Pages

Saturday, July 30, 2011

নীলাঞ্জনাৰ চিঠি






মৰমৰ তুমি,

            তোমাৰ উশাহত নামিছে বাৰিষাৰ ঢল... তুমি কাজল-লতাবুলি মাতিলেই বৰলুইততো নামি আহে ভৰ বাৰিষা... আকাশতো ওন্দোলি আহে শাওনী মেঘৰ টুকুৰা----

            প্ৰিয়তম মোৰ...

            বুকুৰ গৰাখহনীয়া আৰু খহি যাবলৈ নিদিবা । চকুৰ কাজলবোৰে আৰু হেনো ঢাকিব নোৱাৰে.... গৰাখহনীয়াৰ দুখ !!

            মোৰ পদূলিত ফুলিবা নেকি তুমি সোণাৰুৰ এচমকা হালধীয়া লৈ !! সোণাৰুৰ ফুল ভাল পাওঁ বুলিয়েই মোৰ বাবে তুমি পিন্ধিব নালাগে সোণাৰুৰ হালধীয়া.... ফাগুন ভাল পাওঁ বুলিয়েই মোৰ বাবে ৰচিবও নালাগে ফাগুনৰ কবিতা....

            মাথোঁ মোৰ শতিকাজোৰা অভিমানৰ ওৰণি গুচাই গঢ়ি তুলিবাহি বিশ্বাসৰ সাঁকো....

            (বুকুভৰা হুমুনিয়াহটো তুমি নুশুনা হলেই ভাল.... নহলেযে নিয়ৰকণা হৈ সৰি পৰিম মই এটুপি দুটুপিকৈ....)

                                                                                 ইতি,
                                                                                         তোমাৰ মই

বি.দ্র.  চিঠিৰ ঠিকনা সলোৱা দি সলাই নেপেলাবা হৃদয়ৰ ঠিকনা.... হৃদয়ৰ দুৱাৰ খুলি থোৱাই আছে.... তুমি যোৱা বাটে ফাগুনৰ সৰা পাতেও দি যাব মোৰ হৃদয়ৰ ঠিকনা.... মন গলেই উজাই লব পাৰিবা সেই চিনাকি সুৱাস.... আৰু  মন্দাক্রান্তা হৈ ৰিমঝিমকৈ সৰি পৰিব আৱেগবোৰ !!....



Monday, June 6, 2011

দৈনন্দিন: খণ্ড : ৬


প্ৰসংগ: সমালোচক আৰু সমালোচনা
(আপোনাৰ ব্যৱহাৰেই আপোনাৰ পৰিচয়)

কোন কেনেকুৱা কথাটোৰ বিশ্লেষণ কৰাটো খুব কঠিন কাম ৷ "মানুহে প্ৰতি মনটো"৷ হয়তো এই মূহুৰ্ত্তত মই ভাৱি থকা কথাটো আপুনি নাভাৱিবও পাৰে ! মই অসমীয়াত 8(চাৰি) বুলি লিখিলে তাকে কোনোবাই ইংৰাজী 8(এইট) বুলিও বুজিব পাৰে ৷ ভাল-বেয়াৰ সমাহাৰেই জীৱন ৷ কিন্তু মন কৰিলেই বুজিব পাৰি ভালৰ শলাগ লোৱা মানুহ আৰু আনৰ দোষ খুচৰি থকা মানুহৰ সংখ্যাৰ অনুপাতটোত কিমান বৈসম্যতা ৷  কিছুমানৰ বাবে আনক সমালোচনা কৰাটো অতি সহজ আৰু সুখৰ কাম ৷ কথা কিছুমান এক গুণৰ দহগুণ কৰি মুখৰোচক কাহিনী সজাতেই যেন তেওঁলোকৰ জীৱনৰ সাৰ্থকতা ৷ আনকি বহু ক্ষেত্ৰত এনে হোৱাও দেখা যায় যে, যাৰ সমালোচনা হৈ আছে বহুতে প্ৰকৃততে তেওঁক নাজানেও, চিনিও নাপায়, কিন্তু সমালোচনাত ভাগ লৈ মজা লোৱাৰ লোভকণ সামৰিবও নোৱাৰে ৷ ধৰি লোৱা হ'ল, অমুকাৰ ল'ৰা আৰু অমুকাৰ ছোৱালীৰ সম্পৰ্ককলৈ আজি এটা আলোচনা (সমালোচনা?) হ’ল ৷ কাইলৈ বাতৰি (উৰাবাতৰি?)টো প্ৰচাৰ (অপপ্ৰচাৰ?) হ’ব আৰু কাইলৈ বাদ দি পৰহিলৈ সিহঁতক নৈৰ পাৰত বহি কথা পাতি থকা দেখা মানুহ এজাকো ওলাব পাৰে; আৰু ওলোৱাটোৱেই স্বাভাৱিক ৷ কেৱল ইমানেই নে, আৰু বা কত কিমান ! কিন্তু কথাৰ গুৰি ক'ত তাৰহে বিচাৰ কৰোঁতা কোনো নাই ৷ কথাটো প্ৰকৃততে কিমান সঁচা, কিমান মিছা ভাবিবলৈ কাৰো আহৰি নাই ৷

এটি সাময়িক ব্যক্তিগত অভিজ্ঞতা: মোৰ বন্ধু এজনে ‘ফেচবুক’ত তেওঁৰ এখন ফটো লগাইছিল ৷ মন্তব্যও আহিল বহুতো ৷ কিন্তু বন্ধু অতি দুখী হৈ মোক ফোন কৰি ক'লে যে তেওঁৰ কোনোবা বন্ধুৱে হেনো অশালীন মাতেৰে সমালোচনা কৰি ফটোখনত মন্তব্য দিছে ৷ ঠিকেই, কিছুমান মানুহে স্থান-কাল-পাত্ৰ নাচাই য'তে-ত'তে যি-তি কৈ ফুৰে ৷ বন্ধুৱে দুখ পাইছিল ইয়াকে ভাৱি যে, এতিয়া মানুহবোৰে তেওঁৰ কথা কি বুলি ভাবিব ! কিন্তু বুজা নাছিল যে অশালীন মাত মাতি তেওঁক অপদস্থ কৰিবলৈ বিচৰা তেওঁৰ বন্ধুৱে ৰাজহুৱাকৈ নিজৰহে প্ৰকৃত স্বৰূপটো উদঙাই দিলে ৷ লগে লগে সৰুতে মায়ে শিকোৱা কথা এষাৰলৈ মনত পৰি গ'ল "আপোনাৰ ব্যৱহাৰেই আপোনাৰ পৰিচয়"৷ কথাষাৰ কিমান গুৰুত্বপূৰ্ণ তাকেই বুজাবলৈ মায়ে আমাৰ পঢ়া কোঠালিত ক্ৰচষ্টিচ কাপোৰত চিলাই কৰি বহু দিনলৈ সজাই থৈছিল ৷

আনক সমালোচনা কৰাৰ আগতে নিজক জানি লোৱাটো খুবেই প্ৰয়োজনীয় ৷ হয়, সমালোচনাও লাগে, সমালোচকো লাগে ৷ ভালৰ বাবে কৰা সমালোচনা সদায় স্বাস্থ্যকৰ আৰু আদৰণীয় ৷ কিন্তু বিনা কাৰণত অথবা অপ্ৰয়োজনত কৰা সমালোচনা ফুটুকাৰ ফেনহে মাথো, অবাবত সময় খৰচ কৰাৰ বাদে আন একো নহয় ৷ আমাক এতিয়া সৃষ্টিশীল সমালোচনাৰহে প্ৰয়োজন; মোৰ বন্ধুৰ বন্ধুজনৰ দৰে নিজৰ ব্যৱহাৰেৰে নিজৰ পৰিচয় দিয়া সমালোচক অথবা সমালোচনাৰ নহয় ৷

Sunday, May 29, 2011

দৈনন্দিন : খণ্ড: ৫

ছাত্র সমাজত কেম্পাচ লেংগুৱেজৰ জনপ্রিয়তা :

বিদ্যালয়-মহাবিদ্যালয়-বিশ্ববিদ্যালয় চৌহদত ছাত্র-ছাত্রীৰ গোটবোৰত এনে কিছুমান শব্দ/বাক্যাংশ-ৰ বহুল প্রয়োগ দেখা যায় যে যিবোৰৰ অর্থ কেৱল সেই নির্দ্দিষ্ট গোটটোতে সীমাৱদ্ধ হৈ থাকে কিন্তু কেতিয়াবা সেই শব্দ/বাক্যাশং-ই জনপ্রিয়তা লাভ কৰি গোটটোৰ সীমা ভাঙি সর্বসাধাৰণৰ ব্যৱহাৰিক জীৱনৰ অংগস্বৰূপ হৈ পৰে এই শব্দবোৰৰ হয়তো অভিধানিক অর্থৰ লগত কোনো মিল বিচাৰিলেও পোৱা নাযাব তৎস্বত্তেও, এই শব্দবোৰৰ বহুল প্রয়োগৰ লগতে এইবোৰৰ জনপ্রিয়তাও নুই কৰিব নোৱাৰি তেনে কেতবোৰ শব্দ/বাক্যাংশৰ ওপৰত আলোকপাত কৰিবলৈ প্রয়াস কৰা হল :

১/ কামোৰ’--- শব্দটোৰ মূল অর্থতকৈও ইয়াৰ যিটো পৰিৱর্তিত অর্থ বর্তমান সি ছাত্রসমাজত অতিকৈ জনপ্রিয় দাঁতেৰে জিভা অথবা মুখৰ ভিতৰৰ গাল অংশ বা ওঁঠত কামোৰ খালে আমি দুখ পাওঁ আৰু তাৰপাচৰ কেইদিনমানলৈ আমি যিয়েই নাখাওঁ কিয় সাৱধানে নাখালে চেবাটো কিন্তু সেই কামোৰ খোৱা ঠাইতে পৰিবই ই বৰ যন্ত্রনাদায়ক সেয়ে হয়তো অর্থৰ সামান্য পৰিৱর্তন হৈ এতিয়া ব্যক্তি বা পৰিস্থিতিৰ ক্ষেত্রত বুজাবলৈয়ো ইয়াক প্রয়োগ কৰা হৈছে অর্থাৎ, যি ব্যক্তি বা পৰিস্থিতিত আমি অসন্তোস পাওঁ সিয়েই এতিয়া কামোৰহৈ পৰে দিল্লীলৈ আহি, মই ৰুৰকীতে জন্ম আৰু ডাঙৰ-দীঘল হোৱা অসমীয়া ছোৱালী এজনী লগ পাইছিলোঁ তাই যেতিয়া দিল্লীলৈ আহি অসমীয়া বন্ধু-বান্ধৱৰ গোটটোত সোমাই পৰিল, তেতিয়ালৈকে তাই কামোৰশব্দৰ অর্থ বুজি পোৱা হোৱা নাছিল তাইৰ চিনিয়ৰবোৰে জনৈক কামোৰৰ কথা খুব কয় তাইৰ আগত এদিন ঘটনাক্রমে তাইৰো সেই জনৈক কামোৰক লগ পোৱাৰ সুযোগ মিলিল চিনিয়ৰবোৰে তাইক চিনাকি কৰাই দিব পালেহে, তাই টপৰাই কলে আপুনিয়েই জনৈক কামোৰদাদা নহয়নে?” তাইৰ কথা শুনি আটাইবোৰ হাঁহিত ফাটি পৰিছিল আৰু জনৈক কামোৰৰ মুখখন কেঁহেৰাজবৰণীয়া হৈ গৈছিল চিনিয়ৰবোৰে তাইক কৈছিল তোমালৈ বহু ধন্যবাদ !! ইমানদিনে আমি কৰিব নোৱাৰা কামটো তুমি কৰি পেলালা মুখৰ আগত... হাঃ হাঃ হাঃ...তাই তেতিয়াও একো বুজা নাছিল পিচত লগৰ এজনীয়ে বুজাই কোৱাতহে বুজি পাইছিল কথাটোৰ ৰহস্য আচলতে চিনিয়ৰবোৰে তাৰ নামটো সদায় তাইৰ আগত তেনেকৈয়েই লোৱাৰ বাবেই তাই লৰাজনৰ নামটো জনৈক কামোৰবুলিয়েই ভাৱি আছিল এতিয়া পিচে তাই কামোৰৰ অর্থ বুজি পায় আৰু পৰিস্থিতি বিশেষে প্রয়োগো কৰে

২/ টেমা চুটি যোৱা’ / ‘তাঁৰ চিঙি যোৱা’--- এই বাক্যাশং দুটাও ছাত্রসমাজৰ অতি জনপ্রিয় অতি খঙৰ ভাৱ প্রকাশ কৰিবলৈ ইয়াক ব্যৱহাৰ কৰা হয় টেমা চুটি যোৱাবুলিলে মোৰ দেৱালীৰ সময়ত আমুল-স্প্রেৰ টেমাৰে ঢাকি আলুবোম ফুটোৱা কথাটোহে মনলৈ আহে বোমাটো টেমাটোৰে ঢাকি থৈ ফুটালে বেছি শব্দ হয় আৰু টেমাটো দূৰলৈ উফৰি যায় অর্থাৎ কাৰোবাৰ কথাত ইমান খং উঠিছে যে মগজে থৰকাচুটি হেৰুৱাইছে তাঁৰ চিঙি যোৱাবাক্যাংশৰো একে অর্থতে প্রয়োগ হয় কোনো এটি যন্ত্রৰ তাঁৰবোৰ চিঙি গলে তাৰ প্রয়োগ বিসংগত হয় আৰু যন্ত্রটোৰ তাঁৰনো কেতিয়া চিঙে ? যেতিয়া যন্ত্রটো বহুত বেছিকৈ গৰম হৈ যায় নাইবা যন্ত্রটোৰ অপপ্রয়োগ হয় তেতিয়া গতিকে কাৰোবাৰ কথাত খং উঠি মগজুৱে কাম নকৰা হলে ভিতৰৰ শিৰা-উপশিৰায়ো একো সঁহাৰি নিদিয়া অর্থতে হয়তো এই বাক্যাংশৰ প্রয়োগ হয়

৩/ বেহু’---- গুৱাহাটীৰ কলেজত পঢ়া ছাত্র-ছাত্রীৰ মাজত প্রচলিত এটা অতি জনপ্রিয় শব্দ(প্রাপ্ত তথ্যমতে বেহু দুই ধৰণৰবি টাইপ আৰু চি টাইপ !! অভিজ্ঞসকলে বুজি পাইছে কিজানি!!) বেহুশব্দৰ মূল অর্থ হআবেষ্টন কিন্তু বর্তমান ছাত্র সমাজত ইয়াৰ অর্থৰ পৰিৱর্তন হৈছে তেওঁলোকৰ প্রয়োগত বেহুমানে হল কাৰো একো খবৰ নৰখা, পৃথিৱীৰ কত কি হৈ আছে আওভাও নোপোৱা হেবাংধৰণৰ মানু্হ

৪/ চেনী”---- নকৈ কোৱাৰ হয়তো প্রয়োজন নাই, এই শব্দটোৰ জনপ্রিয়তাৰ কথা বর্তমান যুৱসমাজত এই শব্দটোৱে মূল অর্থ হেৰুৱাই ব্যক্তিবিশেষক বুজাবলৈহে ব্যৱহাৰ হৈছে চেনী” “চেনী খোৱাআদি শব্দৰ জনপ্রিয়তা কিমান বুজিব পাৰিছিলোঁ সিদিনা যিদিনা দেউতাৰ সমবয়সীয়া মানুহ এজনে কথা প্রসংগত ৰাজন বৰ চেনীবুলি কৈছিল তবধ মানিছিলোঁ মই!!

৫/ খাৰ খোৱা অসমীয়াবুলি অসমীয়া মানুহৰ এটা নাম (?) আছে কিন্তু তাকো বর্তমান অসমৰ বাহিৰত থকা ছাত্র-ছাত্রীয়ে নিজৰ সুবিধাৰ বাবে কাটি-কুটি কেৱল খাৰবুলিহে কয় এবাৰ মোৰ বান্ধৱী দুজনীয়ে দিল্লীত বাছেৰে ভ্রমণ কৰি থাকোতে সিহঁতৰ পাচৰ চিটত বহি থকা ডেকাজন অসমীয়া যেন বোধ হ সিহঁতে নিজৰ মাজত আলোচনা কৰিলে খাৰ যেন লাগিছে বাছৰ পৰা নমাৰ সময়ত ডেকাই ছোৱালীদুজনীলৈ চাই হাঁহি মাৰি কৈ থৈ গহয় দিয়ক, মই খাৰেই ডেকাজনৰ কথা শুনি ইহঁত দুজনীৰ ফাট মেলা বসুমতী পাতালে লুকাওঁ যেনহে হৈছিল

৬/ গুৱাহাটী বিশ্ববিদ্যালয় আৰু অসম অভিযান্ত্রিক মহাবিদ্যালয়ত আজিকোপতি ডেকা-গাভৰু নির্বিশেষে মইনাশব্দৰ প্রয়োগ হৈ আহিছে আমি বিশ্ববিদ্যালয়ত পঢ়ি থাকোতে মোৰ লগৰ কাবেৰী ইঞ্জিনিয়াৰিং কলেজৰ ওচৰতে ভাৰা কৰি আছিল কিছুদিন সেইবাৰ সৰস্বতী পূজাৰ দিনা তাইৰ ভাৰাঘৰলৈ গৈ মেখেলা-চাদৰ পিন্ধি দুয়োজনী ওলাই আহিছোঁহে, ইঞ্জিনিয়াৰিং হোষ্টেলৰ আগত ৰৈ থকা ডেকা এজাকে সমস্বৰে চিঞৰি উঠিল প্রথমে কাবেৰী আৰু লগে লগে মোলৈয়ো বাণপাত টোৱাই মইনা পূজালৈ যোৱা হবলা ? আমাৰফালেও আহিবাদেই ! তোমাৰ লগত অহা বগী মইনাজনীকো আনিবাদেই !আমি দুয়োজনী কোবাকুবিকৈ তাৰ পৰা আঁতৰি গৈছিলোঁ



এইবোৰ মাত্র সঘনাই ব্যৱহাৰ হোৱা আৰু হাততে ঢুকি পোৱা শব্দ বা বাক্যাংশৰ কেইটামান উদাহৰণহে মাথোন বিচাৰ-খোচাৰ কৰিলে আৰু বহুতো ওলাব

দৈনন্দিন: খণ্ড: ৪

ত কি ব্যৱহাৰ হয়...

প্রায়েই দেখা যায়, আমি আমাৰ ভাষাটো লিখোঁতে অথবা কওঁতে কিছুমান সৰু সৰু কথা মন নকৰোঁ কওঁতে সকলোৱে নিজৰ নিজৰ ঠাঁচত বা ধৰণত কথা-বতৰা কয় কিন্তু লিখোঁতে আমি মান্যভাষাটোৰ ওপৰতহে গুৰুত্ব দিয়া উচিত এই সৰু সৰু কথাবোৰ আমি সকলোৱে জানো, অথচ মন নকৰাৰ ফলত সি প্রয়োগৰ বাহিৰত ৰৈ যায় তলত মাথোঁ চাৰিটা বিষয় উনুকিয়াই দিয়া হল:

১/ দেখা যায় আজি-কালি বহুতে ‘-লৈবিভক্তিৰ প্রয়োগ নকৰে বা অসাৱধানবশতঃ সি ৰৈ যায়

উদাহৰণ :
সদর্থক বাক্য : মই কাইলৈ গুৱাহাটীলৈ যাম -> মই কাইলৈ গুৱাহাটী যাম
নঞর্থক বাক্য : আজি স্কুললৈ নাযাওঁ  -> আজি স্কুল নাযাওঁ
প্রশ্নবোধক বাক্য : তুমি ঘৰলৈ কেতিয়া যাবা -> তুমি ঘৰ কেতিয়া যাবা ?

২/ ‘-টোআৰু তো’-ৰ ব্যৱহাৰৰ বেলিকাও কেতিয়াবা খেলিমেলি কৰা দেখা যায়

উদাহৰণ : 
আপোনাৰ লিখনিতো তেওঁৰ লিখনিটোৰ উল্লেখ আছে।

ইয়াত লিখনিতোআৰু লিখনিটোদুয়োটা শব্দৰ মাজত পার্থক্য আছে মানে আপুনিও আপোনাৰ লিখনিত অন্য কোনো এজনৰ কোনো এটা বিশেষ লিখনিৰ উল্লেখ কৰিছে অর্থাৎ ‘-টোল এটা নির্দিষ্টতাবাচক প্রত্যয়, যিয়ে কোনো এটা কাম বা বস্তু নির্দিষ্টকৈ বুজায় আনহাতে, ‘তো’ -য়ে (also) বুজাইছে

৩/ আৰু ৰ প্রয়োগৰ ভ্রান্তিৰ ফলতো শব্দৰ অর্থৰ পৰিৱর্তন হয়

উদাহৰণ :
কিতাপখন কত আছে ? (ক+অ’+ত-> ,অর্থাৎ ই স্থানৰ ক্ষেত্রত প্রয়োগ হৈছে)
পুৰণি বান্ধৱীক লগ পাই আমি যে কত কিমান কথা পাতিলোঁ ! (ক+অ+ত+অ-> কত, অর্থাৎ কিমান ধৰণৰ!/ বহু ধৰণৰ!)

৪/ চন্দ্রবিন্দুৰ প্রয়োগ: চন্দ্রবিন্দুক আমি গুৰুত্ব নিদিলেও চন্দ্রবিন্দুৱে অসমীয়া শব্দজগতত অর্থ পৰিৱর্তনত গুৰুত্বপূর্ণ ভূমিকা গ্ৰহণ কৰি আছে
উদাহৰণ:
গাঁও মানে village আৰু গাওঁ মানে I sing প্রথম পুৰুষে গান গোৱা কার্য


ভালকৈ মন দি চালে এনেধৰণৰ বিষয় আৰু বহুতো দেখা যাব অমনোযোগী হৈ আমি এইবোৰ ব্যৱহাৰ কৰোঁ ঠিকেই, কিন্তু অসাৱধানবশতঃ কৰা এনে প্রয়োগে যে অর্থৰ তাৰতম্যও ঘটাব পাৰে সেয়াহে আমি সদায় অৱজ্ঞা কৰি থাকোঁ

দৈনন্দিন: খণ্ড: ৩



বানাও বানাও বানাও বানাও বানাও বানাও বানাও, ৰাইট ন্যাও
(banao banao banao banao banao banao banao, right now)

            আজি-কালি আমি সকলোৱে সব বনাও বনাইছোঁহে বনাইছোঁ, কিন্তু তাৰ লগে লগে আমাৰ কিমান যে স্বকীয় ক্ৰিয়াপাহৰি গৈছোঁ মন কৰিছেনে? এতিয়া বনোৱাৰ প্ৰতাপত আমাৰ ক্ৰিয়াবোৰে দুখতে হবলা আপুনি-মই-আমি নেদেখা কৰবাত অনাদৰ-অৱহেলাত আমন-জিমনকৈ মুখ লুকুৱাই আছে

কেইটামান নিত্য প্ৰচলিত উদাহৰণ:

১/ মায়ে ভাত ৰান্ধিছে ই হলগৈ--- মায়ে ভাত বনাইছে
২/ চাহ বাকিছোঁলগৈ--- চাহ বনাইছোঁ
৩/ নাৰিকলৰ লাৰু বান্ধিছোঁলগৈ--- নাৰিকলৰ লাৰু বনাইছোঁ
৪/ পিঠা-পনা সাজিছোঁ পিছে, এতিয়া পিঠা-পনাও নাসাজে, ‘বনায়
৫/ ৰুটি সেকি আছোঁ ই হলগৈ--- ৰুটি বনাই আছোঁ
৬/ তাঁত-শালত গামোচা বৈ আছেলগৈ--- তাঁত-শালত গামোচা বনাই আছে
৭/ এম্ব্ৰইডেৰী কৰি কাপোৰযোৰ চিলাই কৰি দিবা’- ৰ ঠাই ল’লে--- এম্ব্ৰইডেৰী কৰি কাপোৰযোৰ বনাই দিবা
৮/ মিস্ত্ৰীয়ে ঘৰ সাজিছে ই হলগৈ--- মিস্ত্ৰীয়ে ঘৰ বনাইছে
৯/ কেছেটখনৰ বাবে বিহুগীত এটি লিখি সংগীত সংযোজন কৰি  আছে (compose)হৈ পৰিল--- কেছেটখনৰ বাবে বিহুগীত এটি বনাই আছে বা “এই কেছেটখনত সংগীত পৰিচালকে সুন্দৰকৈ সংগীত সংযোজন কৰিছে”-ৰ ঠাই ল’লে “কেছেটখনত মিউজিক ডিৰেক্টৰে বঢ়িয়া মিউজিক বনাইছে”।
১০/ এইবাৰ ছোৱালীজনীলৈ এডাল সোণৰ হাৰ/ চেইন গঢ়াব দিব লাগিব ইয়ো হৈ থাকিল--- এইবাৰ ছোৱালীজনীলৈ এডাল সোণৰ হাৰ/ চেইন বনাব দিব লাগিব
১১/ নাট্যকাৰে নাটকৰ scriptপ্ৰস্তুত/ তৈয়াৰ কৰিছে হৈ থাকিল--- নাট্যকাৰে নাটকৰ scriptবনাইছে
১২/ আজি আৰু ছবি এখন আঁকি আপোনাক কোনেও উপহাৰ নিদিয়ে, ছবিখন বনাইহে উপহাৰ দিব।
১২/ আগতে মানুহক বুর্বক সাজিব পাৰিছিল; আজিকালি বুর্বক বনায়।
১৩/ এতিয়া মথাউৰি নাবান্ধে, মথাউৰি বনা
১৪/ প্রতিমূর্ত্তি নাসাজে, প্রতিমূর্ত্তি বনা

            আজিকালি য'তেই যাওঁ ত'তেই সকলোৱে সব "বনায়’; বনায় আৰু বনায় অসমীয়া সমাজলৈ "চাউল সিজোৱা" বাক্যাংশটো আহিছে ভকতীয়া সমাজৰ পৰা; কিন্তু তাকো সত্রৰ ভকত-আতাসকলক বাদ দি আমাৰ মাজৰ কেইজনে ব্যৱহাৰ কৰে সন্দেহ আছে, সকলোৱে মাথোঁ ‘বনায়’

            মোৰ বন্ধু এজনে কথা প্রসংগত কৈছিল "মই মোৰ ভাগিনটোক মানুহ বনাম। কিন্তু ভাবি আচৰিত হৈছিলোঁ, মানুহ কেনেকৈ বনাব পাৰি ??

            বনোৱা'ৰ প্রতাপ ইমান বাঢ়িছে যে ই এফালৰ পৰা সব গিলি গৈ আছে। কিছুদিন আগতে ছাত্রী এগৰাকী আহিছিল আমাৰ ঘৰলৈ। চাহ বাকিবলৈ যাওতে এপাকত ছাত্রীয়ে গৈ মোক সুধিলে,"বাইদেউ কি কৰিছে? মই ক'লোঁ, "চিৰা ভাজিছোঁ। তেওঁ আকৌ ক'লে, "অ', চিৰা ভাজি বনাইছে!!য়াই'ল "বনোৱা'ৰ প্রতাপ

            উস্ আৰু বা কত কিমান!! এবাৰ মোৰ এদল ছাত্ৰ-ছাত্ৰীৰ মাজলৈ এই বিষয়টো এৰি দিছিলোঁ প্ৰসংগক্ৰমে জ্যোতিৰ্ময় তালুকদাৰ নামৰ  ছাত্ৰজনে এটি ঘটনাৰ কথা কলে--- এদিন তেওঁৰ দেউতাকে হেনো বাৰান্দাতে বহি দাড়ি খুৰাই আছিল তেনেতে তেওঁৰ প্ৰতিবেশী এজনে বাটৰ পৰাই মাত লগালে কিহে তালুকদাৰ, দাড়ি বনাইছে নেকি?” এইফালে শ্ৰীযুত তালুকদাৰ নিজৰ দাড়ি খুৰোৱাত ব্যস্ত উত্তৰ নাপাই প্ৰতিবেশীয়ে আকৌ মাত লগালে, এইবাৰ আগৰ বাৰতকৈ অকণমান ডাঙৰকৈ, “হেৰি তালুকদাৰ, লো দাড়ি বনাইছে নেকি?” এইবাৰ শ্ৰীযুত তালুকদাৰে কলে দাড়ি বনাবও পাৰি নেকি? কেনেকৈহে? মইতো ইমান দিনে খুৰাব পাৰি বুলিহে ভাৱি আছিলোঁ৷যথোচিত উত্তৰ পাই এইবাৰ আৰু প্ৰতিবেশীৰ তাত ৰোৱাৰ ধৈৰ্য নহ

            এতিয়া বনোৱাৰে কাম চলাব পৰা ঠাইত আন ক্ৰিয়াবোৰৰ প্ৰয়োগ নোহোৱা হবলৈ ধৰিছে; যেন ডাঙৰ কেৰাহী এখনত এই ক্ৰিয়াবোৰ তুলি দি হেতাৰে লৰাই লৰাই আমিও আমাৰ জনপ্ৰিয় গায়ক এজনৰ ষ্টাইলত গাবলৈ আৰম্ভ কৰি দিছোঁ বানাও বানাও বানাও বানাও বানাও বানাও বানাও, ৰাইট ন্যাও(banao banao banao banao banao banao banao, right now) !! ছে: কথাটো বৰ ভাল নহল নেকি!! কিয়নো আমাৰ ভাষাটোৰ ক্ৰিয়াবোৰৰ এনে আলৈ-আথানি হল!! এইবোৰৰ প্ৰয়োগেইতো আমাৰ ভাষাটোক বহুভাষাৰ সংগমস্থলী বিশাল ভাৰতবৰ্ষৰ আন আন ভাষাৰ পৰা পৃথক কৰিছে!! অকণমান মাথোঁ সচেতন হৈ আমি বাৰু এইবোৰৰ পুন:প্ৰয়োগ/ পুন:প্ৰচলন কৰিব নোৱাৰোঁনে!! ক্ৰমান্বয়ে হেৰাই যাবলৈ ধৰা এই ক্ৰিয়াবোৰৰ লগত অকণমান ন্যায় কৰিব নোৱাৰিনে!!

দৈনন্দিন: খণ্ড:২




প্ৰসংগ: পুৰণি অসমীয়া গীতৰ আধুনিকীকৰণ (Remix!!) :

প্ৰথমে জানি লব লাগিব আধুনিক’, ‘আধুনিকতাআৰু আধুনিকীকৰণমানে কি? ‘আধুনিকমানে নতুন/নবীন’, ‘আধুনিকতামানে নতুনত্ব/নবীনত্বআৰু আধুনিকীকৰণমানে হনবীনীকৰণ বা পুৰণি এটাক নতুনকৈ সজাই-পৰাই তোলা
সুৰীয়া অসমীয়া ভাষাৰ কবি-গীতিকাৰ-গায়কসকলে প্ৰাণৰ পৰশেৰে ঢৌৱাই অসমৰ সংগীতজগতখনো ছন্দে-সুৰে মূৰ্চ্ছনাময় কৰি থৈ গৈছে৷ গুৰুদুজনাৰ কথা নকলোঁৱেই যেনিবা, বিষ্ণু-জ্যোতিৰ পৰা আৰম্ভ কৰি কতজনে অসমীয়া সংগীতৰ বৰপথাৰখন চহকী কৰি থৈ গৈছে সতকাই আঙুলিৰ মূৰত গণি শেষ কৰিব নোৱাৰি৷ কিমান ভাল লাগে, ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকা, খগেন মহন্তই গোৱা এফাকি গীতৰ কলি শুনিলে৷ জয়ন্ত হাজৰিকাৰ কণ্ঠ আৰু ড. নিৰ্মলপ্ৰভা বৰদলৈৰ গীতৰ কথা..... আস্ মন মুহি যায়৷ দীপালি বৰঠাকুৰৰ কণ্ঠত সোণৰ খাৰু নালাগে মোকশুনিলে অজানিতে ভৰি আহে দুনয়ন!! “পকাধানৰ মাজে মাজে সৰু সৰু আলিআৰু দেও পাৰি উমলি-জামলি কটোৱা অভিন্ন শৈশৱ!! কিন্তু হৃদয়ৰ মণিকোঠাত সযতনে সাঁচি ৰখা এই গীতবোৰতো যেতিয়া তথাকথিত আধুনিকীকৰণৰ প্ৰলেপ সানি দিয়া হয়, সঁচাকৈ খুব অশান্তি লাগে৷
এবাৰ এই প্ৰসংগতে মোৰ বাইদেউ এজনীৰ লগত কথা পাতিছিলোঁ৷ মোক বাইদেৱে কৈছিল, তেওঁ হেনো ৰিমিক্সগীতবোৰ খুব ভাল পায়৷ মোক সুধিছিল তুমিনো কিয় ইমান বেয়া পোৱা?” এক চেকেণ্ডো অপব্যয় নকৰাকৈ কৈ চিধা-চিধিকৈ কৈ দিছিলোঁ চোৱা বা, আশী বছৰীয়া আইতা এগৰাকী এনেয়ে ধুনীয়া৷ বয়স আৰু অভিজ্ঞতাই আইতাগৰাকীক আৰু ধুনীয়া কৰিছে৷ এতিয়া সেই আইতাজনীক যদি আমি গাভৰু সজাবলৈ গৈ টিকটিককৈ মেক-আপএসোপা সানি দিওঁ, অসজা নালাগিবনে?” এই উত্তৰ পাই তেওঁৰ আৰু ৰিমিক্সগীতৰ প্ৰতি থকা পীৰিতি উৰি গJ৷ ইয়াৰ মাজতে এনেকৈ কোৱা মানুহো ওলাইছে যে আজিৰ নৱ-প্ৰজন্মই আমাৰ পুৰণি গীতবোৰ নাজানে৷ গতিকে কিছুমান গায়কে সেইবোৰ নতুনকৈ গাই আমাক উপহাৰস্বৰূপেআগবঢ়াইছে৷ তাতনো আপত্তি কিহৰ?? হয়, আপত্তি নিশ্চয় আছে৷ ধৰি লোৱা হ, আপোনাৰ এটা চোলা আছে৷ বহুদিন হল আপুনি চোলাটো পিন্ধা নাই বা কিবা কাৰণত চোলাটোৰ কথা পাহৰি আছে৷ এদিন আপোনাৰ আলমাৰিটো চিজিল লগাই থাকোতে আপোনাৰ ভণ্টি বা মায়ে চোলাটো পাই আপোনাৰ হাতত দিলে৷ এতিয়া বাৰু সেইটোক আপুনি উপহাৰ বুলি কব নেকি? যিটো বস্তু আগৰে পৰা আপোনাৰেই তাক বহুদিনৰ মূৰত পালেওতো সি আপোনাৰে, নহয় জানো? মোৰ বোধেৰে একেখিনি কথাকে গীতৰ ক্ষেত্ৰতো ৰিজাব পাৰি৷
আধুনিকীকৰণৰ নামত অযথা হৈ-হাল্লা কৰি অনাহকত এসোপা বাজানাৰ প্ৰয়োগ কৰি সেই অমিয়া-মাধুৰীসনা গীতবোৰ অশ্ৰব্যহে কৰি তোলা হয় যেন (প্ৰতিযোগিতাৰ দৌৰাত্ম্য)৷ বিশ্বাস কৰক, অলপতে দীপালি বৰঠাকুৰৰ সোণৰ খাৰু নালাগে মোকগীতটিৰ remix-টো শুনিলোঁ আৰু সেইটো শুনি তাৰ পাচত এঘণ্টামান কত গৈ, কি কৰি মোৰ frustration বাহিৰ কৰিব পাৰি ভাৱি আছিলোঁ৷ অকল সেইটোৱেই নহয়, আপোনালোকেও ভাবি চাওকচোন এইখনি গাঁও বুকুৰ আপোনগীতটিত গাঁও এখনৰ যি সৰল প্ৰতিচ্ছবিৰ অথবা পোহনীয়া চৰাইটি উৰিলেগীতটিত যি আলসুৱা-আকলুৱা ভাৱৰ প্ৰকাশ হৈছে, তাকো যদি নতুনকৈ কেচিঅ’, ড্ৰামচেট আদিৰ সংগতত গাই কোনোবাই আমালৈ উপহাৰআগবঢ়াই কেনে লাগিব পাৰে (আপোনালোকেও এই গীতকেইটিৰ remix শুনিছে যদি কথাখিনি আৰু ভালকৈ বুজি পাব)!! বাথৰুমত গান গোৱা আমাৰ দৰে যদু-মধুবোৰৰ কথা বাদ দিয়ক, প্ৰথিতযশা আৰু স্বনামধন্য শিল্পীয়েও যে remix-ৰ ৰমৰমীয়া বেহাত নামি পৰিছে? প্ৰচাৰ লাভ কৰিবলৈ কিছুমান শিল্পীয়ে এনে কৰিব পাৰে, কিন্তু প্ৰতিষ্ঠিতজনকতো ৰাইজে এনেয়ে চিনি পায়, আদৰ কৰে৷ তেন্তে?
ৰক্ষণশীল মই নহয়৷ নতুনক হেঁপাহেৰে আদৰি লোৱাত কাহানিও মই কাৰ্পণ্য নকৰোঁ৷ কিন্তু নবীনীকৰণৰ নামত যিবোৰ কথা-কাণ্ড চলি আছে, ই বাৰু সঁচা অৰ্থত নবীনীকৰণনে? আজিকালি কেতিয়াবা সন্দেহ হয়--- নে ময়েই পিচ পৰি আছোঁ, ‘আধুনিকীকৰণৰ প্ৰকৃত অৰ্থ ময়েই বুজি পোৱা নাই নেকি? ময়েই মিলাব পৰা নাই নেকি খোজ সংগীত জগতত আধুনিকৰ পৰশত আধুনিকীকৰণ হোৱা আধুনিকতাৰ লগত!!




Thursday, May 5, 2011

মৰমৰ ভনী তোলৈ........

            আজি মাইনুৰ বিয়া আৰু মই তাইৰ একমাত্ৰ বায়েকজনী (আৰু ঘৰখনৰ বৰজীয়ৰীজনী) ইয়াত বিশ্ববিদ্যালয়ৰ কামত মূৰ গুজি বহি আছোঁ!! নিৰুপায়!!

            মোৰ মৰমৰ মাইনু... সৰু কালৰ বহু স্মৃতি... সৌসিদিনাহে যেন মই তোক মোৰ কোঁচত লব বিচাৰিছিলোঁ আৰু খুৰীমাই মোক বিচনাত বহুৱাই লৈ মোৰ কোঁচত তুলি দিছিল তোক... তই মোৰ কোঁচত উঠিয়েই বমি কৰি দিছিলি পাগলী আৰু মই আলফুলকৈ গামোচাখনেৰে তোৰ মুখ-ডিঙি মচি দিছিলোঁ... মাইনু তোৰ যে স্কুলত লিখা নামটো মৃদুলা’... মোৰ আব্দাৰতেইতো খুৰা-খুৰীমাই এই নামটো ৰাখিছিল... অথচ আজি তোৰ জীৱনৰ এটি অতি গুৰুত্বপূৰ্ণ মূহুৰ্ত্তত মই তোৰ ওচৰত নাই!

            বিহুৰ বতৰত গাঁৱৰ ঘৰলৈ গ
লে যে আমি গোটেইকেইটা বিহু মাৰিবলৈ ওলাই গৈছিলোঁ, মানুহবোৰে একে মুখে কৈছিল বৰ্মনথেৰ ছলিকেটাই বিহু মাৰবা আইছি, চাহি”(খুৰাটোৱে যে আমাক কাৰোবাৰ নজৰ লাগিব বুলি নঙলামুখলৈয়ো ওলাব নিদিছিল আৰু আমিকেইটাইও যে খুৰা অফিচলৈ যোৱাৰ পাচতেই আমাৰ অভিযান আৰম্ভ কৰি দিওঁ!)ৰবাত শিকি আহি মাইনু তই যে মোক বিহু দুফাকি শিকাইছিল পৰ্বতত বিচাৰি/ তোমালৈয়ে বুলি/ কপৌফুল মই আনিলোঁ/ দুতলা সোণেৰে/ মিনা কৰাই কৰাই/ গহনা মই গঢ়ালোঁ/ কাছাৰি ঘাটতে/ বিয়া পাতিম বুলি/ মনতে মই ভাবিলোঁ/ পিৰিতী বতাহত/ উৰি গুচি গলা/ গমকে মই নাপালোঁ”... তা, মই চোন আজিও পাহৰা নাই! সেইবাৰ যে বিহু শেষ হোৱাৰ পাচত নলবাৰীলৈ ঘূৰি গৈ মাইনু তহঁতলৈ মনত পৰি লুকুৱাই লুকুৱাই ইমান কান্দিছিলোঁ! কিন্তু আজি ? মাইনু তই আজি কপালত ৰঙা সুৰুয পিন্ধি এঘৰলৈ ওলাই যাবি... অথচ আজি মই তোৰ কাষত নাই!

            অকণমান ডাঙৰ হোৱাৰ পাচত গাঁৱৰ ঘৰলৈ গ
লে যে জোনাকৰ বহল চোতালত ঢাৰি-পীৰা পাৰি আমি বৰগীত,বিষ্ণু-জ্যোতিৰ গীতৰ মেলা পাতিছিলোঁ আৰু তই যে মোক আব্দাৰ কৰিছিল মাজনী বা এইবাৰ তই, ‘লুইতৰ আকাশত তৰাৰ তৰাৱলীআৰু মোৰ সুৰৰ চুমাত কোন সাৰ পাৱটো গা”! আজি তোৰ বিয়াৰ দিনা কোনে বিয়ানাম গাইছে মাইনু!! কাৰ ওচৰত তই আব্দাৰ কৰিছ!!

            তোৰ যে মুখৰ মাতেই নাই মাইনু
মোক আৰু ভয় কৰাৰ কাৰণ নাই পঢ়ুৱাবলৈ বহি তোক আৰু মই এলজেব্ৰাৰ ফৰ্মূলা নাইবা ৰমন্যাসবাদৰ কথা সুধি কেতিয়াও আমনি নকৰোঁ সিদিনা যে বিয়াত মাতিবলৈ তই ফোন কৰিছিলি মই কি ভাৱিছিলোঁ জান, মোৰ অকণমানি ভনীজনী ইমান ডাঙৰ হৈ গল নে! মোৰ দেউতাই মাক কি কয় শুনিবি ? “ইস্ তাই পাটৰ কাপোৰ পিন্ধিব পৰা হৈছে নে ?” মায়ে হাঁহি হাঁহি কৈছিল দেউতাক কি কথা কয় হে আপুনি ? তাইৰ বিয়া আৰু আপুনি কৈছে তাই পাটৰ কাপোৰ পিন্ধিব পৰা হৈছে নে ?” মাইনু, এখন ঘৰৰ দায়িত্ব লব পৰাকৈ তই ডাঙৰ হৈ গলি নেকি অ’! নাই নাই নাই তই অকণো ডাঙৰ হোৱা নাই মই যে কালি জোৰণৰ পাচত তোলৈ ফোন কৰিছিলোঁ তেতিয়াওতো তই থেনথেনাইছিলি তই নাহিলি”...

            ডাঙৰ খুৰাই আজি পুৱা মোক ফোনত ক
লে তই নাইহ্লি৷ তই আহা হলি ঘৰখান পহৰ হলহৈ! চাচোন ইতাও কইনা অলই নাই৷ তই থাকা হলি তয়ে উইলে দিবা পাল্লি হৈ!”(' তই নাহিলি৷ তই অহা হ'লে ঘৰখন পোহৰ হৈ গ'লহেঁতেন৷ চাচোন কইনা এতিয়াও ওলোৱাই নাই, তই থকা হ'লে তয়ে উলিয়াই দিব পাৰিলিহেঁতেন!)


            উস্ আৰু কোৱা নাযায়... ভিতৰৰ পৰা কিবা এটা আহি মোক কথা ক
ব নোৱাৰা কৰি পেলাইছে অ’... তই কুশলে থাক মাইনু... তোৰ কপালৰ ৰঙা সুৰুযটোৰে সতে তই কুশলে থাক... কুশলে থাক... তই কুশলে থাক...