Pages

Monday, September 25, 2017

কৃষকৰ শত্ৰু বনাম গুৰুদেৱ



किसान के शत्रु बनाम गुरुजी
দীনদয়াল শৰ্মাৰ ব্যঙ্গ ৰচনা


সাধাৰণতে ল'ৰা-ছোৱালীবোৰ বৰ জিজ্ঞাসু প্ৰবৃতিৰ হয়। ইহঁতৰ মনৰ ভিতৰত প্ৰতিটো বস্তু জানিবলৈ উৎসুকতা থাকে। ইহঁতৰ ভিতৰত ভাল-বেয়া সকলোবোৰ কামৰে অনুকৰণ কৰাৰ প্ৰবৃতিও থাকে, সেইবাবেইতো ইহঁতক বান্দৰৰ দৰে একে বুলি কোৱা হয়। ইহঁতে যিদৰে দেখে আৰু শুনে সেইদৰেই প্ৰকাশ কৰে। শিশুৰ মনত কোনোধৰণৰ ছল-কপটতা নাথাকে। ইহঁত পৰিষ্কাৰ স্লেটৰ দৰে, যিদৰে আপুনি লিখি দিয়ে সিহঁত তেনেকুৱাই হ'বলৈ প্ৰয়াস কৰে।

এবাৰ হিন্দী শিকোৱা গুৰুদেৱে ব্যাকৰণ বিষয়ত ঘটনা আৰু দুৰ্ঘটনাৰ মাজত পাৰ্থক্য বুজাই আছিল। তেখেতে অনেক উদাহৰণ দিলে। তাৰপাছত শিক্ষাৰ্থীসকলক ক'লে যে এইদৰে তোমালোকেও ঘটনা আৰু দুৰ্ঘটনাৰ যিকোনো নতুন উদাহৰণ দিব পাৰিবা। তাৰপিছত গুৰুদেৱে শিক্ষাৰ্থীহঁতক সুধিলে, "তোমালোক সকলোৱে বুজি পাইছানে?"
"হয় মহাশয়, বুজি পাইছোঁ।"- আটাইবোৰ শিক্ষাৰ্থীয়ে সমস্বৰত ক'লে।
"বাৰু ৰাজেশ, এতিয়া তুমি কোৱাচোন, ঘটনা আৰু দুৰ্ঘটনাৰ মাজত পাৰ্থক্য কি?"
ৰাজেশে থিয় হৈ ক'লে, "মহাশয়, বিদ্যালয়ত হঠাৎ জুই লাগিলে সেয়া ঘটনা আৰু যদি সেই জুইত কোনোগৰাকী
শিক্ষক জ্বলি যায় তেন্তে তাক দুৰ্ঘটনা বুলি ক'ব লাগিব।"
উত্তৰটো শুনি শ্ৰেণীটোৰ আটাইবোৰ শিক্ষাৰ্থীয়ে গিৰ্জনি মাৰি হাঁহিলে। উত্তৰটো ঠিকেই আছিল; কিন্তু গুৰুদেৱৰ পচন্দ নহ'ল। তেখেতে ৰাজেশকে ধৰি সকলোকে ভালকৈ এশিকনি দিলে।

আকৌ আন এখন বিদ্যালয়ৰ শিক্ষাৰ্থীহঁতে শিক্ষকসকলৰ খুব সেৱা-সৎকাৰ কৰিছিল। কোনোৱে যদি গাখীৰ আনি দিছিল, কোনোৱে আকৌ সেউজীয়া শাক-পাচলি, কোনোবাই যদি গাজৰ আন কোনোবাই মূলা লৈ আহিছিল। গুৰুসবেও শিক্ষাৰ্থীহঁতৰ হতুৱাই বতৰ অনুযায়ী শাক-পাচলি অনোৱাইছিল।
বিদ্যালয়ত এনেধৰণৰ শিক্ষকো আছিল যিয়ে প্ৰতিদিনে শিক্ষাৰ্থীহঁতৰ দ্বাৰা দহ-বাৰ কিলো শাক-পাচলি আদি অনোৱাইছিল আৰু নিজৰ চাইকেলত বোজাই কৰি ঘৰলৈ লৈ গৈছিল। ঈশ্বৰেহে জানে নিজেই খাইছিল নে পাৰ্ট টাইম বজাৰ লগাই বহিছিল।
সেই বিদ্যালয়খনতে এবাৰ সমাজবিজ্ঞান বিষয়ৰ প্ৰশ্ন কাকতত এটা প্ৰশ্ন আহিল যে খেতিয়কৰ খেতি বিনষ্ট কৰা যিকোনো তিনিটা শত্ৰুৰ নাম লিখা।সকলোবোৰ বিদ্যাৰ্থীয়ে নিজৰ নিজৰ মতে উত্তৰ লিখিলে। এজন ছাত্ৰই বাকী ছাত্ৰবোৰতকৈ অকণমান অন্যধৰণে উত্তৰটো লিখিলে। সি লিখিলে, "ভাটৌ, নিগনি আৰু আমুক গুৰুদেৱ।" উত্তৰ বহীখন পৰীক্ষণ কালত গুৰুদেৱৰ নামটো উজলি উঠিল।ল’ৰাটোক সামূহিক পিতন দিয়া হ'ল। কিন্তু ইয়াৰ পাছতো ল’ৰা-ছোৱালীহঁতৰ দ্বাৰা পাচলি অনোৱা কাৰবাটো নকমিল। যিটো ল’ৰাই পিতন খাইছিল সি ফেল কৰিব বুলি ভয়তে আগতকৈয়ো অলপ বেছিকৈহে পাচলি অনা হ’ল।লাহে লাহে গাঁৱৰ সজাগ জনতাই “ল’ৰা-ছোৱালীয়ে পঢ়া-পাতি কমকৈ কৰে আৰু সৰহভাগ সময় গুৰুসকলৰ বাবে খেতিৰ পাচলি তোলাত কটায়” বুলি প্ৰধান শিক্ষকৰ ওচৰলৈ অভিযোগ আনিবলৈ ধৰিলে।
কথাটোতো সঁচাই আছিল; কিন্তু বিদ্যাৰ্থীহঁতক পাচলি আনিবলৈ মানা কৰে কোনে! প্ৰধান শিক্ষক মহোদয়ো এই ৰোগত জৰ্জৰিত হৈ আছিল।গুৰুসকলে বিদ্যাৰ্থীহঁতৰ দ্বাৰা পাচলি অনোৱা কথাটো লাহে লাহে গোটেই গাঁওখনতে জুইৰ দৰে বিয়পি পৰিল। ঘৰে ঘৰে পঞ্চায়তৰ মেল বহিল যে সকলো ছাৰ-বাইদেৱে ল’ৰা-ছোৱালীহঁতৰ দ্বাৰা পাচলি আদি খুজি পঠিয়ায়। এই কাৰবাৰটো ৰোধ কৰিব লাগে।
অৱশেষত প্ৰধান শিক্ষক মহোদয়ে নিজৰ ইচ্ছাৰ বিৰুদ্ধে গৈ সকলো শিক্ষকক মৌখিকভাবে আদেশ দিলে যে স্কুলৰ সময়ত যেন কোনো ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা পাচলি অনোৱা নহয়।
পাঁচ-সাতদিনমান আদেশটো পালন কৰা হ’ল। কিন্তু ল’ৰা-ছোৱালীহঁতেও যে গুৰুসকলৰ সেৱা-সৎকাৰ নকৰাকৈ থাকিব নোৱাৰা হ’ল। সিহঁতে এতিয়া প্ৰধান শিক্ষক মহোদয়ক অন্য গুৰুসকলতকৈ বেছিকৈ পাচলি আনি দিবলৈ ধৰিলে।
প্ৰধান শিক্ষক মহোদয়ে পাচলিবোৰ লোৱাৰ সময়ত সিহঁতক সোধে, “ল’ৰা-ছোৱালীহঁত, তহঁতে এই পাচলিবোৰ স্কুলৰ সময়তটো লৈ অনা নাই। নহয়নে?”
“নাই মহোদয়, স্কুল ছুটি হোৱাৰ পাছতহে তুলি আনিছিলোঁ।”
পাচলি অনা কামটো এতিয়াও চলি আছে। আনকি বহুকেইজন গুৰুৱে ল’ৰা-ছোৱালীৰ পৰা পাচলি লোৱাৰ সময়ত কৈ দিয়ে যে “যিয়ে কৰিব সেৱা-সৎকাৰ, তাৰেই ভাগ্য জাতিষ্কাৰ।”

No comments:

Post a Comment