Pages

Thursday, August 9, 2018

ধুনীয়া পুৰাণ



'ধুনীয়া' শব্দটো বৰ ধুনীয়া। সেই শব্দটো প্ৰতিগৰাকী ব্যক্তিয়ে নিজৰ জীৱন এবাৰ হলেও শুনিবলৈ হাবিয়াস কৰে আৰু সকলোৱে জীৱনত এই শব্দটো শুনিছেও, অন্ততঃ নিজৰ মাকৰ মুখৰ পৰা। কাৰণ আনৰ দৃষ্টিত দেখাই-দৰ্শনে ধুনীয়া হওক বা নহওক মাকৰ মনত তেওঁৰ সন্তান সকলোতকৈ ধুনীয়া। এতিয়া এইবোৰ বিশ্লেষণ থাকক, অন্যথা বহুবল্কিতাৰ দোষে আমাকো চুব। কিন্তু ওপৰৰ কথাখিনিৰ জড়িয়তে পাঠকসমাজে নিশ্চয় বুজি পাইছে যে ধুনীয়াএটা বিশেষণ পদ। বিশেষ্যক যিয়ে বিশেষ কৰে সেয়াই বিশেষণ। যেনে: কইনাজনী ধুনীয়া। ইয়াত ধুনীয়াই কইনাজনী দেখাত কেনেকুৱা সেইটো বিশেষকৈ বুজাইছে। কিন্তু যদি কোৱা হয়, “ধুনীয়া মোৰ ভনীতেতিয়া ধুনীয়া এটা নামবাচক পদ হৈ পৰিব। মানে যেনেকৈ মোৰ নাম মিতালী, তেওঁৰ নাম কাকলি তেনেকৈ মোৰ ভনীজনীৰ নাম ধুনীয়া। যদি আমি এনেকৈ কওঁ যে ছোৱালীজনীৰ নামটো ধুনীয়াদেই! তেতিয়া আকৌ ধুনীয়াশব্দই কাৰোবাৰ নামটো ভাললগা বা পচন্দ হোৱা অৰ্থও বুজাব পাৰে। যদি আকৌ এনেকৈ কোৱা হয় যে ধুনীয়া ধুনীয়া ছোৱালীতেতিয়া আকৌ ধুনীয়া নামৰ সেই বিশেষ ছোৱালীজনী যে দেখিবলৈ ধুনীয়া সেইটোহে বুজাব (Dhuniya is a beautiful girl.)কিন্তু অসমীয়া ভাষাত শব্দ একবচনৰ পৰা বহুবচন কৰাৰ নিয়ম অনুসৰণ কৰিলে এই বাক্যটোৰ বহুবচনবাচক অৰ্থহে প্ৰকাশ হব। কেতিয়াবা বিশেষণ শব্দবোৰক একেলগে দুবাৰ ব্যৱহাৰ কৰি শব্দৰ একবচনবাচক ৰূপক বহুবচনবাচকলৈ পৰিৱৰ্তন কৰা হয়। যেনে: সৰু মাছ অৰ্থাৎ মাছ শব্দটোক সৰু শব্দই বিশেষ কৰি তুলিছে। যদি কোৱা হয়, সৰু সৰু মাছ- তেন্তে কেইবাটাও সৰু মাছ বুজাব অৰ্থাৎ ই বহুবচনবাচক ৰূপলৈ পৰিৱৰ্তন হব। একেদৰে, ডাঙৰ মানুহ ডাঙৰ ডাঙৰ মানুহ, ওখ ঘৰ ওখ ওখ ঘৰ ইত্যাদি। সেইদৰে, ধুনীয়া ছোৱালী ধুনীয়া ধুনীয়া ছোৱালী, অৰ্থাৎ কেইবাজনীও ধুনীয়া ছোৱালী।

আকৌ অসমীয়া ভাষাত সৌন্দৰ্য বুজাবলৈ ছোৱালীকো ধুনীয়া আৰু লৰাকো ধুনীয়া বুলি কোৱাৰ প্ৰৱণতা আছে। কিন্তু পুৰুষৰ সৌন্দৰ্য বুজাবলৈ দেখনিয়াৰ’ (দেখনিয়াৰ পুৰুষ), ‘সুদৰ্শন’ (সুদৰ্শন যুৱক) আদি শব্দৰ ব্যৱহাৰ হৈছিল। বৰ্তমান পুৰুষৰ সৌন্দৰ্যক বিশেষ কৰি বুজোৱা এনেধৰণৰ শব্দৰ প্ৰয়োগ আঙুলিৰ মূৰত লেখিবলগীয়া।

এতিয়ালৈ পঢ়ুৱৈসকলে নিশ্চয় ধুনীয়াশব্দটোৰ প্ৰয়োগ সম্পৰ্কে নিশ্চয় এটা মোটামুটি ধাৰণা কৰি লব পাৰিছে। এতিয়া কেতবোৰ উদাহৰণসহ প্ৰতিপাদ্য বিষয়লৈ আহোঁ:

১/ ছোৱালীজনী ধুনীয়া।” - আগতে কোৱাৰ দৰে ইয়াত ধুনীয়াশব্দই ছোৱালীজনীক বিশেষ কৰিছে আৰু এই বাক্যটো এশ শতাশং শুদ্ধ এটা অসমীয়া বাক্য।

২/ আঞ্জাখন বৰ ধুনীয়া হৈছে।” - আঞ্জাখন খাই চোৱাৰ আগতে যদি দেখি ভাল লাগি আপুনি তেনেকৈ কৈছে তেন্তে আমাৰ কবলগীয়া একো নাই। কিন্তু যদি আঞ্জাখন খাই উঠি আপুনি আঞ্জাখন ধুনীয়া হোৱা বুলি কৈছে তেন্তে কবলগীয়া আছে। জিভাখনে ধুনীয়াৰ সংজ্ঞা বুজি পায় নেকি যে ধুনীয়া বুলি কব! জিভাই স্বাদৰ সংজ্ঞা জানে; সেইবাবে জিভাই আঞ্জাখন সোৱাদ হোৱা বুলিহে কব। এইক্ষেত্ৰত ধুনীয়াশব্দৰ প্ৰয়োগটো প্ৰকৃততে ভুল।

৩/ তুমি গানটো বৰ ধুনীয়াকৈ গাইছাদেই!” – আকৌ একে কথা। কাণে কি বুজিব ধুনীয়াৰ সংজ্ঞা? কাণে বুজে শব্দ (এইক্ষেত্ৰত শব্দ মানে word নহয় soundহে)ৰ তৰংগহে, মিঠা, কৰ্কশ আদি ভাবহে। সেইবাবে কাণে গানটো ধুনীয়াকৈ শুনাৰ সলনি সুৰীয়াকৈ বা শুৱলাকৈহে শুনিব।

৪/ তুমি কি পাৰফিউম লগাইছা? ইমান ধুনীয়া গোন্ধাইছে!” – জিভা আৰু কাণৰ দৰে নাকেও ধুনীয়ামানে কি নাজানে। ঘ্ৰাণৰ ক্ষেত্ৰত সদায় সুগন্ধ বা দুৰ্গন্ধহে আহে, ‘ধুনীয়ানাহে।

৫/ কিতাপখন পঢ়িবা, বৰ ধুনীয়া।” – এই বাক্যটিলৈ মন কৰক, বক্তাই কিতাপখন কেৱল চাবলৈ কোৱা নাই, পঢ়িবলৈ কৈছে। যদি কিতাপখনৰ বেটুপাত, অলংকৰণ, মুদ্ৰণ নিখুঁত তেতিয়া কিতাপখন দেখি মানে চকুৰে চাই নিশ্চয় ভাল লাগিব আৰু ধুনীয়া হব। কিন্তু কিন্তাপখনৰ অন্তৰ্নিহিত কথাখিনিৰ বাবে কিতাপখন মূলতঃ উপভোগ্যহে হৈ পৰিব।

৬/ ছাত্ৰজনৰ ৰিজাল্ট ধুনীয়া কৰিছে।” – ইয়াত ৰিজাল্ট ধুনীয়াবুলি কোৱাৰ সলনি সন্তুষ্টিজনক বুলি কলেহে প্ৰকৃত অৰ্থ প্ৰকাশ পাব।

৭/ মানুহজনৰ ব্যক্তিত্ব বৰ ধুনীয়া।” – ব্যক্তিত্ব কেনেকৈ ধুনীয়াব পাৰে? ব্যক্তিত্ব সদায় আকৰ্ষণীয়হে হয়।

আমাৰ দৈনন্দিন জীৱনত ব্যৱহাৰ কৰি থকা কথা-বতৰাত এনে অনেক উদাহৰণ দেখা যাব যধুনীয়াই বহুতো ধুনীয়া ধুনীয়া শব্দৰ স্থান দখল কৰি লৈ সেই শব্দবোৰ পাহৰণিৰ গৰ্ভলৈ ঠেলি পঠিয়াইছে। কিন্তু এয়া ভাষাটোৰ বাবে নিশ্চয় মঙ্গলজনক নহয়। অলপ সতৰ্ক হৈ ভাষাটোৰ ব্যৱহাৰ শুদ্ধকৈ কৰিলেহে ন-পুৰণি শব্দৰ সম্ভাৰে ইয়াক চহকী কৰি ৰাখিব।


No comments:

Post a Comment