Pages

Friday, September 27, 2019

ভূগোল

চন্দ্ৰধৰ শৰ্মা গুলেৰীৰ “ভূগোল”
অনুবাদ: মিতালী নাৰায়ণি

বিদ্যালয় পৰিদৰ্শন কৰিবলৈ পৰিদৰ্শক আহিব বুলি এগৰাকী শিক্ষকে বৰ ভয় খালে আৰু তেওঁ শ্ৰেণীটোৰ আটাইবোৰ বিদ্যাৰ্থীক ভূগোল মুখস্থ কৰাবলৈ ধৰিলে। ক’বলৈ ধৰিলে যে পৃথিৱী গোলাকাৰ। যদি পৰিদৰ্শকে আহি সোধে যে পৃথিৱীৰ আকাৰ কেনেকুৱা আৰু তোমালোকৰ যদি মনত নপৰে তেন্তে মই লাহেকৈ চাধাৰ টেমাটো উলিয়াই দেখুৱাম, সেইটো চাই তোমালোকে উত্তৰ দিবা। শিক্ষকগৰাকীৰ চাধাৰ টেমাটো গোলাকাৰ আছিল।

পৰিদৰ্শকে আহি এজন ছাত্ৰক সেইটো প্ৰশ্নকে সুধিলে আৰু ছাত্ৰজনে খুব উৎকণ্ঠাৰে শিক্ষকৰ মুখলৈ চালে। শিক্ষকগৰাকীয়ে জেপৰ পৰা চাৰিকোণীয়া টেমা এটা উলিয়ালে। সিদিনা ভুলতে আনটো টেমা আহি গৈছিল। ল’ৰাজনে ক’লে, “বুধবাৰে পৃথিৱীৰ আকাৰ চাৰিকোণীয়া হয় আৰু বাকী দিনবোৰত গোল।
********************

গালি


চন্দ্ৰধৰ শৰ্মা গুলেৰীৰ "গালি"
অনুবাদ: মিতালী নাৰায়ণি

এখন গাঁৱত বৰযাত্ৰীসকল ভোজন কৰিবলৈ বহিল। সেইসময়ত সাধাৰণতে কইনা পক্ষৰ মহিলাসকলে বৰযাত্ৰীক গালি পাৰি গীত গায়। কিন্তু গালিৰ গীত গোৱা নুশুনি বৰযাত্ৰী সুধাকৰে বৰ সন্তোষ পালে। তেওঁ গাঁৱৰ এগৰাকী বয়োজ্যেষ্ঠ মানুহক ক’লে, “ইয়াত ইমান উন্নতি হোৱা দেখি বৰ সুখ পালোঁ।”

বুঢ়া মানুহজনে ক’লে, “হয় চাহাব, উন্নতি হৈয়ে আছে। আগতে অমুকক তমুকৰ লগত সাঙুৰি, তমুকক ভুচুকৰ লগত সাঙুৰি গালিৰ গীত গোৱা হৈছিল। তাকে মতা-তিৰোতাই শুনিছিল আৰু হাঁহিছিল। এতিয়া ঘৰে ঘৰে সেইবোৰ কথায়ে সঁচা হৈ পৰিছে। এতিয়া গালিৰ গীত গোৱা মানে ওপৰলৈ থুৱাই নিজৰ মুখত পেলোৱাৰ দৰে হয়। সেইবাবেইতো মানুহবোৰে আন্দোলন কৰে যে গালিবোৰ বন্ধ হওক; কাৰণ সেইবোৰে ঘূৰি আহি নিজকে বিন্ধে।”
**********************

Tuesday, July 2, 2019

জোনৰ নামত নাখাবা শপত





একলা একলাকৈ বাঢ়ি অহা জোন!

ৰাতিৰ বুকুত জোনৰ মৰম
অবোধ কিশোৰীৰ দৰে ৰাতি
অযুত তৰালিৰ বুজনি নামানি
বাৰে বাৰে জোনৰ প্ৰেমত পৰে
প্ৰথম প্ৰেমত পৰা কিশোৰীৰ দৰে
....

ছলনাময়ী জোন!!

আশাবোৰ বাঢ়ি যায়
চন্দ্ৰকলাৰ দৰে
ৰাতিৰ বুকুত পূৰ্ণিমাৰ জোন
....

বিশ্বাসঘাতক জোন!!!

আশাবোৰত পোহৰ সিঁচা দিনবোৰতে
আঁতৰি যায়
ৰাতিৰ বুকুত অমানিশাৰ উচুপনি
....
----------------------------------
(জানুৱাৰী, ২০১১)

সাগৰখন ইয়ালৈ আনিব পৰা হ'লে!


সঁচাকৈ সাগৰখন ইয়ালৈ আনিব পৰা হ'লে!
তোমাৰ বুকুৰ হালধীয়া চোলাটো খুলি
পিন্ধাই দিলোঁহেঁতেন
মুঠি ভৰাই সাগৰীয় নীলা....

অবোধ কিশোৰ-কিশোৰীৰ দৰে
দেও দি ফুৰিম সাগৰৰ পাৰে পাৰে
বহুদূৰলৈ আগুৱাই যাম আমি
শামুকৰ পেটত মুকুতা বিচাৰি

সাগৰৰ বালি আৰু এটি জোনাকী ৰাতি
ঢৌবোৰে কৈ যাব মনৰ খবৰ
মোৰ দুচকুৰ লুণীয়াবোৰ মোহাৰি

সাগৰখনকে ওভতাই দিবাহি তুমি
ওঁঠত ফুলাই তুলিবাহি----
ৰামধেনুৰ বোল

তোমাৰ দুচকুৰ সুৰুযমূখী শিপাই যাব----
মোৰ হৃদয়লৈ
সাগৰখন ইয়ালৈ অহা হ'লে খুব ভাল হ'ব....
***************
(ছেপ্টেম্বৰ, ২০১১)


বৰষুণৰ এমুঠি কবিতা :



কবিতা (১)

এজাক বৰষুণ ৰৈ আছে মোলৈ মোৰ ঘৰৰ জপনামুখত....
মন্দাক্রান্তা, ওপচাই দিবাহি হৃদয়ত মোৰ----
মোৰ প্রিয় সেউজীয়া....

কবিতা (২)

মুঠি ভৰাই চপাই অনা ভাগৰত
সিঁচিব পাৰি নেকি দুচকুত
ৰূপকোঁৱৰৰ সাধু....

কবিতা (৩)

মাথো এটি নিশাৰ স্বপ্নহৈ নাহিবা তুমি
মোৰ কাজল-কলা দুচকুৰ কাজল ধুই নিবলৈ
বৰষুণ....

 কবিতা (৪)

মধুমালতী নিশাতো যে
দুচকুত মোৰ
তন্দ্রাৰ আৱেশ....

কবিতা (৫)

বৰষুণ, মোৰ দুচকুৰ কাজলবোৰ গলাই নি
আঁকিবা নেকি তুমি
ৰং হেৰুওৱা হৃদয়ৰ গাঁথা....

 কবিতা (৬)

মোৰ কাজল-কলা দুচকুত জুমি জুমি চাই
জুখিব খুজিছিলা নেকি মোৰ---- ভালপোৱা
বৰষুণ....

 কবিতা (৭)

ৰূপকোঁৱৰ মোৰ
তোমাৰ দেশতেই মোৰ আইতাৰ সাধ
দীঘলঠেঙীয়াৰো তাতেই বাস....

 কবিতা (৮)

বৰনৈখন বৰষুণত তিতি জুৰুলি-জুপুৰি হোৱা পৰত
এইবাৰ আমি নাওখেলৰ গীত গাম
চপচপীয়া হব আমাৰ সোণালী পথাৰ....
-------------------------------------------
(১০জুন, ২০১১)

জোনাকৰ এমুঠি কবিতা

(১)

লাইটবোৰ নুমুৱাই
খিড়িকীবোৰ খুলি দিছোঁ
এছাটি শান্ত স্নিগ্ধ জোনাক
সোমাই আহিছে মোৰ ঘৰলৈ
আজি মোৰ ঘৰলৈ আলহী হৈ আহিছে
ৰূপালী জোনাক

(২)

তোমাৰ অপেক্ষাত
গাভৰু হৈছে মোৰ চহৰ
কাতিৰ কুঁৱলীৰ চাদৰৰে
মেৰিয়াই ধৰিছে
মোৰ ভৰুণ চহৰৰ সেউজ হিয়া

(৩)

নিজৰি নিজৰি বয়
গলি যোৱা জোনাকবোৰ
হৃদয়ত নিগৰে ভগীৰথী গংগা

তৰাফুলা সাঁকোৰ বাট
জোনৰ দেশলৈ

(৪)

তৰাবোৰে সাধু ক
জোনাকত লহৰ তুলি
নিয়ৰৰ সতে লুকা-ভাকু খেলিব

(৫)

জোনাকবোৰ গলি গলে
আকাশত সপ্তর্ষিয়ে সভা পাতে
ৰজনীগন্ধাই তিয়াই যায়
সপ্তর্ষিৰ কাপ-মৈলাম

টোপে টোপে সৰি পৰে জোনাক

(৬)

ধুমুহা আহিলেও আহক
তুমি মাথোঁ সপোনবোৰ ভাঙি যাবলৈ নিদিবা
এতিয়াও যে লিখা হোৱা নাই
এমুঠি জোনাকৰ কবিতা

(৭)

শাৰদী হৃদয়ৰ
অভিমানৰ বাট কাটি
জোনাকৰ এপিয়লাত ডুব যাব
মোৰ উন্মনা চহৰৰ নিসংগতাবোৰ!

আৰু সপ্তর্ষিয়ে পহৰা দিয়া আকাশত
অনুৰাগৰ ওৰণি খহি
লমালমে ফুলি উঠিব
সুৰুযমুখী হাঁহি
**************
(২০১৩)

Thursday, August 9, 2018

ধুনীয়া পুৰাণ



'ধুনীয়া' শব্দটো বৰ ধুনীয়া। সেই শব্দটো প্ৰতিগৰাকী ব্যক্তিয়ে নিজৰ জীৱন এবাৰ হলেও শুনিবলৈ হাবিয়াস কৰে আৰু সকলোৱে জীৱনত এই শব্দটো শুনিছেও, অন্ততঃ নিজৰ মাকৰ মুখৰ পৰা। কাৰণ আনৰ দৃষ্টিত দেখাই-দৰ্শনে ধুনীয়া হওক বা নহওক মাকৰ মনত তেওঁৰ সন্তান সকলোতকৈ ধুনীয়া। এতিয়া এইবোৰ বিশ্লেষণ থাকক, অন্যথা বহুবল্কিতাৰ দোষে আমাকো চুব। কিন্তু ওপৰৰ কথাখিনিৰ জড়িয়তে পাঠকসমাজে নিশ্চয় বুজি পাইছে যে ধুনীয়াএটা বিশেষণ পদ। বিশেষ্যক যিয়ে বিশেষ কৰে সেয়াই বিশেষণ। যেনে: কইনাজনী ধুনীয়া। ইয়াত ধুনীয়াই কইনাজনী দেখাত কেনেকুৱা সেইটো বিশেষকৈ বুজাইছে। কিন্তু যদি কোৱা হয়, “ধুনীয়া মোৰ ভনীতেতিয়া ধুনীয়া এটা নামবাচক পদ হৈ পৰিব। মানে যেনেকৈ মোৰ নাম মিতালী, তেওঁৰ নাম কাকলি তেনেকৈ মোৰ ভনীজনীৰ নাম ধুনীয়া। যদি আমি এনেকৈ কওঁ যে ছোৱালীজনীৰ নামটো ধুনীয়াদেই! তেতিয়া আকৌ ধুনীয়াশব্দই কাৰোবাৰ নামটো ভাললগা বা পচন্দ হোৱা অৰ্থও বুজাব পাৰে। যদি আকৌ এনেকৈ কোৱা হয় যে ধুনীয়া ধুনীয়া ছোৱালীতেতিয়া আকৌ ধুনীয়া নামৰ সেই বিশেষ ছোৱালীজনী যে দেখিবলৈ ধুনীয়া সেইটোহে বুজাব (Dhuniya is a beautiful girl.)কিন্তু অসমীয়া ভাষাত শব্দ একবচনৰ পৰা বহুবচন কৰাৰ নিয়ম অনুসৰণ কৰিলে এই বাক্যটোৰ বহুবচনবাচক অৰ্থহে প্ৰকাশ হব। কেতিয়াবা বিশেষণ শব্দবোৰক একেলগে দুবাৰ ব্যৱহাৰ কৰি শব্দৰ একবচনবাচক ৰূপক বহুবচনবাচকলৈ পৰিৱৰ্তন কৰা হয়। যেনে: সৰু মাছ অৰ্থাৎ মাছ শব্দটোক সৰু শব্দই বিশেষ কৰি তুলিছে। যদি কোৱা হয়, সৰু সৰু মাছ- তেন্তে কেইবাটাও সৰু মাছ বুজাব অৰ্থাৎ ই বহুবচনবাচক ৰূপলৈ পৰিৱৰ্তন হব। একেদৰে, ডাঙৰ মানুহ ডাঙৰ ডাঙৰ মানুহ, ওখ ঘৰ ওখ ওখ ঘৰ ইত্যাদি। সেইদৰে, ধুনীয়া ছোৱালী ধুনীয়া ধুনীয়া ছোৱালী, অৰ্থাৎ কেইবাজনীও ধুনীয়া ছোৱালী।

আকৌ অসমীয়া ভাষাত সৌন্দৰ্য বুজাবলৈ ছোৱালীকো ধুনীয়া আৰু লৰাকো ধুনীয়া বুলি কোৱাৰ প্ৰৱণতা আছে। কিন্তু পুৰুষৰ সৌন্দৰ্য বুজাবলৈ দেখনিয়াৰ’ (দেখনিয়াৰ পুৰুষ), ‘সুদৰ্শন’ (সুদৰ্শন যুৱক) আদি শব্দৰ ব্যৱহাৰ হৈছিল। বৰ্তমান পুৰুষৰ সৌন্দৰ্যক বিশেষ কৰি বুজোৱা এনেধৰণৰ শব্দৰ প্ৰয়োগ আঙুলিৰ মূৰত লেখিবলগীয়া।

এতিয়ালৈ পঢ়ুৱৈসকলে নিশ্চয় ধুনীয়াশব্দটোৰ প্ৰয়োগ সম্পৰ্কে নিশ্চয় এটা মোটামুটি ধাৰণা কৰি লব পাৰিছে। এতিয়া কেতবোৰ উদাহৰণসহ প্ৰতিপাদ্য বিষয়লৈ আহোঁ:

১/ ছোৱালীজনী ধুনীয়া।” - আগতে কোৱাৰ দৰে ইয়াত ধুনীয়াশব্দই ছোৱালীজনীক বিশেষ কৰিছে আৰু এই বাক্যটো এশ শতাশং শুদ্ধ এটা অসমীয়া বাক্য।

২/ আঞ্জাখন বৰ ধুনীয়া হৈছে।” - আঞ্জাখন খাই চোৱাৰ আগতে যদি দেখি ভাল লাগি আপুনি তেনেকৈ কৈছে তেন্তে আমাৰ কবলগীয়া একো নাই। কিন্তু যদি আঞ্জাখন খাই উঠি আপুনি আঞ্জাখন ধুনীয়া হোৱা বুলি কৈছে তেন্তে কবলগীয়া আছে। জিভাখনে ধুনীয়াৰ সংজ্ঞা বুজি পায় নেকি যে ধুনীয়া বুলি কব! জিভাই স্বাদৰ সংজ্ঞা জানে; সেইবাবে জিভাই আঞ্জাখন সোৱাদ হোৱা বুলিহে কব। এইক্ষেত্ৰত ধুনীয়াশব্দৰ প্ৰয়োগটো প্ৰকৃততে ভুল।

৩/ তুমি গানটো বৰ ধুনীয়াকৈ গাইছাদেই!” – আকৌ একে কথা। কাণে কি বুজিব ধুনীয়াৰ সংজ্ঞা? কাণে বুজে শব্দ (এইক্ষেত্ৰত শব্দ মানে word নহয় soundহে)ৰ তৰংগহে, মিঠা, কৰ্কশ আদি ভাবহে। সেইবাবে কাণে গানটো ধুনীয়াকৈ শুনাৰ সলনি সুৰীয়াকৈ বা শুৱলাকৈহে শুনিব।

৪/ তুমি কি পাৰফিউম লগাইছা? ইমান ধুনীয়া গোন্ধাইছে!” – জিভা আৰু কাণৰ দৰে নাকেও ধুনীয়ামানে কি নাজানে। ঘ্ৰাণৰ ক্ষেত্ৰত সদায় সুগন্ধ বা দুৰ্গন্ধহে আহে, ‘ধুনীয়ানাহে।

৫/ কিতাপখন পঢ়িবা, বৰ ধুনীয়া।” – এই বাক্যটিলৈ মন কৰক, বক্তাই কিতাপখন কেৱল চাবলৈ কোৱা নাই, পঢ়িবলৈ কৈছে। যদি কিতাপখনৰ বেটুপাত, অলংকৰণ, মুদ্ৰণ নিখুঁত তেতিয়া কিতাপখন দেখি মানে চকুৰে চাই নিশ্চয় ভাল লাগিব আৰু ধুনীয়া হব। কিন্তু কিন্তাপখনৰ অন্তৰ্নিহিত কথাখিনিৰ বাবে কিতাপখন মূলতঃ উপভোগ্যহে হৈ পৰিব।

৬/ ছাত্ৰজনৰ ৰিজাল্ট ধুনীয়া কৰিছে।” – ইয়াত ৰিজাল্ট ধুনীয়াবুলি কোৱাৰ সলনি সন্তুষ্টিজনক বুলি কলেহে প্ৰকৃত অৰ্থ প্ৰকাশ পাব।

৭/ মানুহজনৰ ব্যক্তিত্ব বৰ ধুনীয়া।” – ব্যক্তিত্ব কেনেকৈ ধুনীয়াব পাৰে? ব্যক্তিত্ব সদায় আকৰ্ষণীয়হে হয়।

আমাৰ দৈনন্দিন জীৱনত ব্যৱহাৰ কৰি থকা কথা-বতৰাত এনে অনেক উদাহৰণ দেখা যাব যধুনীয়াই বহুতো ধুনীয়া ধুনীয়া শব্দৰ স্থান দখল কৰি লৈ সেই শব্দবোৰ পাহৰণিৰ গৰ্ভলৈ ঠেলি পঠিয়াইছে। কিন্তু এয়া ভাষাটোৰ বাবে নিশ্চয় মঙ্গলজনক নহয়। অলপ সতৰ্ক হৈ ভাষাটোৰ ব্যৱহাৰ শুদ্ধকৈ কৰিলেহে ন-পুৰণি শব্দৰ সম্ভাৰে ইয়াক চহকী কৰি ৰাখিব।


Monday, September 25, 2017

কৃষকৰ শত্ৰু বনাম গুৰুদেৱ



किसान के शत्रु बनाम गुरुजी
দীনদয়াল শৰ্মাৰ ব্যঙ্গ ৰচনা


সাধাৰণতে ল'ৰা-ছোৱালীবোৰ বৰ জিজ্ঞাসু প্ৰবৃতিৰ হয়। ইহঁতৰ মনৰ ভিতৰত প্ৰতিটো বস্তু জানিবলৈ উৎসুকতা থাকে। ইহঁতৰ ভিতৰত ভাল-বেয়া সকলোবোৰ কামৰে অনুকৰণ কৰাৰ প্ৰবৃতিও থাকে, সেইবাবেইতো ইহঁতক বান্দৰৰ দৰে একে বুলি কোৱা হয়। ইহঁতে যিদৰে দেখে আৰু শুনে সেইদৰেই প্ৰকাশ কৰে। শিশুৰ মনত কোনোধৰণৰ ছল-কপটতা নাথাকে। ইহঁত পৰিষ্কাৰ স্লেটৰ দৰে, যিদৰে আপুনি লিখি দিয়ে সিহঁত তেনেকুৱাই হ'বলৈ প্ৰয়াস কৰে।

এবাৰ হিন্দী শিকোৱা গুৰুদেৱে ব্যাকৰণ বিষয়ত ঘটনা আৰু দুৰ্ঘটনাৰ মাজত পাৰ্থক্য বুজাই আছিল। তেখেতে অনেক উদাহৰণ দিলে। তাৰপাছত শিক্ষাৰ্থীসকলক ক'লে যে এইদৰে তোমালোকেও ঘটনা আৰু দুৰ্ঘটনাৰ যিকোনো নতুন উদাহৰণ দিব পাৰিবা। তাৰপিছত গুৰুদেৱে শিক্ষাৰ্থীহঁতক সুধিলে, "তোমালোক সকলোৱে বুজি পাইছানে?"
"হয় মহাশয়, বুজি পাইছোঁ।"- আটাইবোৰ শিক্ষাৰ্থীয়ে সমস্বৰত ক'লে।
"বাৰু ৰাজেশ, এতিয়া তুমি কোৱাচোন, ঘটনা আৰু দুৰ্ঘটনাৰ মাজত পাৰ্থক্য কি?"
ৰাজেশে থিয় হৈ ক'লে, "মহাশয়, বিদ্যালয়ত হঠাৎ জুই লাগিলে সেয়া ঘটনা আৰু যদি সেই জুইত কোনোগৰাকী
শিক্ষক জ্বলি যায় তেন্তে তাক দুৰ্ঘটনা বুলি ক'ব লাগিব।"
উত্তৰটো শুনি শ্ৰেণীটোৰ আটাইবোৰ শিক্ষাৰ্থীয়ে গিৰ্জনি মাৰি হাঁহিলে। উত্তৰটো ঠিকেই আছিল; কিন্তু গুৰুদেৱৰ পচন্দ নহ'ল। তেখেতে ৰাজেশকে ধৰি সকলোকে ভালকৈ এশিকনি দিলে।

আকৌ আন এখন বিদ্যালয়ৰ শিক্ষাৰ্থীহঁতে শিক্ষকসকলৰ খুব সেৱা-সৎকাৰ কৰিছিল। কোনোৱে যদি গাখীৰ আনি দিছিল, কোনোৱে আকৌ সেউজীয়া শাক-পাচলি, কোনোবাই যদি গাজৰ আন কোনোবাই মূলা লৈ আহিছিল। গুৰুসবেও শিক্ষাৰ্থীহঁতৰ হতুৱাই বতৰ অনুযায়ী শাক-পাচলি অনোৱাইছিল।
বিদ্যালয়ত এনেধৰণৰ শিক্ষকো আছিল যিয়ে প্ৰতিদিনে শিক্ষাৰ্থীহঁতৰ দ্বাৰা দহ-বাৰ কিলো শাক-পাচলি আদি অনোৱাইছিল আৰু নিজৰ চাইকেলত বোজাই কৰি ঘৰলৈ লৈ গৈছিল। ঈশ্বৰেহে জানে নিজেই খাইছিল নে পাৰ্ট টাইম বজাৰ লগাই বহিছিল।
সেই বিদ্যালয়খনতে এবাৰ সমাজবিজ্ঞান বিষয়ৰ প্ৰশ্ন কাকতত এটা প্ৰশ্ন আহিল যে খেতিয়কৰ খেতি বিনষ্ট কৰা যিকোনো তিনিটা শত্ৰুৰ নাম লিখা।সকলোবোৰ বিদ্যাৰ্থীয়ে নিজৰ নিজৰ মতে উত্তৰ লিখিলে। এজন ছাত্ৰই বাকী ছাত্ৰবোৰতকৈ অকণমান অন্যধৰণে উত্তৰটো লিখিলে। সি লিখিলে, "ভাটৌ, নিগনি আৰু আমুক গুৰুদেৱ।" উত্তৰ বহীখন পৰীক্ষণ কালত গুৰুদেৱৰ নামটো উজলি উঠিল।ল’ৰাটোক সামূহিক পিতন দিয়া হ'ল। কিন্তু ইয়াৰ পাছতো ল’ৰা-ছোৱালীহঁতৰ দ্বাৰা পাচলি অনোৱা কাৰবাটো নকমিল। যিটো ল’ৰাই পিতন খাইছিল সি ফেল কৰিব বুলি ভয়তে আগতকৈয়ো অলপ বেছিকৈহে পাচলি অনা হ’ল।লাহে লাহে গাঁৱৰ সজাগ জনতাই “ল’ৰা-ছোৱালীয়ে পঢ়া-পাতি কমকৈ কৰে আৰু সৰহভাগ সময় গুৰুসকলৰ বাবে খেতিৰ পাচলি তোলাত কটায়” বুলি প্ৰধান শিক্ষকৰ ওচৰলৈ অভিযোগ আনিবলৈ ধৰিলে।
কথাটোতো সঁচাই আছিল; কিন্তু বিদ্যাৰ্থীহঁতক পাচলি আনিবলৈ মানা কৰে কোনে! প্ৰধান শিক্ষক মহোদয়ো এই ৰোগত জৰ্জৰিত হৈ আছিল।গুৰুসকলে বিদ্যাৰ্থীহঁতৰ দ্বাৰা পাচলি অনোৱা কথাটো লাহে লাহে গোটেই গাঁওখনতে জুইৰ দৰে বিয়পি পৰিল। ঘৰে ঘৰে পঞ্চায়তৰ মেল বহিল যে সকলো ছাৰ-বাইদেৱে ল’ৰা-ছোৱালীহঁতৰ দ্বাৰা পাচলি আদি খুজি পঠিয়ায়। এই কাৰবাৰটো ৰোধ কৰিব লাগে।
অৱশেষত প্ৰধান শিক্ষক মহোদয়ে নিজৰ ইচ্ছাৰ বিৰুদ্ধে গৈ সকলো শিক্ষকক মৌখিকভাবে আদেশ দিলে যে স্কুলৰ সময়ত যেন কোনো ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা পাচলি অনোৱা নহয়।
পাঁচ-সাতদিনমান আদেশটো পালন কৰা হ’ল। কিন্তু ল’ৰা-ছোৱালীহঁতেও যে গুৰুসকলৰ সেৱা-সৎকাৰ নকৰাকৈ থাকিব নোৱাৰা হ’ল। সিহঁতে এতিয়া প্ৰধান শিক্ষক মহোদয়ক অন্য গুৰুসকলতকৈ বেছিকৈ পাচলি আনি দিবলৈ ধৰিলে।
প্ৰধান শিক্ষক মহোদয়ে পাচলিবোৰ লোৱাৰ সময়ত সিহঁতক সোধে, “ল’ৰা-ছোৱালীহঁত, তহঁতে এই পাচলিবোৰ স্কুলৰ সময়তটো লৈ অনা নাই। নহয়নে?”
“নাই মহোদয়, স্কুল ছুটি হোৱাৰ পাছতহে তুলি আনিছিলোঁ।”
পাচলি অনা কামটো এতিয়াও চলি আছে। আনকি বহুকেইজন গুৰুৱে ল’ৰা-ছোৱালীৰ পৰা পাচলি লোৱাৰ সময়ত কৈ দিয়ে যে “যিয়ে কৰিব সেৱা-সৎকাৰ, তাৰেই ভাগ্য জাতিষ্কাৰ।”