথিৱীক নজনালে
পৃথিৱীয়ে নাজানিলে
কোন কাৰ কিমান আপোন
কোন কাৰ কিমান পৰ!
কথা নহয় যেন এক জীয়া সপোন!
দাপোণ দাপোণ
'ত ভাগি শেষ কৰিলি সপোন!!

বুকুত উজান-ভাটি কৰে
হৃদয় কঁপোৱা গানে
বাৰে বাৰে বাজে কিয়
বিষাদৰ তানপুৰা

জীৱন নে মৃত্যু?
যুগান্তৰৰ এক অবান্তৰ প্ৰশ্নৰ উত্তৰ
বিচাৰি পোৱা ইমান সহজ আছিল নেকি?

জীৱন সাঁথৰ হ'লেও
মৃত্যু তাৰ সহজ উত্তৰ নহয় কেতিয়াও
মৃত্যু তাৰ সহজ উত্তৰ নাছিল কেতিয়াও
সেউজীয়া দলিচাক
উৰুঙা কৰা
সেইবাট বাট নাছিল
সেই পথ কক্ষপথ নাছিল
সেই পথে ৰচিব জানে মাথোঁ মৰীচিকা
'ত চৌদিশে মাথোঁ
শূন্যতাৰ বালি আৰু ধুমুহা...

*********

No comments:

Post a Comment